Monday, August 8, 2011

ইউৰোপীয়ান পিঠা, ভাৰতীয় পিঠা আৰু অসমীয়া পিঠা : এটা হুমুনিয়াহ

দক্ষিণ ভাৰতীয় দোচা আৰু আমাৰ অসমীয়া খোলা চপৰীয়া পিঠা (উজনিৰ ফালে কোনো কোনো ঠাইত ভূৰভূৰী পিঠাও বোলে) প্ৰায় একেই ধৰণৰ ৷ এইবোৰক ইংৰাজীত pancake বোলে ৷ ইউৰোপটো খুউব জনপ্ৰিয় এইধৰণৰ পিঠা ৷ প্ৰায়েই পৰম্পৰাগত মেলাবিলাকত খুউব ওলাই ৷ বিভিন্ন ধৰণৰ বে'ৰীৰ জামৰ লগত খাবলৈ খুব ভাল ৷ আমি যেনিবা গুৰৰ লগত খা ঁও ৷ মই এবছৰ মান আগত লিখিছিলো 'ইউৰোপীয়ান পিঠা আৰু অসমীয়া পিঠা' নামৰ লিখা এটা ৷ দুখৰ কথাটো এইয়ে যে বেলেগৰ পিঠাবোৰৰ গোলকীকৰণ হ'ল, পৃথিৱীত চিনি পালে ৰাইজে ৷ আমাৰ দুৰ্ভগীয়া অসমীয়া পিঠাকেটাৰ অসমতে দূৰাৱস্থা ! ভাৱি দুখ লাগে ৷ অসমীয়া খাদ্য সম্ভাৰক বিশ্বায়নীকৃত কৰাৰ কিবা পদক্ষেপ কোনোবাই ল'বনে ? 

1 comment:

Lalita D Kalita said...

লেখাটো বেচ ভাল লাগিল ৷ আমাৰ খোলাচাপৰীয়া পিঠা, বন্গ দেশৰ পাটি-চেপ্টা আৰু জাৰ্মান / ফৰাচী বিলাকে খোৱা crepe প্ৰায় একে ধৰনৰ ৷ মোৰ আকৌ আমাৰ টেকেলী পিঠা আৰু তামিল্-তেলেগু সকলৰ ইদ্লী অলপ একে যেন লাগে ৷