Friday, April 30, 2010

কিহৰ বাবে ইমান আয়োজন

মোক জোনাক লাগে
মই বিচাৰি পাঁও ঘনঘোৰ আঁঊসীৰ আন্ধাৰ
মোক উত্তাপ লাগে
মই বিচাৰি পাঁও হিমশীতল নীৰৱ উপত্যকা ।।

মোক সেউজীয়া লাগে
মই বিচাৰি পাঁও শুকান মৰভূমি
মোক এখন হৃদয় লাগে
মই বিচাৰি পাঁও এটা নিষিদ্ধ গলি।।

নিৰবিচিন্ন ভাৱে বৈ থকা এখন নদী বিছাৰি গলো
মই পালো তেজেৰে মখলা মৰা এটা বীভৎস উপকূল
জীৱনৰ মদিৰা বিচাৰি হাহাকাৰ কৰা এজন কবিক দেখিলো
তেওঁ প্রেমিকাৰ বাবে বন্ধকত থৈ আহিছে নিজৰ যৌৱন ।।

কিহৰ বাবে ইমান আমাৰ আয়োজন ?
কিহৰ বাবে জীৱনৰ প্রয়োজন ?
সভ্যতা নে বীভৎসতা ?
নগ্ন সভ্যতাৰ যান্ত্রিক যুজঁত কোঙা হৈ পৰি ৰয় সেউজীয়া যৌৱন
প্রেমিক কবিজন installment দি দি ভাগৰি পৰিছে
আৰু কিমান টানিব কোঙা দেহাৰে উৎকৰ্ষিত সভ্যতাৰ বোজা

এইয়ে নেকি আমাৰ প্রয়োজন ?
কিহৰ বাবে ইমান আয়োজন?

3 comments:

Manjit Nath said...

অপূৰ্ব আপোনাৰ এই সৃষ্টি

Bikram M Baruah বিক্ৰম ম বৰুৱা said...

ভাল লাগিলে৷ আৰু লিখি তাকিবা৷

Aklantika said...

ক'ত জানো পঢ়িছিলো, "ধোঁৱা হৈ উৰি যায় জীৱন",
কিন্তু আজিকালিটো installment-ৰ জীৱন।

ভাল লাগিল।