Sunday, April 8, 2012

শংকা


শংকা
----------
অৱশেষত সেই দিন আহিল,
গেজেপা মৰা চুপহিৰ মাজৰ
শ্বাসৰুদ্ধ সময়বোৰ যেতিয়াই তাৰবাবে
বাহিৰৰ শংকাতকৈও
অধিক যন্ত্ৰণাকাতৰ হৈ পৰিছিল
তেতিয়াই ভয় আৰু শংকাৰ প্ৰাচীৰ ওফোৰাই
সি ফুলি উঠাৰ
সাহস গোটাই পেলালে
*******************

মূল:
Risk
-Anaïs Nin (১৯০৩-১৯৭৭ )
---------------
And then the day came,
when the risk
to remain tight
in a bud
was more painful
than the risk
it took
to Blossom.
--------------

* কবিতা অনুবাদৰ ধৃষ্টতা মোৰ নাই৷ সংলগ্ন আলোক-ছবিখন মই তোলা(বৰফৰ স্ফতিকাকাৰ আৱৰণভেদী ওলাই অহা কঁুহিপাত)৷ ছবিখন দেখি মনলৈ বহুভাৱ আহিল, হিমশীতল ঠাণ্ডাৰে বৰফাবৃত চৌপাশৰ মাজতো গছে-বিৰিখে কঁুহিপাত মেলি বসন্তলৈ প্ৰস্তুতি কৰিব খুজিছে৷ অনেক দিন শীতনিদ্ৰাত থাকি থাকি পৰিশ্ৰান্ত হৈ পৰাৰ পাছত যেন বাহিৰ প্ৰচণ্ড ঠাণ্ডাৰ শংকাকো নেওচি মুকলি বতাহ খাই বসন্তক আদৰণি জনোৱাৰ প্ৰত্যাহ্বান লৈছে৷
*অনেক দিন শোষণ-নিষ্পেষণ সহি সহি বিৰক্তি লগা সমাজো কেতিয়াবা এইদৰে এদিন বাহিৰৰ শংকাক নেওচি জাগি উঠিব পাৰে৷

No comments: