Thursday, August 5, 2010

বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু সাংস্কৃতিক ঔপনিৱেশিকতাবাদ কিছু প্রসংগ ।

-পংকজ বৰা
নৰৱে'জিয়ান বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়, নৰৱে'
________________________________________

বিজ্ঞান হ'ল কোনো এটা বিষয়বস্তুৰ ওপৰত পদ্ধতিগত ভাৱে কৰা পুংখানুপুংখ অধ্যয়ন আৰু তাৰ পরা উপলব্ধ বিশেষ জ্ঞান. সমগ্র প্রক্রিয়াটোক কোৱা হয় বৈজ্ঞানিক গৱেষণা। যুক্তিগত ভাৱে কৰা বিজ্ঞানসন্মত চিন্তা আৰু গৱেষণা কৰা লোক সকলেই বিজ্ঞানী। বিজ্ঞানী হ'বৰ বাবে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্রীৰ প্রয়োজন নাই। ইয়ার বাবে প্রয়োজন যুক্তিগত ভাৱে চিন্তা কৰিব পৰা এটা সৃষ্টিশীল মন। সেই হিচাপে গাঁওৰ এজন অনাক্ষৰী ব্যক্তিও বিজ্ঞানী হ'ব পাৰে । বিজ্ঞানো হ'ল একপ্রকাৰৰ কলা। বহুতেই ভাৱে বিজ্ঞানৰ জগতত সৃষ্টিশীলতাৰ কোনো স্থান নাই। এইখিনিতে মই বিশ্বৰ প্রসিদ্ধ পদার্থ বিজ্ঞানী ৰিচার্ড ফে'নমেনৰ এটা উক্তি উল্লেখ কৰিব খুজিছো- 'The test of all knowledge is experiment. Experiment is the sole judge of scientific 'truth'. But what is the source of knowledge? Where do the laws that are to be tested come from? Experiment, itself, helps to produce these laws, in the sense that it gives us hints.But also needed is imagination to create from these hints the great generalizations —to guess at the wonderful, simple, but very strange patterns beneath them all." যুক্তি আৰু পদ্ধতিগত পৰীক্ষা নিৰীক্ষাৰ আধাৰত প্রতিস্থিত বিজ্ঞানত সৃষ্টিশীল মনৰ ভূমিকা কি নিচ্ছয়কৈ উপ্লব্ধি কৰিব পৰা যায়। যুক্তিপুর্ণ ভাৱে নতুন কিবা এটা চিন্তা কৰা্টো আচলতে একপ্রকাৰৰ কলা।

বিজ্ঞানসন্মত পুংখানুপুংখ অধ্যয়নৰ পরা উপলব্ধ বিশেষ জ্ঞানৰ প্রায়োগিক দিশটো হ'ল প্রযুক্তি। প্রযুক্তিৰ সহায়ত সমাজৰ কামত লগা বিভিন্ন আহিলা-পাতি, যন্ত্র বা সঁজুলি বা কিছুমান পদ্ধতি উদ্ভাৱন কৰা হয়, যি সমাজক প্রগতিৰ দিশত আগবঢ়াই লৈ যাব পাৰে। প্রযুক্তিৰ বিৱর্তনীয় ইতিহাস অধ্য্য়ন কৰিলে দেখা যায় যে স্থানীয় ভাৱে উপলব্ধ সম্পদৰ উপযুক্ত প্রয়োগেৰে স্থানীয়লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰা বা সামাজিক প্রয়োজন পুৰণ কৰা। প্রস্তৰ যুগত আদিম মানুহে শিলৰ আঁহিলা বনাবলৈ শিকাৰ পৰাই প্রযুক্তিৰ বিকাশ আৰম্ভ হয়। মানুহে সমাজ পাতি, খেতি বাতি কৰিবলৈ লোৱাৰ পৰা আৰু কিছু প্রযুক্তিগত উন্নয়ন হয়। কিন্তু তেতিয়ালৈকে কোনো আনুস্থানিক বিজ্ঞান নাছিল। তেতিয়া মানুহে প্রকৃতিৰ পৰা শিকিছিল আৰু নিজৰ সৃষ্টিশীলতাৰ ব্যৱহাৰ কৰি আদিম প্রযুক্তিৰ উদ্ভাৱন কৰিছিল। ৰেনেঁছাৰ পাছৰে পৰা বিশ্বৰ আগশাৰীৰ জাতি সমুহে বিজ্ঞান আৰু প্রযুক্তিৰ বিকাশক বিশেষ ভাৱে প্রাধান্য দিবলৈ ল'লে। দুখনকৈ বিশ্বযুদ্ধই এই প্রক্ৰিয়াটোক অধিক ত্বৰাণ্বিত কৰি তোলে।

এতিয়া আঁহো আজিৰ সময়লৈ। আমি আজি এখন বিজ্ঞান প্রযুক্তিৰ অনবদ্য অৱদানেৰে বিধৌত এখন স্বাস্যন্দকৰ পৃথিৱীত বসবাস কঁৰো। হাতে হাতে ম'বাইল ফ'ন, ইন্টাৰনেট, চেটেলাইট টেলিভিছন, বিলাসী গাড়ী ইত্যাদি। কিন্তু আটাইতকৈ ভয়াবহ কথাটো হৈছে প্রযুক্তিৰ অপব্যৱহাৰ। বিশেষকৈ অন্নুনত আৰু উন্নয়নশীল দেশসমূহত প্রযুক্তিৰ অপব্যৱহাৰ ব্যাপক ৰূপত দেখা পোৱা গৈছে। প্রযুক্তিৰ অপব্যৱহাৰৰ এই প্রসংগটো দুটা শব্দৰে প্রকাশ কৰিব পাৰি-সংস্কৃতি আৰু শিক্ষা। আমদানিকৃত প্রযুক্তি এটা ব্যৱহাৰ কৰিব জনাকৈ প্রয়োজন হোৱা উপযুক্ত শিক্ষা আৰু সংস্কৃতিক মুল্যবোধৰ অভাৱ এই সমাজ সমুহত উপ্লব্ধি কৰিব পাৰি। এইবিলাক সমাজত এনে প্রযুক্তিগত উন্নয়ন সমূহক ফে'ছন হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। আছলতে আজিও এই সমাজ সমূহ সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ নামান্তৰ মাথোন। পুজিবাদী দেশৰ বহুজাতিক গোষ্ঠী সমূহৰ কঁৰাল গ্রাসত পৰি তেঁওলোকে যি খাবলৈ কয় তাকে খোৱা, যি পিন্ধিবলৈ কয় তাকে পিন্ধা, কি কৰিবলৈ কয় তাকে কোৱা এটা স্বভাৱত পৰিণত হৈছে। আমি থলুৱা প্রযুক্তিৰ বিকাশত ব্যর্থ হৈছো অতি শোচনীয় ভাবে। আজই অসমৰে এখন ভিতৰুৱা গাঁওৰ স্কুলীয়া ছাত্রৰ হাতে হাতে হাজাৰটকীয়া ম'বাইল ফ'ন, ঘৰে ঘৰে চেটেলাইত টিভি, কম্পিউটাৰ আদি। কিন্তু আজিও আমি এলান্ধুকলীয়া নাঙ্গলটোৰে বছৰটোৰ এটা খেতি কৰি পেটে ভাতে খায় জীয়াই আছো। যি সময়ত আমি লাহ বিলাহৰ সকলো প্রযুক্তিগত উপাদান হকে বিহকে আঁকোৱালি লৈছো, আমার ইমানো সৃষ্টিশীলতাৰ অভাৱ হ'লনে যে আমি এটা উন্নত নাঙ্গল সাজি লব পৰা নাই? আমি ব্যৱহাৰ কৰিব পৰা নাই আমাৰ চৌপাশৰ সম্পদসমূহ, আমাৰ বুদ্ধিমত্তা,সৃষ্টিশীলতাক? আমাৰ সমাজৰেই শিক্ষানুস্থান সমূহৰ পৰা শিক্ষা গ্রহণ কৰি ওলাই যোৱা ব্যক্তিৰ শ্রম আৰু বুদ্ধিমত্তাক ব্যৱহাৰ কৰি আমাৰেই সম্পদৰ আধাৰত প্রযুক্তি বিকাশ ঘটায় আমাকেই বেছি লুণ্ঠনৰাজ চলাইছে। এয়াই সাংস্কৃতিক ঔপনিৱেশিকতাবাদ।খাটি অসমীয়াত ক'বলে গ'লে ' তোমাৰ ঘৰৰ বাহ-গাজ, তাৰে নি কৰো খৰিছা; তোমাকে সলাই ধান ডোন নিও কথাটো জানো মন কৰিছা?

2 comments:

সুশান্ত কর said...

Follower Gadget লগাওক! আৰু Comment Boxৰ পৰা Word Verification আঁতৰাওক।এনে ভাল সজাছে ব্লগখন।

Pankaj said...

Thanks Sushanta Da. I have implemented your suggestions after almost a year. :)