Thursday, October 25, 2012

~ঋতু আহে ঋতু যায়~




(-পংকজ বৰা)
-------------------------------

আকাশৰ পৰা নামি আহিছে শুভ্ৰ গুড়ি গুড়ি বৰফ
হাতে হাত ধৰি গৈ আছে এজোৰ প্ৰেমিক চৰাই
শীতৰ অপেক্ষাৰত হেমন্তৰ ভিন্নসুৰী ৰং
ইতঃস্ততঃ সিঁচৰিত মেপলৰ শুকান পাত
আপোনভোলা মন
আপোনবিভোৰ যৌৱন
তুষাৰ পাতৰ তীব্ৰতা বাঢ়ি গ'ল
হঠাতেই হাতদুখনৰ বান্ধোন সুলকি গ'ল
তুষাৰপাতৰ ধূঁসৰতাৰ মাজত দুয়ো দুয়োৰ পৰা আঁতৰি গ'ল
তীব্ৰবেগী বতাহৰ কৰ্কশ কোলাহল
দূৰত বাঁহ ভগা এহাল চাকৈ চকোৱাৰ হৃদয় বিদাৰক ক্ৰন্দন
উন্মাদ প্ৰকৃতি
উন্মাদ বাস্তৱ
ঠেঁটুৱৈ ধৰা জাৰত সেঙেতা লাগি
নিৰ্জীৱ হৈ পৰিল পৃথিৱী অন্তিম সেউজীয়াখিনি
এতিয়া মাথো শুভ্ৰতা
বৰফৰ ওপৰত পৰি থকা শুকান মেপলৰ পাতকেইটা
যেন একো একোটা বৰফীভূত শুকান হৃদয়
শীত আহে হেমন্ত যায়
অনেক হৃদয়ক নিঠৰুৱা কৰি উৰি আহে ঠেঁটুৱৈ ধৰা জাৰ
তথাপিও জীয়াই থাকে অনেকবোৰ গছ
কাৰণ সিঁহতে জানে
প্ৰত্যেক শীতৰ পাছত আকৌ আহে বসন্ত
আৰু প্ৰতিটো বসন্তত জন্ম হয় হাজাৰটা সেউজীয়া হৃদয়ৰ
এনেকৈয়ে ঋতু আহে ঋতু যায়