আজি কিছুদিনৰ পৰা হঠাতে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নামত কিছুমান পাবত গজা ব্যক্তিয়ে ওভত গোৰে নচা কাৰ্য্য সংঘটিত হোৱা দেখা গৈছে ৷
মোৰ মনৰ অসংলগ্ন অনুভূতিবোৰক সম্পূৰ্ন অসম্পাদিত ৰূপত তুলি ধৰিবলৈকে মই এই ব্ল'গ আৰম্ভ কৰিছিলো ২০০৭ চনত । ই অসমীয়া ইউনিক'ডত লিখা প্ৰথম-প্ৰজন্মৰ ব্ল'গসমূহৰ এটা৷ মূল লিখনিৰ বাবে লিখক সদায় পাঠকৰ ওচৰত দায়বদ্ধ, কিন্তু ইয়াত প্ৰকাশিত মতামতৰ বাবে লিখক কোনো প্ৰকাৰে দায়ী নহয় ৷ কোনো ব্যক্তি বা বিষয়ৰ লগত মতানৈক্য সৃষ্টিৰ কোনো অভিপ্ৰায় নাই ৷ অজানিত ভুল-ত্ৰুটীৰ বাবে লিখক ক্ষমাপ্ৰাৰ্থী ৷ © পংকজ বৰাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ৷ লিখকৰ বিনা অনুমতিত আংশিক বা সম্পূৰ্ণ ৰূপৰ পুৰ্নঃপ্ৰকাশ নিষিদ্ধ ৷
Monday, August 29, 2011
বৈজ্ঞানিক তথা কাৰিকৰী শব্দৰ নাভূত নাশ্ৰুত অসমীয়া প্ৰতিশব্দ/ পাৰিভাষিকৰণ
Monday, August 8, 2011
ইউৰোপীয়ান পিঠা, ভাৰতীয় পিঠা আৰু অসমীয়া পিঠা : এটা হুমুনিয়াহ
দক্ষিণ ভাৰতীয় দোচা আৰু আমাৰ অসমীয়া খোলা চপৰীয়া পিঠা (উজনিৰ ফালে কোনো কোনো ঠাইত ভূৰভূৰী পিঠাও বোলে) প্ৰায় একেই ধৰণৰ ৷ এইবোৰক ইংৰাজীত pancake বোলে ৷ ইউৰোপটো খুউব জনপ্ৰিয় এইধৰণৰ পিঠা ৷ প্ৰায়েই পৰম্পৰাগত মেলাবিলাকত খুউব ওলাই ৷ বিভিন্ন ধৰণৰ বে'ৰীৰ জামৰ লগত খাবলৈ খুব ভাল ৷ আমি যেনিবা গুৰৰ লগত খা ঁও ৷ মই এবছৰ মান আগত লিখিছিলো 'ইউৰোপীয়ান পিঠা আৰু অসমীয়া পিঠা' নামৰ লিখা এটা ৷ দুখৰ কথাটো এইয়ে যে বেলেগৰ পিঠাবোৰৰ গোলকীকৰণ হ'ল, পৃথিৱীত চিনি পালে ৰাইজে ৷ আমাৰ দুৰ্ভগীয়া অসমীয়া পিঠাকেটাৰ অসমতে দূৰাৱস্থা ! ভাৱি দুখ লাগে ৷ অসমীয়া খাদ্য সম্ভাৰক বিশ্বায়নীকৃত কৰাৰ কিবা পদক্ষেপ কোনোবাই ল'বনে ?
Sunday, August 7, 2011
মাটিমাহৰ খাৰ
মাটিমাহৰ খাৰ
(২ জন মানুহৰ বাবে)
উপাদান সমূহ:
১) ২০০ গ্ৰাম ফলা মাটিমাহ ( চোকোৰাৰ সৈতে )
২) ৫ ফুটা নহৰু
৩) এটুকুৰা আদা
৪)পা ঁচ ফোৰণ + শুকান জলকীয়া
৫) আধা পি ঁয়াজ
৬) কলাখাৰ বা নহ'লে বেকিং চ'ডাৰেও হ'ব (১ টেবুল চামোচ)
৭) সৰু সৰু কেইটুকুৰামান কে ঁচা অমিতা বা কোমোৰা (নহ'লেও কোনো কথা নাই)
৮)নিমখ (স্বাদ অনুসৰি)
পদ্ধতি:
১) মাটিমাহ খিনি ২-৩ ঘন্টা পানীত তিয়াই ৰাখক যাতে কোমলে আৰু সিদ্ধ হ'বলৈ কম সময় লাগে
২) এটা প্ৰেছাৰ কুকাৰত তিয়াই কোমল কৰো লোৱা মাটিমাহ খিনি দি ৫০০ মিলি (২.৫ কাপ) পানীৰ লগত (লগতে নিমখ আন্দাজমতে দি) ২/৩ টা হুছেইল দিয়ক ( প্ৰেছাৰ কুকাৰ ভেদে বেলেগ বেলেগ হ'ব পাৰে)৷ মাটিমাহ খিনি যাতে বৰ ভেৰভেৰীয়া হৈ নিসিজে তাৰ প্ৰতি সাৱধান হ'ব ৷ মাটিমাহৰ খাৰ চোকোৰাৰ সৈতেহে ভাল লাগে ৷ অমিতা আৰু কোমোৰা কেইটুকুৰা দি দিব পাৰে আৰু আদাটুকুৰাও কাটি সৰু সৰু টুকুৰা কৰি দি দিব৷
৩) প্ৰেছাৰত হুছেইল অহাৰ সময়লৈকে নহৰু আৰু পিয়া ঁজ কেইটুকুৰা সৰু সৰুকৈ কাটি ল'ব (পিহিব নেলাগে)৷
৪) এখন কেৰাহী বা আন পাত্ৰত কিছু স ঁৰিয়হৰ তেল (হ'লে ভাল) গৰম কৰি পা ঁচ ফোৰণ আৰু শুকান জলকীয়া দি দিয়ক ৷ গোন্ধ ওলালে লাহেকৈ পি ঁয়াজ আৰু নহৰু খিনি দি কম তাপত ২/৩ মিনিট ৰাখক৷
৫) পি ঁয়াজ ,নহৰু খিনি অলপ মুগা ৰং হ'লে লাহেকৈ খুব সাৱধানেৰে প্ৰেছাৰৰ পৰা কে ঁৰাহীৰ গৰম তেলত ঢালি দিয়ক আৰু হেতাৰে লৰাওক ৷
৬) ২মিনিটমান পাছত ১ চামোচ বেকিং ছ'দা বা কলাখাৰ (যিয়েই উপলব্ধ) দি কিছুসময় উতলিবলৈ দিয়ক ৷
৭) নমায় গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ৷ উখোৱা চাউলৰ দৰে মোটা চাউলৰ লগত ভাল, মাটি মাহে মোটা ভাতক ডিঙিৰে চৰকি যোৱাত সহায় কৰে ৷
বি:দ্ৰ:
* উখোৱা চাউলৰ লগত মাটিমাহৰ খাৰ খোৱাৰ এটা নিয়ম আছে, চামোচেৰে খোৱা নিষেধ ৷ গঢ়াটো হাতেৰ মুখলৈ নিওটো সেলেউপ্ কৈ শব্দ এটা হ'ব লাগিব ৷
* এই খোৱাৰ লগত কেতিয়াও নেমু টেঙা বা খৰিছা বা আন টেঙা নাখাব, অম্ল খাৰৰ বিক্ৰিয়া ঘটি বায়ু উৎপাদন হৈ পেটৰ অপকাৰ কৰিব পাৰে ৷
* লগত আলু/বেঙেনা পোৰা পিটিকা বা পাটত দিয়া মাছ বা ঢেকীয়া শাকৰ শুকান ভাজি এখন হ'লে সোণত সুৱগা চৰিব ৷
Subscribe to:
Posts (Atom)