Saturday, April 19, 2008

মন, বিৱেক, আৰু কিছু প্রাসঙ্গিক অনুভুতি

মন ! এটা সাধাৰণ শব্দ | কিন্তু ই কেতিয়াবা বৰ অসাধাৰণ কিছুমান কাম কৰে | কেতিয়াবা দিয়ে সুখ আৰু আনন্দৰ জোৱাৰ , কেতিয়াবা দিয়ে দুখৰ চকুপানী , কেতিয়াবা উত্তেজনা, খং , নোপোৱাৰ আক্ষেপ, কেতিয়াবা পাই হেৰুৱাৰ বেদনা ইত্যাদি বহুতু মুহুৰ্ত| মুঠৰ ওপৰত এক খেয়ালী অনুভৱ এটা complex system |

বিৱেক ! এক আপেক্ষাকৃ্ত ভাৱে গভীৰ দাৰ্শিনক শব্দ | এটা সুসুংহত system | যিয়ে নিয়ন্ত্রণ কৰে সমস্ত মানৱীয় অনুভুতিক , সত্বাক | বিজ্ঞানে মগজুকে বিৱেক আখ্যা দিলেও বিৱেকৰ পৰিসৰ বহল | সকলো উচ্্চ স্তৰৰ প্রাণীৰে মগজ থাকে, কিন্তু আমি বিৱেক থাকে বুলিব নোৱাৰো | বিৱেক এটা বাংময় অনুভুতি | যাক মাথো অনুভৱ কৰিব পাৰি |কিন্তু এই বিৱেক বোলা বস্তুতোৰ উৎপত্তি হয় মগজুতে | আৰু মনটোও মগজুতে থকা বুলি ভৱা হয় | আছলতে মনৰ কার‌্য্যস্থলী মগজু, কিন্তু ইয়াৰ উৎপত্তি হয় চাৰিওকাষৰ পৰিৱেশৰ কিছুমান উদ্দীপন্াৰ পৰা | বিৱেক আৰু মনৰ পাৰস্পৰিক সমন্ধ আছে | সাধাৰণ অৱস্থাত এই অভিন্ন complex system বা জ়টিল তন্ত্রটোৱে সুসংহত ভাৱে কাম কৰে | ্যেতিয়াই এই প্রক্রিয়াটোৰ বিঘিনি ঘতে, তেতিয়াই আৰম্ভ হয় মন আৰু বিৱেকৰ সঙ্ঘাত আৰু তেতিয়াই আহে জীৱনলৈ অস্থিৰতা, মানৱী্য প্রমূল্যৰ স্খলন |

মন আৰু বিৱেকৰ এই সঙ্ঘাত কিয় কেনেকৈ হয়? কি হয় তাৰ পৰণাম? কেনেকৈ উদ্দধাৰ পাব পৰা হব ইয়াৰ পৰা? এনে কিছু অনুভুতিয়ে মোৰ মনত প্রায়ে দোলা দি যায় |নিজৰ অনুভুতি, চৌপাশে দেখি থকা এনে কেতবোৰ বাস্তৱ অভিজ্ঞতাৰ আলমত মই পিছলৈ ইয়াক ব্যৱছ্ছেদন কৰি চোৱাৰ চেষ্টা কৰিম এই কলমতে |
--
পঙ্কজ বৰা






1 comment:

Nitu said...

Damn it bondhu..hell of an article. I need more time.. Brain and conscience both wounded with ur heavy Axomiya..