Monday, August 29, 2011

বৈজ্ঞানিক তথা কাৰিকৰী শব্দৰ নাভূত নাশ্ৰুত অসমীয়া প্ৰতিশব্দ/ পাৰিভাষিকৰণ


আজি কিছুদিনৰ পৰা হঠাতে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নামত কিছুমান পাবত গজা ব্যক্তিয়ে ওভত গোৰে নচা কাৰ্য্য সংঘটিত হোৱা দেখা গৈছে ৷

কাৰোবাৰ মন গ'ল কোনো বৈজ্ঞানিক/কাৰিকৰী শব্দৰ নাভূত নাশ্ৰুত নতুন প্ৰতিশব্দ/ পাৰিভাষিক শব্দ সৃষ্টি কৰিব, কাৰোবাৰ মন গ'ল অসমীয়া ভাষাৰ, লিপিৰ হাজাৰ বছৰীয়া বিৱৰ্তনীয় ইতিহাসক ভৰিৰে লঠিয়াই, পণ্ডিত প্ৰবৰ সকলৰ নিৰলস গৱেষণাক উপলুঙা কৰি অসমীয়া লিপিৰ নতুন নামকৰণ কৰিব, এইবোৰ কি ল'ৰা ধেমালি ? ৰাতিৰ ভিতৰতে ঢোল পিটি ঘোষণা কৰিব কৰিব যে কোনো উপলব্ধ অভিধান বা ভাষাতত্ববিদৰ, প্ৰতিষ্ঠিত সাহিত্যিক, পণ্ডিতপ্ৰবৰ সকলৰ মতামতক গ্ৰহন কৰা নহ'ব ৷ এইবোৰ কি নিজৰ পাণ্ডিত্যালি নে বংশগত আভিজাত্য প্ৰদৰ্শন ? এই পত্ৰলেখকে নিজে ১০+২ লৈকে খাটি অসমীয়া মাধ্যমত বিজ্ঞান পঢ়া ৷ স্নাতক পৰ্য্যায়টো আমি বিজ্ঞানৰ ২ খন প্ৰশ্নকাকত অসমীয়াত লিখিছিলো ৷ বিশ্বায়নীকৃত প্ৰতিযোগিতামূখৰ পৃথিৱীত যেতিয়া আন্তঃৰ্জাতিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত নামিছো, আজি মই বুজো এই নাভূত নাশ্ৰুত অসমীয়াকৰণৰ কি দুৰ্বিহসঃহ অভিজ্ঞতা ! পৃথিৱীৰ বহুকৈইখন দেশৰ উচ্চস্বৰীয় বিশ্ববিদ্যালয় ভ্ৰমিলো, এইবোৰ উন্নত দেশত নিজৰ মাতৃভাষাত স্নাতকোত্তৰ পাঠ্যক্ৰম পৰ্য্যন্ত আছে (আজি জাৰ্মানীৰ হেইডে'লবাৰ্গ বিশ্ববিদ্যালয়ত দিনটো কটালো য'ৰ পৰা ১৩ জন ন'বেল বিজয়ী সৃষ্টি হৈছে ৷) ৷ কিন্তু কোনো ভাষাতেই এনেবোৰ বৈজ্ঞানিক/কাৰিকৰী শব্দৰ এনে হাস্যকৰ পাৰিভাষিক নামকৰণ হোৱা নাই ৷ যি ব্যক্তিয়ে নিজে অসমীয়া মাধ্যমত উচ্চ শিক্ষা গ্ৰহণ কৰা নাই , যাৰ সন্তানে অসমীয়া মাধ্যমত পঢ়া নাই তেখেতসকলৰ বুজাত অসুবিধা হ'ব যে উচ্চতম পৰ্য্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে কেনে অসুবিধা সৃষ্টি হয় ৷ নিজৰ সন্তান সন্ততিক বিদেশী মাধ্যমৰ পঞ্চতাৰকাযুক্ত (৫*) স্কুলত পঢ়াই সমাজৰ  ৯০% প্ৰজন্মৰ ওপৰত নিজৰ খেয়ালমতে সৃষ্টিশীল শব্দ জাপি দিয়া সহজ, কিন্তু নিজ সন্তানৰ লগতে বা সমাজখনক গৰিষ্ঠ সংখ্যক সাধাৰন ছাত্ৰ ছাত্ৰীক বিশ্বৰ পৰ্য্যয়লৈ লৈ যোৱাৰ মহান দায়িত্ব লোৱা কঠিন৷ সমাজৰ গৰিষ্ঠসংখ্যক ছাত্ৰ ছাত্ৰীক শিখণ্ডী সজাই ভাষাক উদ্ধাৰ কৰাৰ ঠিকা লোৱা কোনো কামেই সমৰ্থনযোগ্য নহয় ! এনে জাতিধ্বংসী কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ  বিনম্ৰ অনুৰোধ জনালো ৷ লগতে অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনে এনে ব্যক্তিৰ প্ৰৰোচনামূলক স্বাৰ্থনিহিত অভিসন্ধিৰ বলি নহৈ বলিষ্ঠ ভাৱে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলো ৷

No comments: