Friday, December 24, 2010

~~^~~^~~^~~

~~^~~ই চি জি~~^~~
-পংকজ বৰা
(স্থানঃ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান সংস্থান (AIIMS, New Delhi), ঢলপুৱা, ২৪ ডিচেম্বৰ, ২০১০ )
~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~

শূন্যৰ পৰা শিখৰ আকৌ শূন্য
অধিবৃত্তীয়, অধিবক্রীয় অলেখ আন্দোলন,
ৰঙা, বগা, সেউজীয়া অনেক ৰেখা.

হৃদয়ৰ গতি স্পন্দন নে অসন্তুলিত কম্পন ?
হৃদয়ৰ ভাষা হাঁহি নে ক্রন্দন ?
আছেনেকি লুকাই মৃত্যুৰ বাতৰি?

সন্ত্রাসবাদীৰ কলিজাৰ ই চি জি ৰে
নোৱাৰিনে কৰিব নির্ধাৰণ সিহঁতৰ কূটিল স্বপ্নৰ ?
নোৱাৰিনে বচাব হাজাৰজন নিৰীহৰ প্রাণ?
~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~

Saturday, November 27, 2010

অসমীয়া Profile নাম উদ্ যাপন সপ্তাহ.

Clik here to go to - অসমীয়াত কথা বতৰা@Facebook 

---
অসমীয়া বন্ধু সকল। আজিৰ  যুগত কিন্তু কম্পিউটাৰত টাইপ কৰিব নজনাটো প্রকাৰন্তৰে নিৰক্ষৰৰ দৰেই। প্রায় সকলোৱে অসমীয়াত টাইপ কৰিবৰ  বাবে অলপ আপচোচ কৰে। যাৰ বাবে অসমীয়া ভাষা ইন্টাৰনেটৰ বিশ্বত যেনে ভাবে  প্রচাৰ প্রসাৰ হ'ব লাগিচিল তেনেকৈ হোৱ নাই। আহক অন্ততঃ পোন প্রথমে নিজৰ  নামটো অসমীয়াত কম্পিউটাৰত টাইপ কৰি প্রথম খোজটো পেলাঁও। আপোনাৰ  অকনমান পদক্ষেপে ভাষাটোক আগাবাঢ়ি যোৱাত সহায়ক হ'ব। "অসমীয়া Profile নাম উদ্দযাপন সপ্তাহ...উদেশ্য -- অসমীয়া ভাষা cyberworldত promote কৰা ... Try to write your name in Assamese unicode. Feel Proud to be Assamese. "


আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্রয়োজনীয়। বহুতেই না না সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গর্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।
--
মই অসমীয়া
চৈয়দ আব্দুল মালিক
---
জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে প্রাণে মই
জীয়াই থাকোতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ
অসমৰ হকে যুঁজি অসমৰ হকে মৰো
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া

----------
অসমীয়াত কেনেকৈ নিজৰ নামটো সহজে লিখিব পাৰি চমুকৈ ৰাইজক জনাওক
@Biraj Kumar Kakati: 



অসমীয়াত লিখিবলৈ হ'লে কিছুমান চফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ভিতৰত অভ্ৰ, বৰাহ, আদিয়ে প্ৰধান । অন্যথাই শব্দ সংঘত গৈ পোনপটিয়াকৈ লিখি যাব পাৰে । সম্ভৱতঃ শেষৰ উপায়টো আটাইতকৈ শুবিধাজনক, কাৰণ ইয়াতে "বিৰাজ কুমাৰ কাকতি" লিখিবলৈ হ'লে "biraj kumar kakti" লিখিলেই হৈ যায় । যুক্তাক্ষৰ লিখিবলৈ হ'লে z টিপি ল'ব লাগে । যেনে: "বল্কল" লিখিবলৈ হ'লে blzkl লিখিব লাগে... z-য়ে হসন্ত চিন দিয়ে ।
 তাৰ আগতে অভ্ৰ ডাউলোড কৰি ইনষ্টল কৰি লওঁক...
লিংক: http://jadewits.com/avro/setup_avrokeyboard_4.5.3.exe



----
@ Banajit Pathak:
অসমীয়া টাইপ কৰিবলৈ হলে বিশেষ কিছুমান সজুলি লাগে , ব্যক্তিগত ভাৱে ম‍ই বাৰাহা ভাল পাওঁ .. http://www.baraha.com/download.htm  ইয়াৰ পৰা ইয়াক download কৰিব পাৰি .. (it is a freeware কি্ন্তু শেহতিয়াভাবে খুব সম্ভব ইয়াক nagware কৰা হৈছে ).  install কৰাৰ পাছত ... run baraha direct > you will see a system icon > rt click > lang setting> assamese > and done ..
তাৰ পাছত অসমীয়ত টাইপ কৰিব পাৰিব ..
এই খিনি হ’ল থুল থুল মুলকৈ বাৰাহা ব্যৱহাৰ কৰাৰ উপায় .. আপোনা লোকৰ কিবা বিশেষ অসুবিধা পালে জনাব .. ...

Thursday, August 5, 2010

বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু সাংস্কৃতিক ঔপনিৱেশিকতাবাদ কিছু প্রসংগ ।

-পংকজ বৰা
নৰৱে'জিয়ান বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়, নৰৱে'
________________________________________

বিজ্ঞান হ'ল কোনো এটা বিষয়বস্তুৰ ওপৰত পদ্ধতিগত ভাৱে কৰা পুংখানুপুংখ অধ্যয়ন আৰু তাৰ পরা উপলব্ধ বিশেষ জ্ঞান. সমগ্র প্রক্রিয়াটোক কোৱা হয় বৈজ্ঞানিক গৱেষণা। যুক্তিগত ভাৱে কৰা বিজ্ঞানসন্মত চিন্তা আৰু গৱেষণা কৰা লোক সকলেই বিজ্ঞানী। বিজ্ঞানী হ'বৰ বাবে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্রীৰ প্রয়োজন নাই। ইয়ার বাবে প্রয়োজন যুক্তিগত ভাৱে চিন্তা কৰিব পৰা এটা সৃষ্টিশীল মন। সেই হিচাপে গাঁওৰ এজন অনাক্ষৰী ব্যক্তিও বিজ্ঞানী হ'ব পাৰে । বিজ্ঞানো হ'ল একপ্রকাৰৰ কলা। বহুতেই ভাৱে বিজ্ঞানৰ জগতত সৃষ্টিশীলতাৰ কোনো স্থান নাই। এইখিনিতে মই বিশ্বৰ প্রসিদ্ধ পদার্থ বিজ্ঞানী ৰিচার্ড ফে'নমেনৰ এটা উক্তি উল্লেখ কৰিব খুজিছো- 'The test of all knowledge is experiment. Experiment is the sole judge of scientific 'truth'. But what is the source of knowledge? Where do the laws that are to be tested come from? Experiment, itself, helps to produce these laws, in the sense that it gives us hints.But also needed is imagination to create from these hints the great generalizations —to guess at the wonderful, simple, but very strange patterns beneath them all." যুক্তি আৰু পদ্ধতিগত পৰীক্ষা নিৰীক্ষাৰ আধাৰত প্রতিস্থিত বিজ্ঞানত সৃষ্টিশীল মনৰ ভূমিকা কি নিচ্ছয়কৈ উপ্লব্ধি কৰিব পৰা যায়। যুক্তিপুর্ণ ভাৱে নতুন কিবা এটা চিন্তা কৰা্টো আচলতে একপ্রকাৰৰ কলা।

বিজ্ঞানসন্মত পুংখানুপুংখ অধ্যয়নৰ পরা উপলব্ধ বিশেষ জ্ঞানৰ প্রায়োগিক দিশটো হ'ল প্রযুক্তি। প্রযুক্তিৰ সহায়ত সমাজৰ কামত লগা বিভিন্ন আহিলা-পাতি, যন্ত্র বা সঁজুলি বা কিছুমান পদ্ধতি উদ্ভাৱন কৰা হয়, যি সমাজক প্রগতিৰ দিশত আগবঢ়াই লৈ যাব পাৰে। প্রযুক্তিৰ বিৱর্তনীয় ইতিহাস অধ্য্য়ন কৰিলে দেখা যায় যে স্থানীয় ভাৱে উপলব্ধ সম্পদৰ উপযুক্ত প্রয়োগেৰে স্থানীয়লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰা বা সামাজিক প্রয়োজন পুৰণ কৰা। প্রস্তৰ যুগত আদিম মানুহে শিলৰ আঁহিলা বনাবলৈ শিকাৰ পৰাই প্রযুক্তিৰ বিকাশ আৰম্ভ হয়। মানুহে সমাজ পাতি, খেতি বাতি কৰিবলৈ লোৱাৰ পৰা আৰু কিছু প্রযুক্তিগত উন্নয়ন হয়। কিন্তু তেতিয়ালৈকে কোনো আনুস্থানিক বিজ্ঞান নাছিল। তেতিয়া মানুহে প্রকৃতিৰ পৰা শিকিছিল আৰু নিজৰ সৃষ্টিশীলতাৰ ব্যৱহাৰ কৰি আদিম প্রযুক্তিৰ উদ্ভাৱন কৰিছিল। ৰেনেঁছাৰ পাছৰে পৰা বিশ্বৰ আগশাৰীৰ জাতি সমুহে বিজ্ঞান আৰু প্রযুক্তিৰ বিকাশক বিশেষ ভাৱে প্রাধান্য দিবলৈ ল'লে। দুখনকৈ বিশ্বযুদ্ধই এই প্রক্ৰিয়াটোক অধিক ত্বৰাণ্বিত কৰি তোলে।

এতিয়া আঁহো আজিৰ সময়লৈ। আমি আজি এখন বিজ্ঞান প্রযুক্তিৰ অনবদ্য অৱদানেৰে বিধৌত এখন স্বাস্যন্দকৰ পৃথিৱীত বসবাস কঁৰো। হাতে হাতে ম'বাইল ফ'ন, ইন্টাৰনেট, চেটেলাইট টেলিভিছন, বিলাসী গাড়ী ইত্যাদি। কিন্তু আটাইতকৈ ভয়াবহ কথাটো হৈছে প্রযুক্তিৰ অপব্যৱহাৰ। বিশেষকৈ অন্নুনত আৰু উন্নয়নশীল দেশসমূহত প্রযুক্তিৰ অপব্যৱহাৰ ব্যাপক ৰূপত দেখা পোৱা গৈছে। প্রযুক্তিৰ অপব্যৱহাৰৰ এই প্রসংগটো দুটা শব্দৰে প্রকাশ কৰিব পাৰি-সংস্কৃতি আৰু শিক্ষা। আমদানিকৃত প্রযুক্তি এটা ব্যৱহাৰ কৰিব জনাকৈ প্রয়োজন হোৱা উপযুক্ত শিক্ষা আৰু সংস্কৃতিক মুল্যবোধৰ অভাৱ এই সমাজ সমুহত উপ্লব্ধি কৰিব পাৰি। এইবিলাক সমাজত এনে প্রযুক্তিগত উন্নয়ন সমূহক ফে'ছন হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। আছলতে আজিও এই সমাজ সমূহ সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ নামান্তৰ মাথোন। পুজিবাদী দেশৰ বহুজাতিক গোষ্ঠী সমূহৰ কঁৰাল গ্রাসত পৰি তেঁওলোকে যি খাবলৈ কয় তাকে খোৱা, যি পিন্ধিবলৈ কয় তাকে পিন্ধা, কি কৰিবলৈ কয় তাকে কোৱা এটা স্বভাৱত পৰিণত হৈছে। আমি থলুৱা প্রযুক্তিৰ বিকাশত ব্যর্থ হৈছো অতি শোচনীয় ভাবে। আজই অসমৰে এখন ভিতৰুৱা গাঁওৰ স্কুলীয়া ছাত্রৰ হাতে হাতে হাজাৰটকীয়া ম'বাইল ফ'ন, ঘৰে ঘৰে চেটেলাইত টিভি, কম্পিউটাৰ আদি। কিন্তু আজিও আমি এলান্ধুকলীয়া নাঙ্গলটোৰে বছৰটোৰ এটা খেতি কৰি পেটে ভাতে খায় জীয়াই আছো। যি সময়ত আমি লাহ বিলাহৰ সকলো প্রযুক্তিগত উপাদান হকে বিহকে আঁকোৱালি লৈছো, আমার ইমানো সৃষ্টিশীলতাৰ অভাৱ হ'লনে যে আমি এটা উন্নত নাঙ্গল সাজি লব পৰা নাই? আমি ব্যৱহাৰ কৰিব পৰা নাই আমাৰ চৌপাশৰ সম্পদসমূহ, আমাৰ বুদ্ধিমত্তা,সৃষ্টিশীলতাক? আমাৰ সমাজৰেই শিক্ষানুস্থান সমূহৰ পৰা শিক্ষা গ্রহণ কৰি ওলাই যোৱা ব্যক্তিৰ শ্রম আৰু বুদ্ধিমত্তাক ব্যৱহাৰ কৰি আমাৰেই সম্পদৰ আধাৰত প্রযুক্তি বিকাশ ঘটায় আমাকেই বেছি লুণ্ঠনৰাজ চলাইছে। এয়াই সাংস্কৃতিক ঔপনিৱেশিকতাবাদ।খাটি অসমীয়াত ক'বলে গ'লে ' তোমাৰ ঘৰৰ বাহ-গাজ, তাৰে নি কৰো খৰিছা; তোমাকে সলাই ধান ডোন নিও কথাটো জানো মন কৰিছা?

ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?

ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?

-পংকজ বৰা

__

খন মহাৰণ, ৩২ খন দেশৰ ৭৩৬ জন খেলুৱৈ। সমগ্র বিশ্বৰ কৌটি কৌটি অনুৰাগী। ১১ জুনত আৰম্ভ হোৱা এমহীয়া এই মহাযুদ্ধৰ অন্তিম দিনলৈ আৰু মাত্র কেইটামান মূহুর্ত। এই এমাহ ধৰি সমগ্র ইউৰোপত উত্তেজনা। ৰাস্তাই ঘাটে, হাতে- বজাৰে , অফিচ-কাছাৰীত সকলোৰে মুখে মুখে সৰৱ আলোচনা। ফুটবল জ্বৰৰ উত্তাপত ইউৰোপীয় অর্থনীতিৰ মন্দাৱস্থা সম্পর্কীয় গুৰুত্বপুর্ণ বিষয়ো তল পৰি ৰৈছে এতিয়া। এয়াই ইউৰোপ ফুটবল উন্মাদনা। ঐতিহাসিক ভাবেও ফুটবল আৰু ইউৰোপ সমন্ধ অনেক। প্রাচীন গ্রীচ আরু রোমত ফুটবল খেলৰ আৱিৰ্ভাব হৈছিল বুলি উমান পোৱা যায়। আধুনিক ফুটবলৰো বিকাশ হৈছিল ইংলেন্দত। শেষ মূহুর্তত দুখন ইউরোপীয় দেশ ফাইনেলত উপনীত হোৱা পাছৰে পৰা উত্তেজনা বৃদ্ধি পাইছে হাজাৰগুণে।


ফুটবল বিশ্বকাপ চলি থকা এই মাহতেই মই ইউরোপর কেইখন মান দেশলৈ ভ্রমন কৰিছিলো। ১৫ জুন পৰা ২৫ জুনলৈ মই এটা বিশেষ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ইংলেণ্ড কে'ম্ব্রিজ আৰু লণ্ডনত আছিলোগে। কে'ম্ব্রিজ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ১৮ খন দেশ ১৮ জন যুৱ- বিজ্ঞানী/গৱেষক আহিছিল। তাৰ উপৰিও বিশেষজ্ঞ প্রশিক্ষক হিছাপে আহিছিল বিশ্বৰ আন কেবাখনো দেশ কেবাজন প্রখ্যাত বিজ্ঞানী । আমি সকলোৱে আছিলো বিশ্ববিখ্যাত চেঙ্গাৰ জিন'ম চেন্টাৰৰ অতিথি গৃহত।।৩০ বজা পৰা মাজৰাতি ১২ টা পর্য্যন্ত কাম ব্যস্ততা। তাৰ মাজতেই সকলোৱে খবৰ ৰাখিছে ফুটবল বিশ্বকাপ।। নিজৰ নিজর দেশ দল খেলাক লৈ সকলোৰে ঊৎসাহ উদ্দীপনা। কেতিয়াবা দুখন প্রতিদ্বন্দী দেশৰ খেলাৰ সময়ত সেই দুখন দেশৰ পরা অহা আমাৰ বন্ধু দুজনৰ মাজত ধেমেলীয়া তর্ক-যুদ্ধ। মই আছিলো সকলোবোৰে দর্শক, কাৰণ মোৰ নিজ দেশ ভাৰত ১.২ বিলিয়ন জনসঙ্খ্যাৰ পৰা ১১ জনীয়া এটা ফুটবল দল আজিলইকে নোলাল। কিয় নাই ভাৰতীয় ফুটবল দল, এই লৈ বহুতবাৰ সহযোগী সকল অনুসন্ধিৎসাৰ সন্মূখীন হৈছিলো। তথাপিও কোনপধ্যে পাছপৰি থকা বিধৰ নাছিলো। আবেলি সময়ত গই ফুটবলটো হাত্ত লৈ সকলোকে খেলিবৰ বাবে মাতি আনিছিলো। অ'ষ্ট্রিয়াৰ ভিয়েনা চহৰৰ তৰুণী বিজ্ঞানী কাৰামেন আৰু চীনৰ বেইজিং চহত কর্মৰত ব্রিটিছ তৰুণী গৱেষিকা জেনিফাৰৰ বিধংসী ফুটবল শৈলীত বাৰে পতি লুটি খাই পৰিছি্লো মই, চিলিৰ যুৱ বিজ্ঞানী হাইমে' আদি। নিউজিলেণ্ড অধ্যাপক ডেভিদ মার্কি আছিল এখোপ চৰা। প্রতিদিন তেঁওৰ বকৃত্তা আগে পাছে নিজ দেশ নিউজিলেণ্ডৰ সমর্থনত দুখনকৈ পাৱাৰ পইন্ট স্লাইড্ অন্তঃর্ভুক্ত কৰিছিল। তেঁও নিজেও এজন দুর্দান্ত গ'লৰক্ষক। আমাৰ সন্ধ্যা প্রীতি খেলবোৰত তেঁও প্রতিভাৰ নিদর্শণ দাঙ্গি ধৰিছিল। এইবোৰে ব্যস্ত কর্মসূচীৰ মাজতো সকলোকে আমোদ যোগাইছিল।। কেতিয়াবা ইংলেণ্ড, ব্রাজিল বা আৰ্জেন্টিনা খেল থাকিলে লেব'ৰেটৰী কাম সাময়িক ভাৱে স্থগিত ৰাখি হাভার্ড মেডিকেল স্কুল, আমেৰিকাৰ বিজ্ঞানী ইয়ান চানবেৰী নেতৃ্ত্বত অথিতি গৃহৰ কমন ৰুমলৈ সকলো ঢাপলি মেলিছিলো। ব্যতিক্রম আছিল ব্রাজিলৰ প্রতিনিধি বয়স্ক মহিলা বিজ্ঞানী এলিজাবে'থ। তেঁও ফুটবলক লৈ অলপো উৎসুক নাছিল, তেঁও সকলো সময়তে বিজ্ঞান লৈয়ে ব্যস্ত আছিল। কেবাদিনো দেখিছিলো Sanger Institute বিশাল সভাগৃহত কাম মাজতো কিছুমান খেলৰ চলন্ত বিৱৰণী প্রচাৰৰ ব্যৱস্থা কৰিছিল। মুঠৰ ওপৰত সকলোৱে ফুটবলক লৈ অত্যুৎসাহী।
কোনে মাৰিব শেষ হাঁহি, ? ৰাতিপুৱা ৮ আতাইতকৈ আমোদজনক কথাটো আছিল আমাৰ মাজত আছিল প্রাইকেইখন দেশৰেই প্রতিনিধি ব্যস্ত কাম মাজতো European Bioinformatics Institute (EBI) আইৰিছ যুৱ বিজ্ঞানী এন্ট'ন এনৰাইট্ বিশেষ উদ্যোগত লেব'ৰেটৰীৰ ভিতৰতে মাল্টিমেডিয়া প্রজেক্টৰৰ সহায়ত কিছুমান উল্লেখনীয় খেলৰ চলন্ত উপভোগৰ ব্যৱস্থা কৰিছিল

১০ দিন কে'ম্ব্রিজত কটোৱা পাছত মই লণ্ডন মহানগৰীত আছিলো ৩ দিনৰ বাবে। মহানগৰী খনৰ অলিয়ে গলিয়ে দেখিছিলো ইংলেণ্ডৰ পতাকা। যুৱক যুৱতী বোৰে ৰুণী, মে'ছি বা কাকাৰ স্পর্টিং পিন্ধি ঘূৰি ফুৰিছে। ৰাজপথত য'তে ত'তে প্রতিস্থা কৰিছে বৃহৎ LCD স্ক্রীণ। ডেকা-বুঢ়া সকলোৱে ৰাজপথত একেলগ হৈ খেল উপভোগ কৰিছে। ২৮ জুন,২০১০। পুৱাৰে পৰা লণ্ডন চুকে কোনে তুমূল উত্তেজনা। ইংলেণ্ড মুখামুখি হ'ব জার্মানীৰ। আবেলি ২ বজা মানৰ পৰা সদাব্যস্ত লণ্ডনৰ ৰাজপথ খালি হৈ গ'ল। ক'ৰবাত এখন দুখন গাড়ী, দুই এজন মানুহ।মইও লণ্ডনৰে নহয় বিশ্বৰে এটা ৰঙচঙীয়া ৰাজপথ পিকাডেলী চার্কাছত উপস্থিত হ'লো। স্তব্ধ হৈ গৈছিল সদাব্যস্ত পিকাডেলী চার্কাছ। সকলোৰে চকু ৰাস্তা বিভিন্ন স্থানত ওলমি থকা বৃহৎ LCD স্ক্রীণবোৰত। বিবিচি তথ্য অনুসৰি সর্বকালৰ সকলো অভিলেখ ভংগ কৰি ১৯.২ মিলিয়ন দর্শকে এই খন তেঁওলোকৰ চেনেলটো জৰিয়তে উপভোগ কৰিছিল। কিন্তু অঘতনটো ঘটিল! ৪-১ গ'লত ইংলেণ্ড পৰাস্ত হ'ল জার্মানীৰ হাতত। হায় ৰুণী ! কান্দোনত ভাগি পৰি্ল অনেকজন। মর্মাহত হৈ গাৰ কাপো খুলি ৰাজপথত স্নান কৰি্লে কিছু ফুটবল বলীয়া সমর্থকে। বহুতেই গুৱাল গালি পাৰিলে মিলিয়ন পাউণ্ড উপার্জন কৰা তাৰকা খেলুৱৈক। মোৰ মনত পৰিল এন্ট'ন এনৰাইটে কে'ম্ব্রিজত থাকোতেই ৰসিকতা কৰি কোৱা এষাৰ কথা "লণ্ডনৰ এখন সাধাৰণ হাইস্কুলৰ ফুটবল প্রশিক্ষক এজনে কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকতকৈ দহগূন বেছি দৰমহা পায়। " । এয়েই বিচিত্র ফুটবল , এয়েই ফুটবলৰ মহিমা।


লণ্ডনৰ পৰা ২৯ তাৰিখে মই মোৰ কর্মস্থলী নৰৱে'লৈ বুলি ৰাওনা হ'লো লণ্ডন হিথ্র' এয়াপ'র্টৰ পৰা । দুর্ভাগ্যবশতঃ নেডাৰলেণ্ডছৰ ৰাজধানী আমাষ্টাৰ্ডাম এয়াৰপ'র্টত মই মোৰ নৰৱে' সংযোগী উৰণখন ধৰিব নোৱাৰিলো। মোৰ পাছৰ উৰণখনলৈ মাজত ১০ ঘণ্টা। গতিকে মই আমাষ্টাৰ্ডাম মহানগৰী খন পাক এটা মাৰো বুলি ভাবিলো। এয়াৰপ'র্টৰ পৰা দ্রুতবেগী ট্রেইনত গৈ ২০ মিনিট পাছত আমাষ্টাৰ্ডাম মহানগৰীত উপস্থিত হ'লো। একেই পৰিৱেশ। ৰাস্তাই ঘাটে ভিন্নৰঙ্গী পতাকা, ফুটবল, আৰু ফিফা ট্র'ফীৰ আৰ্হি। ইউৰোপ ব্রাজিল বুলি পৰিছিত নেডালেণ্ড ফুটবলৰো বর্ণিল ইতিহাস আছে। এদিন পাছতেই কোৱার্টাৰফাইনেল খেলত নেডালেণ্ডছ মুখামুখি হ'ব বিশ্ববিজয়ী ব্রাজিলৰ। ইয়াৰ আগতেও নেডালেণ্ডছ দুবাৰকৈ ১৯৭৪ আৰু ১৯৭৮ চনত ফাইনেলত উপনীত হৈছিল যদিও, শেষ হাঁহি মাৰিব নোৱাৰিলে। সকলোৰে আশা, এইবা অন্ততঃ পূৰণ হ'ব সেই অপূর্ণ আশা।


ফুটবল জ্বৰত আক্রান্ত আমাষ্টাৰ্ডাম মহানগৰীত ৫ ঘন্টা কটায় মই এয়াৰপ'র্টলৈ উভতি আহিলো। আহি দেখো এয়াপ'র্ট বাহিৰত এটা বৃহৎ পেভেলিয়ন সদৃশ পেণ্ডেল। তাৰ বিপৰীত দিশে ব্যস্ত ৰাস্তা আনটো দিশে এখন বৃহৎ LCD স্ক্রীণ। একেলগে ৫০০ লোকে বহি ষ্টেডিয়ামত বহি চোৱা নিচিনা এক আয়োজন। মইও গই জাপান আৰু পাৰাগুৱে মাজ খেল খন চালো। লাহে লাহে মো উণ সময় হোৱাত মই এয়াৰপ'র্ট ভিতৰলৈ ৰাওনা হ'লো।


নৰৱে'ৰ নিজৰ জাতীয় দলে বিশ্বকাপ খেলা নাই যদিও ইয়াটো ফুটবল প্রীতি কম নহয়। এতিয়া সকলোৰে চকু ১১ জুলাই ফাইনেল খেলৰ ওপৰত। দুখন ইউৰোপীয়ান দেশ মুখামুখি হ'ব মহাৰণত। সকলোৰে উত্তেজনা -"কোনে মাৰিব শেষ হাঁহি ?"।

Sunday, June 13, 2010

নিঃসংগতাৰ টেঙ্গাপানী

নিঃসংগতাৰ টেঙ্গাপানী

-- পংকজ বৰা

___________________

মোৰ দুখৰ হিকটিত

নিঃসংগতাৰ টেঙ্গাপানী

বৈ যায় হাজাৰখন ডিক্রং

হাজাৰ সোৱণশিৰী ...

কোনে চাই উভতি

কোনে ধৰে সাৱতি

কোনো নাই

কোনো নাই

শুকান চাপৰিত হাল বাই

জীৱন চলি যায়

লুণীয়া ঘামৰ নদী

(আৰু )নিঃসংগতাৰ টেঙ্গাপানী

হৃদয়ত বেদনাৰ বানপানী

কোনে চাই উভতি

কোনে ধৰে সাৱতি

কোনো নাই

কোনো নাই...

লিখিলো হাজাৰখন নিঃসংগতাৰ দস্তাবেজ

ভৰালো অনেক ইতিহাসৰ হালধীয়া পাত

কটালো অনেক উজাগৰী নিশা

ৰৈ ৰৈ লিখিলো জোনাকী নিশাৰ সপোন

উটি যায়

ভাঁহি যায়

কোনে চাই

কোনে চাই

একো নাই

কোনো নাই

কোনে চাই উভতি

কোনে ধৰে সাৱতি...

দুখীয়া মন

দুখীয়া হৃদয়

হাঁয় হাঁয় !

ক'লৈ পলায় যায়

এয়েই (হেনো ) জীৱনৰ প্রয়োজন

আৰু (মোৰ ) সেউজীয়া যৌৱনৰ দুখ

Friday, April 30, 2010

কিহৰ বাবে ইমান আয়োজন

মোক জোনাক লাগে
মই বিচাৰি পাঁও ঘনঘোৰ আঁঊসীৰ আন্ধাৰ
মোক উত্তাপ লাগে
মই বিচাৰি পাঁও হিমশীতল নীৰৱ উপত্যকা ।।

মোক সেউজীয়া লাগে
মই বিচাৰি পাঁও শুকান মৰভূমি
মোক এখন হৃদয় লাগে
মই বিচাৰি পাঁও এটা নিষিদ্ধ গলি।।

নিৰবিচিন্ন ভাৱে বৈ থকা এখন নদী বিছাৰি গলো
মই পালো তেজেৰে মখলা মৰা এটা বীভৎস উপকূল
জীৱনৰ মদিৰা বিচাৰি হাহাকাৰ কৰা এজন কবিক দেখিলো
তেওঁ প্রেমিকাৰ বাবে বন্ধকত থৈ আহিছে নিজৰ যৌৱন ।।

কিহৰ বাবে ইমান আমাৰ আয়োজন ?
কিহৰ বাবে জীৱনৰ প্রয়োজন ?
সভ্যতা নে বীভৎসতা ?
নগ্ন সভ্যতাৰ যান্ত্রিক যুজঁত কোঙা হৈ পৰি ৰয় সেউজীয়া যৌৱন
প্রেমিক কবিজন installment দি দি ভাগৰি পৰিছে
আৰু কিমান টানিব কোঙা দেহাৰে উৎকৰ্ষিত সভ্যতাৰ বোজা

এইয়ে নেকি আমাৰ প্রয়োজন ?
কিহৰ বাবে ইমান আয়োজন?

Sunday, March 7, 2010

“প্রাশ্চাত্যৰ দৃষ্টিৰে আমাৰ সমাজ, সংস্কৃতি, আৰু শিক্ষাঃ কিছু বাস্তৱভিত্তিক অনুভৱ”

প্রাশ্চাত্যৰ দৃষ্টিৰে আমাৰ সমাজ, সংস্কৃতি, আৰু শিক্ষাঃ কিছু বাস্তৱভিত্তিক অনুভৱ

পঙ্কজ বৰা

Norwegian University of Science & Technology (NTNU)

Trondheim, Norway

(মই প্রাশ্চ্যতত্ব, প্রাশ্চাত্যতত্ব, শিক্ষাতত্ব, নৃতত্ব বা ইতিহাসৰ ছাত্র নহয় আৰু এখন বৃহৎ সমাজৰ শিক্ষা আৰু সংস্কৃতিৰ বিষয়ে গধুৰ প্রবন্ধ লিখাৰ দুঃসাহস নাই। এই চমু লেখাটো মোৰ বাস্তব অভিজ্ঞতাভিত্তিক অসংলগ্ন স্নেপ্-শ্বট্ কিছুমানৰ একত্রিত ৰূপ বুলিহে মই কব খুজিছো | উদ্দেশ্যবিৱৰ্তন আৰু ইতিহাসৰ জোলোঙ্গাৰে বৰ্তমানৰ পৰিবৰ্তিত সময়ৰ লগত সঙ্গতি ৰাখি ভবিষ্যতৰ দিশলৈ আমি সঠিক গতিত আগবাঢ়িব পাৰিছোনে তাৰ উমান লোৱা?)

স্নেপ্-শ্বট্ ১ঃ বিৱর্তন আৰু কিছু ইতিহাস

কিছুদিন আগতে বিশ্বৰ আগশাৰীৰ বিজ্ঞান আলোচনীনেচাৰ এখন গৱেষণা পত্র প্রকাশ পাইছে; বিষয় আছিলআধুনিক মানৱে আফ্রিকাৰ পৰা প্রথম এছিয়া মহাদেশলৈ প্রবজ্রন কৰিছিল আৰু তাৰ অনেক হাজাৰ বছৰৰ পাছতহে ইউৰোপ মহাদেশত (প্রাশ্চাত্য) আধুনিক মানৱে ভৰি দিছিল ব্রিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে জেনেটিক পর্য্যায়ৰ অধ্যয়ন চলাই এই তথ্য উদ্ধাৰ কৰিবলে সক্ষম হৈছে। এই তথ্যৰ পৰিপূৰক ভাৱে আমি যদি পৃথিৱীৰ পুৰণি মানৱ সভ্যতা সমূহলৈ (হৰপ্পা, মহেঞ্জোদাৰো, মেচোপটেমীয়া, চীন, ইজিপ্ত,ৰোমান, মায়া আদি ) মন দিঁও, এটা কথা স্পষ্ট হয় যে সবাতোকৈ পুৰণি মানৱ সভ্যতা সমুহৰ স্থলী আছিল এছিয়া বা মধ্যপ্রাচ্য। সংগঠিত সমাজ ব্যবস্থা, কৃষি, শিক্ষা , বিজ্ঞান, প্রযুক্তি এইবোৰৰ উৎকৰ্ষণৰ কেন্দ্রও আছিল এছিয়া বা মধ্যপ্রাচ্য তাৰ ভিতৰত ভাৰতবৰ্ষৰ কি অগ্রণী ভূমিকা আছিল সেয়া সকলোৰে জ্ঞাত। ইউৰোপক বাদ দি বর্তমানৰ তথাকথিত পচ্শিমীয়া উন্নত সভ্যতা আমেৰিকা বা অষ্ট্রেলিয়াৰ ইতিহাসলৈ যদি আমি লক্ষ্য কঁরো দেখিম যে সেইবোৰৰ ইতিহাস কিন্তু ৫০০ বছৰৰো কম। আনহাতে এই দুয়োখন সভ্যতাৰ আধাৰ ইউৰোপ, আফ্রিকা আৰু এছিয়াৰ পৰা হোৱা প্রৱজন। আমি যদি আজিৰ দিনত সভ্যতাৰ বিকাশৰ গতি তুলনামূলক অধ্যয়ন কঁৰো, তেন্তে দেখা পাঁও যে ভাৰতীয় সভ্যতাৰ বিকাশৰ গ্রাফডাল বিভিন্ন ক্ষেত্রত প্রাশ্চাত্যৰ লগত অনেক অৱনমিত হৈছে। ইতিহাসৰ এনে দূৰাৱস্থা কিয়?

অসমৰ অৱস্থা তাতকৈও অধিক শোচনীয় আৰু হতাশাজনক। এটা সৰু উদাহৰণ- ১৪৪০ খ্রীষ্টাব্দত জার্মানীত গুটেনবার্গে ছপাশাল আবিস্কাৰ কৰিছিল আৰু আধুনিক বিশ্বৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিৱেচিতে সেই সময়ত অসমত আহোম সকলৰ ১১তম স্বর্গদেউ চুচেনফাই ৰাজত্ব কৰিছিল। আনহাতে মহাপুৰুষ শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্রীষ্টাব্দত এই প্রসংগ লৈ আমি যদি চতুর্দশ শতিকাৰ অসমৰ এখন ছবি মনতে কল্পনা কৰিব পাঁৰো, আৰু তদানীন্তন পচ্শিমীয়া সভ্যতাৰ লগত তুলনা কৰি চাঁও, তেন্তে আমাৰ সভ্যতাৰ গতি কিমান পাছপৰি ৰৈছিল তাক অতি সহজতে অনুমান কৰিব পাৰি অসমত ছপাশালৰ প্রচলন আৰম্ভ হয় ১৮ শতিকাত খ্রীষ্টান মিছনেৰী সকলৰ বিশেষ উদ্যোগত তৎপর্য্যন্ত সাঁচিপাত বা সেইধৰণৰ প্রাচীন লিখাৰ সম্বল লৈয়ে শঙ্কৰদেৱ-মাধৱদেৱ আদি মহাপুৰুষ সকলে লিখা মেলা কৰিছিল। সেই একেই সমান্তৰাল ব্যৱধান এটাতেই এতিয়াও আমাৰ সমাজ চলি আছে আৰু আমিও চলি আঁছো, যিটো এটা অপ্রিয় সত্য। বৈষয়িক দিশত বা যান্ত্রিক দিশত (গোলকীকৰণৰ কৃপাত)কিছু উপৰুৱা উন্নতি হৈছে যদিও সামগ্রিক ভাৱে আমাৰ চিন্তাধাৰা, আমাৰ শিক্ষা, আমাৰ ৰাজনীতি আৰু আমাৰ সমাজ স্থবিৰ হৈ পৰিছে বা পৎশ্চাতমূখী হৈছে ইয়াৰ মূল কাৰণ আমাৰ অর্ন্তঃমূখিতা। আমি বাহিৰৰ পৃথিৱীৰ উমান লোৱাত ব্যর্থ হৈঁছো নতুন প্রজন্মক বর্হিঃমূখিতাৰ ৰাস্তা দেখুৱাবলৈ বা প্রতিযোগিতামূখৰ পৃথিৱীখনৰ আভাস দিবলৈ, আমাৰ ৰাজনৈতিক নেতৃত্ব, বুদ্ধিজীৱি সমাজ, প্ৰচাৰ মাধ্যম সম্পূর্ণভাৱে ব্যর্থ হৈছে। আমি আজিও সান্তনা লাভ কঁৰো এইদৰেআমি অসমীয়া নহঁও দুখীয়া কিহৰ দুখীয়া ”, কিন্তু আমি পাহৰি যাঁওআজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি পাহৰি যাঁও আমাতকৈও সম্পত্তিশীল চহকী জাতি ভাৰততে হওক বা পূথিৱীতে হওক অনেক আছে। আমি মাত্র এটা ক্ষুদ্ৰ জাতি আৰু তাৰ মাজতো ক্ষমতাৰ অঁৰিয়া-অঁৰি , ক্ষুদ্রাতিক্ষুদ্র জাতিসত্বাৰ বিবাদত লিপ্ত হৈ আমাৰ বিকাশৰ গতিক স্তব্ধ কৰি পেলাইছো। আমাৰ উত্তৰপুৰুষৰ বাবে বাকী ৰৈছে অন্নিশ্চয়তাৰ এখন ধূঁসৰ ছবি। অসম ৰসাতলে যাবলৈ বাকী আছেনে নাই সেয়া সচেতন মহলে বিচাৰ কৰিব এটা শক্তিশালী বৌদ্ধিক বিপ্লৱৰ অবিহনে অসমৰ নাম ইতিহাসৰ বুকুত লোপ পাবলৈ যে বেছি দিন নালাগিব সেইটো উপলব্ধি কৰিব পাৰি

স্নেপ্-শ্বট্ - উচ্ছ্ব শিক্ষা আৰু বিশ্ববিদ্যালয়

এতিয়ালৈ উপলব্ধ তথ্যসূত্র অনুসৰি খ্রীষ্টাপূর্ব ৩৮৭ দাৰ্শনিক প্লেটোৱে প্রতিস্থা কৰা গ্রীচৰ এথেন্স বিশ্ববিদ্যালয় (প্লাটনিক একাদেমী)পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় ।পৃথিৱীৰ অন্যতম পুৰণি বিশ্ববিদ্যালয় সমুহৰ ভিতৰত বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় (খ্রীষ্টাব্দ পঞ্চম শতিকা) এখন। গতিকে গ্রীচত বিশ্ববিদ্যালয় স্থাপন হোৱাৰ ৯০০ বছৰ পাছত ভাৰতত নালন্দা বিশ্ববিদ্যালয় স্থাপন হৈছিল পুৰণি বিশ্ববিদ্যালয় সমূহৰ মূল উদ্দেশ্য আছিল ধৰ্মী্য় চিন্তাধাৰাৰ প্রচাৰ প্রসাৰ কৰা। মধ্যযুগৰ অন্ত হোৱাৰ পাছত যান্ত্রিক বা ঔদ্যোগিক আৰু সাংস্কৃতিক নৱ-জাগৰণৰ সূচনা হয় আৰু শিক্ষা ব্যৱস্থাত তাৰ প্রভাৱ পৰে। ব্রিটিছ আমোল ভাৰতবৰ্ষত ১৮৫৭ খ্রীষ্টাব্দত তিনিখন বিশ্ববিদ্যালয় ক্রমে মাদ্রাচ, কলিকতা আরু ম্বাইত স্থাপন কৰে গুৱাহাটীত অসমৰ প্রথমখন বিশ্ববিদ্যালয় স্থাপন হৈছিল ১৯৪৮ চনত। সময়ৰ ব্যৱ্ধান ১১০ বছৰ সৌভাগ্যক্রমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু মাদ্রাচ বিশ্ববিদ্যালয় দুয়োখনতে অধ্যয়ন কৰাৰ সৌভাগ্য এই লিখকৰ হৈছে দুয়োখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক, সাংস্কৃতিক আৰু প্রশাসনীয় পৰিপক্কতাত/ ব্যবস্থাপনাত সময়ৰ ব্যৱধান বিদ্যমান।

আজিৰ বিশ্ববিদ্যালয়সমূহৰ উদ্দেশ্য সমাজক নেতৃত্ব দিব পৰা মানৱ সম্পদৰ বিকাশ; উচ্চমান বিশিষ্ট গৱেষণাৰ যৰি্যতে নতুন প্রযুক্তিৰ উদ্ভাৱণ; ইতিহাসৰ পাঠোদ্ধাৰ,বিশ্লেষণ,সংৰক্ষণ আৰু ভৱিষ্যতৰ দিক নির্ণয় কৰাত সমাজক, বিশেষকৈ নতুন প্রজন্মক পথ প্রদর্শন কৰা। বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ এনে গুৰুত্বপুর্ণ ভূমিকা আমি প্রত্যক্ষ কৰি আহিছো। দেশৰ চৰকাৰ বা ৰাজনৈতিক নেতৃত্বইও নীতি নির্দ্ধাৰণৰ ক্ষেত্রত বিশ্ববিদ্যালয়সমূহক গুৰুত্ব প্রদান কৰে আমাৰ বিশ্ববিদ্যালয়সমূহ এই ক্ষেত্রত কিমান সফল বা বিফল সেয়া ৰাইজে প্রত্যক্ষ কৰিছে। আমাৰ বাবে বিশ্ববিদ্যালয়সমূহ আজিও ডিগ্রী দিয়া কাৰখানা হৈ থকাৰ বাহিৰে বিশেষ দৃষ্টান্তমূলক ভূমিকা গ্রহন কৰা দেখা পোৱা হোৱা নাই। ডিগ্রী এটা লৈ ওলাই যোৱা ছাত্র এজনৰ ভৱিষ্যত নিৰাপত্তা প্রদানতো শোচনীয় ভাৱে ব্যর্থ হৈছে আমাৰ গতানুগতিক ভাৱে চলি থকা বিশ্ববিদ্যালয়সমূহ।

কিছুদিনৰ আগতে অসমত এখন বিশ্ব্মানৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰাৰ সময়ত এটা বিতর্কিত পৰিবেশৰ সূচনা হয়। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত দুজন বিশেষজ্ঞই অসমত বিশ্ব্মানৰ বিশ্ববিদ্যালয়ৰ বাবে প্রয়োজনীয় আন্তঃগাঁঠনি আৰু শৈক্ষিক তথা সাংস্কৃতিক ইতিহাসৰ অভাৱ বুলি উল্লেখ কৰি চৰকাৰৰ এই প্রস্তাৱ হাস্যকৰ বুলি মন্তব্য কৰিছিল। এই লিখকে ঘটনাটোৰ তীব্র প্রতিবাদ কৰি সংশ্লিষ্ট বাতৰি কাকতৰ সম্পাদকৰ লগতে অসমৰ প্রায়কেইখন কাকতৰ সম্পাদক আৰু বুদ্ধিজ়ীৱিলৈ এখন পত্র প্রেৰণ কৰিছিল। দুখনমান কাকতে বিষয়টো গুৰুত্ব প্রদান কৰি সম্পাদকীয় স্তম্ভও লিখিছিল। আশ্বয্যপূর্ণ ভাৱে অসমৰ বুদ্ধিজীৱি সমাজ, সদা-জাগ্রত ছাত্র সংগঠন আৰু ৰাজনৈতিক নেতৃ্ত্বৰ উদাশীনতা উল্লেখযোগ্য আছিল। তাৰ বিপৰীতে ৰাষ্ট্রীয় পয্যায়ৰ বহু কেইজন শিক্ষাবিদ, চিন্তাবিদে ঘটনাটো সম্পর্কত নিজৰ মতামত প্রকাশ কৰিছিল। গুৰুত্বপূর্ণ বিষয়ত আমাৰ বৌদ্ধিক আৰু ৰাজনৈতিক নির্লিপ্ততা বিশেষ ভাৱে লক্ষণীয়। আমি পৰিবর্তন বিচাৰো; হৃদয়েৰে নে কাগজে কলমে? ডাৰৱিনৰ বিখ্যাত সুত্র আছিল “Survival of the fittest.” ডাৰৱিনৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই সূত্রৰ সামান্য পৰিবর্তন কৰি নতুন ৰূপ দিয়া হৈছে কোৱা হয় “Survival of the most adaptable ones.” ।দুয়োটাৰে অতি সূক্ষ্ণ প্রাথর্ক্য বিদ্যমান আমি যদি পৰিবর্তিত সময়ৰ লগত খোজ মিলাই চলিব নোৱাঁৰো, তেন্তে আনে আমাৰ মূখৰ ভাত কাঢ়ি খোৱাটো নিশ্চিত।

স্নেপ্-শ্বট্ ৩ঃ অসমৰ ঐতিহাসিক প্রেক্ষাপটত বৰবালি উচ্চ মাধ্যমিক বিদ্যালয়

মানৰ আক্রমন অসমীয়া বুৰঞ্জীৰ আটাইতকৈ লা অধ্যায়। ৬০০ বছৰী্য়া আহোম শাসনৰ শেষৰ চোৱা ডা-ডাঙ্গৰীয়া সকলৰ খাম খেয়ালি আৰু ক্ষমতার অৰিয়া-অৰিয়ে অসম আক্রমন কৰিবৰ বাবে মান ৰজাক সৈমান করবলে বদন বরফুকন সক্ষম হয়। ইষ্ট ইন্দিয়া কোম্পানীয়ে অসমর শাসন ভার লোৱাৰ পাছত প্রথম চকু দিয়ে শান্তি স্থাপনত। কেপ্তাইন ফ্রান্সিস অসমৰ কমিচনাৰ নিযুক্ত হৈ (১৮৩৪-১৮৬১) চেৰাপুঞ্জীৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰে। এই চাহাবেই থলুৱা অসমীয়া ৰাক উচ্ছ্ব শিক্ষা দিয়াৰ ব্যৱস্থা কৰিবলে তদানীন্তন ভাৰত চৰকাৰলৈ এটি টোকা পঠিয়াই। এই টোকাত তেও অতিশীঘ্রে গুৱাহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত একোখনকৈ ইংরাজী শিক্ষার স্কুল স্থাপনর পৰামর্শ আগবঢ়াই। গতিকে অসমৰ আধুনিক শিক্ষাৰ ইতিহাস আৰম্ভ হয় ১৮২৬ খ্রীষ্টাব্দৰ ইয়ান্দাবু সন্ধিৰ পাছৰ পৰা। ১৮৪০ খ্রীষ্টাব্দত ৰবিনছন চাহাবক ব্রহ্মপুত্র উপত্যকাৰ প্রথম শিক্ষা পৰিদর্শক হিচাপে নিযুক্তি দিয়ে। অসমৰ প্রথমখন ইংৰাজী স্কুল স্থাপন ১৮৩৫ খ্রীষ্টাব্দৰ জুন মাহততেতিয়াৰ গৌহাটী ছেমিনাৰী আৰু আজিৰ কটন কলেজিয়েট উচ্চত্বৰ মাধ্যমিক বিদ্যালয়। ২০১০ বর্ষত এই বিদ্যালয় খনে ১৭৫ বছৰ পূর্ণ কৰিছে, কিন্তু সেই সময়তে ঐতিহাসিক বিদ্যালয় খনৰ শোচনীয় অৱস্থাক লৈ শেহতীয়া ভাৱে উন্মোচিত বিস্ফোৰক তথ্যই অসমৰ সচেতন মহলক কিমান সচকিত কৰিছে বা কৰিব সেইটো লক্ষনীয় ব। ) স্বাধীনতাৰ টা দশকৰ পাছত আজিও অসমত শতকৰা ৭২ জন ছাত্রই হাইস্কুলীয়া শিক্ষাতেই নিজৰ শিক্ষাজীবন সমাপ্ত কৰে; অসমত বর্তমান ৩০ লাখ অর্হতাসম্পন্ন নিবনুৱাদুটা অতি গুৰুত্বপূর্ণ ভয়াবহ তথ্য। আমাৰ শিক্ষাৰ কেৰোণ ? নে এতিয়াও আমি কেৰাণী মহৰী সৃষ্টিৰ বাবে ১৭৫ বছৰ আগতে চাহাবে দি থৈ যোৱা শিক্ষাকে দোষাৰোপ কৰি ক্ষান্ত থাকিম? টা দশক নিজে নিজৰ শাসন চলোৱাৰ পাছত আমি ব্রিটিছ চহাবক দোষ দিম, নে দিল্লীৰ প্রৱঞ্চণা বুলি চিয়ঁৰ বাখৰ কৰি থাকিম? নে অসমীয়া, ইংরাজ়ী, বঙ্গালী মাধ্যমক লৈ আন্দোলন, ধর্না প্রতিবাদ কৰিম। যিখন অসমত হাজাৰ হাজাৰ প্রাদেশিকৃত আৰু অপ্রাদেশিকৃত হাইস্কুল আছে, সেই সময়ত চুকে কোনে বেচৰকাৰী স্কুলসমুহ গঢ় লৈ উঠাৰ আঁৰৰ কাহিনী কি?

আমি বিশ্বৰ প্রেক্ষাপটত ভাৰতবৰ্ষৰ এখন ছবি, ভাৰতবৰ্ষৰ প্রেক্ষাপটত অসমৰ এখন ছবি, আকৌ অসমৰ প্রেক্ষাপটত লখিমপুৰৰ নিছিনা এখন অনগ্রসৰ জিলাৰ তুলনামূলক ছবি যদি অঙ্কন কঁৰো তেন্তে কি ফলাফল পাম সেয়া নিচ্ছই সকলোৱে অনুমান কৰিব পাৰে। লখিমপুৰৰ প্রথমখন ইংৰাজী বিদ্যালয় লখিমপুৰ চৰকাৰী বালক বিদ্যালয় প্রতিস্থা হয় ১৯১৩ চনত। লোহিত ডিক্রং বিদ্যালয় প্রতিস্থা হয় ১৯৩৭ চনত আৰু তাৰ ২৩ বছৰৰ পাছত ১৯৬০ চনত একেবাৰে অনগ্ৰসৰ বৰবালিত স্থাপন হয় বৰবালি উচ্চ মাধ্যমিক (বর্তমান উচ্চতৰ মাধ্যমিক) বিদ্যালয়। যিসময়ত ১৭৫ বছৰ পূর্ণ কৰা অসমৰ প্রথমখন বিদ্যালয় আজি অস্তিত্বৰ সঙ্কটত ভুগিছে , যিসময়ত বেচৰকাৰী আৰু ঈংৰাজী মাধ্যমৰ আগ্রাসী ভূমিকাত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ত্রস্তমান হৈ পৰিছে ,সেই সময়ত তুলনামূলক ভাৱে নতুন বৰবালি উচ্চ মাধ্যমিক বিদ্যালয় পত্রে পুষ্পে সুশোভিত হৈ সমগ্র অসমবাসীৰ সন্মুখত আদর্শ বিদ্যালয় হিচাপে পৰিগণিত হোৱটো নিচ্চয়কৈ তাৎপয্যপূর্ণ বিষয়।

স্নেপ্-শ্বট্ ৪ঃ পচ্শিমীয়া সংস্কৃতি মানেই বিজতৰীয়া নে ?

আমাৰ সমাজত কিবা এটা অসামাজিক কার্য্য সঙ্ঘতিত লেই আজিকালি সততেই বিজতৰীয়া পচ্শিমীয়া সংস্কৃতিৰ প্রভাৱ বুলি দোষ দিয়া দেখা যায় ।সংস্কৃতি কাৰো ওপৰত জোৰ জবৰদস্তি জাপি দিয়া বস্তু নহয়। এখন সমাজৰ সংস্কৃতি গঢ় লয় তাৰ চাৰিওফালৰ ভৌগিলিক পৰিৱেশ, উপলব্ধ সম্পদ,বিৱর্তনীয় ইতিহাস আদিৰ সংমিশ্রণত। আমাৰ বাবে গ্রহনযোগ্য নোহোৱা সাংস্কৃতিক উপাদান কিছুমান হয়তো আন এখন সমাজৰ সংস্কৃতিৰ গুরুত্বপুর্ণ উপাদান পাৰে।মুক্ত অর্থনীতিৰ আচিলাত সৃষ্ট গোলকীকৰণৰ ফলত বস্তুবাদী আৰু ভোগবাদী মানসিকতাৰ যে অবাধ প্রচলন হৈছে সেইটো ধূৰূপ সত্য। .2 বিলিয়ন জনসংখ্যাৰ ভাৰতবর্ষ আজি বিশ্ব অর্থনীতিৰ এখন মুকলি বজাৰ। বহুজাতিক কোম্পানী সমূহে সাংস্কৃতিক ঔপেনিৱশকতাবাদৰ কূটনিতিৰে এই বজাৰ দখলৰ প্রতিযোগিতাত নামিচে। নতুন প্রজন্মৰ মাজত ভোগবাদী মানসিকতাৰ অবাধ প্রচলনৰ বাবে প্রচাৰ মাধ্যমৰ যোগেদি কিচুমান সস্তীয়া ভাৱধাৰাৰ সম্প্রসাৰ কৰিছে। আমিও সেইবোৰৰ অন্ধ অনুকৰণেৰে নিজৰ সাংস্কৃতিক মূল্যবোধ পাহৰি উটি-ভাঁহি গৈছো। কিন্তু এবাৰো ভাবি চোৱাৰ অৱকাস নকঁৰো যে বিজ্ঞাপনত সম্প্রচাৰিত এই কাণ্ড-কাৰখানা বোৰ কিমান বাস্তৱসন্মত আৰু প্রকৃ্ততে সেইবোৰে পচ্শিমীয়া সংস্কৃতিক কিমান প্রতিনিদ্ধিত্ত কৰে। পচ্শিমীয়া সংস্কৃতি মানে কেৱল উত্তাল নৃত্য-গীত, সুৰাপান, সস্তীয়া ভোগ-বিলাস নহয়। পচ্শিমীয়া সংস্কৃতিৰ দর্শন আৰু পৰিপক্কতা হয়তো অনেক ক্ষেত্রত আমাতকৈও অনেক বেছি। শ্রেনীহীন/লিংগবৈষম্যহীন সভ্য সমাজ ব্যৱস্থা, শ্র্মৰ মর্য্যদা, সামাজিক আৰু অর্থনৈতিক ন্যায় আদি পচ্শিমীয়া সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য। মুনাফালোভী বহুজাতিক কোম্পানী সমুহে পচ্শিমীয়া সংস্কৃতিৰ এক বিকৃত ৰূপহে আমাৰ আগত দাঙি ধৰিছে আৰু তাতে হাত উজান দিছে আমাৰ নিজৰে কিছু ৰাজনৈতিক নেতা, ঔদ্যোগপতি আৰু প্রচাৰ মাধ্যমে। এইখিনিতে আকৌ আহি পৰে বর্হিঃমূখি দৃষ্টিভংগীৰ প্রতি আমাৰ উদাশীনতাৰ প্রসংগ। পচ্শিমৰ সমাজ খনে কিন্তু আমাৰ পৰা বহুতো ভাল ভাল উপাদান গ্রহন কৰিছে, তেঁওলোকে কেতিয়াও আমাৰ বেয়া খিনিৰ বাবে আমাক গুৱাল গালি পৰা নাই। আমি কেতিয়াও নিজস্ব চিন্তাৰে বাহিৰৰ পৃথিৱীখন চাবলৈ শিকা নাই বা চোৱাৰ সাহস গোটাব পৰা নাই। আজিও - ‘চলি আহিছে চলি থাকিবমানসিকতাৰে অনেক এলান্ধুকলীয়া নীতি নিয়ম মানি আছো। আজিও আমাৰ সমাজত এনে কেতবোৰ অবান্তৰ নীতি নিয়ম চলি আছে যিবোৰ একবিংশ শতিকাৰ মানৱ সভ্যতাৰ বাবে চৰম লজ্জাৰ বিষয়। এতিয়া প্রশ্ন হয়, আমি যদি পচ্শিমীয়া সংস্কৃতিৰ বেয়া দিশবোৰ মাত্র লক্ষ্য কৰি (যিবোৰ আমাক দেখুৱা হৈছে, প্রলোভিত কৰাৰ বাবে ) সেইবোৰৰ আধাৰতে এটা উৎকর্ষিত সংস্কৃতি বা সভ্যতাক গুৱাল গালি দিব পাঁৰো, তেন্তে আমাৰ নিজৰ মাজত চলি থকা অবাস্তৱ, বৈষম্যমূলক সামাজিক নীতি নিয়ম বোৰ পৰিবর্তন কৰাৰ বাবে সৎ সাহস গোটাব নোৱাঁৰো কিয়? নিজৰ দুর্বলতাবোৰ আনৰ গাত জাপি দি দায় সৰাৰ এই পলায়নবাদী প্রচেষ্টা নিশ্চয়কৈ আমাৰ উত্তৰ-পুৰুষৰ বাবে আশাব্যঞ্জক নহব।

স্নেপ্-শ্বট্ ৫ঃ বিদেশত কি দেখিছো?

নতুন ঠাই, নতুন পৰিৱেশ, নতুন মানুহ অনেক নতুন অনুভৱ। ইউৰোপ বুলি লেই মনত এক শিহৰণ জাগে, পৃথিৱীৰ অন্যতম উন্নত আৰু উৎকর্ষিত সভ্যতাৰ অভিজ্ঞতা লাভৰ বাবে। মনত কিছু ভয়-ভাৱ, আমি এখন উন্নয়নশীল দেশৰ অন্নুনত গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা মানুহ। হঠাতে গৈ এনে এখন সমাজ, নতুন সংস্কৃতিৰ লগত খাপ খাব পাৰিমনে? এনে অলেখ অপাৰ ভাৱনাৰ ককটেইলত ডুবি ডুবি বিদেশলৈ ৰাওনা হৈছিলো। আহি পাইয়েই যি অনুভৱ কৰিলো সেয়া বিস্ময়কৰ। ইয়াৰ সু-সৃংখলিত সমাজ, অফিচ-কাছাৰী, বজাৰ-সমাৰ, বন্ধুত্বপূর্ণ লোক সকলোৱে মন্ত্রমুগ্ধ কৰিছিল। অপাৰ বিস্ময়ত কেতিয়াবা নিজেই ভাৱনাত বিলীন হৈ গৈছিলো। বুজিছিলো কিয় এইবোৰক আজিৰ উন্নত সভ্যতা বুলি কোৱা হয়। আমাৰ দেশত আহিবনে এনে দিন? আমিও এদিন গৌৰৱ কৰিব পাৰিমনে এনে উচ্ছ্ব মানৰ সভ্য সমাজৰ নাগৰিক বুলি? মনটো বিষাদ্গ্রষ্ট হৈ পৰে কেতিয়াবা।

ৰাষ্টাই ঘাটে যান-বাহনৰ সু-শৃংখল অহা-যোৱা। গাড়ীৰ র্ণ বাদেই চাইকেলৰ টিলিঙ্গা বজোৱাটো ইয়াত লজ্জাজনক কথা। কোনো ট্রেফিক পুলিচ ৰৈ থকা নাই ৰস্তাত। ট্রেফিক চিগনেল মানি চলিছে সকলো। পথচাৰীক পাৰ হৈ যোৱাৰ বাবে ৰৈ গৈছে ৰস্তাৰ গাড়ী মটৰ। জনশূন্য মুকলি ৰাস্তাটো সেউজীয়া সংকেতলৈ কেবামিনিট অপেক্ষা কৰিছে বাহনৰ চালকে বা পদযাত্রীয়ে। ৰস্তাই ঘাতে সকলোৰে হাঁহি ভৰা মুখ, অচিনাকি লোকৰ লগতো কৰে ভাৱ বিনিময়। অফিচ-কাছাৰী, দোকান পোহাৰত নাই হাই-উৰুমি, সু-শৃংখলিত ভাৱে লাইন পাতি আহিছে গৈছে। স্বজন-তোষণ বা ক্ষ্মমতাৰ অপপ্রয়োগেৰে স্বার্থসিদ্ধিৰ লেতেৰা কাৰবাৰ নাই। স্বয়ংক্রিয় ভাৱে সু-সৃংখলিত ভাৱে সকলো কাম হৈ গৈছে। কোনো কামত যদি দেৰি লাগে তেন্তে তাৰ বাবে সবিনয়ে দুখ প্রকাশ কৰে আৰু কাম সম্পন্ন লে ডাক যোগে নিজৰ ঘৰত সেই কাম পঠাই দিয়াৰ প্রতশ্রুতি দি বিদাই দিয়ে। সকলোবোৰ তথ্য-প্রযুক্তিৰ ব্যাপক প্রয়োগেৰে স্বয়ং্ক্রিয় ভাৱে তাৎক্ষণিক ভাৱে সমাধা হয়। দোকানত নেথাকে কোনো চেল ্চমেন। নিজেই দোকানত ঘূৰি প্রয়োজনীয় বস্তু সংগ্রহ কৰি কাঊন্টাৰত দাম পৰিষোধ কৰিছে। কোনেও বস্তু মনে মনে চুৰি কৰা নাই সততা আৰু নিয়মানুবর্তিতাৰ সম্পূর্ণ উমান পোৱা যায়। ৰাস্তা-ঘাত ফু-মাৰি ভাত খাব পৰা পৰিষ্কাৰ। এদিন মই এজন বন্ধুৰ লগত বাছৰ বাবে অপেক্ষা কৰি আছিলো। হঠাতে এগৰাকী আদ-বয়সীয়া মহিলা মিঠা হাঁহি মাৰি আগবাঢ়ি আহি বন্ধুৰ ভৰিৰ ওচৰত পৰি থকা এটুকুৰা কাগজ ওচৰৰ ডাষ্টবিন্ টোত পেলাই দিছিল। পেটে পেটে লজ্জিত হৈছিল মোৰ বন্ধু। বাৰ আছে, পাব আছে, সুৰাৰ দোকান আছে কিন্তু ৰাস্তাত মাতলামি কৰা মদাহী নাই। প্রতিদিনে সন্ধ্যা বজাৰ পাচত আৰু সাপ্তাহান্তিকত বন্ধ থাকে সুৰাৰ দোকান। ৰা ছোৱলীৰ মাজত অবাধ মিলা প্রীতি, প্রেম-ভালপোৱা আছে কিন্তু ধর্ষণ, নাৰী-নিষ্পেশনৰ ঘটনা নাই। শিক্ষক-ছাত্রৰ মাজত বন্ধুত্ব সুলভ সম্পর্ক। কর্মস্থলীত কোনো হেঁচা নাই, কর্মস্থলীত স্বাস্থ্যসন্মত পৰিৱেশ ৰক্ষা হোৱা- নোহোৱা পৰিদর্শনৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা আছে। প্রতিজন নাগৰিকৰ স্বাস্থ্যৰ সম্পূর্ণ দায়িত্ব চৰকাৰে বহন কৰে ১০০% বিনামুলীয়াকৈ। কর্মক্ষেত্রত কোনো সৰু-ডাঙ্গৰ অধিক্রম (hierarchy)নাই, সকলো সমান। শিক্ষাৰ পাঠ্যক্রম যত্থেষ্ট যুগ-সাপেক্ষ, প্রায়োগিক আৰু স্থানীয় সম্পদৰ উপযুক্ত ব্যৱহাৰেৰে প্রয়োজন সাপেক্ষ প্রযুক্তিৰ বিকাশৰ দিশত মনোনিৱেশ কৰি তৈয়াৰ কৰা হয়। এজন ডিগ্রীধাৰী ছাত্রক সংস্থাপন দিব নোৱাৰিলে ইয়াৰ চৰকাৰে নৈতিক দায়িত্ব লৈ তেওঁক নিবনুৱা ভাত্তা প্রদান কৰে সংস্থাপন নোহোৱা প্রয্যন্ত। মানৱীয় প্রমূল্যৰ ভেটী অতি উছ্চখাপৰ। সকলোৰে মত প্রকাশৰ মুক্ত স্বাধীনতা। বয়স বা পদময্যদাৰ সৰু-দাঙ্গৰ লৈ কোনো বৈষম্য নাই। ৰাজনীতিৰ পঙ্কিলতা নাই। নির্বাচনৰ সময়ত দেখিছিলো দুয়োপক্ষৰ প্রার্থীয়ে ৰাস্তাত কাষে কাষে ৰৈ হাতত গোলাপ ফুল লৈ হাঁহি মাতি ভোট খুজিছে। কাৰো মুখত উগ্র বচন নাই। ইয়াত মানুহক জোৰ জবৰদস্তি কৰি আইন কানুন প্রবর্তন কৰি বা ফটোৱা জাৰি কৰি সু-সংস্কৃতিবান বলে বাধ্য কৰা হোৱা নাই নিচ্শয়, এইবোৰ স্বতঃস্ফূর্ত

এই ধৰণেৰে অনেক উদাহৰণ দিব পাৰি। ইয়াত মাত্র এই মূহুর্তত মনলৈ অহা কেটামান সৰু উদাহৰণ চমুকৈ উল্লেখ কৰিলো। এইবোৰৰ সমান্তৰালকৈ আমাৰ নিজৰ সমাজৰ অনুৰূপ ছবিখন যদি তুলনামূলক ভাৱে উত্থাপন কঁৰো, তেন্তে কি দেখা পাম সেয়া সকলোৱে বুজিব পাৰিছে।

মোখনিঃ

ইয়াত মোৰ বাস্তৱভিত্তিক অভিজ্ঞতা কিছুমান একত্রিত কৰি স্নেপ-শ্বট হিছাপে উত্থাপন কৰিলো। আমি আত্মগৌৰৱৰ গপত গঙ্গাটোপ হৈ থকাতকৈ, আত্মবিশ্লেষণৰে নিজৰ অতীতক উভতি চাই বর্তমানৰ জখলাৰে বর্ণিল ভৱিষ্যতৰ দিশত সঠিক পৰিকল্পনাৰে আৰু সু-সংহত কার্য্যপ্রণালীৰে আগবাঢ়ি যাব লাগিব। একবিংশ শতিকাৰ প্রতিযোগিতাৰ পৃথিৱীত সময় বৰ নিষ্ঠুৰ। সময়ৰ লগত ফেৰ মাৰি চলিব নোৱাৰিলে ৰূঢ় বাস্তৱৰ মূখামূখি বলৈ আমি প্রস্তুত থাকিব লাগিব।