Thursday, August 5, 2010

ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?

ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?

-পংকজ বৰা

__

খন মহাৰণ, ৩২ খন দেশৰ ৭৩৬ জন খেলুৱৈ। সমগ্র বিশ্বৰ কৌটি কৌটি অনুৰাগী। ১১ জুনত আৰম্ভ হোৱা এমহীয়া এই মহাযুদ্ধৰ অন্তিম দিনলৈ আৰু মাত্র কেইটামান মূহুর্ত। এই এমাহ ধৰি সমগ্র ইউৰোপত উত্তেজনা। ৰাস্তাই ঘাটে, হাতে- বজাৰে , অফিচ-কাছাৰীত সকলোৰে মুখে মুখে সৰৱ আলোচনা। ফুটবল জ্বৰৰ উত্তাপত ইউৰোপীয় অর্থনীতিৰ মন্দাৱস্থা সম্পর্কীয় গুৰুত্বপুর্ণ বিষয়ো তল পৰি ৰৈছে এতিয়া। এয়াই ইউৰোপ ফুটবল উন্মাদনা। ঐতিহাসিক ভাবেও ফুটবল আৰু ইউৰোপ সমন্ধ অনেক। প্রাচীন গ্রীচ আরু রোমত ফুটবল খেলৰ আৱিৰ্ভাব হৈছিল বুলি উমান পোৱা যায়। আধুনিক ফুটবলৰো বিকাশ হৈছিল ইংলেন্দত। শেষ মূহুর্তত দুখন ইউরোপীয় দেশ ফাইনেলত উপনীত হোৱা পাছৰে পৰা উত্তেজনা বৃদ্ধি পাইছে হাজাৰগুণে।


ফুটবল বিশ্বকাপ চলি থকা এই মাহতেই মই ইউরোপর কেইখন মান দেশলৈ ভ্রমন কৰিছিলো। ১৫ জুন পৰা ২৫ জুনলৈ মই এটা বিশেষ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ইংলেণ্ড কে'ম্ব্রিজ আৰু লণ্ডনত আছিলোগে। কে'ম্ব্রিজ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ১৮ খন দেশ ১৮ জন যুৱ- বিজ্ঞানী/গৱেষক আহিছিল। তাৰ উপৰিও বিশেষজ্ঞ প্রশিক্ষক হিছাপে আহিছিল বিশ্বৰ আন কেবাখনো দেশ কেবাজন প্রখ্যাত বিজ্ঞানী । আমি সকলোৱে আছিলো বিশ্ববিখ্যাত চেঙ্গাৰ জিন'ম চেন্টাৰৰ অতিথি গৃহত।।৩০ বজা পৰা মাজৰাতি ১২ টা পর্য্যন্ত কাম ব্যস্ততা। তাৰ মাজতেই সকলোৱে খবৰ ৰাখিছে ফুটবল বিশ্বকাপ।। নিজৰ নিজর দেশ দল খেলাক লৈ সকলোৰে ঊৎসাহ উদ্দীপনা। কেতিয়াবা দুখন প্রতিদ্বন্দী দেশৰ খেলাৰ সময়ত সেই দুখন দেশৰ পরা অহা আমাৰ বন্ধু দুজনৰ মাজত ধেমেলীয়া তর্ক-যুদ্ধ। মই আছিলো সকলোবোৰে দর্শক, কাৰণ মোৰ নিজ দেশ ভাৰত ১.২ বিলিয়ন জনসঙ্খ্যাৰ পৰা ১১ জনীয়া এটা ফুটবল দল আজিলইকে নোলাল। কিয় নাই ভাৰতীয় ফুটবল দল, এই লৈ বহুতবাৰ সহযোগী সকল অনুসন্ধিৎসাৰ সন্মূখীন হৈছিলো। তথাপিও কোনপধ্যে পাছপৰি থকা বিধৰ নাছিলো। আবেলি সময়ত গই ফুটবলটো হাত্ত লৈ সকলোকে খেলিবৰ বাবে মাতি আনিছিলো। অ'ষ্ট্রিয়াৰ ভিয়েনা চহৰৰ তৰুণী বিজ্ঞানী কাৰামেন আৰু চীনৰ বেইজিং চহত কর্মৰত ব্রিটিছ তৰুণী গৱেষিকা জেনিফাৰৰ বিধংসী ফুটবল শৈলীত বাৰে পতি লুটি খাই পৰিছি্লো মই, চিলিৰ যুৱ বিজ্ঞানী হাইমে' আদি। নিউজিলেণ্ড অধ্যাপক ডেভিদ মার্কি আছিল এখোপ চৰা। প্রতিদিন তেঁওৰ বকৃত্তা আগে পাছে নিজ দেশ নিউজিলেণ্ডৰ সমর্থনত দুখনকৈ পাৱাৰ পইন্ট স্লাইড্ অন্তঃর্ভুক্ত কৰিছিল। তেঁও নিজেও এজন দুর্দান্ত গ'লৰক্ষক। আমাৰ সন্ধ্যা প্রীতি খেলবোৰত তেঁও প্রতিভাৰ নিদর্শণ দাঙ্গি ধৰিছিল। এইবোৰে ব্যস্ত কর্মসূচীৰ মাজতো সকলোকে আমোদ যোগাইছিল।। কেতিয়াবা ইংলেণ্ড, ব্রাজিল বা আৰ্জেন্টিনা খেল থাকিলে লেব'ৰেটৰী কাম সাময়িক ভাৱে স্থগিত ৰাখি হাভার্ড মেডিকেল স্কুল, আমেৰিকাৰ বিজ্ঞানী ইয়ান চানবেৰী নেতৃ্ত্বত অথিতি গৃহৰ কমন ৰুমলৈ সকলো ঢাপলি মেলিছিলো। ব্যতিক্রম আছিল ব্রাজিলৰ প্রতিনিধি বয়স্ক মহিলা বিজ্ঞানী এলিজাবে'থ। তেঁও ফুটবলক লৈ অলপো উৎসুক নাছিল, তেঁও সকলো সময়তে বিজ্ঞান লৈয়ে ব্যস্ত আছিল। কেবাদিনো দেখিছিলো Sanger Institute বিশাল সভাগৃহত কাম মাজতো কিছুমান খেলৰ চলন্ত বিৱৰণী প্রচাৰৰ ব্যৱস্থা কৰিছিল। মুঠৰ ওপৰত সকলোৱে ফুটবলক লৈ অত্যুৎসাহী।
কোনে মাৰিব শেষ হাঁহি, ? ৰাতিপুৱা ৮ আতাইতকৈ আমোদজনক কথাটো আছিল আমাৰ মাজত আছিল প্রাইকেইখন দেশৰেই প্রতিনিধি ব্যস্ত কাম মাজতো European Bioinformatics Institute (EBI) আইৰিছ যুৱ বিজ্ঞানী এন্ট'ন এনৰাইট্ বিশেষ উদ্যোগত লেব'ৰেটৰীৰ ভিতৰতে মাল্টিমেডিয়া প্রজেক্টৰৰ সহায়ত কিছুমান উল্লেখনীয় খেলৰ চলন্ত উপভোগৰ ব্যৱস্থা কৰিছিল

১০ দিন কে'ম্ব্রিজত কটোৱা পাছত মই লণ্ডন মহানগৰীত আছিলো ৩ দিনৰ বাবে। মহানগৰী খনৰ অলিয়ে গলিয়ে দেখিছিলো ইংলেণ্ডৰ পতাকা। যুৱক যুৱতী বোৰে ৰুণী, মে'ছি বা কাকাৰ স্পর্টিং পিন্ধি ঘূৰি ফুৰিছে। ৰাজপথত য'তে ত'তে প্রতিস্থা কৰিছে বৃহৎ LCD স্ক্রীণ। ডেকা-বুঢ়া সকলোৱে ৰাজপথত একেলগ হৈ খেল উপভোগ কৰিছে। ২৮ জুন,২০১০। পুৱাৰে পৰা লণ্ডন চুকে কোনে তুমূল উত্তেজনা। ইংলেণ্ড মুখামুখি হ'ব জার্মানীৰ। আবেলি ২ বজা মানৰ পৰা সদাব্যস্ত লণ্ডনৰ ৰাজপথ খালি হৈ গ'ল। ক'ৰবাত এখন দুখন গাড়ী, দুই এজন মানুহ।মইও লণ্ডনৰে নহয় বিশ্বৰে এটা ৰঙচঙীয়া ৰাজপথ পিকাডেলী চার্কাছত উপস্থিত হ'লো। স্তব্ধ হৈ গৈছিল সদাব্যস্ত পিকাডেলী চার্কাছ। সকলোৰে চকু ৰাস্তা বিভিন্ন স্থানত ওলমি থকা বৃহৎ LCD স্ক্রীণবোৰত। বিবিচি তথ্য অনুসৰি সর্বকালৰ সকলো অভিলেখ ভংগ কৰি ১৯.২ মিলিয়ন দর্শকে এই খন তেঁওলোকৰ চেনেলটো জৰিয়তে উপভোগ কৰিছিল। কিন্তু অঘতনটো ঘটিল! ৪-১ গ'লত ইংলেণ্ড পৰাস্ত হ'ল জার্মানীৰ হাতত। হায় ৰুণী ! কান্দোনত ভাগি পৰি্ল অনেকজন। মর্মাহত হৈ গাৰ কাপো খুলি ৰাজপথত স্নান কৰি্লে কিছু ফুটবল বলীয়া সমর্থকে। বহুতেই গুৱাল গালি পাৰিলে মিলিয়ন পাউণ্ড উপার্জন কৰা তাৰকা খেলুৱৈক। মোৰ মনত পৰিল এন্ট'ন এনৰাইটে কে'ম্ব্রিজত থাকোতেই ৰসিকতা কৰি কোৱা এষাৰ কথা "লণ্ডনৰ এখন সাধাৰণ হাইস্কুলৰ ফুটবল প্রশিক্ষক এজনে কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকতকৈ দহগূন বেছি দৰমহা পায়। " । এয়েই বিচিত্র ফুটবল , এয়েই ফুটবলৰ মহিমা।


লণ্ডনৰ পৰা ২৯ তাৰিখে মই মোৰ কর্মস্থলী নৰৱে'লৈ বুলি ৰাওনা হ'লো লণ্ডন হিথ্র' এয়াপ'র্টৰ পৰা । দুর্ভাগ্যবশতঃ নেডাৰলেণ্ডছৰ ৰাজধানী আমাষ্টাৰ্ডাম এয়াৰপ'র্টত মই মোৰ নৰৱে' সংযোগী উৰণখন ধৰিব নোৱাৰিলো। মোৰ পাছৰ উৰণখনলৈ মাজত ১০ ঘণ্টা। গতিকে মই আমাষ্টাৰ্ডাম মহানগৰী খন পাক এটা মাৰো বুলি ভাবিলো। এয়াৰপ'র্টৰ পৰা দ্রুতবেগী ট্রেইনত গৈ ২০ মিনিট পাছত আমাষ্টাৰ্ডাম মহানগৰীত উপস্থিত হ'লো। একেই পৰিৱেশ। ৰাস্তাই ঘাটে ভিন্নৰঙ্গী পতাকা, ফুটবল, আৰু ফিফা ট্র'ফীৰ আৰ্হি। ইউৰোপ ব্রাজিল বুলি পৰিছিত নেডালেণ্ড ফুটবলৰো বর্ণিল ইতিহাস আছে। এদিন পাছতেই কোৱার্টাৰফাইনেল খেলত নেডালেণ্ডছ মুখামুখি হ'ব বিশ্ববিজয়ী ব্রাজিলৰ। ইয়াৰ আগতেও নেডালেণ্ডছ দুবাৰকৈ ১৯৭৪ আৰু ১৯৭৮ চনত ফাইনেলত উপনীত হৈছিল যদিও, শেষ হাঁহি মাৰিব নোৱাৰিলে। সকলোৰে আশা, এইবা অন্ততঃ পূৰণ হ'ব সেই অপূর্ণ আশা।


ফুটবল জ্বৰত আক্রান্ত আমাষ্টাৰ্ডাম মহানগৰীত ৫ ঘন্টা কটায় মই এয়াৰপ'র্টলৈ উভতি আহিলো। আহি দেখো এয়াপ'র্ট বাহিৰত এটা বৃহৎ পেভেলিয়ন সদৃশ পেণ্ডেল। তাৰ বিপৰীত দিশে ব্যস্ত ৰাস্তা আনটো দিশে এখন বৃহৎ LCD স্ক্রীণ। একেলগে ৫০০ লোকে বহি ষ্টেডিয়ামত বহি চোৱা নিচিনা এক আয়োজন। মইও গই জাপান আৰু পাৰাগুৱে মাজ খেল খন চালো। লাহে লাহে মো উণ সময় হোৱাত মই এয়াৰপ'র্ট ভিতৰলৈ ৰাওনা হ'লো।


নৰৱে'ৰ নিজৰ জাতীয় দলে বিশ্বকাপ খেলা নাই যদিও ইয়াটো ফুটবল প্রীতি কম নহয়। এতিয়া সকলোৰে চকু ১১ জুলাই ফাইনেল খেলৰ ওপৰত। দুখন ইউৰোপীয়ান দেশ মুখামুখি হ'ব মহাৰণত। সকলোৰে উত্তেজনা -"কোনে মাৰিব শেষ হাঁহি ?"।

No comments: