Wednesday, September 7, 2011

মানুহে মানুহৰ বাবে ( সুধাকণ্ঠৰ জন্মদিনত সশ্ৰদ্ধ প্ৰণিপাত)


লণ্ডনৰ থেম্ছ নদীৰ দলঙৰ ওপৰৰ এই অংশত ঠিয় হৈ ভূপেন দাই এই যুগজয়ী গানটোৰ চিত্ৰগ্ৰহন কৰিছিল ৷ জন্মদিনত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ-জীৱন কামনাৰে প্ৰাথৰ্না জনাইছো ৷
Eminent musician Bhupen Hazarika's famous Bengali composition Manush manusheri janya (man is for mankind) was selected as the 'best song of the millennium' by the BBC Bengali service.
মানুহে মানুহৰ বাবে
যদিহে অকনো নাভাবে
অকণি সহানুভুতিৰে
ভাবিব কোনেনো কোৱা, সমনীয়া?মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহৰিলে
ভুল জানো নহ’ব কোৱ, সমনীয়া?
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদীত
পাৰ হয় তোমাৰেই সাহত
তুমি হেৰুৱাবা নো কি?মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱা, সমনীয়া
কথা/সুৰ/শিল্পী: ভূপেন হাজৰিকা

Tuesday, September 6, 2011

জাৰ্মানীত ১০ দিন



 বৰ্তমান সময়ত আন্তঃবিভাগীয় বিজ্ঞানৰ ভৰপূৰ সময় লাহে লাহে বিভাগসৰ্বস্ব সীমাৰেখাবোৰ নোহোৱা কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো কঠিন সমস্যা সমাধানৰ বাবে বা নতুন প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিভিন্ন বিষয়সমূহৰ বিশেষজ্ঞ সকল একেলগ হৈ প্ৰতিটো বিষয়ৰে জ্ঞান আৰু ঁজুলি সমূহক একত্ৰিত ভাৱে ব্যৱহাৰ কৰিবৰ উদ্যোগ লৈছে তেনেধৰনৰ এক নতুন বিশিষ্ট ক্ষেত্ৰ ' চিষ্টেমচ্ বায়'লজী বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়ৰ (আণৱিক জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰসাযণ, পৰিসংখ্যা, কম্পিউটাৰ বিজ্ঞান, অভিযন্ত্ৰণৰ বিভিন্ন বিভাগ আদি) বিশেষজ্ঞ সকলক একেলগ হৈ প্ৰকৃতিৰ আটািতকৈ জটিল অভিযন্ত্ৰণ জীৱ আৰু জীৱন প্ৰক্ৰিয়াসমূহক বিস্তৃত ভাৱে অধ্যযন কৰি পৰিৱৰ্তিত সময়ৰ লগত খাপ খাব পোৱাকৈ মানৱ সভ্যতাৰ লগতে জীৱজগতৰ বাবে ফলদায়ক নতুন প্ৰযুক্তি যেনে বিভিন্ন কঠিন ৰোগৰ ঔষধ, চিকিৎসাৰ উপায়, জিনীয় অভিযন্ত্ৰণ জৰিয়তে নতুন নতুন জীৱপ্ৰজাতিৰ বিকাশ আদিৰ বাবে চিষ্টেমচ বায়'লজী নামৰ বিভাগটোৰ জন্ম দিছে ইয়াত বিশেষজ্ঞ সকলে তেখেতসকলৰ  বিভিন্ন বিভাগ বিশিষ্ট জ্ঞানক একেলগ কৰি প্ৰকৃতিৰ কঠিনৰ পৰা কঠিনতম অভিযন্ত্ৰন সমূহক সবাটোকৈ শক্তিশালী কম্পিউটাৰৰ সহায়ত একত্ৰিত কৰি অধিক কৃটিম মেধাবিশিষ্ট জীৱ প্ৰযুক্তি যেনে যুগান্তকাৰী ইলেক্ট্ৰণিক চাৰ্কিটৰ নিচিনা জেনেটিক চাৰ্কিট উদ্ভাৱনৰ বাবে চেষ্টা চলাইছে আৰু বহু পৰিমানে সফলো হৈছে এক প্ৰকাৰে বাঘে চাগে একেলগে কাম কৰাৰ নিচিনা কথা   কিন্তু এই ক্ষেত্ৰখন এতিয়াও চালুকীয়া অৱস্থাতেই আছে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলে এতিয়া ঢাপলি মেলিছে এই যুগান্তকাৰী সম্ভাৱনাবিশিষ্ট নতুন ক্ষেত্ৰখনলৈ অসমটো বাদেই আগন্তুক শতিকাৰ অন্যতম শক্তিশালী দেশ বুলি প্ৰক্ষেপিত  ভাৰততেই এতিয়াও এই বিষয়ত গুৰুত্ব প্ৰদান নকৰাটো দুখৰ বিষয় চিষ্টেমচ্ বায়'লজী বুলিয়েই নহয়, যিকোনো আন্তবিভাগিয় ক্ষেত্ৰত বিভাগিয় পৰিসীমাত ঠেক গণ্ডীক পাৰ কৰি একেলগে কাম কৰাৰ মানসিকতা আমি এতিয়াও গোটাব পৰা নাই
এই বছৰৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় চিষ্টেমচ্ বায়'লজী সমাৰোহ ২০১১ অনুস্থিত হৈ জাৰ্মানীৰ অন্যতম চহৰ হেইডেলবাৰ্গত ২০১০ চনত স্কটলেণ্ডৰ এডিনব'ৰা চহৰত অনুষ্ঠিত হোৱা ১১ সমাৰোহত ৬৩ খন দেশৰ ১৩০০ অংশগ্ৰহণকাৰীৰ আৰু ৬৫০ খন গৱেষণাপত্ৰত ভিতৰত অভাজনৰ গৱেষণা পত্ৰখনে তিনিখন শ্ৰেষ্ঠ গৱেষণাপত্ৰৰ বিচাৰত উঠাত এইবছৰৰ সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে যুৱ বিজ্ঞানীৰ এক ভ্ৰমন বৃত্তি লাভ কৰো এই আপাহতে পৃথিৱীৰ অন্যতম উন্নত দেশ জাৰ্মানীখন চাই লোৱাৰ পৰিকল্পনা কৰিলো সমাৰোহৰ তাৰিখ ২৮ আগষ্টৰ পৰা ছেপ্তম্বৰলৈ মই আৰু এসপ্তাহ থাকি লগৰ কেবাজনো বন্ধুক লগ কৰাৰ লগতে আন কেইখন মান চহৰৰ অভিজ্ঞতা লোৱাৰ পৰিকল্পনা ঠিক ' ২৬ আগষ্টলৈকে নৰৱেৰ স্টেভেংগাৰ নামৰ চহৰত আন এখন সপ্তাহযোৰা বৈজ্ঞানিক সমাৰোহত ব্যষ্ট থকাৰ পাছত মাত্ৰ এদিনৰ বাবে মই বাস কৰা চহৰ নৰৱেৰ ট্ৰনধেইম পালোহি মাত্ৰ এদিনৰ বাবে এদিনৰ ভিতৰতে অলপ জিৰনি লৈ জাৰ্মানীৰ ভ্ৰমনৰ বাবে প্ৰস্তুতি কৰিলো ২৭ তাৰিখৰ দিনা ট্ৰনধেইমৰ ভাৰ্নাচ বিমানঘাটীৰ পৰা কেএলএম নামৰ বিমান সংস্থাটোৰ বিমানে নেডাৰলেণ্ডচৰ ৰাজধানী চহৰ আমষ্টাৰডামৰ শ্বিপ' বিমানঘাটী হৈ আন এখন বিমানেৰে জাৰ্মানীৰ মূ্খ্য আৰু পৃথিৱীৰ অন্যতম ব্যস্ত অত্যাধুনিক ফ্ৰাংকফাৰ্ট বিমান বন্দৰত নামিলোগৈ শ্বিপ' বিমানবন্দৰটো মোৰ বৰ ভাল লাগে, হাতত পোৱা কিছুসময়তে বিশাল বিমানবন্দৰৰ কিছু অংশত টিঘিল ঘিলালো দিনটো খুউব ফৰকাল আছিল এনে দিনত তলৰ ভৌগোলিক সাজ সজ্জা বৰ সুন্দৰকে দেখা পোৱা যায় বিশেষকৈ আমষ্টাৰডামৰ ওচৰত   বিমান অৱতৰন আৰু উৰণৰ সময়তয় দেখা চহৰখনৰ সুপৰিকল্পিত জ্যামিতিক সজ্জাৰ নলাসমূহৰ জালিকা আৰু বৃহৎ বৃহৎ ৱি'ন্দমিল সমূহৰ দৃশ্য চাই হে ঁপাহ নপলায় নেদাৰলেন্দচ আৰু জাৰ্মানীৰ সীমাত সেউজীয়া ডাঠ অৰণ্য আৰু পূৰঠ শস্যৰ সোণালী, শৈশৱত উমলি ডাঙৰ হোৱা সেউজীয়া পথাৰবোৰ দেখিলে অসমৰ গা ঁৱৰ পথাৰবোৰলৈ বৰকৈ মনত পৰে   ট্ৰনধৈইমৰ পৰা ফ্ৰাংকফাৰ্টলৈকে মুঠ ৪৷৩ ঘন্টা মান লাগিল মই যাব লাগিব মানহেইম নামৰ এখন চহৰলৈ যি ফ্ৰাংকফাৰ্টৰ পৰা ১৩০ কিলোমিটাৰ মান দূৰত্বত অলপো অসুবিধা নোহোৱাকৈ বিমান বন্দৰত থকা অত্যন্ত সহজ দিক্ নিৰ্দেশনা ফলক সমূহ অনুসৰণ কৰি দ্ৰুতবেগী ট্ৰেইনষ্টেচন পালোগৈ ইতিমধে্য প্ৰায় এমাহ আগতেই মই ইন্টাৰনেটৰ যোগেদি ট্ৰেইনৰ টিকেট সংগ্ৰহ কৰি থৈছিলো আগতীয়াকৈ সংগ্ৰহ কৰি 'লে যথেষ্ট সস্তাতে পোৱা যায় জাৰ্মানীৰ ব্যক্তিসকলৰ লগতে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ সময়ানুৱৰ্তীতাৰ কথা শুনি আছিলো আৱেলি বাজি ৫৪ মিনিটত যাব লগা ট্ৰেইনখন বাজি ৫৩ মিনিটত আহ পালে আৰু ৫৪০০ ঘড়ীৰ কাটাৰ লগত মিলাই যাত্ৰা কৰিলে কিবা কাৰণত ১৫ মিনিটতকৈ পলম 'লে (সাধাৰণ পৰিস্থিতি যিটো অভাৱনীয় কথা) যাত্ৰীক সম্পূৰ্ন টিকেটৰ খৰছ ঘূৰাই দিয়াৰ উপৰিও বিনামূলীয়া ভ্ৰমনৰ ব্যৱস্থা কৰি দিয়ে কৰ্মক্ষেত্ৰটো জাৰ্মান সকলে সময়ানুৱৰ্তীতা বজাই চলে আৰু যিমানেই ডাঙৰ ব্যক্তি নহওক কিয় বা যিকোনো জাতি ধৰ্ম-বৰ্ণৰ কোনোবাই কেইছেকেণ্ডমানো দেৰিকৈ কোনো সভাগৃহ আদিত প্ৰৱেশ কৰিলে প্ৰায়েই অলপ হীনভাৱেৰে চাই আইচ নামেৰে জনাজাত দ্ৰুতবেগী সেৱাৰ আমাৰ ট্ৰেইনখন গৈ ২৫ মিনিটৰ ভিতৰতে ১৩০ কিলোমিটাৰ অতিক্ৰম কৰি মানহেইম নামৰ চহৰখন পালেগৈ মূল ষ্টেচনৰ পৰা অলপো অসুবিধা নোহোৱাকৈ ৰাজহুৱা ট্ৰামগাড়ী ব্যৱহাৰ কৰি আগতেই বুক কৰি ৰখা হোটেল কতৃপক্ষৰ নিৰ্দেশনা অনুসৰি হোটেলত উপস্থিত 'লো হোটেলৰ কোঠাত বস্তু বাহানি ৰাখি অলপ জিৰনি লৈ হাতত কেমেৰাটো লৈ চহৰৰ মূল কেন্দ্ৰ বা জাৰ্মান ভাষাত জেন্ট্ৰামলৈ ওলালো এনেয়ো সাপ্তাহান্তিকত ইউৰ'পীয়ান চহৰবোৰ ৰঙীন হে পৰে  
জনসংখ্যাৰে ৰিয়ান নদীৰ পাৰত অৱস্থিত জাৰমানীৰ এখ উল্লেখযোগ্য ঔদ্যোগিক চহৰ ইয়াতেই কেইবটাও বহুজাতিক উদ্যোগৰ  প্ৰধান কাৰ্য্যালয় আছে পৃথিৱীৰ প্ৰথম মাৰ্চিদিছ খন ইয়াতেই তৈয়াৰ কৰা হৈছিল নামৰ তথ্য প্ৰযুক্তি প্ৰতিস্থানটোৰো জন্মস্থান মানহেইম চহৰ বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সকলৰ প্ৰযুক্তিগত দক্ষতাৰ বাবেই মিত্ৰ বাহিনীয়ে ভয় কৰিছিল অৱশ্যে ২য় বিশ্বযুদ্ধত আনবিলাক চহৰৰ দৰেই এইখন চহৰৰো প্ৰায় ৭০ শতাংশ ঘৰ বাৰী ধ্বংস হৈছিল তথাপিও অতি সুপৰিকল্পিত ১৭ ১৮ শতিকাৰ ঘৰবোৰ আজিও একেদৰেই লোকসকলে বসবাস কৰি আছে প্ৰায়বিলাক পুৰণি আৱাসিক অঞ্চলতে নতুন গৃহ নিৰ্মানৰ অনুমতি দিয়া হোৱা নাই, ইয়াৰ জৰিয়তে প্ৰায়বিলাক ইউৰোপীয়ান চহৰতে নিজৰ ঐতিহ্যক ধৰি ৰখাৰ চেষ্টা কৰে   সেই অতীতৰে পৰা ধৰি বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত সময়তকৈ আগত চলা এটা জাতি ' জাৰ্মান তেখেত সকলে আজিৰ লগতে আহিবলগা ১০-১৫ বছৰৰ পাছৰ সময়ৰ কথা চিন্তা কৰি প্ৰযুক্তি উদ্ভাৱনত ব্ৰতী দিনটোৰ ভাগৰ থকাৰ বাবে বেছি ঘূৰা ঘুৰি নকৰি এখন ইটালিযান পিজেৰিয়াত পিজ্জা এটা খাই হোটেললৈ উভতিলো  

Monday, August 29, 2011

বৈজ্ঞানিক তথা কাৰিকৰী শব্দৰ নাভূত নাশ্ৰুত অসমীয়া প্ৰতিশব্দ/ পাৰিভাষিকৰণ


আজি কিছুদিনৰ পৰা হঠাতে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নামত কিছুমান পাবত গজা ব্যক্তিয়ে ওভত গোৰে নচা কাৰ্য্য সংঘটিত হোৱা দেখা গৈছে ৷

কাৰোবাৰ মন গ'ল কোনো বৈজ্ঞানিক/কাৰিকৰী শব্দৰ নাভূত নাশ্ৰুত নতুন প্ৰতিশব্দ/ পাৰিভাষিক শব্দ সৃষ্টি কৰিব, কাৰোবাৰ মন গ'ল অসমীয়া ভাষাৰ, লিপিৰ হাজাৰ বছৰীয়া বিৱৰ্তনীয় ইতিহাসক ভৰিৰে লঠিয়াই, পণ্ডিত প্ৰবৰ সকলৰ নিৰলস গৱেষণাক উপলুঙা কৰি অসমীয়া লিপিৰ নতুন নামকৰণ কৰিব, এইবোৰ কি ল'ৰা ধেমালি ? ৰাতিৰ ভিতৰতে ঢোল পিটি ঘোষণা কৰিব কৰিব যে কোনো উপলব্ধ অভিধান বা ভাষাতত্ববিদৰ, প্ৰতিষ্ঠিত সাহিত্যিক, পণ্ডিতপ্ৰবৰ সকলৰ মতামতক গ্ৰহন কৰা নহ'ব ৷ এইবোৰ কি নিজৰ পাণ্ডিত্যালি নে বংশগত আভিজাত্য প্ৰদৰ্শন ? এই পত্ৰলেখকে নিজে ১০+২ লৈকে খাটি অসমীয়া মাধ্যমত বিজ্ঞান পঢ়া ৷ স্নাতক পৰ্য্যায়টো আমি বিজ্ঞানৰ ২ খন প্ৰশ্নকাকত অসমীয়াত লিখিছিলো ৷ বিশ্বায়নীকৃত প্ৰতিযোগিতামূখৰ পৃথিৱীত যেতিয়া আন্তঃৰ্জাতিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত নামিছো, আজি মই বুজো এই নাভূত নাশ্ৰুত অসমীয়াকৰণৰ কি দুৰ্বিহসঃহ অভিজ্ঞতা ! পৃথিৱীৰ বহুকৈইখন দেশৰ উচ্চস্বৰীয় বিশ্ববিদ্যালয় ভ্ৰমিলো, এইবোৰ উন্নত দেশত নিজৰ মাতৃভাষাত স্নাতকোত্তৰ পাঠ্যক্ৰম পৰ্য্যন্ত আছে (আজি জাৰ্মানীৰ হেইডে'লবাৰ্গ বিশ্ববিদ্যালয়ত দিনটো কটালো য'ৰ পৰা ১৩ জন ন'বেল বিজয়ী সৃষ্টি হৈছে ৷) ৷ কিন্তু কোনো ভাষাতেই এনেবোৰ বৈজ্ঞানিক/কাৰিকৰী শব্দৰ এনে হাস্যকৰ পাৰিভাষিক নামকৰণ হোৱা নাই ৷ যি ব্যক্তিয়ে নিজে অসমীয়া মাধ্যমত উচ্চ শিক্ষা গ্ৰহণ কৰা নাই , যাৰ সন্তানে অসমীয়া মাধ্যমত পঢ়া নাই তেখেতসকলৰ বুজাত অসুবিধা হ'ব যে উচ্চতম পৰ্য্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে কেনে অসুবিধা সৃষ্টি হয় ৷ নিজৰ সন্তান সন্ততিক বিদেশী মাধ্যমৰ পঞ্চতাৰকাযুক্ত (৫*) স্কুলত পঢ়াই সমাজৰ  ৯০% প্ৰজন্মৰ ওপৰত নিজৰ খেয়ালমতে সৃষ্টিশীল শব্দ জাপি দিয়া সহজ, কিন্তু নিজ সন্তানৰ লগতে বা সমাজখনক গৰিষ্ঠ সংখ্যক সাধাৰন ছাত্ৰ ছাত্ৰীক বিশ্বৰ পৰ্য্যয়লৈ লৈ যোৱাৰ মহান দায়িত্ব লোৱা কঠিন৷ সমাজৰ গৰিষ্ঠসংখ্যক ছাত্ৰ ছাত্ৰীক শিখণ্ডী সজাই ভাষাক উদ্ধাৰ কৰাৰ ঠিকা লোৱা কোনো কামেই সমৰ্থনযোগ্য নহয় ! এনে জাতিধ্বংসী কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ  বিনম্ৰ অনুৰোধ জনালো ৷ লগতে অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনে এনে ব্যক্তিৰ প্ৰৰোচনামূলক স্বাৰ্থনিহিত অভিসন্ধিৰ বলি নহৈ বলিষ্ঠ ভাৱে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলো ৷

Monday, August 8, 2011

ইউৰোপীয়ান পিঠা, ভাৰতীয় পিঠা আৰু অসমীয়া পিঠা : এটা হুমুনিয়াহ

দক্ষিণ ভাৰতীয় দোচা আৰু আমাৰ অসমীয়া খোলা চপৰীয়া পিঠা (উজনিৰ ফালে কোনো কোনো ঠাইত ভূৰভূৰী পিঠাও বোলে) প্ৰায় একেই ধৰণৰ ৷ এইবোৰক ইংৰাজীত pancake বোলে ৷ ইউৰোপটো খুউব জনপ্ৰিয় এইধৰণৰ পিঠা ৷ প্ৰায়েই পৰম্পৰাগত মেলাবিলাকত খুউব ওলাই ৷ বিভিন্ন ধৰণৰ বে'ৰীৰ জামৰ লগত খাবলৈ খুব ভাল ৷ আমি যেনিবা গুৰৰ লগত খা ঁও ৷ মই এবছৰ মান আগত লিখিছিলো 'ইউৰোপীয়ান পিঠা আৰু অসমীয়া পিঠা' নামৰ লিখা এটা ৷ দুখৰ কথাটো এইয়ে যে বেলেগৰ পিঠাবোৰৰ গোলকীকৰণ হ'ল, পৃথিৱীত চিনি পালে ৰাইজে ৷ আমাৰ দুৰ্ভগীয়া অসমীয়া পিঠাকেটাৰ অসমতে দূৰাৱস্থা ! ভাৱি দুখ লাগে ৷ অসমীয়া খাদ্য সম্ভাৰক বিশ্বায়নীকৃত কৰাৰ কিবা পদক্ষেপ কোনোবাই ল'বনে ? 

Sunday, August 7, 2011

মাটিমাহৰ খাৰ

মাটিমাহৰ খাৰ
(২ জন মানুহৰ  বাবে)

উপাদান সমূহ:
১) ২০০ গ্ৰাম ফলা মাটিমাহ ( চোকোৰাৰ সৈতে )
২) ৫ ফুটা নহৰু 
৩) এটুকুৰা আদা
৪)পা ঁচ ফোৰণ + শুকান জলকীয়া
৫) আধা পি ঁয়াজ
৬) কলাখাৰ বা নহ'লে বেকিং চ'ডাৰেও হ'ব (১ টেবুল চামোচ)
৭) সৰু সৰু কেইটুকুৰামান কে ঁচা অমিতা বা কোমোৰা (নহ'লেও কোনো কথা নাই)
৮)নিমখ (স্বাদ অনুসৰি)

পদ্ধতি: 
১) মাটিমাহ খিনি ২-৩ ঘন্টা পানীত তিয়াই ৰাখক যাতে কোমলে আৰু সিদ্ধ হ'বলৈ কম সময় লাগে
২) এটা প্ৰেছাৰ কুকাৰত তিয়াই কোমল কৰো লোৱা মাটিমাহ খিনি দি ৫০০ মিলি (২.৫ কাপ) পানীৰ লগত (লগতে নিমখ আন্দাজমতে দি) ২/৩ টা হুছেইল দিয়ক ( প্ৰেছাৰ কুকাৰ ভেদে বেলেগ বেলেগ হ'ব পাৰে)৷ মাটিমাহ খিনি যাতে বৰ ভেৰভেৰীয়া হৈ নিসিজে তাৰ প্ৰতি সাৱধান হ'ব ৷ মাটিমাহৰ খাৰ চোকোৰাৰ সৈতেহে ভাল লাগে ৷ অমিতা আৰু কোমোৰা কেটুকুৰা দি দিব পাৰে আৰু আদাটুকুৰাও কাটি সৰু সৰু টুকুৰা কৰি দি দিব৷
৩) প্ৰেছাৰত হুছেইল অহাৰ সময়লৈকে নহৰু আৰু পিয়া ঁজ কেইটুকুৰা সৰু সৰুকৈ কাটি ল'ব (পিহিব নেলাগে)৷
৪) এখন কেৰাহী বা আন পাত্ৰত কিছু স ঁৰিয়হৰ তেল (হ'লে ভাল) গৰম কৰি পা ঁচ ফোৰণ আৰু শুকান জলকীয়া দি দিয়ক ৷ গোন্ধ ওলালে লাহেকৈ পি ঁয়াজ আৰু নহৰু খিনি দি কম তাপত ২/৩ মিনিট ৰাখক৷
৫) পি ঁয়াজ ,নহৰু খিনি অলপ মুগা ৰং হ'লে লাহেকৈ খুব সাৱধানেৰে প্ৰেছাৰৰ পৰা কে ঁৰাহীৰ গৰম তেলত ঢালি দিয়ক আৰু হেতাৰে লৰাওক ৷ 
৬) ২মিনিটমান পাছত ১ চামোচ বেকিং ছ'দা বা কলাখাৰ (যিয়েই উপলব্ধ) দি কিছুসময়  উতলিবলৈ দিয়ক ৷ 
৭) নমায় গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ৷ উখোৱা চাউলৰ দৰে মোটা চাউলৰ লগত ভাল, মাটি মাহে মোটা ভাতক ডিঙিৰে চৰকি যোৱাত সহায় কৰে ৷ 

বি:দ্ৰ:
* উখোৱা চাউলৰ লগত মাটিমাহৰ খাৰ খোৱাৰ এটা নিয়ম আছে, চামোচেৰে খোৱা নিষেধ ৷ গঢ়াটো হাতেৰ মুখলৈ নিওটো সেলেউপ্ কৈ শব্দ এটা হ'ব লাগিব ৷
* এই খোৱাৰ লগত কেতিয়াও নেমু টেঙা বা খৰিছা বা আন টেঙা নাখাব, অম্ল খাৰৰ বিক্ৰিয়া ঘটি বায়ু উৎপাদন হৈ পেটৰ অপকাৰ কৰিব পাৰে ৷
* লগত আলু/বেঙেনা পোৰা পিটিকা বা পাটত দিয়া মাছ বা ঢেকীয়া শাকৰ শুকান ভাজি এখন হ'লে সোণত সুৱগা চৰিব ৷

Monday, July 4, 2011

পহু খেদা আৰু পহুৱে খেদা



 
-পঙ্কজ বৰা
সকলোৱে জানে নিশ্চয় যে অসমীয়াত 'পহুখেদা দিয়া' বুলি বাক্যাংশ এটা আছে ৷ পহুক বাঘ, সিংহ বা আন মাংসভোজী প্ৰাণীয়ে যেতিয়া আক্ৰমন কৰে তেতিয়া পহুটোৱে প্ৰাণৰ মমতাত তৰা নৰা চিগি দৌৰে ৷ একেদৰেই কোনো মানুহক কিবা কাৰণত কোনোৱে আক্ৰমন কৰিলে মানুহেও প্ৰাণ বচাবলৈ দৌৰি পলায় ৷ ইয়াকে পহুখেদা দিয়া বোলে ৷ আজিকালি দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা, বিষয়া সকলক সততে ৰাইজে পহুখেদা দিয়া দেখা যায় ৷

সকলোৱে চাগে ভাবিছে মইনো এই জনা শুনা কথাবোৰ কিয় লিখিছো ৷ হা ঁহি উঠা কাৰণ এটা আছে ৷ যোৱা ৰবিবাৰৰ কথা ৷ বতৰটো আছিল ফৰকাল, উমাল ৰ'দ ৷ মই সপ্তাহান্তিকত শৰীৰৰ পৰা কিছু কেল'ৰি দহন ক ঁৰো বুলি দুপৰীয়া সময়ত নদীৰ পাৰত অলপ দৌৰিবলৈ ওলালো ৷ সব থিক্ থাক্ ৷ বহুত দিনৰ মূৰত ৰ'দ দেখা পায় আন বহু লোকো বাহিৰলৈ ওলায় আহিছিল৷ মই আকৌ হুলস্থুলীয়া পৰিৱেশৰ পৰা আ ঁতৰত অৰন্যৰ মাজৰ লুংলুঙীয়া পথবোৰত দৌৰি ভাল পা ঁও ৷ সেইদিনা বাছি ল'লো 'নিদেলভা' নামৰ গ্লেচিয়াৰৰ পৰা ওলোৱা খৰশ্ৰোতা নদী এখনৰ পাৰে পাৰে থকা লুংলুঙীয়া বাটটো ৷ সুন্দৰ নৈৎসৰ্গিক দৃশ্য ৷ দুই এজন আন মানুহকো লগ পালো ৷ খৰশ্ৰোতা নদীত অনেকেই দুঃসাহসিক নৌকা (কায়াক্যিং) চলাইছে ৷ মইও মোৰ ভ্ৰাম্যমান গানশুনা যন্ত্ৰটোত গান শুনি দৌৰি আছো ৷কিছুদুৰ যোৱাৰ পাছত হঠাতে অলপ দুৰত ঘো ঁৰাৰ নিচিনা জন্তু এটা দেখিলো ৷ বহুতেই জংঘলত ঘো ঁৰা লৈ ঘূৰে ৷ গতিকে বিশেষ ভৱাৰ একো কাৰণ নাছিল ৷ মইও আগবাঢ়িলো ৷ হঠাৎ দেখিলো সেইটো ঘো ঁৰা নহয় ৷ লগত আৰু এটা (নে এজনী গম নেপালো) আছে, মানে এটা কাপ'ল () ৷ দুটা প্ৰকাণ্ড 'মুজ' (moose, elk, Alces alces) বা আমাৰ শৰপহুৰ দৰে জন্তু৷ এটা নদীৰ পানীৰ ধাৰত আৰু এটা ক্ৰমান্বয়ে পাহৰৰ ওখ গৰাটোৰ পৰা তললৈ নামিছে ৷ মই দুয়োটাৰে মাজত ৷ ওপৰত থকাটোৱে হঠাৎ মোৰ ফালে চো ঁছা লৈ আহিল ৷ মনত পৰিলে মোৰ এতিয়াও ধাতু বাহিৰ হৈ যা ঁওহেন কৰে৷ ভাগ্যদেৱী সুপ্ৰশন্ন থহা বাবে হয়তো স্নায়ুকোষবোৰে মোক তৎক্ষণাত সম্বিৎ ঘূৰায় দিলে মই শৰীৰৰ সমস্ত শক্তি একেলগ কৰি তৰা নৰা চিঙি দৌৰিছো আৰু দৌৰিছো ৷ পাছলৈ চাবলৈ সাহস নাই ৷ মোক আধা কিলোমিটাৰ মান খেদিলে ৷ মই কিন্তু দেৰ কিলোমিটাৰ মান গৈহে বননী এদৰাত লেবেজান হৈ শুই পৰিলো ৷ মুখৰ মাত নাই ৷ উশাহ নুঘূৰাহেন অৱস্থা ৷ শৰীৰৰ সঞ্চিত সমস্ত মাইট'কন্দ্ৰিয়াবোৰে আৰু সাধাৰণতে আৰামপ্ৰিয় অলশ মাংশপেশী বোৰে সক্ৰিয় ভাৱে সহায় নকৰা হ'লে তাতেই আধ্যা পৰিল হেতেন ৷ এই সপ্তাহত মোৰ ঘৰৰ বাহিৰত কৰা দুঃসাহসিক শৰীৰ চৰ্চা সাময়িক ভাৱে বন্ধ ৷ সেই এদিনতে যিমান কেল'ৰি দহন হ'ল আৰু তাক ঘূৰাই পাবলৈ এমাহ সঞ্চয় কৰিব লাগিব ৷ (এলেহুৱা মানুহে এনেও এনে বাহানা বিচাৰিয়ে ফুৰে ৷ )

গতিকে 'পহু খেদা' শব্দটোৰ লগতে 'পহুৱে খেদা' শব্দটোও বাস্তবিকতে যে প্ৰযোজ্য তাৰ প্ৰমান ভালকৈয়ে পালো ৷ বাঘৰ আগতেল খোৱা অমুকাও কম নহয়, খামীডাঠ কৰি লৈ মোৰ ভ্ৰাম্যমান দূৰভাষ যন্ত্ৰতোৰেই আলোকচিত্ৰ এখন তোলো বুলি আকৌ হাতত সাৰে ভৰিত সাৰে গৈ শিল এটাৰ ওপৰৰ পৰা এখন তুলিহে এৰিলো ৷ তাৰে এখন ইয়াত উঠাই দিছো ৷
মতামত-
Dwijen Mahanta ভাল লাগিল।জীৱনত প্রথম গম পালো পহুৱেও মানুহ খেদে।আপোনাৰ বৰ্ণনা অতি সুন্দৰ।
Saitanya Kumar Bharadwaj কেনে দুঃসাহসিক বৰ্ণনা | ইয়াতেও তেনেকুৱা বনাঞ্চল আছে, পহুৱে খেদে বুলিয়ে ম‍ই কেলৰি দহন কৰিবলৈ নোলাওঁ| "পহুখেদা দিয়া" ৰ ভাল আৰু সঠিক উদাহৰণ পালোঁ আজি !!!
Pankaj Barah হেৰা চৈতন্য ডাঙৰীয়া, মই ক'লেও দেখোন এলেহুৱা মানুহে এনেও এনে বাহানা বিচাৰিয়ে ফুৰে ৷ মইও পৰাপক্ষত কেল'ৰি দহনৰ পৰা আ ঁতৰিয়ে থাকো , কিন্তু কিছুদিনৰ পৰা মোৰ উদৰ প্ৰদেশ চিক্স পেক্ নহয় হায়দৰাবাদী বিৰিয়ানীৰ ফেমিলী পেকৰ নিচিনা হ'বলৈ লৈছিল ৷ সেয়েহে এই অত্যুত্সাহী দুঃসাহসিক উদ্যম আছিল ৷ :) 
Arindam Adhikari পঢ়ি ভাল লাগিল | আমি স্টকহম্ ত থাকোতে আমাৰ ঘৰৰ ওচৰত মুজ প্রায়েই দেখা গৈছিল | শীত্ কালত এই মুজ বোৰ চহৰৰ ওচৰে পাজৰে খাদ্য বিচাৰী ঘুৰা ফিৰা বেছিকৈ দেখা যায় । স্টকহম্ ত মই 5 বছৰত মোৰ উদৰ কেনেদৰে কম কৰিব পৰি তাৰ বহুতো চিন্তা চৰ্চা কৰিছিলো, কিন্তু বাস্তবাইত নহল | এতিয়া ভাৰতত অতিৰিক্ত কম-ঘনত্তৰ কলেষ্টেৰল লৈ ওভতি আহিছো |
Pankaj Barah এৰা অৰিন্দম দা, ভোজনপ্ৰিয় মন আৰু আৰামপ্ৰিয় শৰীৰৰটোক কষ্ট দিয়াৰ এলাহত কেল'ৰি দহনৰ সহজ উপায় সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চা , পঢ়া শুনা কৰিয়েই এই মহান পদক্ষেপ আছিল । পহুৱে খেদিব বুলি সপোনতো ভৱা নাচিলো । :) 
Anjal Borah সেইটো বাঘৰ আগতেল খোৱা পহু আছিল... !!
অঞ্জল বাঘৰ আগতেল খোৱাটো মইহে, পহুটোৱে জৰুৰ লগত থকা গাৰ্লফ্ৰেণ্ডৰ পৰা গালি খাইছিল কিবা কাৰনত ৷ সেয়ে চাগৈ উৰহৰ খং ভগা ঢাৰীত কোবাবলৈ মোকে বাছি ল'লে ! :)  
Barnali Deuri Bora ভাগ্য সুপ্ৰসন্ন আছিল যেন পাইছো.....
Sarada Shrestha পহুৱে ভাল পহুখেদা দিলে । উহ্ যিটোহে বিয়াগোম পহু এইটো ! ভাগ্যদেবী সঁচাকৈয়ে সুপ্ৰসন্ন আছিল দেই ।
Pankaj Barah ভোজনপ্ৰিয় মন আৰু আৰামপ্ৰিয় শৰীৰৰটোক কষ্ট দিয়াৰ এলাহত কেল'ৰি দহনৰ সহজ উপায় সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চা , পঢ়া শুনা কৰিয়েই এই মহান পদক্ষেপ আছিল । পহুৱে খেদিব বুলি সপোনতো ভৱা নাচিলো । :)
Pankaj Barah ভাগ্যদেবী সঁচাকৈয়ে সুপ্ৰসন্ন নথকা হ'লে এতিয়ামানে অমুকা হাত ভৰিয়ে বেণ্ডেজ লৈ বিচনাত পৰি থাকিলোহেতেন । আৰে বিয়াগোম মানে তামাম বিয়াগোম আছিল ।
Diganta Saikia দেহাটোৰ কোষবোৰৰ সমস্ত মাইট'কন্দ্ৰিয়াবোৰেও ছাগে বাপ বাপ দেখি গ'ল ... ঘামে ছাগে জুৰুলি জুপুৰি হ'ল দেহা ..!
Pankaj Barah ঠিকেই কৈছে শইকীয়া দেৱ, মাইট'কন্দ্ৰিয়াৰ সঞ্চিত ভাণ্ডাৰ শেষ হোৱাৰ উপক্ৰম হৈছিল । তেতিয়া নিজকে বেটাৰী ডাউন হোৱা ম'বাইল বা লেপটপটোৰ নিচিনা অনুভৱ হৈছিল । নদীৰ পৰা কেইচলু মান পানীৰে শুকাই যোৱা অণ্ঠ কণ্ঠ তিয়ায় লোৱাতহে যেনিবা আৰু কেটামান মাইট'কন্দ্ৰিয়াৰ সংশ্লেষণ হ'ল আৰু মই ৰিজাৰ্ভত চলা বাজাজ স্কুটাৰৰ নিচিনাকৈ যেনে তেনে ঘৰ পালোগৈ ।
Diganta Saikia হাঃ হাঃ হাঃ ....
Uddip Talukdar Pankaj Barah, আপোনাৰ লিখা পঢ়ি আপুনি মানুহ নে এটা 'জৈৱিক যন্ত্র' ভাবি চাবলগীয়া হৈ গৈছে! :-)
Diganta Saikia অসমৰ মানুহ যে ...চাব আকৌ ....'পাৱাৰ হাউছ (মাইট'কন্দ্ৰিয়া ?) ' ত অসমৰ ইলেক্ট্রিচিটিৰ নিচিনাকৈ অভাৰল'ডহৈ ল'ডছেদিং হলেহে জোখাৰ লাগিব ... সেয়ে দৌৰিবলৈ যাওতে পাৰিলে বৰ্ম পোছক পিন্ধি যাব ...
Pankaj Barah
হাঃ হাঃ, মানুহ মাৰি দিব দেই আপোনালোকে ৷ এতিয়া গৈ থৈ মোক যন্ত্ৰ মানৱহে বনালে নে ! শইকীয়া দেৱ, ইয়াত সাধাৰণতে ল'ডছেদিং হোৱাটো নাভূত নাশ্ৰুত ঘটনা ৷ নৰৱে'ৰ উৎপাদিত সমস্ত শক্তিৰ ৯৯% জলবিদ্যুৎ ৷ আৰু এটা কথা , এই যে পহুৱে খেদা ঘটনাটো ঘটিল, তাৰ পৰা ২ কিমি মান দুৰত্বতে নদীখনৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প এটা আছে ৷ পাৱাৰ হাইছতোলৈ মাত্ৰ কেইশমিটাৰ মান হে থাকিল গৈ ৷ লগত চাৰ্জাৰডাল লৈ যোৱা হ'লে চাৰ্জ কৰি ল'ব পাৰিলো হেতেন ৷ এইবাৰৰ পৰা বাৰু ইমাৰজেঞ্চী চাৰ্জাৰ ডাল লৈহে ঘূৰিম ৷ :)
Uddip Talukdar এডাল ছার্জাৰ আমাৰ ফালেও পঠাই দিব চোন, কেনেবাকৈ সময়ত বিজুলী থাকিলে চেষ্টা এটা দি চাম।
Uddip Talukdar ছিৰিয়াছ (সঠিক অসমীয়া কি হ'বনো?) কথা এটা কওঁ: অসমত যে নদী বান্ধ লৈ ইমান খন গণ্ডগোল চলি আছে, আচলতে নদী বান্ধ থকাটো ভাল নে বেয়া? লগতে নদী বান্ধ বিলাক মূল নদীটো বন্ধ কৰি নেবান্ধি সৰু সৰু সূঁতি বোৱাই নি বনাব নোৱাৰি নেকি?
Pankaj Barah
তালুকদাৰ ডাঙৰীয়া আপুনি মোৰ পৰৱৰ্তী লিখাৰ ঊমান পালে যেন পাঁও । নদী বান্ধ সম্পকীয় লেখাটো মোৰ পৰৱৰ্তী লিখা হ'ব । ইয়াত NHPC ৰ এজন বিষয়াক লগ পাইছিলোযাৰ লগত মোৰ কথাৰ কটা কটি হৈছিল । তেখেতে অসমৰ মানুহক বুৰ্বক বুলি কৈছিল , মই উভতি ধৰিলো । বাৰু অপেক্ষা কৰক, এলেহুৱা মানুহ কিছুদিন লাগিব দেই । মই মনতে বহনক্ষম, পৰিৱেশ অনুকূলী ক্ষুদ্ৰ নদী বান্ধ আৰু প্ৰয়োজন সাপেক্ষ প্ৰযুক্তিৰ বিকাশৰ সম্পৰ্কে নৰৱে'ক আৰ্হি হিচাপে লৈ এখন অপেশাদাৰী চুটি ছবিৰ পৰিকল্পনা কৰি আছো । এলাজ আৰু সময়ৰ নাটনিত হোৱাগৈ নাই ।
Debabrot Gogoi সকলোৰে মনত একেই কথা খেলাই আছেনেকি বাৰু ? এই সম্পৰ্কে মইও কিবা এটা কুৰুংকাৰাং চলাই আছো মনতে । নাজানো কি হয়গৈ ।
Uddip Talukdar এলাহ বাদ দি অকণমান ভালকৈ লাগকচোন, আমি কাষতে থাকিম। যিদৰে পাৰো সহায় আগবঢ়াবলৈ সাজু আছোঁ। আজি-কালি চব কথাতে ৰাজনীতি সোমাই চব গণ্ডগোল কৰি দিয়ে। কেনেকৈ নহয়, কিয় হোৱা অনুচিত সেইটো কোৱা মানুহ ওলাই থাকে, কিন্তু কেনেকৈ হোৱা উচিত সেইটো কোনেও নকয়!
Dwijen Mahanta আপোনালোকৰ আলোচনা সচাকৈ মোৰ বাবে ফলপ্ৰসু হৈছে।আৰু আশা কৰিলো।
Diganta Saikia সোনকালে প্রৱন্ধ এটাৰে পাতনি মেলক 'নদী বান্ধ আৰু বিজুলি শক্তি 'ৰ ওপৰত ..অপেক্ষা কৰি আছো ...
Pankaj Barah এইবাৰ সমূহীয়াকৈ লিখা হওক নেকি বাৰু ? ৰাইজে নৈ জোকাৰিলে নখো ক্ষয় যায় বোলে। 'নদী বান্ধ আৰু বিজুলি শক্তি 'ৰ বিষয় বস্তু সাহিত্য গোটত অলপ খাপ চৰা হ'ব ।
Diganta Saikia
শক্তি আমাক লাগিবৈ ... ক্রমবৰ্ধমান শক্তিৰ এই চাহিদা প্রাকৃতিক গেছ (gas turbine ), কয়লাৰে পূৰণ কৰিব নোৱাৰি কাৰন ইয়াৰ কেঁচা মাল ( raw materials) আৰু চোৱা - চিতা ( maintenance) খৰছ বৰ বেছি , আমি অসমৰ গ্রাহকে বলে লব নোৱাৰা অৱস্থা হৈছেগৈ ... একমাত্র জল বিদ্যুত প্রকল্প আছেগৈ ( পাৰমানৱিক প্রকল্পৰ কথা ভাৱিবৈ নোৱাৰি দুখন প্লেটৰ সংযোগস্থলিৰ ওপৰত আছো আমি ) , ইয়াৰ আৰম্ভনিয়েই যি খৰছ ... কিন্তু জল বিদ্যুত প্রকল্পৰ ঋণাত্মক দিশটো হ'ল নদী ভাটা দিয়াৰ লগে লগে ওফন্দি অহা পানীয়ে ক্ষতি কৰা অঞ্চলবোৰ ...
Diganta Saikia সৌৰ শক্তি (solar energy) আৰু বায়ু শক্তি (wind mill) অসমত কিমান ব্যৱহাৰযোগ্য !!
Debabrot Gogoi বৃহৎনদীবান্ধ বৃহত্তৰ অসমীয়া জাতিৰ শত্ৰু ।
Pankaj Barah সৌৰ শক্তি (solar energy) আৰু বায়ু শক্তি (wind mill) অসমত cost effective নহয় । তাপবিদ্যু প্ৰকল্প সমূহে সেউজ গৃহ প্ৰভাৱ বৃদ্ধি কৰে বাবে পৰিৱেশৰ অনুকুল নহয় । কোপেনহেগেনত অনুস্থিত হৈ যোৱা বিশ্ব পাৰিপাৰ্শ্বিক স্নমিলনত এই লৈ পূৱ-পশ্চিমৰ তীব্ৰ সংঘাত হৈছে । উন্নয়নশীল দেশসমূহৰ ওপৰত পশ্চিমীয়া হেঁচা বৃদ্ধি পাইছে । এক কথাত ক'ব গ'লে ক্ষুদ্ৰ নদীবান্ধেই অসমীয়া জাতিৰ মিত্র ।
Debabrot Gogoi এতিয়া জুৰ পুৰি হাত পালেহি , মোৰ সেই অসমীয়া ৰাজনীতিক কেইটাক ধৰি কিলাবলৈ মন যায় যি নিজ জাতিটোক এক অন্তহীন বিপদলৈ ঠেলি NHPCক NOC দিছিল ।
Pankaj Barah স্বাৰ্থাণ্বেষী নেতাৰ ভণ্ডামি ! ইতিহাসেও কয় - স্বাৰ্থ সিদ্ধিৰ বাবে , সিংহাসন আৰু সম্পত্তিৰ লালসাত এনে নেতাই দেশক বন্ধকত ৰাখিব পাৰে । তেনেই সামান্য কথা । তেঁওলোকৰ সতি সন্ততিৰ বাবে দেশে বিদেশে মাটি বাৰী । অসম ডুবিলে বাহিৰলৈ লৰ মাৰিব (সতি সন্ততিটো ইতিমধ্যেই বাহিৰত) । অসমৰ মাটি আৰু মানুহৰ প্ৰতি কোনো সহানুভুতি নাই এই ভণ্ড মখাৰ । ৰাইজে ইহঁতকপহুখেদা নিদিলে ৰাইজক পহুখেদা দিব ইহঁতে ।
Ritu Raj সৌৰ শক্তিৰ বাবে খরচ বহুত বেছি | তথাপি চরকারে চিনটা করিলে পারে করিব। উদাহরণ হিচাপে গুজরাট চরকারলে চাব পারি। এই link টু চাওক - (http://www.efytimes.com/e1/fullnews.asp?edid=64208&ntype=mor)
Uddip Talukdar ক্ষুদ্র নদী বান্ধ আৰু বৃহৎ নদী বান্ধ-ৰ সঠিক পার্থক্য কেনেকুৱা? মই আগতে কোৱাৰ দৰে সূঁতি বোৱাই নি বন্ধা বান্ধকে ক্ষুদ্র নদী বান্ধ বোলে নেকি?
Pankaj Barah তালুকডাৰ দেৱ, মই এই বিষয়ৰ বিশেষজ্ঞ নহয় ৷ তথাপি নিজৰ অনুসন্ধিৎসাৰ বাবে কিছু অধ্যয়ন কৰি আছো ৷ক্ষুদ্র নদী বান্ধ আৰু বৃহৎ নদী বান্ধ-ৰ পার্থক্য wikipedia ৰ প্ৰবন্ধটোৰ (http://en.wikipedia.org/wiki/Hydroelectricity) পৰা কিছু জানিব৷ এটা micro নদী বান্ধৰ আৰ্হি এটা মোৰ ব্যক্তিগত এলবামত দেখা পাব ৷ http://www.facebook.com/photo.php?fbid=144108345616600&set=a.136788736348561.20438.100000523076280&type=1&theater
Uddip Talukdar সোঁৱনশিৰি বান্ধৰ কথাও আছে দেখোন তাত!        
     
  
        
 
 

Thursday, April 21, 2011

ভাষাৰ বিলুপ্তি, "হিংলিছমীয়া" : অসমীয়া ভাষালৈ অশনি সংকেত ?


পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷ কিন্তু সেই বুলি জনা বুজা লোকে অসমীয়া ভাষাটোক বাৰেভচহু "হিংলিছমীয়া" (হিন্দী + ইংলিছ+ অচমীয়া) ৰুপ হ'বলৈ কেনেকৈ এৰি দিব পাৰে ?... আমাৰ নিজৰ মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰন জনতাই কি কৰিব ? ত্ৰাহি মধুসুদন !

 ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কো ঁহে কো ঁহে উপলব্ধি কৰে যেতিয়া তে ঁওলোকৰ কথন ভংগী দেখি সোধে "Are you from Benga / Orissa? ". এনে কমেই উদাহৰন থাকিব যেতিয়া কোনোবাই সুধিব "Are you from Assam ? "

গণমাধ্যম সমূহৰ নতুন প্ৰজন্মৰ ওপৰত প্ৰভাব বহু বেছি ৷ অসমীয়া ভাষাটোৰ বাৰেভচহু "হিংলিছমীয়া" ৰুপটোৰ বহুল প্ৰচাৰ হৈ থাকিলে মান্য অসমীয়া ভাষা কাগজে পত্ৰই হে থাকিব ৷ বিৱ্ৰতনীয় ইতিহাসে আমাক তাকেই কয় ৷ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি ই অতি ভয়াবহ অশনি সংকেত বহন কৰিছে ৷ জোৰ পুৰি হাত পোৱাৰ আগতে ৰাইজে ক ঁকালত টঙালি বান্ধি লোৱা ভাল ৷ এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত বহুতো আনুসংগিক প্ৰসংগ জডিত থাকে৷ "National Geographic Society" ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷  এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায়  আৰু  ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ'ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷  আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷

ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ আছে যদিও পৰ্ধান কেইটামান কাৰন হ'ল -

১) বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ  নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটতোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটতোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভা্ব পৰে ৷

২)  আগ্ৰাশী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুথ্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে  উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লও ঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷

৩) কে'বা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিও ঁতে  দিও ঁতে  নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰন স্বৰূপে ইজিপ্তিয়ান স্বকীয়  ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷

৪) ভাষাৰ বিৱ্ৰতন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱ্ৰতন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷  উদাহৰণ পুৰণা ইংৰাজী ৷

৫) বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনস্ত কৰি ক ঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে

বহু  গৱেষণাসমৃদ্ধ তথ্য উপলব্ধ যদিও প্ৰাম্ভিক থূলমূল আভাসৰ বাবে সচেতন অনুসন্ধিৎসু পাঠকে তলৰ লিংক কেইটা খুচৰি চাব পাৰে-

http://en.wikipedia.org/wiki/Language_death

http://www.sciencedaily.com/releases/2007/02/070218140348.htm

http://en.wikipedia.org/wiki/Extinct_language

http://www.independent.co.uk/news/world/politics/the-languages-of-extinction-the-worlds-endangered-tongues-402824.html
http://www.youthwavebd.com/extinction-of-languages-and-its-reasons/

(বিভিন্ন উৎসৰ সহায় লোৱা হৈছে)
-----------
-পঙ্কজ বৰা

Saturday, February 19, 2011

লিমাৰিক

খায় খায় সদায় কানপুৰীয়া আলু
ভাতপুৰীয়া কনক হৈ গ'ল বৰ চালু
কি চাবা ভেম
লৈ ফুৰে মেম
কিবা এষাৰ ক'লেই খঙে চোৱে তালু ৷


লেৰেলা সাদৰ দেখাই সোধে 'খাবানেকি লাৰু',
মই জানো কাইলৈ খুজিব এপাত খাৰু
এইয়ে ঘৰৰ লখিমী,
যেন এজনী যখিনী
নেলাগে বুলি ক'লেই লৈ আহিব হাতত ঝাৰু


(ভেলেন্টাইন ডে’ special)

এদিনৰ বাবে সকলোৱে এৰি দিলে ফে’চবুক
লৰাহঁতে জেপত ল’লে মোটা মোটা চেকবুক
ভেলেন্টাইন ডে’ৰ যাদু
শুনা এই সাধু
সকলোৱে হেঁপাহেৰে পলুওৱাইছে (বছৰযোৰা) প্রেমৰ ভোক। 

খাদ্যৰসিক খগেনৰ পচন্দৰ মাছ চিতল
থালীৰ কাষত লাগে চর্চৰী্যা পটল
বাৰেকুৰি ধান্দা
মাৰিবলে ঠাণ্ডা
খুলিব লাগে সন্ধিয়া ৰঙীন পানীৰ বটল । 

Tuesday, January 11, 2011

নৱবর্ষ

জীৱন বাগৰে নদীৰ ভটিয়নী সোঁতত
সময় বালিত খোজ পেলাই গাই যায় 

স্মৃতি বিস্মৃতিৰ ভাটিয়ালী ৰাগ
শীতৰ পাছত আকৌ আহিব বসন্ত
বৰদৈচিখলা হৈ নাচিব উতনুৱা মন
বাগৰুম্বাৰ চন্দত উতি যাব সহস্র যৌৱন