Sunday, June 13, 2010

নিঃসংগতাৰ টেঙ্গাপানী

নিঃসংগতাৰ টেঙ্গাপানী

-- পংকজ বৰা

___________________

মোৰ দুখৰ হিকটিত

নিঃসংগতাৰ টেঙ্গাপানী

বৈ যায় হাজাৰখন ডিক্রং

হাজাৰ সোৱণশিৰী ...

কোনে চাই উভতি

কোনে ধৰে সাৱতি

কোনো নাই

কোনো নাই

শুকান চাপৰিত হাল বাই

জীৱন চলি যায়

লুণীয়া ঘামৰ নদী

(আৰু )নিঃসংগতাৰ টেঙ্গাপানী

হৃদয়ত বেদনাৰ বানপানী

কোনে চাই উভতি

কোনে ধৰে সাৱতি

কোনো নাই

কোনো নাই...

লিখিলো হাজাৰখন নিঃসংগতাৰ দস্তাবেজ

ভৰালো অনেক ইতিহাসৰ হালধীয়া পাত

কটালো অনেক উজাগৰী নিশা

ৰৈ ৰৈ লিখিলো জোনাকী নিশাৰ সপোন

উটি যায়

ভাঁহি যায়

কোনে চাই

কোনে চাই

একো নাই

কোনো নাই

কোনে চাই উভতি

কোনে ধৰে সাৱতি...

দুখীয়া মন

দুখীয়া হৃদয়

হাঁয় হাঁয় !

ক'লৈ পলায় যায়

এয়েই (হেনো ) জীৱনৰ প্রয়োজন

আৰু (মোৰ ) সেউজীয়া যৌৱনৰ দুখ