Thursday, February 14, 2013

ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ


-পংকজ বৰা
১৪/০২/২০১৩

বহুতেই কয় প্ৰেম স্বৰ্গীয়, প্ৰেমৰ কোনো সূত্ৰ নাই, প্ৰেমক বিজ্ঞানে ব্যাখ্যা কৰিব নোঁৱাৰে ইত্যাদি ইত্যাদি৷  কিন্তু আধুনিক বৈজ্ঞানিক গৱেষণা, মনস্তাত্বিক গৱেষণাই প্ৰেম সমন্ধে যথেষ্ট আমোদজনক আৰু আকৰ্ষণীয়
তথ্য বিচাৰি উলিয়াইছে৷ ইয়াৰ ভিতৰত ৰ'বাৰ্ট জেফ্ৰ' ষ্টাৰ্ণবাৰ্গ (জন্ম ১৯৪৯-) নামৰ মাৰ্কিন মনস্তত্ববিদ জনে আগবঢ়োৱা প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰটো আকৰ্ষণীয় আৰু বহুলচৰ্চিত৷

ষ্টাৰ্নবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ অনুসৰি প্ৰেমৰ বাবে প্ৰয়োজনীয়
উপাদান তিনিটা-

১) অন্তৰংগতা (intimacy)
২) অনুৰাগ (শাৰিৰীক আকৰ্ষণ) (passion)
৩) অংগীকাৰ/প্ৰতিশ্ৰুতি (commitment)




এতিয়া যদি আমি এই তিনিওটা উপাদানকে এটা ত্ৰিভুজৰ তিনিটা কোণত অৱস্থান কৰা বুলি ধৰোঁ (চিত্ৰ ১) তেন্তে যি সমন্ধত তিনিওটা উপাদান সমানে উপলব্ধ হয় সেই প্ৰেম সাৰ্থক বা সম্পূৰ্ণ সফল প্ৰেম হয় (চিত্ৰৰ কেন্দ্ৰত)৷ ষ্টাৰ্ণবাৰ্গৰ সূত্ৰানুসৰি যদি তিনিওটা উপাদানৰে কেৱল মাত্ৰ এটা বা এযোৰ
উপাদান থাকে তেন্তে সি সম্পূৰ্ণ সফল প্ৰেম নহয়৷  সেই অনুসৰি তেওঁ ছয় ধৰণৰ
সমন্ধৰ কথা উল্লেখ কৰিছে:

ক) কাৰোবাক ভাল লগা/বন্ধু্ত্ব (Liking/friendship) : কেৱল অন্তৰংগতা থাকিলেই কাৰোবাক ভাল লাগিব পাৰে৷ সাধাৰণতে ইয়াক প্ৰেম বা ভালপোৱাৰ সলনি বন্ধু্ত্ব বুলিহে ক'ব পাৰি৷
খ) সন্মোহন/অন্ধ প্ৰেম (Infatuated love): কেৱল অনুৰাগৰ বশবৰ্ত্তী হৈ অন্তৰংগতা বা প্ৰতিশ্ৰুতি নথকাকৈ কেৱল সন্মোহিত ভাৱে শাৰিৰীক সমন্ধ আদি গঢ়ি তোলা অৱস্থা৷
গ) সাৰশূন্য প্ৰেম (Empty love) : অন্তৰংগতা বা অনুৰাগ নথকাকৈ কেৱল প্ৰতিশ্ৰুতি থাকিলে তেনে সমন্ধক সাৰশূন্য প্ৰেম বুলি পাৰি৷ উদাহৰণ স্বৰূপে আগেয়ে কোনো চিনা-পৰিচয় নথকা পাত্ৰ-পাত্ৰীৰ মাজত যদি পৰিয়ালৰ লোকে বিবাহ কৰি (arranged marriage) দিয়ে৷ অৱশ্যে সাৰশূন্য প্ৰেম বহুক্ষেত্ৰত বিকশিত হৈ সম্পূৰ্ণ প্ৰেমলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা বা উদাহৰণ নথকা নহয়৷
ঘ) ৰোমান্টিক প্ৰেম (Romantic love): সাধাৰণতে কৈশোৰ বা সদ্যযৌৱনপ্ৰাপ্ত সকলৰ মাজত বেছিকৈ দেখা যায় য'ত অন্তৰংগতা আৰু অনুৰাগ থাকে কিন্তু প্ৰতিশ্ৰুতি নেথাকে৷ এনে সমন্ধত শাৰিৰীক ঘনিষ্ঠতাৰ লগতে আৱেগিক ঘনিষ্ঠতাৰো সৃষ্টি হয়৷
ঙ) সাহচৰ্য/ সান্নিধ্য/অংশীদাৰী প্ৰেম (Companionate love): অনুৰাগবিহীনভাৱে হোৱা অন্তৰংগতা আৰু প্ৰতিশ্ৰুতিৰ পৰা সাহচৰ্য/ সান্নিধ্য/অংশীদাৰী প্ৰেমৰ জন্ম হয়৷ সাধাৰণতে এটা পৰিয়ালৰ সদস্য সকলৰ
মাজত, আপোন বন্ধুবৰ্গ আদিৰ মাজত এনেধৰণৰ সমন্ধৰ উপস্থিতি লক্ষ্য কৰা যায়৷ এইধৰণৰ প্ৰেমৰ শাৰিৰীক সমন্ধ বা যৌনাকৰ্ষণ নেথাকে৷
চ) অঁকৰা প্ৰেম বা মূৰ্খ প্ৰেম (Fatuous love):  এই ধৰণৰ সমন্ধত অন্তৰংগতা বিহীনভাৱে কেৱল অনুৰাগ আৰু প্ৰতিশ্ৰুতিৰ উপস্থিতি দেখা যায়৷ সাধাৰণতে এনে প্ৰেমত বহুতেই ঠগ প্ৰৱঞ্চনাৰ সন্মূখীন হয়৷

যিয়েই নহওক প্ৰেমৰ অনুভূতি সঁচাকৈয়ে স্বৰ্গীয় আৰু আশাকৰোঁ সকলোৱে অন্তৰংগতা, অনুৰাগ আৰু প্ৰতিশ্ৰতিসম্পন্ন সফল প্ৰেমেৰে সুখ আনন্দেৰে জীৱন কটাওক; প্ৰেমৰ দিনত সেইয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা৷

বিঃদ্ৰঃ- ইংৰাজীৰ মূল শব্দসমূহ পৰাপক্ষত যিমান পাৰি সিমান অসমীয়ালৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা হৈছে৷ ভুল হ'লে আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম৷

তথ্যসূত্ৰ:
Sternberg, Robert J. (1988). The Triangle of Love: Intimacy, Passion, Commitment. New York: Basic Books. ISBN 0-465-08746-9.

Monday, December 31, 2012

অপৰাধী, ধৰ্ষণকাৰীৰ মানসিক প্ৰাৱস্থা: মানুহৰ জিন'মতেই খোদিত আছে নেকি ধৰ্ষণৰ জিন

 -পংকজ বৰা

লেখকৰ প্ৰাৰম্ভিক টোকা:-
আমাৰ সমাজত কোনোবাই কিবা বেয়া কাম কৰিলে, কাৰোবাৰ বেয়া ৰোগ আদি হ'লে সাধাৰণতে কেতিয়াবা তেজৰ দোষ, পৰিয়ালৰ দোষ বুলি নিন্দা ককৰ্থনা কৰা দেখা যায়৷  চৌধ্য পুৰুষ  উজাৰি গালিও দিয়ে৷ বহুক্ষেত্ৰত এনে ধৰণে কাৰোবাৰ ভুলৰ বাবে উপৰিপুৰুষক, বংশ পৰিয়ালক দোষাৰোপ কৰাটো সঠিক কথা নহয়৷ কিন্তু কিছুমান ৰোগ, দৈহিক অৱস্থা বা গঠন, আচৰণ আদি কিছুমান জেনেটিক কাৰকে নিয়ন্ত্ৰণ কৰে বুলি আধুনিক বংশগতি বিদ্যা আৰু আণৱিক জীৱ বিদ্যাই প্ৰমাণ কৰিছে৷ এই কাৰকবিধ হ'ল নাম হ'ল জিন্৷ অপৰাধ বিজ্ঞানৰ লগত জিনৰ সমন্ধক লৈ হোৱা বৈজ্ঞানিক গৱেষণা যথেষ্ট বিতৰ্কিত বিষয়৷ বিভিন্ন বিষয়ৰ আন্তসমণ্বয়ৰে সংগঠিত এই ধৰণৰ গৱেষণাৰ ক্ষেত্ৰখনক কোৱা হয় Behavioural Genetics [১]৷  ফৰেনছিক বিজ্ঞানত এই ধৰণৰ কিছু প্ৰযুক্তি ইতিমধ্যে ব্যৱহৃত হৈছে৷ তথাপিও বহুতেই ইয়াৰ লগত জড়িত নৈতিক প্ৰশ্ন সমূহে জাতি-বৰ্ণবাদী সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে৷ এই চমু লিখাটোৰ উদ্দেশ্য  অপৰাধী মানসিকতাৰ লগত জিনৰ সম্পৰ্কৰ ওপৰত উপলব্ধ জ্ঞানৰ সংক্ষেপিত উপস্থাপন৷ লেখনিটোৰ প্ৰায়বোৰ তথ্যই ইতিপূৰ্বে প্ৰকাশিত কিতাপ,গৱেষণা পত্ৰ, বা ইন্টাৰনেটত উপলব্ধ উৎসৰ পৰা সংগৃহিত আৰু গুৰুত্বপূৰ্ণ উৎস সমূহ ব্ৰেকেটৰ ভিতৰত আৰু মূল লেখাৰ শেষত উল্লেখ কৰা হৈছে৷ এই প্ৰবন্ধত লেখকৰ নিজৰ মতামত অতি নগণ্য আৰু অহেতুক বিতৰ্ক সৃষ্টিৰ কোনো অভিপ্ৰায় নাই৷ 

জিন কি?:- 
এটা শব্দত ক'বলৈ গ'লে জিন বংশগতিৰ একক৷ জীৱকোষৰ ক্ৰোমজ'মৰ (চিত্ৰ ১-গ) নামৰ সূত্ৰিকাৰ এক নিদিৰ্ষ্ট ঠাইত অৱস্থিত ডি.এন.এ  (চিত্ৰ ১-ঘ) ৰ এক নিদিৰ্ষ্ট দৈৰ্ঘ্যৰ সজ্জা, যি এক বিশেষ চৰিত্ৰ বহন কৰে৷ গ্ৰেগৰ জোহান মেণ্ডেলে প্ৰথম জিনৰ অস্তিত্ব উল্লেখ কৰিছিল [২]৷ যিকোনো জীৱিত প্ৰাণীৰ জীৱন ধাৰণৰ ক্ৰিয়া-প্ৰক্ৰিয়া সমূহ এই জিনসমূহতে লিপিবদ্ধ হৈ থাকে৷ যেনেকৈ এখন চিডিত গান,চিনেমা আদি এক গাণিতীয় সংকেতৰদ্বাৰা (০ আৰু ১ এই দুটা সংকেতৰ দ্বাৰা) লিখা থাকে আৰু পৰৱৰ্তী সময় বিশেষ ভাৱে নিৰ্মিত চিডি প্লেয়াৰে সেই সংকেত সমূহ পাঠোদ্ধাৰ কৰি গান এটা বজায় শুনায় বা চিনেমা এখন আমাক দেখায়; অতি সাধাৰণ ভাষাত জীৱৰ জীৱন প্ৰক্ৰিয়াৰ সমস্ত নিৰ্দেশনা সাংকেতিক ভাষাত এই জিনৰ বিন্যাসেৰে লিখা থাকে আৰু কোষৰ ভিতৰত থকা অতিশয় জটিল, সুক্ষ্ণ, দক্ষ,  নিপুণ ক্ষুদ্ৰাতিক্ষুদ্ৰ আণৱিক যন্ত্ৰ কিছুমানে জিনত নিহিত আণৱিক সংকেতসমূহৰ পাঠোদ্ধাৰ কৰি জীৱন প্ৰক্ৰিয়া সমূহ কাৰ্য্যকৰী কৰে৷ মানৱ দেহৰ এটা কোষৰ ভিতৰত চেকেণ্ডৰ সহস্ৰাংশ সময়ত সংঘটিত এনে উচ্চ পৰ্য্যায়ৰ আণৱিক নিয়ন্ত্ৰিত কাৰ্য্যপ্ৰণালীৰ সংগণনা কৰিবলৈ বৰ্তমানে উপলব্ধ সবাতোকৈ শক্তিশালী চুপাৰকম্পিউটাৰটোৰো বহু বছৰ লাগি যাব[৩]৷ এয়াই প্ৰকৃতিৰ নিখুঁট অভিযন্ত্ৰণৰ এটি মাথো উদাহৰণ৷ 

*জিন কি অধিক জানিবৰ বাবে এই ভিডিঅ'টো চাব পাৰে http://youtu.be/ubq4eu_TDFc


















জিননো কিহেৰে গঠিত:-
এই জিন বা ডিএনএ সমূহ এদাল দ্বি-সূত্ৰিকাকাৰ ৰছীৰ দৰে৷ ইয়াত মাত্ৰ চাৰিটা জৈৱৰাসায়ণিক যৌগ বা ক্ষাৰক থাকে - এডিনিন (A), থাইমিন (T) , গুৱানিন (G) আৰু চাইট'ছিন(C) ৷ যেনেদৰে আধুনিক ইলেক্ট্ৰণিকছৰ ডিজিটেল পৃথিৱীত সকলোবোৰ তথ্য ০ আৰু ১ ৰ মাধ্যমত সংৰক্ষিত থাকে, জীৱদেহৰ সংকেত সমূহ A, T, G, C নামৰ চাৰিটা আখৰৰ বিভিন্ন সংৰচনাত্মক সংগঠনেৰে সংৰক্ষিত থাকে৷ আগেয়ে উল্লেখ কৰা হৈছে যে ডিএনএ বা জিন দ্বিসূত্ৰাকাৰ (চিত্ৰ ১-ঙ), সেয়ে দুডল ডিএনএ সূতাৰ বিপৰীত দিশত ৰাসায়ণিক বান্ধনিৰ সহায়ত কুণ্ডলী পকাই থাকে (চিত্ৰ ১-খ)৷  এডিনিন (A) নামৰ ক্ষাৰকটোৱে থাইমিন (T) ক্ষাৰকৰ লগত দ্বৈতিয়ক হাইড্ৰ'জেন বান্ধনি আৰু গুৱানিন (G) ক্ষাৰকে চাইট'ছিন(C) ক্ষাৰকটোৰ লগত ত্ৰৈতিয়ক হাইড্ৰ'জেন বান্ধনিৰ সহায়ত বান্ধ খায় থাকে৷ এদাল সূত্ৰিকাৰ ক্ষাৰক সমূহ আনদাল সূত্ৰিকাক বিপৰীত দিশৰ পৰা পঢ়ি গ'লে পোৱা ক্ষাৰক বিন্যাসৰ সৈতে একেই হয়৷ সেয়ে এদাল সূতাক আনদালৰ পৰিপূৰক বুলি কোৱা হয়৷ মানৱ দেহৰ এটা কোষৰ ভিতৰত থকা সকলোখিনি ডিএনএক একলগে জিন'ম বুলি কোৱা হয়৷ হিউমেন জিন'ম প্ৰকল্পই পাঠোদ্ধাৰ কৰা তথ্য অনুসৰি মানুহৰ ২৩ দাল ক্ৰমোজমত (চিত্ৰ ১-ক) বা  জিন'মত সৰ্বমুঠ তিনি বিলিয়ন (A=T) আৰু (G=-C) ক্ষাৰকৰ যোৰা থাকে৷ মানুহৰ এটা সূক্ষ্মাতিসূক্ষ্ম কোষৰ ভিতৰত থকা এই আখৰবোৰ এটাৰ পিঠিত আনটো সজ্জিত কৰিলে যিমান দীঘল হ'ব তাৰে পৃথিৱীৰ পৰা সূৰ্য্যলৈ ৩০০ বাৰ অহা-যোৱা কৰিব পৰা হ'ব৷ বৰ্তমানলৈকে জনা মানুহৰ  আটাইতকৈ সৰু জিনটোৰ দৈৰ্ঘ্য ২৫২ যোৰা ক্ষাৰক  আৰু আটাইতকৈ দীঘল জিনটোৰ দৈৰ্ঘ্য ২,২০০,০০০ (২.২ mb) যোৰা ক্ষাৰক [৪] ৷ এতিয়ালৈকে উপলব্ধ তথ্য অনুসৰি মানুহৰ জিন'মত প্ৰায় ২০,০০০ মান জিন থকা বুলি বিজ্ঞানী সকলে অনুমান কৰিছে আৰু তাৰে বহুতৰে কাম ইতিমধ্যে আৱিষ্কৃত হৈছে৷ আঁচৰিত হ'লেও সত্য যে কিছুদিন আগলৈকে মানৱ জিন'মৰ ৭০% দৈৰ্ঘ্য আখৰেই কোনো জিনৰ সংকেত বহন নকৰে বুলি ভৱা হৈছিল আৰু তাক 'জাংক ডিএনএ' বুলি অভিহিত কৰা হৈছিল৷ অতি নিপুণ ভাৱে অভিযন্ত্ৰিত প্ৰকৃতিয়ে কিহৰ বাবে অযথা ইমান বৃহৎ অংশ অপচয় কৰিব, তাকে লৈ কৰা শেহতীয়া গৱেষণাত বুজা গৈছে যে 'জাংক' বা অপ্ৰয়োজনীয় বুলি ভৱা এই অংশইও প্ৰকৃত জিনসমূহৰ কাৰ্য্য পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে [৫]৷  বহুক্ষেত্ৰত এটা জিনে এটাতকৈ অধিক কাম সম্পাদন কৰা বা একাধিক চৰিত্ৰ বহন কৰা দেখা যায়৷ তাতোকৈ আঁচৰিত কথা শৰীৰৰ সকলো অংশৰ কোষতে সকলো সময়তে এই ২০,০০০ জিনৰ মাত্ৰ কিছু সংখ্যকহে কাৰ্য্যক্ষম হয় আৰু তাহাতক 'হাউছ কিপিং জিন' বুলি কোৱা হয়৷ তাৰ বাদে শৰীৰৰ বিভিন্ন অংগৰ কোষবোৰ স্থান, সময় আৰু পৰিস্থিতি ভেদে বেলেগ বেলেগ জিন সমূহ কাৰ্য্যক্ষম হয়৷ চকুত কাৰ্য্যক্ষম হোৱা জিন এটা হৃদযন্ত্ৰ বা পাকস্থলীত কাৰ্য্যক্ষম নহ'বও পাৰে৷ এইবোৰ নিয়ন্ত্ৰণ কৰে আকৌ কিছুমান নিয়ন্ত্ৰণ প্ৰটিন বা'ৰেগুলেটৰে' (Transcription Factors) ৷ মানৱ জিন'ম প্ৰকল্পৰ ১০ বছৰৰ পিচত শেহতীয়া ভাৱে ২০১২ চনত প্ৰকাশিত 'এনক'ড' নামৰ প্ৰকল্পই মানৱ দেহত এই জিনসমূহৰ কাৰ্য্যপ্ৰণালীৰ নিয়ন্ত্ৰণৰ সন্দৰ্ভত যুগান্তকাৰী তথ্যৰ সম্ভেদ দিছে [৬]৷ আচলতে প্ৰটিনসমূহ হ'ল জিনসমূহ কোষৰ ভিতৰত থকা আণৱিক মেচিনৰ দ্বাৰা পাঠোদ্ধাৰ হোৱাৰ পাচত সৃষ্ট জৈৱ ৰসায়ণিক যৌগ যিয়ে জীৱন প্ৰক্ৰিয়া সমূহ চালনা কৰে৷   

আঁচৰতি হ'লেও সত্য যে প্ৰকৃতিৰ নিঁখুট অভিযন্তন জিনৰ সজ্জাটো ভুল হ'ব পাৰে: -
সকলো মানুহৰ দেহত ২৩ যোৰা ক্ৰমোজম, তিনি বিলিয়ন যোৰা ক্ষাৰক, ২০,০০০ জিন তথাপিও ইজন মানুহ সিজনৰ পৰা পৃথক হয় কিয়?  আগেয়ে উল্লেখ কৰি অহা হৈছে যে এডিনিন (A) নামৰ ক্ষাৰকটোৱে থাইমিন (T) ক্ষাৰকৰ লগত দ্বৈতিয়ক হাইড্ৰ'জেন বান্ধনি আৰু গুৱানিন (G) ক্ষাৰকে চাইট'ছিন(C) ক্ষাৰকটোৰ লগত ত্ৰৈতিয়ক হাইড্ৰ'জেন বান্ধনিৰ সহায়ত বান্ধ খায় থাকে৷ সামগ্ৰিকভাৱে প্ৰতি ৩০০ যোৰা ক্ষাৰকৰ মাজৰ এযোৰাৰ কোনো এটা ক্ষাৰকত কেতিয়াবা সাল সলনি হৈ যাব পাৰে,যেনে কোনো এঠাইত এটা ক্ষাৰক নোহোৱা হ'ব পাৰে বা C ট ঠাইত T আহি যাব পাৰে৷ এনেধৰণৰ অস্বাভাৱিক সজ্জাক কোৱা হয় স্নিপ্ছ (single-nucleotide polymorphism বা SNPs) (চিত্ৰ ১-ঙ)৷ মানৱ জিন'মত প্ৰায়  তিনি মিলিয়ন ( সমগ্ৰ জিন'মৰ ~ ১%) এনে স্নিপছ্ থাকে৷ এই ভুলৰ বাবেই ব্যক্তিভেদে বেলেগ বেলেগ গুণা-গুণ যেনে ৰোগৰ প্ৰতিৰোধ ক্ষমতা, ৰোগৰ সম্ভাৱণীয়তা, খাদ্য বস্তু/ দৰৱ আদি হজম কৰাৰ ক্ষমতাৰ ভিন্নতা আহে [৭]৷ সেয়ে কোনো এজন মানুহে অধিক জ্বলা বা মচলাযুক্ত খোৱা হজম কৰিব পাৰে, আনজনে নোঁৱাৰে; কোনোবাই কেইবা পেগ্ মদ্যপান কৰিলেও নিচা নহয়, কোনোজনে আকৌ কেইচিপ মানে পান কৰিলেই  ৰঙা-চিঙা পৰি নিচাত আক্ৰান্ত হয় ইত্যাদি ইত্যাদি৷সাধাৰণে নিজৰ মাজতে বিয়া বাৰুৰ দ্বাৰা পৰিয়াল বঢ়াই থকা একে ঠাইৰ একেটা জাতিৰ মানুহৰ মাজত এনেবোৰ লক্ষণ বৰ্তি থাকে৷ সেয়ে কোনো এক ভৌগোলিক ঠাইৰ মানুহৰ মাজত কোনো বেমাৰ যেনে ডায়েবেটিছ, হৃদৰোগ আদিৰ প্ৰাদুৰ্ভাৱ বেছি হ'ব পাৰে, কোনো আন এক অঞ্চলৰ মানুহৰ মাজত আকৌ কম হ'ব পাৰে৷  
(* স্নিপচ্ সন্দৰ্ভত অধিক জানিবৰ বাবে এই ভিডিঅ'টো চাব পাৰে৷ http://youtu.be/tJjXpiWKMyA)


অলপ মদ্যপান কৰিলে মংগোলীয় সকল ৰঙা-চিঙা পৰে কিয়?:-
মদ্যপান কৰিলেই  ৰঙা-চিঙা পৰি যোৱাটো মংগোলীয় লোক সকলৰ মাজত সততেই দেখা এটা লক্ষণ যাক কোৱা হয় Alcohol flush reaction (বা Asian flush syndrome) [৮]৷ এনে হোৱাৰ কাৰণ হ'ল চাইনীজ আৰু কোৰীয়ান সকলৰ জিন'মত  ADH1B নামৰ এটা  জিনত থকা স্নিপছ্৷ তাৰ বাবেই মংগোলীয় সকলৰ দেহত সুৰাৰ বিপাকীয় ক্ৰিয়া সাধাৰণ মানুহৰ তুলনাত অলপ লেহেমীয়া হয়, যাৰ বাবে তেঁওলোকৰ দেহত এচিটেলদিহাইদ নামৰ যৌগবিধ জমা হ'বলৈ ধৰে আৰু Alcohol flush reaction সৃষ্টি কৰে [৯]৷ সেইদৰে  মানুহৰ ভাষাৰ শিকা বা কোৱাৰ পাৰদৰ্শিতাৰ লগটো FOXP2 নামৰ এটা জিনত থকা স্নিপছ্   জড়িত বুলি বিজ্ঞানী সকলে শেহতীয়া ভাৱে নিৰ্ধাৰণ কৰিছে [১০]৷ 

স্নিপছে চিকিৎসাবিজ্ঞানৰ নতুন দুৱাৰ মুকলি কৰিছে:-
আপোনালোকে হয়টো লক্ষ্য কৰিছে যে কেতিয়াবা একে বেমাৰৰ বাবে দুজন ভিন্ন ৰোগীক দিয়া একেবিধ দৰৱে এজনৰ ওপৰত সূচাৰু-ৰূপে কাম কৰে, কিন্তু আনজনৰ ওপৰত কোনো কাম নকৰে বা কেতিয়াবা বিৰূপ প্ৰভাৱহে পেলায়৷ এনেদৰণৰ অসামান্য বিৰূপ প্ৰভাৱক চিকিৎসা বিজ্ঞানৰ ভাষাত Idiosyncratic Drug Reactions (IDR) বোলা হয়৷ ইয়াৰ বাবেও দায়ী এই স্নিপছ্ সমূহ৷ কাৰণ সকলো ব্যক্তিৰ বিপাকীয় ক্ৰিয়া (metabolism) একেই নহয়৷ এজনৰ দেহত যদি এটা দৰৱ সুচাৰু-ৰূপে বিপাকীত হয়,আনজনৰ দেহত হয়টো তেনে নহৈ তাৰ দ্বাৰা সৃষ্ট দ্বৈতিয়ক বিষাক্ত পদাৰ্থ সমূহে ঔষধৰ প্ৰতিকূল প্ৰতিক্ৰিয়াৰ ( adverse drug reaction - ADR) সৃষ্টি কৰে৷ ADRআধুনিক চিকিৎসাশাস্ত্ৰ আৰু ঔষধবিজ্ঞানৰ এক বহুল গৱেষণাৰ বিষয়৷ বৰ্তমান জিন'ম প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে প্ৰতিজন ব্যক্তিৰ জিন'মৰ পাঠোদ্ধাৰ কৰি তাত থকা স্নিপ্ছ সমূহ নিৰ্ধাৰণ কৰা সম্ভৱপৰ হ'ব পাৰে৷ তাৰ আধাৰত সেই ব্যক্তিজনৰ বাবে কোন ঔষধৰ কিমান পৰিমানে প্ৰতিকূল প্ৰতিক্ৰিয়া নেদেখুৱাকৈ কাম কৰিব তাক নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰা হয়৷ বৰ্তমানে অতি উল্লেখযোগ্য গৱেষণা চলি থকা ব্যক্তিগতকৃত ঔষধৰ এই বিষয়টোৰ নাম  ফাৰ্মাক'জিন'মিকছ [১১]৷ অদূৰ ভৱিষ্যতে হয়টো আপুনি এনেকুৱা এটা দিন কল্পনা কৰিব পাৰে যেতিয়া এজন চিকিৎসকৰ ওচৰলৈ যাঁওতে আপুনি এখন চিডিত আপোনাৰ জিন'মৰ কিতাপ খন লৈ যাব, চিকিৎসকজনে আপোনাৰ জিন'মৰ সংগঠন অধ্যয়ণ কৰি আপোনাৰ বাবে বিশেষ ঔষধ প্ৰস্তুত কৰিবৰ বাবে ফাৰ্মাচিষ্টক ফৰ্মাইছ দিব আৰু তাৰ ভিত্তিক কেৱল আপোনাৰ বাবে কামত অহা ব্যক্তিগতকৃত ঔষধ আপোনাৰ হাতত তুলি দিব যাৰ কোনো প্ৰতিকূল প্ৰতিক্ৰিয়া নেথাকে৷ সেই দিন হয়টো দূৰৈত নহয়৷ 

আচৰণ আৰু জিনৰ সমন্ধ:-
জিনে বংশগতীয় চৰিত্ৰ বহন কৰে যদিও, আচৰণৰ বৰ্হিপ্ৰকাশ কিদৰে হয় সেইটো এটা জটিল বিষয়৷ মানুহ বা জীৱ জন্তুৰো আচৰণ কেৱল জিনে নিয়ন্ত্ৰণ নকৰে৷ ইয়াৰ লগত পৰিৱেশৰো এক জটিল ওতঃপ্ৰোতঃ সমন্ধ আছে৷  আচৰণ এটা মানসিক প্ৰাৱস্থা৷ বহুত সময়ত অৱশে্য শৰীৰৰ ভিতৰৰ অৱস্থাই মানসিক অৱস্থাক প্ৰভাৱান্বিত কৰে বা মানসিক অৱস্থাই শৰীৰক প্ৰভাৱান্বিত কৰে৷ স্থানীয় পৰিৱেশৰ লগত অভিযোজিত হ'বৰ বাবে কেৱল মানুহেই নহয় গছ-লতাকে ধৰি সকলো  জীৱই অহৰহ প্ৰতিযোগিতাৰ সন্মূখীন হয়৷ যিয়ে সঠিক অভিযোজনৰ দ্বাৰা পৰিৱেশৰ লগত মিলি থাকিব পাৰে প্ৰকৃতিয়ে তাকেই পৰৱৰ্তী সময়ৰ বাবে বাচনি কৰে৷ সাধাৰণতে এনে কিছুমান অভিযোজন সাময়িক হয় আৰু ই পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত নহয়৷ প্ৰকৃতিয়ে সদায় ভাল গুণবোৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত কৰিব খোজে আৰু বেয়া গুণ বোৰ (জিন) বিৱৰ্ত্তনৰ দ্বাৰা আঁতৰাই লাহে পেলাব খোজে৷   অৱশ্যে বিৱৰ্তনৰ জিন-কেন্দ্ৰিক মতবাদৰ লগত সকলোক একমত নহয় [১২]৷  বহু গৱেষকে বিশ্বাস কৰে মানুহৰ আচৰণৰ লগত জিনৰ প্ৰত্যক্ষ সমন্ধ আছে৷ শেহতীয়া ভাৱে Criminology নামৰ জাৰ্নেল খনত প্ৰকাশিত এখন গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে অপৰাধ প্ৰৱণতাৰ লগৰ জিনৰ বহল সমন্ধ আছে৷  যদিও ইয়াৰ বাবে কেৱল এটা বা দুটা জিন নহয়, বৰং শতাধিক জিন ইয়াৰ বাবে দায়ী৷ আমেৰিকা বিভিন্ন অঞ্চলৰ বিভিন্ন বয়সৰ প্ৰায় ৪০০০ ব্যক্তিৰ ওপৰত চলোৱা এই গৱেষণাত তেখেতসকলে তিনিধৰণৰ লোকক ব্যৱহাৰ কৰিছিল [১৩]৷
ক) যি কেৱল সাময়িক ভাৱে বয়সন্ধিৰ সময়ত অপৰাধত লিপ্ত হৈছে
খ) যি গোটেই জীৱনজুৰি বহু অপৰাধত লিপ্ত
গ) যিসকল জীৱনত কেতিয়াও কোনো অপৰাধত লিপ্ত হোৱা নাই৷

           এই অধ্যয়নৰ ফলাফল অনুসৰি  বয়সন্ধিৰ সময়ত সাময়িকভাৱে অপৰাধত লিপ্তহোৱা অপৰাধী সকলৰ ক্ষেত্ৰত আচৰণৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও, গোটেই জীৱনজুৰি বিভিন্ন অপৰাধত লিপ্ত সকলৰ ক্ষেত্ৰত (৭০%) পৰিৱেশৰ প্ৰভাৱ সামান্য৷ সেয়ে তেঁওলোকে অপৰাধী মানসিকতাৰ বাবে পৰিৱেশতকৈ জেনেটিক কাৰকৰ প্ৰভাৱ বেছি বুলি উল্লেখ কৰিছে৷ 

ধৰ্ষণ প্ৰাকৃতিক বিৱৰ্ত্তনৰ দ্বাৰা  উদ্ভৱ হোৱা আচৰণ নেকি? :-
তাত্বিক ভাৱে চাবলৈ গ'লে ধৰ্ষণ আৰু পুৰুষ-স্ত্ৰীৰ সংগমৰ মাজত পাৰ্থক্য বিশেষ নাই৷ এটাত মাথো সন্মতিৰে হয় আৰু আনটোত অসন্মতিত বলপূৰ্বক ভাৱে হয়৷ আঁচৰিত হ'লেও সত্য যে পোক-পতংগকে ধৰি আন বহু ইতৰ প্ৰাণীৰ মাজতো ধৰ্ষণৰ দৰে পৰিঘটনা সংঘটিত হয়৷ পুৰুষ-নাৰীৰ সংগম এটা প্ৰাকৃতিক পৰিঘটনা যাৰ দ্বাৰা জীৱৰ বংশ বৃদ্ধি হয়৷ এক প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ জিনৰ সোঁত প্ৰৱাহিত হয় বা মানৱ জাতি বিৱৰ্তিত হয়৷ প্ৰকৃতিয়ে সদায় উত্তম আৰু যোগ্য জিনবিশিষ্ট জীৱকহে বিৱৰ্ত্তিত হোৱাত অগ্ৰাধিকাৰ দিয়ে৷ সেয়ে সংগমৰ সময়ত ভাল ভাল গুণৰ জিনসমূহ উপযুক্ত পাত্ৰ বা পাত্ৰীত সংৰোপন কৰিবৰ বাবে উচ্চশ্ৰেণীৰ জীৱৰ মাজত সংগী নিৰ্বাচনৰ প্ৰতিযোগিতা চলে৷ এজন পুৰুষ জীৱন কালত অগণিত উত্তৰপুৰুষৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু মহিলাৰ ক্ষেত্ৰত এই সংখ্য সীমিত৷ সেয়ে মহিলাসকল সংগমৰ পাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত অত্যন্ত বাচ বিচাৰ কৰে৷ কিন্তু পুৰুষ সকলে যিমান পাৰে সিমান আৰু প্ৰয়োজন হ'লে শক্তি প্ৰয়োগ কৰি হলেও নাৰীৰ গৰ্ভত বীৰ্য্য সংস্থাপনৰ জৰিয়তে নিজৰ প্ৰজাতি ৰক্ষাৰ চেষ্টা কৰে [১৪]৷ MIT Press এ প্ৰকাশ কৰা থ্ৰ'নহিল আৰু পালমাৰ নামৰ দুজন গৱেষকে লিখা A Natural History of Rape: Biological Bases of Sexual Coercion নামৰ কিতাপখনত ধৰ্ষণক বিৱৰ্তনীয় ধাৰাত প্ৰাকৃতিক ভাৱে উদ্ভৱ হোৱা এক 'ট্ৰেইট' বা আচৰণ বুলি উল্লেখ কৰিছে, যদিও এই লৈ সামাজিক মনস্তত্ববিদ আৰু জেনেটিক আচৰবিদ সকলৰ মাজত তুমূল বিতৰ্কৰ সূত্ৰপাত হৈছে [১৫]৷ বহু গৱেষকে  মানুহৰ জিন'মত 'ধৰ্ষণ জিন' (rape gene) নামৰ জিন আছে বুলিও অভিমত প্ৰকাশ কৰে৷ 

ভাৰতীয় প্ৰেক্ষাপট:-
কিছুবছৰৰ আগেয়ে মই কাম কৰি অহা হায়দৰাবাদস্থিত কেন্দ্ৰীয় কোষীয় আৰু আণৱিক জীৱবিজ্ঞান কেন্দ্ৰৰ (Centre for Cellular and Molecular Biology) তদানীন্তন নিৰ্দেশক, বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তথা ভাৰতত ডিএনএ ফিংগাৰপ্ৰিন্টিং প্ৰযুক্তিৰ পুৰুধাব্যক্তি ডঃ লালজী সিঙৰ নেতৃত্বত এক আকৰ্ষণীয় গৱেষণা প্ৰকল্প ৰূপায়ণ কৰা হৈছিল৷ তাৰ জড়িয়তে হায়দৰাবাদ কেন্দ্ৰীয় কাৰাগাৰত বন্দী প্ৰায় ৭০ জন ধৰ্ষণকাৰীৰ অপৰাধীৰ  জিন'মৰ এক বিশেষ অংশৰ পাঠোদ্ধাৰ কৰি ধৰ্ষণকাৰী সকলৰ মাজত কিছুসংখ্যক বিশেষ জিনীয় স্নিপছ্ ধৰা পেলাইছিল৷ আৰু এনে ধৰণৰ স্নিপছ্ সমূহৰ ভৌগোলিক অঞ্চলভিত্তিক বিস্তৃতি থকাৰ সম্ভেদ পাইছিল৷ গতিকে বৃহত্তৰ ভাৰতৰ ভৌগোলিক অঞ্চলভেদে এনেধৰণৰ  অপৰাধ প্ৰৱণতাৰ বাবে দায়ী জিনৰ স্নিপছৰ ভিন্ন বিতৰণ হোৱাটো অসম্ভৱ নহয়৷ এনেবোৰ অধ্যয়ক কোৱা হয় 'Genome-wide association study' (GWAS)৷ বহুক্ষেত্ৰত অধ্যয়নত ব্যৱহাৰ কৰা চেম্পলৰ সীমিত সংখ্যাৰ বাবে এনেবোৰ অধ্যয়নৰ পাৰিসংখ্যিক নিৰ্ভযোগ্যতাৰ ক্ষেত্ৰত কিছূ সীমাবদ্ধতা আহি পৰে৷ তাৰ লগতে আহি পৰে গোপনীয়তা দৰে 'Ethical'বিষয়বোৰ৷ তাৰ বাবে এনেধৰণৰ অধ্যয়নৰ ফলাফল ৰাজহুৱা কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হয় ইতিমধ্যে ডঃ লালজী সিঙৰ নেতৃত্বত ভাৰতীয় সকলৰ মাজত জিন'ম প্ৰয্যাৰ্য়ত থকা ভিন্নতাৰ বহুল অধ্যয়ন হৈছে, আৰু বহু জনগোষ্ঠীৰ মাজত থকা কিছুমান ৰোগৰ জিনৰ সম্ভেদ পোৱা গৈছে [১৬,১৭] ৷ তেঁওলোকে ইতিমধ্যে আন্দমানৰ জাৰৱা সকলৰ [১৮] আৰু মেঘালয়ৰ খাছী সকলৰ পূৰ্বপুৰুষ সম্পৰ্কেও[১৯] স্নিপছ্ অধ্যয়নৰ জড়িয়তে সম্ভেদ পাইছে আৰু বিশ্বৰ আগশাৰীত বিজ্ঞান আলোচনী SCIENCE ত প্ৰকশিত হৈছে৷ বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতিৰ তথা ব্ৰাহ্মণ,শূদ্ৰ, ক্ষত্ৰিয় আৰু বৈশ্য সকলৰ মাজতো বিভিন্ন মাৰ্কাৰ স্নিপছ (genetic landmark) বিচাৰি পোৱা বুলি উল্লেখ কৰিছে [২০]৷ সাধাৰণতে একে জাতিৰ বা বৰ্ণৰ মানুহৰ মাজত সততেই বৈবাহিক সম্পৰ্ক স্থাপিত হৈ থকাৰ বাবে এনে কিছু মাৰ্কাৰ জিন এটা জনগোষ্ঠীৰ জিন'মত থাকি যায়৷ 

ভৱিষ্যত:-
জিনৰ লগত আচৰণৰ সম্পৰ্ক বিতৰ্কিত আৰু অতি জটিল বিষয়৷ জিন'ম প্ৰযুক্তিৰ সহায়ত আজি জীৱজগতৰ বিৱৰ্তনীয় গতিৰ আণৱিক পৰ্য্যায়ৰ সূত্ৰ সমূহ জানিব পৰা হৈছে৷ মানুহৰ জিন'মত থকা জেনেটিক সজ্জাৰ ভিন্নতাই ভৱিষ্যতে চিকিৎসাবিজ্ঞানৰ লগতে অপৰাধবিজ্ঞানকো গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব৷ মোৰ নিজৰ মন্তব্য হিচাপে সৰ্বশেষত কঁও,  মানুহৰ জৈৱিক বিৱৰ্তন আজিও হৈ আছে যদিও  আজিৰ দিনত ই আগৰ দৰে প্ৰাকৃতিক হৈ থকা নাই৷  সভ্যতাৰ লগে লগে মানুহৰ জীৱনত যান্ত্ৰিক আৰু প্ৰযু্ক্তিৰ প্ৰভাৱ পৰিছে৷ আমি আজি ঔষধ খাইছো, বিভিন্ন  যান্ত্ৰিক পদ্ধিতে শাৰিৰীক অৱস্থাৰ পৰিবৰ্তন কৰিছোঁ৷ গতিকে মানৱৰ বিৱৰ্তনৰ গতি বৰ্তমান কৃটিমভাৱে নিৰ্দেশিত৷ ঠিক খেতিৰ বাবে ব্যৱহৃত উদ্ভিদৰ সঁচ আৰু বনৰীয়া উদ্ভিদৰ মাজত যি পাৰ্থক্য আমাৰো সেই একেই৷ মানৱ সভ্যতা এতিয়া যেন খেতিৰ পথাৰত ব্যৱহৃত সঁচ৷ সভ্য সমাজত সভ্য আচৰণৰ সঠিক প্ৰয়োগৰ বাবে সকলোৱে মানুহ হিচাপে জীয়াই থাকি আৰু আনকো জীয়াই থাকিবলৈ দিয়া উচিত৷ ইয়াৰ বাবে প্ৰয়োজন সঠিক সামাজিক মূল্যবোধ আৰু মানৱীয় প্ৰমূল্যবোধ৷ প্ৰযুক্তিৰ প্ৰয়োগেৰে আমাৰ প্ৰাকৃতিক বিৱৰ্তনীয় গতিধাৰাক সলনি কৰি লৈছোঁৱেই যেতিয়া  ইয়াৰ লগতে সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ যুগসাপেক্ষ পৰিৱৰ্ত্তন হোৱা উচিত৷ 


নিৰ্বাচিত তথ্যসূত্ৰ:-

১. Crusio WE (1998) The genetic dissection of brain-behaviour relationships: An introduction to neurobehavioural genetics. Behavioural Brain Research 95: 1-2.
২. Noble D (2008) Genes and causation. Philos Transact A Math Phys Eng Sci 366: 3001-3015.
৩. Bell SD (2006) Molecular biology - Prime-time progress. Nature 439: 542-543.
৪. Tennyson CN, Klamut HJ, Worton RG (1995) The Human Dystrophin Gene Requires 16 Hours to Be Transcribed and Is Cotranscriptionally Spliced. Nature Genetics 9: 184-190.
৫. Pennisi E (2012) GENOMICS ENCODE Project Writes Eulogy For Junk DNA. Science 337: 1159-1161.
৬. Dunham I, Kundaje A, Aldred SF, Collins PJ, Davis C, et al. (2012) An integrated encyclopedia of DNA elements in the human genome. Nature 489: 57-74.
৭. Barreiro LB, Laval G, Quach H, Patin E, Quintana-Murci L (2008) Natural selection has driven population differentiation in modern humans. Nature Genetics 40: 340-345.
৮. Oota H, Pakstis AJ, Bonne-Tamir B, Goldman D, Grigorenko E, et al. (2004) The evolution and population genetics of the ALDH2 locus: random genetic drift, selection, and low levels of recombination. Annals of Human Genetics 68: 93-109.
৯. Rao VR, Bhaskar LVKS, Annapurna C, Reddy AG, Thangaraj K, et al. (2007) Single nucleotide polymorphisms in alcohol dehydrogenase genes among some Indian populations. American Journal of Human Biology 19: 338-344.
১০. Lai CSL, Fisher SE, Hurst JA, Vargha-Khadem F, Monaco AP (2001) A forkhead-domain gene is mutated in a severe speech and language disorder. Nature 413: 519-523.
১১. Wang LW (2010) Pharmacogenomics: a systems approach. Wiley Interdisciplinary Reviews-Systems Biology and Medicine 2: 3-22.
১২. Dawkins R (1989) The selfish gene. Oxford ; New York: Oxford University Press. xi, 352 p. p.
১৩. Barnes JC, Beaver KM, Boutwell BB (2011) Examining the Genetic Underpinnings to Moffitt's Developmental Taxonomy: A Behavioral Genetic Analysis*. Criminology 49: 923-954.
১৪. Thornhill R, Palmer CT (2000) Why men rape - Prevention efforts will founder until they are based on the understanding that rape evolved as a form of male reproductive behavior. Sciences-New York 40: 30-36.
১৫. De Waal FBM (2000) A natural history of rape: Biological bases of sexual coercion. New York Times Book Review: 24-24.
১৬. Brahmachari SK, Majunder PP, Mukerji M, Habib S, Dash D, et al. (2008) Genetic landscape of the people of India: a canvas for disease gene exploration. Journal of Genetics 87: 3-20.
১৭. Reich D, Thangaraj K, Patterson N, Price AL, Singh L (2009) Reconstructing Indian population history. Nature 461: 489-U450.
18. Thangaraj K, Chaubey G, Kivisild T, Reddy AG, Singh VK, et al. (2005) Reconstructing the origin of Andaman Islanders. Science 308: 996-996.
১৯. Langstieh BT, Reddy BM, Thangaraj K, Kumar V, Singh L (2004) Genetic diversity and relationships among the tribes of Meghalaya compared to other Indian and continental populations. Human Biology 76: 569-590.
২০. Hardy BJ, Seguin B, Singer PA, Mukerji M, Brahmachari SK, et al. (2008) Science and society - From diversity to delivery: the case of the Indian Genome Variation initiative. Nature Reviews Genetics 9: S9-S14

Sunday, November 11, 2012

বিদেশত দিপাৱলী, কেইজনমান বাংলাদেশী বন্ধু আৰু আমাৰ ভূপেন দা

~পংকজ বৰা~



পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ(প্ৰায় ২৫ হাজাৰ) ছাত্ৰ-ছাত্ৰীয়ে ঠাঁহ খায় থকা নৰৱে দেশৰ শিক্ষা আৰু প্ৰযুক্তিৰ প্ৰানকেন্দ্ৰ, ট্ৰনধেইম এখন যৌৱনময় চহৰ৷ ইয়াত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থায়ী ভাৰতীয় বাসিন্দা সকলোৰে উমৈহতীয়া সংস্থা 'ইণ্ডিয়ান ষ্টুডেন্টছ 'ৰাম' ভাৰতীয় সকলৰ মিলা-মেচা কৰাৰ এখন মঞ্চ হোৱাৰ উপৰিও ভাৰতীয় সংস্কৃতি, আদৰ্শ আদিক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰি, বন্ধুত্বমূলক সদ্ভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে গঠিত এক সংস্থা৷ আজি বহু বছৰ ধৰি ভাৰতীয় সকলে ট্ৰনধেইমত বিভিন্ন ভাৰতীয় উৎসৱ যেনে হোলি, দিপাৱলী, ভাৰতীয় খাদ্য আৰু বোলছবি মহোৎসৱ, বলিউদ নৃত্য উৎসৱ, ভাৰতীয় স্বাধীনতা দিৱস, গান্ধী জয়ন্তী, আদি পালন কৰি আহিছে৷ যোৱা বছৰ সপ্তাহ যোৰ কাৰ্য্যসূচীৰে ভাৰত-চৰকাৰ আৰু নৰৱে চৰকাৰৰ পৃষ্ঠপোষকতাত India-NTNU সপ্তাহ পালন কৰা হয়, ' সমগ্ৰ সপ্তাহ ধৰি ভাৰতৰ বিভিন্ন শিক্ষাবিদ, সংগীতজ্ঞ, চিনেমা বিশেষজ্ঞ, বিভিন্ন বিষয়ৰ বিশেষজ্ঞ আদিয়ে ট্ৰনধেইম ভ্ৰমন কৰিছিল৷ চতৰ্ুদিশে কেৱল ভাৰতীয় ত্ৰিৰংগা, ভাৰতীয় খাদ্য, ভাৰতীয় সংগীত, ভাৰতীয় গোন্ধ৷ তাৰ পিছৰে পৰা ভাৰতীয় সকলৰ প্ৰতি ইয়াৰ ৰাইজৰ আদৰ, সন্মান আৰু বহুগুণে বৃদ্ধি পাইছে৷ ভাৰতীয় সকলৰ প্ৰতিভা, ভাৰতীয় ঐতিহ্য দেখি-শুনি, জানি-বুজি তবধ মানিছিল সকলোৱে৷ ইতিমধ্যে তাৰ পিছৰে পৰা ভাৰতৰ বিভিন্ন অনুস্থান, প্ৰতিস্থানৰ লগত বহু মিলিয়ন নৰৱেজিয়ান ক্ৰনাৰৰ পাৰস্পৰিক প্ৰকল্প আৰম্ভ হৈছে৷ ট্ৰনধেইমস্থিত ভাৰতীয় ছাত্ৰসমাজৰ প্ৰতিনিধি হিচাপে এই অভাজনেও ভাৰতীয় দূতাৱাস, বিশ্ববিদ্যালয়ৰ লগত ওচৰ সম্পৰ্ক ৰাখি কাম কাজ কৰিবলগীয়া হৈছিল৷



আনকেইবছৰৰ দৰে এইবাৰো ১০-১১-১২ তাৰিখে নৰৱেৰ ট্ৰনধেইম নগৰীত ইণ্ডিয়ান ষ্টুডেন্টছ 'ৰামৰ সৌজন্যত দিপাৱলী উদযাপন কৰা হৈছিল৷ এইবাৰ অংশগ্ৰহনকাৰীৰ সংখ্যা যোৱাবাৰতকৈ বেছিয়েই আছিল (প্ৰায় ৫০০), যাৰ ভিতৰত ২০০ মান বিভিন্ন দেশৰ অভাৰতীয় অতিথি৷ হয়টো যোৱাবছৰ হৈ যোৱা India-NTNU সপ্তাহৰ প্ৰভাৱ৷ মই ২০০৯ চনত ইণ্ডিয়ান ষ্টুডেন্টছ 'ৰামৰ সভাপতি আছিলো আৰু লগতে সেইবাৰ দিপাৱলীৰ সাংষ্কৃতিক অনুস্থানত ভূপেন দাৰ 'মানুহে মানুহৰ বাবে' আৰু 'বুকু হম্ হম্ কৰে' গান দুটা হিন্দী, বাংলা আৰু অসমীয়া ভাষাত পৰিৱেশন কৰিছিলোঁ( আচলতে গোৱাৰ চেষ্টা কৰিছিলো) মূল উদ্দেশ্য আছিল উত্তৰ-পূৱ ভাৰতৰ অখ্যাত অসম নামৰ ৰাজ্যখনক, ভূপেন দাৰ জৰিয়তে উপস্থিত দৰ্শক সকলক পৰিচয় কৰাই দিয়া৷ মই গান দুটাৰ ইংৰাজী তৰ্জমা পাৱাৰ পইন্টত লিখি দিছিলো যাতে ৰাইজে পঢ়ি ভাৱাৰ্থ বুজি পাব পাৰে মোৰ অপেশাদাৰী কণ্ঠত যে তেঁওলোক অলপো আকৃষ্ট নহ' সেই বিষয়ে মোৰ সন্দেহ নাছিল৷ (হয়টো ভদ্ৰতাৰ বাবেই সকলোৱে মোৰ গান শুনি কিন্তু হাত তালি ঠিকেই বজাইছিল) ভূপেন দাৰ তেতিয়া অসুখত ভূগি মুম্বাইৰ হস্পিতেলত আছিল৷ মই ভূপেন দাৰ জীৱন আৰু কৃতিৰ বিষয়ে খন শ্লাইদ প্ৰদৰ্শন কৰি চিকিৎসালয়ত থকা ভূপেন দাৰ আশু আৰোগ্য কামনাৰ বাবে উপস্থিত ৰাইজক এক মিনিট প্ৰাৰ্থনা কৰিবলৈ কোৱা মাত্ৰকে সকলোৱে সহযোগ কৰিছিল৷ 



এইবছৰ মোৰ কৰ্মব্যস্ততাৰ হেতু দিপাৱলীৰ আয়োজনত বিশেষ সক্ৰিয় ভাৱ অংশগ্ৰহন কৰিব পৰা নাছিলো, সেয়ে সাধাৰণ দৰ্শক হিচাপে অনুস্থানলৈ বুলি 'লো৷ এইবাৰৰ আয়োজক 'ৰা-ছোৱালী কেইজন যথেষ্ট কৰ্মপটু৷ সকলোবোৰ সুবন্দোবস্ত কৰি ৰাখিছে৷ আগতীয়া ভাৱে ইন্টাৰনেট যোগে টিকেট বিক্ৰী, খাদ্যৰ সুব্যৱস্থা দেখি ভাল লাগিল৷ দিনৰ ভাগত অৱশ্যে মইও ৰন্ধা-মেলা কৰাত সহায় কৰি দিছিলোগৈ৷ ইয়াত পৰিৱেশন কৰা খাদ্য সমূহ ৰাইজৰ স্বেচ্ছাসেৱাৰে প্ৰস্তুত কৰা হয়৷ অনুস্থানলৈ ট্ৰ'নধেইমৰ মেয়ৰ, ট্ৰ'নধেইমস্থ ভাৰতীয় উচ্চায়ুক্ত আদিৰ লগতে বিভিন্ন দেশৰ, বিভিন্ন বয়সৰ ব্যক্তি আহিছিল৷ এইবাৰ অনুস্থানত বিভিন্ন ভাৰতীয় নৃত্য-গীত আদিৰ লগতে পাকিস্তান, নেপাল আৰু বাংলাদেশৰ একোটাকৈ দলক অনুস্থান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল৷ পাকিস্তানী দলটোৱে সুন্দৰ শ্বায়েৰী পৰিৱেশন কৰিলে৷ নেপালী দলটোৱে আমাৰ হুঁচৰিৰ নিচিনা এটা দলীয় নৃত্য পৰিৱেশন কৰিলে ' দিপাৱলীৰ সময়ত ঘৰে ঘৰে গৈ গৃহস্থক আশীৰ্বাদ দিয়া হয়৷ এইবাৰ আহিল বাংলাদেশৰ দলটো৷ ইয়াৰ পিচতে মোৰ বাবে ৰৈ আছিল এক বিস্ময়কৰ অভিজ্ঞতা৷ তিনিজনীয়া দলটোৰ এজনৰ হাতত গীতাৰ৷ তেঁওলোকে গীত পৰিৱেশন কৰিব৷ এজনে মাইক্ৰ'ফোনটো হাতত 'লে৷ তাৰ পিছত তেঁও ডঃ ভূপেন হাজৰিকাৰ বিষয়ে চমুকে দুআষাৰ 'লে আৰু 'লে যে তেখেত ভাৰতবৰ্ষৰ অসম নামৰ ৰাজ্যত জন্ম হোৱা এজন বিখ্যাত সংগীতজ্ঞ, মানৱ দৰদী শিল্পী আৰু বাংলাদেশতো তেখেতৰ গান সমানেই জনপ্ৰিয়৷ তেখেতৰ মৃত্যুত ভাৰতবাসীৰ লগতে বাংলাদেশ বাসীও আজি মৰ্মাহত৷ তেখেতৰ স্মৃতিত তেঁওলোকে ভূপেন দাৰ এটা অসমীয়া গানৰ বাংলাৰূপ পৰিৱেশন কৰিব৷ লগে লগে গাই ' 'বুকু হম্ হম্ কৰে গানটোৰ' বাংলা ৰূপান্তৰ৷ বিমুগ্ধ ভাৱে মই চাই 'লো৷ গানৰ শব্দৰ অৰ্থ বুজি নোপোৱা সকলেও গানৰ সুৰ আৰু লহৰতেই হাত চাপৰি বজালে৷ গানৰ সুৰত দুই এঠাইত অলপ ভুল কৰিছিল৷ সেইখিনি হয়টো এই মুহুৰ্ত্বত অতি সামান্য কথা৷ মই কিছু আবেগবিহ্বল হৈ পৰিছিলো মূহুৰ্ত্বৰ বাবে৷ মঞ্চৰ পৰা নামি অহাৰ পিচত বাংলাদেশী বন্ধুকেইজন সৈতে কৰমৰ্দন কৰি তেঁওলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ 

এইয়াই ভূপেন দা৷ ৰাজনৈতিক, ভৌগোলিক পৰিসীমা নেওচি বিশ্বজনতাৰ হিয়াঁত ঠাই পাব পৰা সকলোৰে 'আমাৰ ভূপেন দা'

Thursday, October 25, 2012

~ঋতু আহে ঋতু যায়~




(-পংকজ বৰা)
-------------------------------

আকাশৰ পৰা নামি আহিছে শুভ্ৰ গুড়ি গুড়ি বৰফ
হাতে হাত ধৰি গৈ আছে এজোৰ প্ৰেমিক চৰাই
শীতৰ অপেক্ষাৰত হেমন্তৰ ভিন্নসুৰী ৰং
ইতঃস্ততঃ সিঁচৰিত মেপলৰ শুকান পাত
আপোনভোলা মন
আপোনবিভোৰ যৌৱন
তুষাৰ পাতৰ তীব্ৰতা বাঢ়ি গ'ল
হঠাতেই হাতদুখনৰ বান্ধোন সুলকি গ'ল
তুষাৰপাতৰ ধূঁসৰতাৰ মাজত দুয়ো দুয়োৰ পৰা আঁতৰি গ'ল
তীব্ৰবেগী বতাহৰ কৰ্কশ কোলাহল
দূৰত বাঁহ ভগা এহাল চাকৈ চকোৱাৰ হৃদয় বিদাৰক ক্ৰন্দন
উন্মাদ প্ৰকৃতি
উন্মাদ বাস্তৱ
ঠেঁটুৱৈ ধৰা জাৰত সেঙেতা লাগি
নিৰ্জীৱ হৈ পৰিল পৃথিৱী অন্তিম সেউজীয়াখিনি
এতিয়া মাথো শুভ্ৰতা
বৰফৰ ওপৰত পৰি থকা শুকান মেপলৰ পাতকেইটা
যেন একো একোটা বৰফীভূত শুকান হৃদয়
শীত আহে হেমন্ত যায়
অনেক হৃদয়ক নিঠৰুৱা কৰি উৰি আহে ঠেঁটুৱৈ ধৰা জাৰ
তথাপিও জীয়াই থাকে অনেকবোৰ গছ
কাৰণ সিঁহতে জানে
প্ৰত্যেক শীতৰ পাছত আকৌ আহে বসন্ত
আৰু প্ৰতিটো বসন্তত জন্ম হয় হাজাৰটা সেউজীয়া হৃদয়ৰ
এনেকৈয়ে ঋতু আহে ঋতু যায়

Monday, September 3, 2012

মাই হাৰ্ট গ'জ আউট টু দা পিপ'ল অফ্ আচাম


~পংকজ বৰা

ধুৰুম্৷

ৰাতি ২ বজাত হোৱা এনেকুৱা অদ্ভূত শব্দত মোৰ কাষৰ কোঠালিত টোপনিত থকা পৰা মুকেশ কুমাৰ নামৰ বন্ধুজন উঠি আহি মোৰ দৰ্জাত টুকুৰিয়ালেহি৷ থত্ মত খাই মই সেমেনা সেমেনাকৈ দৰ্জাখন খুলি ওলাই গ'লো৷ সি হিন্দীতে সুধিলে "কি হ'ল?" মই অপ্ৰস্তুত ভাৱে উত্তৰ দিলো " এহ্ বিশেষ একো হোৱা নাই৷ বিচনাত শুই শুই ৰাতি লেপটপটো লৈ কাম কৰি থাকোতে কেতিয়া টোপনি গ'ল গমেই নেপালো৷ হঠাত লেপটপটো বিচনাৰ পৰা মজিয়াত সৰি পৰিল৷ কাঠৰ মজিয়া বাবে ডাঙৰ শব্দ হ'ল৷" সিয়ো সঁচা বুলি মানি লৈ ঘূৰি গ'ল৷ হঠাৎ মোৰ সোঁভৰিত এক তীব্ৰ বিষ অনুভৱ কৰিলো৷ কি ঘটিল মনত পেলাবলৈ যত্ন কৰিলোঁ৷














******
গুৱাহাটীত উত্তপ্ত পৰিস্থিতি৷ সকলো ভয়াৰ্ত মানুহ পলাইছে৷ লাম লাকটু জোনে যি পাইছে হাতত লৈ পলাইছে৷ এক ভয়াৰ্ত যুদ্ধসদৃধ জৰুৰীকালীন অৱস্থা৷ মইও গাড়ীখন লৈ ততাতৈয়াকৈ ওলালো৷ জি এছৰ ৰোডৰ লাইন লাইন গাড়ীৰ প্ৰচণ্ড ভীৰ কোনোমতে পাৰ হৈ আহিলো৷ যোৰাবাট পাৰ হৈ ১০০ কিমি প্ৰতি ঘন্টা বেগ ওপৰতত গাড়ী দৌৰাইছো৷ মানুহে কোৱা শুনিছিলো শৰাইঘাট দলংখন হেনো উৰালে৷ নৰনাৰায়ণ সেঁতুখনো উৰালে৷ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, নলবাৰী জ্বলি শেষ৷ অসমীয়াৰ নাম গোন্ধেই নাই৷ কেইজনমান যেনে তেনে বাচি আহি গুৱাহাটী পাইছেহি৷ গুৱাহাটীৰ নেতাবোৰে খবৰটো আগতীয়াকৈ পাই অসমৰ বাহিৰত থকা নিজৰ ঘৰত আশ্ৰয় লৈ আছেগৈ৷ মই গাড়ী দৌৰাই আছো দৌৰাই আছো দৌৰাই ৷ নেলী পালোগৈ, অজান আশংকাত বুকুখন কঁপি উঠিল৷ ৰহা খন তেনেই নিমাও মাও৷ জাগীৰোদৰ কাগজ কলত ঘৰবোৰ জ্বলি আছে৷ দোকান পোহাৰ বোৰ ফুটছাই হ'ল৷ অলপ দূৰ গৈ দেখিলো ৰাস্তাত কেইবাখনো ভঙা-চিঙা গাড়ী৷ কেইবাটাই আধাজ্বলা মৃতদেহ৷ এজনী উলংগ মহিলাৰ মৃতদেহ, চিৰাচিৰ কৰি ফালি থোৱা বুকু৷ ভূতৰ ওপৰত দানহ পৰাদি তাতেই মোৰ গাড়ীৰ তেল শেষ হ'ল ৷ ইতিমধ্যে আন্ধাৰ হৈ আহিছে৷ দূৰত কাৰোবাৰ কোৰ্হাল শুনিলো, যেন মোৰ ফালেই আগুৱাই আহিছে৷ গুৱাহাটীৰ ফালে ঘূৰি চাই দেখিলো, আকাশখন ৰঙচুৱা হৈ উঠিছে৷ মাজে মাজে একো একোটা হিলৈ ফুটা হেন গুৰুম্ গুৰুম্ শব্দ৷

ক'ত কি হৈ আছে খবৰ পোৱাৰ কোনো উপায় নাই৷ ম'বাইলৰ নেটৱৰ্ক ইতিমধ্যে বন্ধ৷ প্ৰায়কেইটা কন্ট্ৰ'ল টাৱাৰ ইতিমধ্যে উৰাই দিছে৷ মোবাইল কোম্পানীৰ বিষয়া, ইঞ্জিনীয়াৰ বোৰে ইতিমধ্যে অসম এৰি গুছি গৈছে৷ মই গাড়ীখন তাতে এৰি পথাৰলৈ পোনালো৷ আন্ধাৰে মুন্ধাৰে দৌৰিছো আৰু দৌৰিছো৷ বহুদূৰ দৌৰাৰ পাছত চকামকাকৈ দেখিলো এদল মানুহে আহি মোৰ গাড়ীখন জ্বলাই দিছে৷ মোৰ গা শিঁয়ৰি উঠিল৷ অন্ঠ-কন্ঠ শুকাই গ'ল৷ মই পথাৰৰ আলিয়ে আলিয়ে দৌৰিছো আৰু দৌৰিছো৷ কিমানদূৰ গ'লো নেজানো৷ দৌৰিছো আৰু দৌৰিছো৷ পথাৰৰ মাজত অৰ্ধসম্পূৰ্ণ ৰংগমঞ্চৰ নিচিনা ঘৰ এটা দেখিলো৷ খুউব জোৰেৰ ধুমুহা বৰষুণ আহিছে৷ ভাগৰত ভৰি নচলা হ'ল৷ গৈ ৰংগমঞ্চটোৰ ভিতৰত সোমালো৷ মজিয়াত দীঘল দি পৰিব খোজোঁতেই কোনোবা দুটাই হেন্দছ্ আপ বুলি চিঞৰি উঠিল৷ মই বোলো শেষ, খেল খটম৷ ভিঁজা কাপোৰৰ মাজে মাজে শৰীৰৰ তলৰ অংশইদি কিবা গৰম পানীৰ সোঁত এটা বৈ গ'ল৷ ভালকৈ চাই দেখিলো হাতত উদ্যত থ্ৰী নট থ্ৰী বন্দুক লৈ অসম পুলিচৰ দুজন কনিষ্টবল৷ মোক অদ্যোপান্ত সুধিলে, মইও ক'লো৷ বাংলাদেশী আহি এতিয়ালৈ গুৱাহাটী পালেহি চাগে৷ পুলিচ দুজন হেনো এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হৈ আহিছিল৷ ৰাস্তাতে এদল উন্মত্ত মানুহে আক্ৰমণ কৰিলে৷ টানি আজুৰি উলিয়াই নিলেআৰক্ষী অধীক্ষক গৰাকীক৷ ৰাস্তাত দেখি অহা উলংগ ক্ষত বিক্ষত নাৰীদেহটোলৈ মনত পৰিল৷ পাইলট গাড়ীখনত যোৱা এঁওলোক দুজনে কিবা প্ৰকাৰে তাৰ পৰা বাচি আহিল৷ অলপ দূৰ আহি ৰাস্তাৰ দলং ভঙা পায় তাতে গাড়ী এৰি পথাৰে পথাৰে আহি ইয়াত সোমাইছেহি৷

তাহাত দুটাই আৰক্ষী বিষয়া গৰাকীৰ মূখত শুনিছিল হেনো যে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীক ভাৰত চৰকাৰৰ পৰা সামৰিক সহায় বিচাৰিবলৈ কৈছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে হাইকমাণ্ড মেডামৰ নিৰ্দেশলৈ ৰৈ থাকোঁতেই কোন তলকত বাংলাদেশী বাহিনী আহি পালেহি ততেই ধৰিব নোঁৱাৰিলে৷ অত্যাধুনিক মাৰনাস্ত্ৰ, ক্ষেপনাস্ত্ৰ, টেংকেৰে সুসজ্জিত বাংলাদেশী বাহিনীৰ সন্মূখত অসম আৰক্ষী তিস্তিবই নোঁৱাৰিলে৷ অৰুণাচলৰ লগতে লখিমপুৰ ধেমাজিলৈকে হেনো চীনা সৈনা পালেহি৷ নগাই তলৰ ফালৰ পৰা কঁচুকটা দিছে৷ যেনে তেনে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰত পলৰীয়া অসমীয়া খিনিয়ে পেপুৱা লাগি আছে৷ কোন মূহুৰ্ত্বত তাৰ পৰাও বিতাৰিত হয় ঠিকনা নাই৷ পৰিস্থিতি ইমানেই পালৈগৈ যে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰীয়ে এটা ৱায়াৰলেছ মেচেজ পঠালে "মাই হাৰ্ট গ'জ আউট টু দা পিপ'ল অফ আচাম" ৷ ইমান তৎক্ষণাতে ভাৱিব নোঁৱাৰা কাণ্ডবিলাক ঘটি গ'ল৷ কোনেই ততেই ধৰিব নোঁৱাৰিলে৷

হঠাতে পাখি লগা উজ্জ্বল কিবা এটা উৰি আহি আমি সোমাই থকা ঘৰটোৰ নাতিদূৰতে পথাৰত পৰিলহি আৰু ভয়ংকৰ শব্দ কৰি বিস্ফোৰণ হ'ল৷ কেউজন চিটিকি পৰিলোঁ৷ লগে লগেই এটা বিকট শব্দ 'ধুৰুম্' ৷ তাৰ অলপ পাছতেই মোৰ দৰ্জাত খট্ খট্৷ মই সম্বিৎ ঘূৰাই পালো, নিজকে বিচনাৰ পৰা তলত, মানে কাঠৰ মজিয়াত উদ্ধাৰ কৰিলোঁ৷ যেনে তেনে উটি আহি দৰ্জাখনৰ ফালে খোজ ল'লো৷ মুকেশক জীয়া ফাঁকি এটা দি পানীৰ বটলটো হাতত ল'লো৷ পিন্ধি থকা গেঞ্জীটো ইতিমধ্যে ঘামত টেপ্ টেপীয়া হৈছে৷ ফ্ৰীজৰ পৰা উলিয়াই দেৰ লিটাৰ মান পানী খালো৷

*******
















আচলতে মই এটা ভয়ানক সপোন দেখি আছিলো৷ শেষৰ বিস্ফোৰণটোত বিচনাৰ পৰা জপিয়াই দিলো৷ তাৰ পিছত বহু চেষ্টা কৰিও টোপনি নাহিল৷ কিবা এক ভয় আৰু দুশ্চিন্তাত মই ভাৰাক্ৰান্ত হৈ পৰিলো৷ সেই সপোনটোৰ দুৰ্বিসহঃ যন্ত্ৰণাৰ পৰা মই এতিয়াও মুক্তি পোৱা নাই, আৰু খুউব সোনকালে মুক্তি পাম বুলি মনে ধৰা নাই৷

দূৰত থাকিলেও কেতিয়াও সুবিধাবাদী ভণ্ড নেতাৰ দৰে নকঁও "মাই হাৰ্ট গ'জ আউট টু দা পিপ'ল অফ আচাম"৷ সেয়ে সপোনতো দেশৰ দুৰ্দিনৰ সময়ত গৈ মনটো নিজৰ দেশ পালেগৈ৷ যিমানেই যী নহওক 'এই দেশ, মোৰ দেশ'৷ মৰিলেও বিদেশৰ পৰা দৌৰি গৈ দেশৰ মানুহৰ লগতে দেশৰ মাটিত মৰিম অমিয়া মৰণ৷ কাৰণ-

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |

দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |

আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ....
(-হীৰু দা)




















(এটা সঁচা সপোনৰ আঁত ধৰি লিখা৷ অন্তৰৰ পৰা কামনা কঁৰো এনে দিন যাতে অসমলৈ আকৌ কেতিয়াও নাহে৷ )

তুমি আছা বাবেই ৰুক্ষ পৃথিৱীখন আজিও মোৰ বাবে সেউজীয়া


তুমি আছা বাবেই ৰুক্ষ পৃথিৱীখন আজিও মোৰ বাবে সেউজীয়া 

- পংকজ বৰা

তুমি আছা বাবেই
সপোন আছে,

সপোন আছে বাবেই
জোনাক আছে,

জোনাক আছে বাবেই
জীৱন আছে,

জীৱন আছে বাবেই
হেঁপাহ আছে,


বুকু ভৰা এনে বহু জীপাল হেঁপাহ আছে বাবেই
ৰুক্ষ পৃথিৱীখন আজিও মোৰ বাবে সেউজীয়া ৷

Saturday, August 18, 2012

সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজী আৰু অসমীয়াৰ জাতীয় চৰিত্ৰ


~ পংকজ বৰা

আজিৰ এই দুৰ্দিনৰ সময়ত ভুক্তভোগী সকলোৰে প্ৰতি নিশ্চয় মোৰ সহমৰ্মিতা আছে৷ অসমীয়া সকলৰ আলৈ আথানি দেখি আত্মবিশ্লেষণৰ দৃষ্টিৰে মই মোৰ মতামত ব্যক্ত কৰিছো৷অসমীয়া জাতিৰ বেয়া গুণবোৰ যিমানেই বিচাৰি উলিয়াম, অসমীয়া হিচাপে মই নিজেও এইবোৰ অপ্ৰিয় সত্য কথাৰ অংশীদাৰ হ'ম৷ আত্মবিশ্লেষণ নকৰিলে, আত্মশুদ্ধিও কেতিয়াও নহ'ব৷ "আমি অসমীয়া নহঁও দুখীয়া" বুলি গপত গঙাটোপ হৈ বহি থাকি একো লাভ নাই৷ পৃথিৱীৰ চুক-কোণ নেদেখা একেবাৰে সৰ্বশ্ৰেষ্ঠ ঘৰগোণা জাতি হয়টো অসমীয়া জাতি৷ তথাপিও সৰ্বজান্তা অসমীয়া মানুহৰ এটা ওস্তাদি গুণ আছে৷ ঘৰে ঘৰে বহি চাহ -তামোল খায় মুখৰোচক আদ্দা মৰা৷ গাঁৱখনৰ বা জিলাখনৰ বাহিৰলৈ হয়টো জীৱনত কেতিয়াও গৈ পোৱা নাই তাত থকা মানুহক আকৌ সেই ঠাইৰ বিষয়ে উপদেশ দিয়ে৷ বেমাৰীৰ খবৰ ল'বলৈ গৈ ডাঙৰ ডাঙৰ চিকিৎসা উপদেশ দিয়ে, কি খালে ভাল, কি বেয়া, কোন ডাক্তৰ ভাল, কোন বেয়া, ভাৰতৰ কোন হস্পিটেল ভাল, কোনখন বেয়া, কোন বেমাৰীৰৰ কি হ'ল ইত্যাদি ইত্যাদি৷ (বেমাৰী খবৰ ল'বলৈ যাঁওতে চাহ-তামোল খন ভালকৈ নুখুৱালে আকৌ বেলেগৰ আগত বোৱাৰীজনীৰ বদনাম গাবলৈ নেপাহৰে দেই)৷ যি খাদ্য কেতিয়াও খাই পোৱা নাই সেই খাদ্যৰ গুণাগুণৰ বিষয়ে হয়টো কোনোবা ৰন্ধনবিদক উপদেশ দিয়ে৷ যি খেল কেতিয়াও খেলি পোৱা নাই তাৰ ওপৰত এক্সপাৰ্ট কমেন্ট, খেলুৱেক টিপছ্৷ উফ কি যে কাৰবাৰ৷ মই বহু শিক্ষিত মানুহো লগ পাইছো৷ মোক বিদেশৰ কথা শিকাই৷ তাত অমুকটো, তমুকটো, এনে কৰিবি, তেনে নকৰিবি৷ হে ভগৱান, অশিক্ষিত মানুহৰ কথা বাদ দিলো৷ শিক্ষিত সকলৰ এনে কাণ্ড কাৰখানাত হতভম্ব হঁও৷ তথ্য প্ৰমাণ সহকাৰে বুজালেও নুবুজা অদ্ভূত ওস্তাদি কাৰবাৰ৷


সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজীক লৈ মোৰ মনত কেইটামান চিন্তাৰ উদ্ৰেগ হৈছে-

১) অসমীয়া জাতি ঘৰগোনা আৰু ভয় পদুৰা, পলৰীয়া নেকি? অসমত দেখোন সকলোৰে ডাঙৰ ডাঙৰ কথা, আন্দোলনেই আন্দোলন, নেতাই নেতা! সেই বাবেই কোনো কথাৰ সঁচা মিছা বিচাৰ নকৰাকৈ ভুৱা ভাবুকিতে হাজাৰে হাজাৰে টালি-টোপোলা বান্ধি অসমলৈ দৌৰিছে নেকি? এইয়াই লুইতপৰীয়া, লাচিতৰ-মূলা গাভৰুৰ কথা কৈ সকলো সময়তে ফুটনি মাৰি থকা ফোঁপজহী জাতিৰ আচল চৰিত্ৰ?

২) তাৰ পৰিৱৰ্তে সকলো অসমীয়া একত্ৰিত হৈ সাহসেৰে পৰিস্থিতিৰ সন্মূখীন হ'বলৈ প্ৰস্তুত হ'ব নোঁৱাৰে কিয়? অসমীয়াৰ জাতিৰ মাজত একতা নাই৷

৩) অসমৰ সংবাদ মাধ্যমৰ ভূমিকা: যিসময়ত সংবাদ মাধ্যমে প্ৰকৃত খবৰ দি সাহসেৰে ৰাইজক আতংকিত নহ'বলৈ ক'ব লাগিছিল, সেই সময়ত কেৱল ভিত্তিহীন খবৰেৰে (কেতিয়াবা অশ্বথামা হতঃ ধৰণেৰে) অসমৰ ৰাইজক আতংকিত কৰি তুলিছে কিয়? বাংগালোৰত কি হৈছে তাত থকা ৰাইজতকৈ অসমৰ সংবাদ মাধ্যমৰ কৃপাত অসমৰ ৰাইজে বেছিকৈয়ে গম পায়৷ নগৈ গড়গাঁৱৰ বাতৰি দিয়া, বাতানুকুল কক্ষত বহি বৰ বৰ আলোচনা কৰি থকা এই ব্যক্তি সকলৰ সামান্যতমো দায়িত্ববোধ নাই নেকি ? পৰহি এটা চেটেলাইট চেনেলত এটা পেনেল আলোচনা চলিছে "হায়দৰাবাদৰ পৰা পলাইছে হাজাৰ হাজাৰ অসমীয়া, মৌলবাদীৰ ভাবুকি অসমীয়াক" ইত্যাদি, কেইবাজনো বিশেষজ্ঞ অসমীয়া ষ্টুদিঅ'ত৷ এগৰাকী বিশিষ্টা সাহিত্যিক , তথা এখন কাকতৰ সম্পাদিকা আছেগৈ হায়দৰাবাদত৷ তাৰপৰা সেই অনুস্থানতে ফোনযোগে জনাইছে যে তেনে একো হোৱা নাই, তেঁও নিজেও দেখা নাই, বহুতকে সুধিছেও কোনেও একো নেজানে৷ কাৰো এইবোৰ কথা ভাৱিবলৈ সময় নাই, কৰ্মব্যস্ত৷ তথাপিও কিন্তু আলোচনাটো ষ্টুদিঅ'ত থকা বিশেষজ্ঞ কেইজনে চলাই গ'ল, ডাঙৰ ডাঙৰ 'হাইপ'থেছিছ', ডাঙৰ ডাঙৰ 'ক্ৰিটিকেল' বিশ্লেষণ৷ উফ্ কি ভয়ানক কাৰবাৰ! প্ৰকৃত পৰিস্থিতিতকৈ সুবিধাবাদী ৰাজনৈতিক নেতা আৰু স্বাৰ্থলোভী সংবাদ মাধ্যমৰ নিকৃষ্ট কাৰ্য্যকলপাৰ বাবেই অসমৰ পৰা ওলাই যোৱা হাজাৰ হাজাৰ লোক আৰু তেঁওলোকৰ পৰিয়াল বৰ্গ আতংকগ্ৰস্ত হৈ পৰিছে৷

৪) অসমৰ ৰাজনৈতিক নেতাৰ চৰিত্ৰ: আজি এনে ঘটনা যদি ভাৰতৰ আন প্ৰদেশৰ যেনে গুজৰাট, মহাৰাষ্ট্ৰ, ইউপি, বিহাৰ, পশ্চিমবংগ আদিৰ লোক ক্ষতিগ্ৰস্ত হ'লহেতেন, তেতিয়া হ'লে কি হ'লহেতেন বাৰু, কল্পনা কৰি চাইছেনে? আমাৰ নেতাই গুৱাহাটীত সংবাদ মেল পাতে, দুজনে বা তিনিজনে সংসদ ভৱনৰ সন্মূখত ধৰ্ণা দিয়ে, অনশন কৰিয়েই নেতেগিৰি শেষ কৰে৷ জাতিৰ এই মহা সংকটৰ সময়ত দলৰ স্বাৰ্থৰ উৰ্দ্ধত জাতিৰ বাবে একেস্বৰে মাত মাতিব নোঁৱাৰে কিয় ? নে তাৰ বাবেও কেন্দ্ৰীয় হাই কমাণ্ডে নিৰ্দেশ দিব লাগিব? জাগা অসমীয়া নেতা জাগা৷ প্ৰথমে তোমাৰ তেজত অসমীয়াত্বৰ চাপ, তাৰ পিচতহে ভাষা, ধৰ্ম, ৰাজনৈতিক দলৰ চাপ৷

ইমানদিনে সমগ্ৰ বাংগালোৰক নিৰাপত্তা দি থকা সকলেই নিৰাপত্তাহীনতাত আজি ভূগি পলাই গৈছে আৰু তাৰ ৰাইজৰ (অন্ততঃ কৰ্মৰত সংস্থানসমূহৰ গুৰিয়াল সকলৰ) একো দায়িত্ববোধ নাই ? অসমৰ নেতা - অসমৰ হাঁহেৰে বাংগালোৰত গৈ মাঘবিহু খোৱা খবৰ ছবিৰে সৈতে বাতৰি কাতত প্ৰকাশ কৰাব পাৰে, হায়দৰাবাদ বাংগালোৰ বিহু নাচিবগৈ পাৰে, এই সংকটৰ সময়ত বৰ বৰ নেতা সকলৰ এজনেও কিন্তু ভয়াৰ্ত ৰাইজৰ কাষত গৈ থিয় হৈ নিৰ্ভয় দিব নোঁৱাৰে৷ এইয়াই অসমীয়া নেতাৰ সংজ্ঞা আৰু নাঙঠ চৰিত্ৰ৷


মই নিজৰ উদাহৰণ দিছো৷ ২০০৫ চনৰ কথা ৷ মুম্বাইত প্ৰলয়ংকাৰী বানপানী হৈছিল ৷ মই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অংশ হিচাপে মুম্বাইৰ 'ভাৱা আণৱিক গৱেষণাগাৰ' (BARC) ত আছিলোগৈ৷ বানপানীত পথ/ৰেইল/উৰাজাহাজ/ টেলিফোন যোগাযোগ, সব বিচ্ছিন্ন৷ ৰেদিঅ' নে টিভিত খবৰ ওলাল এই বানপানীৰ৷ দেউতাৰ তেনে এজন সৰ্বজান্তা ওস্তাদ বন্ধু এজনে আমাৰ ঘৰত চাহপানী খাবলৈ গৈ লেকচাৰ মাৰি আছে৷ মই মুম্বাইত থকা বুলি দেউতাই ক'বলেহে পালে, সেইজনা ওস্তাদে ক'লে নহয় দেউতাক যে মুম্বাইত চুনামি হৈছে, হাজাৰ হাজাৰ মানুহৰ দুৰাৱস্থা, মৃত্যু হৈছে৷ মা-দেউতাই মোৰ লগত যোগাযোগ কৰিব চেষ্টা কৰি বিফল হ'ল৷ মইও যোগাযোগৰ কোনো উপায় পোৱা নাই৷ এটিএম কাম নকৰাত মোৰ হাতত ফুটাকৰি এটাও নোহোৱা হ'ল৷ এনেহেন অৱস্থাত মানসিক ভাৱে ভাগি পৰি দেউতাৰ হৃদৰোগত আক্ৰান্ত হ'ল আৰু এমাহতকৈ ওপৰৰ কাল গুৱাহাটী আৰু দিল্লীৰ চিকিৎসালয়ত চিকিৎসাৰ অন্তঃত সুস্থ হৈ ঘৰলৈ ওভতিল৷ এটা সৰু কথাই কিমান ডাঙৰ অথন্তৰ ঘটাব পাৰে সেইয়া আমাৰ মানুহে বিৱেকেৰে ভাবি নেচায়৷

এটা কৌতুক আছে - এজন তেনেকুৱা অসমীয়া মানুহে বৰ বৰ লেকচাৰ দি থাকে, পৃথিৱীৰ অমুক জেগা জানো, তমুক জেগা জানো, অমুক ঠাইত ইমান দিন , তমুক থাইত ইমান ৰাতি থাকি আহিছো ইত্যাদি ইত্যাদি৷ তেনেতে এজনে ক'লে -"দদাই, আপোনাৰ দেখিছো জিঅ'গ্ৰাফীৰ বিষয়ে বহুত জ্ঞান"৷ দদায়ে তপৰায় উত্তৰ দিলে -"কেলেই নেজানিম আকৌ, যোৱাবছৰ তাত মই তিনি ৰাতি থাকি আহিছো নহয়"! :)

এই যে হায়দৰাবাদ, বাংগালুৰুৰ পৰা হাজাৰে হজাৰে অসমীয়া ডেকা ল'ৰাবোৰ গুছি আহিল, সিঁহতে অসমত কি কৰিবহি? যদি সংস্থাপনৰ অভাৱত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰে? নিজৰ পেটৰ ভোকে কষ্ট দিলে, ঘৰৰ মাক-দেউতাক, ভায়েক ভনীয়েক হঁতক এসাঁজ খুৱাবলৈ, এজোৰ কাপোৰ পিন্ধাবলৈ নোঁৱাৰি যদি আত্মদহনত ভূগি পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ যায়গৈ বা যদি আত্মহত্যা কৰে? তেতিয়া? ইয়াৰ নৈতিক দায়িত্ব ল'বনে সেই মুষ্টিমেয় কেইজনমান ৰাজনৈতিক নেতাই? নৈতিক দায়িত্ব ল'বনে অসমৰ অবিবেচকী সংবাদ মাধ্যমৰ সেইকেইজন বৰমূৰীয়াই ? অনাগত দিনত সৃষ্টি হ'ব পৰা এনে কৰুণ পৰিস্থিতিৰ বাবে এই সকলোকে এদিন পাপে চুব৷ এদিন নহয় এদিন এই পাপীসকল নিজে হাতেৰে গঢ়া ফ্ৰাংকেনষ্টেইনৰ হাতত নিজেই ধৰাশয়ী হ'ব৷
অসমৰ নেতাবোৰে বাৰু এই অৱস্থাক চেলেঞ্জ হিচাপে লৈ অসমত বাৰু প্ৰয়োজনীয় ঔদ্যোগিক পৰিকাঠাম গঢ়ি তুলিব নোঁৱাৰে কিয় ? উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ পৰা ওলাই যোৱা সকলো বিষয়ৰ লাখৰ ঘৰত থকা মানৱ সম্পদ৷ গুৱাহাটীখন হায়দৰাবাদ, বাংগালুৰু, পুনে, চেন্নাই, আহমেদাবাদ হ'b নোঁৱাৰাৰ কি কাৰণ আছে বাৰু ? আই টি পাৰ্ক, বিটি পাৰ্ক , ফলক কেইখন লগায় থ'লেই নহয়৷ ই-গভৰ্নেঞ্চ চিঞৰি থাকিলেই কিদাল হ'ব? আধুনিক পৃথিৱীৰ কোনো ধাৰণা নথকা, ৰাজ্যখনক আগুৱাই নিব পৰা কোনো কাৰ্য্যকৰী পৰিকল্পনা নথকা ,দিল্লীৰ পৰা অহা টকাকেইটাৰে ৰাইজৰ মাজত কিছু অলপ কৰা যেন দেখুৱাই বেছিভাগত টকা নিজৰ পকেটষ্ঠ কৰা নেতাই কি কৰিব ? অসমত যদি এজন মাত্ৰ চন্দ্ৰবাবু, এজন নিতিশ কুমাৰ, এজন নৰেন্দ্ৰ মোডী থাকিলহেতেন! ৰাজনীতি দুৰ্নীতি নকৰা নেতা কম৷ দুৰ্নীতি কৰিলেও শক্তিশালী দূৰদৃষ্টিৰে এখন ৰাজ্যৰ ৰেহৰূপ সলায় দিব পাৰে৷ এজন যদি নেতাৰ কিছু আধুনিক ধ্যান ধাৰণাক বুজাৰ, আধুনিক পৃথিৱীক বুজাৰ সামান্যতমো দৃষ্টিভংগী থাকিলহেতেন! অসম উত্তৰ পূৱ ভাৰতত সোণালী সূৰ্য্য হৈ জিলিকি উঠলহেতেন৷


Thursday, May 31, 2012


দেশ বনাম বিদেশ: প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে

-পংকজ বৰা 



জুলাই মাহত কনফাৰেন্স এখনত অংশগ্ৰহনৰ বাবে আমেৰিকালৈ যাব লাগে৷ আমেৰিকাৰ ভিছাৰ আকৌ ঝামেলা ধেৰ, ' কি কি যে তথ্য, নথি-পত্ৰ লাগে৷ চৌধ্য-পুৰুষৰ আঁতি-গুৰি মাৰি দিব লাগে, বিৰক্তিয়ে লাগিছে৷ তাতে মই ভাৰতৰ নাগৰিক হৈ নৰৱেৰ পৰা ভিছাৰ বাবে আৱেদন কৰাৰ বাবে আৰু বেছি সমৰ্থনমূলক নথি-পত্ৰ দিব লাগে৷ আমেৰিকাৰ দূতাৱাসৰ পৰা মেইল কৰিলে নৰৱেৰ কৰ-বিষয়া আৰু জনসংখ্যা পঞ্জীয়কৰ কাৰ্য্যালয়ৰ পৰা এখন নথি লাগে৷ ৰাতিপুৱাই অফিচলৈ যাঁওতে কৰ অফিচলৈ 'লো৷ গৈ দেখো অফিচৰ দুৱাৰ বন্ধ, আৰু সন্মূখত কেইজনমান কৰ্মচাৰী চকী পাৰি বহি আছে৷ গাত সাৱধানসূচক স্ফূৰদ্দীপ চোলা৷ মই বোলো এতিয়াহে খা, কিবা '! চুচুক চামাকৈ আগবাঢ়ি 'লো৷ গৈ সুধিলো যে অফিচ বন্ধ নেকি৷ বাহিৰত ৰৈ থকা কেইজনৰ ইংৰাজীৰ জ্ঞান সীমিত, মোৰো স্থানীয় ভাষাৰ জ্ঞান তথৈবচ৷ উপায় নাই! আকাৰে ইংগিতে কথাবোৰ বুজালো৷ ভাগ্য ভাল মই যিখন নথি লাগে তাৰ নামটো নৰৱেজিয়ান ভাষাতে কাগজ এখনত লিখি লৈ গৈছিলো৷ তেতিয়াহে তেঁওলোকে 'লে যে ধৰ্মঘট চলিছে, অনিৰ্দিষ্ট ধৰ্মঘট৷ দেশজুৰি চৰকাৰী কৰ্মচাৰী সকলে যোৱা এসপ্তাহ ধৰি অনশন কৰি আছে৷ মৰ বাপেকে এতিয়া, মই এই মূলুকত থাকিয়ো একো গমেই পোৱা নাই, অথচ অসমৰ বন্ধৰ বাতৰি ৰৌজাল-বৌজাল৷ ইয়াত স্কুল, 'লেজ, গাড়ী-মটৰ সকলো দেখোন প্ৰাত্যহিক সাধাৰণ ভাৱেই চলি আছে৷ অসমত প্ৰতিদিনাই কোনোবা নহয় কোনোবা জিলা, মহকুমা বন্ধ থাকেই৷ হিংসা, গাড়ী-মটৰ, দোকান পোহাৰ ভঙা, লাঠিচালনা, গুলীচালনা যেন কিবা সাধাৰণ ৰুটীন৷ এখন দেশত এসপ্তাহ ধৰি দেশজোৰা ধৰ্মঘট আৰু মই গমেই নেপাঁও৷ নিজকে কিবা বুৰ্বকৰ নিচিনা লাগিল৷ বাৰু যিকি নহওক, সেমনা সেমেন কৰি মোৰ নিজৰ অফিচৰ ফালে ৰাওনা 'লো৷ ৰাস্তাত দেখিলো বিভিন্ন ঠাইত বিভিন্ন অফিচৰ সন্মূখত একেদৰেই জুম পাতি পাতি কিছুমান লোক একেধৰণৰ সাৱধানমূলক জেকেট পিন্ধি ৰৈ আছে৷ ৰাস্তাত কোনো ধৰ্না নাই, সমদল নাই, পুলিছো নাই৷ নৰৱে পৃথিৱীৰ অন্যতম শান্তিপ্ৰিয় দেশ আৰু ইয়াত সৰ্বসাধাৰণতে ৰাস্তাত অস্ত্ৰধাৰী পুলিছ কেতিয়াও দেখা পোৱা নেযায়৷ আজি দেশজোৰা ধৰ্মঘটৰ দিনটোও তাৰ ব্যতিক্ৰম নহ'ল৷ 

মই তাৰ পৰা উভতি গৈ অফিচ পালোগে৷ মোৰ সহকৰ্মী ডঃ য়েনছ্ ৰহলফক সুধিলো তেখেতে ধৰ্মঘটৰ কথা কিবা জানে নেকি৷ তেখেতে তেতিয়াহে মোক অলপ বিতংভাৱে 'লে৷ আৰু 'লে যে দৰাচলতে আমিও অফিচ বৰ্জ্জন কৰিব পাঁৰো৷ কিন্তু আমাৰ গৱেষণাগোটৰ কোনেও বৰ্জ্জন কৰা দেখা নেপালো৷ বিভিন্ন বিভাগৰ কৰ্মচাৰী সংগঠনৰ হৈ এজন বা দুজন প্ৰতিনিধি হিচাপে গৈ ধৰ্মঘটত অংশ লৈছে৷ কিন্তু ইয়েই মোটামুটি ৰাজহুৱা প্ৰশাসন ব্যৱস্থা, পুলিচ, কৰ বিভাগ, শিশুকল্যাণ বিভাগ, চাফাই বিভাগ আদি মোটামুটি অচল কৰি তুলিছে৷ চৰকাৰে সঘনাই ধৰ্মঘটকাৰীৰ লগত আলোচনাত বহিছে৷ পেপাৰত নিউজবোৰ পঢ়িলো৷ ইতিমধ্যে এক বিশ্বজোৰা বাতৰি হৈ পৰিছে এই ধৰ্মঘটৰ কথা৷ নৰৱেৰ চৰকাৰী কৰ্মচাৰী সকলে ১৯৮৪ চনৰ পিচত প্ৰথমবাৰৰ বাবে এই দৰে ধৰ্মঘটত নামিছে৷ ধৰ্মঘটৰ কাৰণ বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ লগত ফেৰ মাৰিব পৰাকৈ দৰমহা বৃদ্ধি কৰিব লাগে৷ 











পৃথিৱীৰ ভিতৰতে অন্যতম ধনী নৰৱে এখন সমাজতান্ত্ৰিক দেশ৷ মানৱ সম্পদ বিকাশৰ সূচাংকৰ (Human Development Index) তালিকাত যোৱা কেইবাবছৰ ধৰি নৰৱেই পৃথিৱীৰ ভিৰতে প্ৰথম স্থানত আছে৷ ইয়াৰ মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ৷ ইয়াত ধনী-দুখীয়াৰ প্ৰাৰ্থক্য বেছি নহয়, আৰু দুৰ্নীতি প্ৰায় শুন্য৷ ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰত্যেকজন নাগৰিকৰ বা ইয়াত বসবাস কৰা , কাম কৰা প্ৰতিজন লোকৰে এটা চিনাক্তকৰণ সংখ্যা (National Identity Number) থাকে৷ আলু-পিয়াঁজ কিনাৰ পৰা , হাতী-ঘোঁৰা, ঘৰ-গাড়ী, মোবাইল চিম, বেংক একাউন্ট সকলোতে সেই নম্বৰটো লাগে৷ সেইটোৰ অবিহনে কোনো ইয়াত থাকিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে৷ গতিকে কোনেও অৰ্থনৈতিক দুৰ্নীতিত লিপ্ত 'বই নোৱাৰে৷ ইয়াত কাৰ কিমান সম্পত্তি ( মোৰ দৰে সাধাৰণ এজনৰ পৰা ৰজালৈকে), কোনে কিমান উপাৰ্জ্জন কৰিছে, কিমান কৰ দিছে সকলো তথ্য ৰাজহুৱা ভাৱে উপলব্ধ৷ দৰমহা যিমানে বাঢ়ি যায়, কৰৰ পৰিমাণ সিমানেই বাঢ়ি যায়৷ মই ৩২% কৰ দিঁও, মোৰ বছে ৪৭% কৰ দিয়ে৷ ১০ মিলিয়নৰ ক্ৰ'নাৰৰ ওপৰত যাৰ দৰমহা বা উপাৰ্জ্জিত সম্পত্তি আছে সকলোৰে ওপৰত বছৰি ৬০ % কৰ৷ গতিকে মোটামুটি ধনী-দুখীয়াৰ পাৰ্থক্য বেছি নহয়৷ কিন্তু বেচৰকাৰী খণ্ডত দৰমহা অলপ বেছি৷ সেয়ে চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলে দৰমহা সংশোধনৰ দাবীত ধৰ্মঘট কৰিছে৷ ইয়াৰ কৰ ব্যৱস্থাৰ, সামাজিক সমভাৱৰ ব্যৱস্থাৰ প্ৰতিও বহুলোক বীতশ্ৰদ্ধ৷ কাৰণ কোনোবাই অধিক কষ্ট কৰি, বা অতি কুশলতাৰে কাম কৰিলেও লাভাণ্বিত নহয়৷ দৰমহা বা উপাৰ্জ্জন যিমানে বাঢ়ে, কৰৰ পৰিমানো সিমানেই বাঢ়ে, গতিকে শেষত গৈ একেই৷ অৱশে্য স্বাস্থ্য তথা সামাজিক সুৰক্ষা ১০০% বিনামূলীয়া৷ তদুপৰি পঢ়া-শুনা কৰি ডিগ্ৰী পোৱাৰ পাচতো যদি কোনোৱে চাকৰি পোৱা নাই, তেন্তে চৰকাৰে মাহে ৯০০০ ক্ৰ'নাৰ (প্ৰায় ৮০ হাজাৰ ভাৰতীয় টকা) নিবনুৱা ভাত্তা দিয়ে৷ গতিকে চাকৰি নেথাকিলেও কোনোৱে নেখাই নমৰে৷

নৰৱেই অতি উদাৰ ভাৱে বহু আন্তঃৰাষ্ট্ৰীয় শৰনাৰ্থীক আশ্ৰয় দি আহিছে৷ বিশেষকৈ চোমালিয়াৰ বিদ্ৰোহ, ভিয়েটনাম যুদ্ধ, শ্ৰীলংকাৰ গৃহযুদ্ধ, ইৰাক-ইৰাণ-আফগানিস্থানৰ যুদ্ধৰ সময়ৰ বহু শৰনাৰ্থীক উদাৰ ভাৱে আশ্ৰয় দি আহিছে ইয়াৰ চৰকাৰে৷ কিন্তু নিজৰ নাগৰিক আৰু এনে মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাই৷ শিক্ষা-দীক্ষা, সামাজিক সুৰক্ষা, স্বাস্থ্য সকলোবোৰ ১০০% প্ৰদান কৰিছে৷ বিভিন্ন বিষয়ৰ কৰ্মমূখী প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে নিজে স্বাৱলম্বী হৈ কাম কৰিব পাৰে৷ বহুতেই তেনে ধৰনে কামত যৌগদান কৰিছে৷ কিন্তু কিছুমানে প্ৰশিক্ষণ লোৱাৰ অন্তত, চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত জানি-বুজি দুৰ্বল প্ৰদৰ্শন কৰে যাতে নিয়োগকৰ্ত্তাই চাকৰি নিদিবলৈ বাধ্য হয়৷ তেতিয়া চাকৰি নেপালো বুলি কৈ তেঁলোকে চৰকাৰৰ পৰা বিনামূলীয়া সা-সুবিধা আদায় কৰি থাকিব পাৰিব৷ বহু এনে শৰনাৰ্থীয়ে ধৰ্মীয় আচাৰৰ দোহাই দি বহুক্ষেত্ৰত ইয়াৰ সাংবিধানিক নীতিক উলংঘা কৰি সমান্তৰাল সংবিধান চলোৱাৰ কথাও কেতিয়াবা শুনা যায়৷ এনেবোৰ কথা-কাণ্ডই পৰিশ্ৰম কৰা বহু চৰকাৰী চাকৰিয়ালক অসন্তুষ্ট কৰি তুলিছে৷ কোনোৱে নিষ্ঠাসহকাৰে পৰিশ্ৰম কৰি কৰ দিব আৰু কোনোবাই সেই টকাৰে বিনাপৰিশ্ৰমেৰে উপভোগ কৰিব৷ যদিও শান্তিপ্ৰিয় নৰৱেজিয়ান সকলে কাকো ৰাজহুৱাকৈ বেয়াকৈ কোৱা, গালি দিয়া বা বৰ্ণবৈসম্যমূলক আচৰণ কৰাৰ নজিৰ বিৰল৷ অন্ততঃ মই আজিলৈকে দেখা নাই৷

ইয়াতো বিভিন্ন কৰ্মচাৰী সংগঠন আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইটামান সংগঠনে চৰকাৰৰ লগত বুজা -পৰালৈ আহি ইতিমধ্যে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰহসংখ্যকেই এতিয়াও ধৰ্মঘট অব্যাহত ৰাখিছে৷ প্ৰয়োজন 'লে প্ৰায় চৰকাৰী খণ্ডৰ ৩০০০০০ কৰ্মচাৰীয়ে একেলগে ধৰ্মঘটলৈ আহি প্ৰশাসন অচল কৰি দিয়াৰ ভাবুকি দিছে৷ মোৰ মনে হয় ৰাজনীতিকৰ চৰিত্ৰবোৰ বিশ্বব্যাপী একেই৷ দুৰ্নীতি নকৰিলেও বহুক্ষেত্ৰত তেঁওলোকৰ ক্ষমতা প্ৰয়োগ কৰে৷ কুটনীতিৰে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ নেতাসকলৰ মতামতক ভাগ ভাগ কৰোৱাত যে চৰকাৰৰ হাত নাই তাক নুই কৰিব নোৱাৰি, যদিও এইয়া মোৰহে সম্পূৰ্ণ ব্যক্তিগত ধাৰণা৷ 

বাৰু যিকি নহওক, অফিচ আহি পায় আমেৰিকাৰ দূতাৱাসলৈ মেইল কৰিলো যে এই এই অৱস্থা, কি কৰা যায়৷ ইতিমধ্যে মোৰ অধ্যাপক, আমেৰিকাৰ পৰা নিমন্ত্ৰণ জনোৱা কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক দুয়োজনে পৰিস্থিতি সন্দৰ্ভত অচল' থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ভিছাৰ কথা এতিয়া ভগৱানেহে জানে৷ কিন্তু অতি দুখজনক ভাৱে ঘৰ আহি পাই দেখিলো ভাৰত বন্ধৰ ডাঙৰ ডাঙৰ হেডলাইন খবৰ অসমৰ বাতৰি কাততত৷ ভাৰতৰ আন প্ৰদেশত বন্ধ হৈছেনে নাই নেজানো, অসমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷ অনেক ঠাইত হিংসাত্মক ঘটনাও হৈছে হেনো৷ আমাৰ অসমৰ ৰাইজৰ বাবে বন্ধ বুলি 'লেই যেন এক উৎসৱৰ নিচিনা হৈ পৰিছে৷ এইখিনিতে ২০০৪/২০০৫ চন মানৰ এটা খবৰ মনত পৰিছে৷ মই তেতিয়া চেন্নাইত অধ্যয়নৰত আৰু কাঞ্চীপুৰমত থাকো৷ সেইবাৰো বিজেপিয়ে ভাৰত বন্ধৰ আহ্বান দিছে, কাৰণ কাঞ্চীপুৰমৰ শংকৰাচাৰ্য্যক কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বাৰু সেইটো বেলেগ কথা, আচল কথাটো শুনিলে ৰাইজৰ চকু কপালত উঠিব৷ মই ঘৰলৈ ফোন কৰিলো, আৰু গম পালো যে সেইদিনা ভাৰত বন্ধ আৰু অসমত তাৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ মইটো আচৰিত, আমাৰ ইয়াত একোৱেই নাই, সব খোলা, সাধাৰণ ভাৱে জন-জীৱন চলি আছে৷ বুজক ৰাইজে এতিয়া, কাঞ্চীপুৰমৰ ঘটনাক লৈ ভাৰত বন্ধ অথছ কাঞ্চীপুৰমৰ মানুহেই নেজানে আৰু অসমত সৰ্বাত্মক বন্ধ পালন৷ এইয়াই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ৷ কামত ফাঁকি দিয়া অসমীয়া জাতিয়ে খোলা 'লেহে বেয়া পায়৷ আমাৰ মিডিয়াইও বন্ধ 'লে ভাল পায়, গৰম গৰম ব্ৰেকিং নিউজ থাকে৷ সেয়ে দিনে দিনে অধঃপতন আমাৰ জাতিৰ, এক ধূঁসৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ সমাজ, বিফল ৰাজনৈতিক নেতৃত্ব, বিফল বৌদ্ধিক নেতৃত্ব, বিফল সংবাদ মাধ্যম৷ 

প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে



(ৰাইজে বুজি পোৱাত সুবিধা ' বুলি নৰৱেৰ ধৰ্মঘট সম্পৰ্কে বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ লিংক এটা দিলো৷ সাৱধানমূলক জেকেট পিন্ধা লোকৰ ফটো ইয়াত দেখা পাব৷)

http://www.bbc.co.uk/news/world-europe-18188917