Thursday, April 21, 2011

ভাষাৰ বিলুপ্তি, "হিংলিছমীয়া" : অসমীয়া ভাষালৈ অশনি সংকেত ?


পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷ কিন্তু সেই বুলি জনা বুজা লোকে অসমীয়া ভাষাটোক বাৰেভচহু "হিংলিছমীয়া" (হিন্দী + ইংলিছ+ অচমীয়া) ৰুপ হ'বলৈ কেনেকৈ এৰি দিব পাৰে ?... আমাৰ নিজৰ মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰন জনতাই কি কৰিব ? ত্ৰাহি মধুসুদন !

 ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কো ঁহে কো ঁহে উপলব্ধি কৰে যেতিয়া তে ঁওলোকৰ কথন ভংগী দেখি সোধে "Are you from Benga / Orissa? ". এনে কমেই উদাহৰন থাকিব যেতিয়া কোনোবাই সুধিব "Are you from Assam ? "

গণমাধ্যম সমূহৰ নতুন প্ৰজন্মৰ ওপৰত প্ৰভাব বহু বেছি ৷ অসমীয়া ভাষাটোৰ বাৰেভচহু "হিংলিছমীয়া" ৰুপটোৰ বহুল প্ৰচাৰ হৈ থাকিলে মান্য অসমীয়া ভাষা কাগজে পত্ৰই হে থাকিব ৷ বিৱ্ৰতনীয় ইতিহাসে আমাক তাকেই কয় ৷ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি ই অতি ভয়াবহ অশনি সংকেত বহন কৰিছে ৷ জোৰ পুৰি হাত পোৱাৰ আগতে ৰাইজে ক ঁকালত টঙালি বান্ধি লোৱা ভাল ৷ এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত বহুতো আনুসংগিক প্ৰসংগ জডিত থাকে৷ "National Geographic Society" ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷  এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায়  আৰু  ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ'ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷  আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷

ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ আছে যদিও পৰ্ধান কেইটামান কাৰন হ'ল -

১) বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ  নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটতোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটতোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভা্ব পৰে ৷

২)  আগ্ৰাশী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুথ্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে  উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লও ঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷

৩) কে'বা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিও ঁতে  দিও ঁতে  নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰন স্বৰূপে ইজিপ্তিয়ান স্বকীয়  ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷

৪) ভাষাৰ বিৱ্ৰতন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱ্ৰতন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷  উদাহৰণ পুৰণা ইংৰাজী ৷

৫) বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনস্ত কৰি ক ঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে

বহু  গৱেষণাসমৃদ্ধ তথ্য উপলব্ধ যদিও প্ৰাম্ভিক থূলমূল আভাসৰ বাবে সচেতন অনুসন্ধিৎসু পাঠকে তলৰ লিংক কেইটা খুচৰি চাব পাৰে-

http://en.wikipedia.org/wiki/Language_death

http://www.sciencedaily.com/releases/2007/02/070218140348.htm

http://en.wikipedia.org/wiki/Extinct_language

http://www.independent.co.uk/news/world/politics/the-languages-of-extinction-the-worlds-endangered-tongues-402824.html
http://www.youthwavebd.com/extinction-of-languages-and-its-reasons/

(বিভিন্ন উৎসৰ সহায় লোৱা হৈছে)
-----------
-পঙ্কজ বৰা