Friday, March 9, 2012

সন্ধ্যাতৰা তোমাৰ অপেক্ষাত





-পংকজ বৰা

সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত
পাৰ হৈ গ’ল অনেকটা বসন্ত …
বৈ গ’ল হাজাৰখন লুণীয়া সোৱণশিৰী
বৰ্ষাৰ ঈৰ্ষাত অনেকবাৰ উটি গ’ল মোৰ যৌৱনৰ উত্তাপ
পৰি ৰ’লোঁ অকলশৰে কঁৰাল-মৰা হৃদয়ৰ হীমশীতল উপত্যকাত
সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত
আজি পুৱাই দেখিছোঁ শৰতৰ এখন মুকলি আকাশ
গাখীৰতী পথাৰত এটা লহপহ দুপৰীয়া
ৰাতিলৈ হয়তো ফৰিংফুটা জোনাক
তুমি আহিবা লগত লৈ
হাচনাহানা আৰু শেৱালিৰ সুৱাস
ৰৈ আছোঁ মই-সন্ধ্যাতৰা,মাথো তোমাৰ অপেক্ষাত

ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম'ছ'ন


-পংকজ বৰা

কুৰৰৰৰৰৰৰৰৰৰৰৰ......গুৰৰৰৰৰৰৰৰৰ......কাঁউটটটটটটটটট.......কাঁউটটটটটটটটট......... পেটৰ পৰা কিবা অঁকোৱা-পকঁকোৱা অদ্ভূত শব্দ এটা ওলাইছে , হঠাৎ মই সঁচকিত হ'লো ৷ কম্পিউটাৰ মনিটৰৰ পৰা চকু আঁতৰাই ঘড়ীটোলৈ চাই দেখিলো সন্ধিয়া ৭ বাজিলে ৷ েততিয়াহে মনত পৰিল, সেই দুপৰীয়া ১ বজাতে দুটুকুৰা ব্ৰেদ- চীজ্ অলপ চালাদ , এবটল চুগাৰফ্ৰী ক'ক আৰু ৩ মান বজাত একাপ ক'লা চুগাৰলেছ্ কফি খাইছিলো ৷ লাঞ্চৰ আগেয়ে  কোপেনহেগেনৰ পৰা প্ৰফেছাৰ হেনৰিকে মেইল কৰিছে ৷ "হিউমেন গাট মাইক্ৰ'বায়ম" নামৰ ইউৰোপীয়ান ইউনিয়ন বৃহৎ মেটাজিন'মিকচ্ প্ৰকল্পটোৰ ১২০ গিগাবাইট ডাটা এফ টি পি কৰিছে আমাৰ ইন্টাৰ ইউনিভাৰ্ছিটি হাইস্পীড ক্লাউদ চাৰ্ভাৰলৈ ৷ ডাটাখিনি হাইপাৰফেঞ্চ কম্পিউটিং লেবৰ চুপাৰচিকউৰটী ষ্টৰেজ এৰিয়া নেটৱৰ্ক ড্ৰাইভলৈ ট্ৰাঞ্চফাৰ কৰি দুটামান ফাইল খুলি ল'লো ৷ এই গোটেইসোপা এনালাইজ কৰিবলৈ আমাৰ ১০৬০ টা ন'দবিশিষ্ট কম্পিউটাৰ ক্লাষ্টাৰটোৰ ৫০০ টামান প্ৰচেছৰ আৰু ২০০ জিবিমান ৰেম যে অহাকেইদিন মানত যে লাগিব খাটাং বুজি পালো ৷ ল'ৰাল'ৰিকৈ চাৰ্ভাৰত নিজৰ শ্লটটো বুক কৰিবলৈ চালো ! চুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈও দেখোন আজিকালি ৰাইজৰ দীঘলীয়া কিউ ৷ লাইফত কিমান আৰু কিউত থাকিম ৷ সৰুতে  চৰকাৰী ৰেচনৰ দোকানত কেৰাচিন তেল আনিবলৈ কিউ, চিনেমাহ'লত টিকেট কাটিবলৈ গৈ কিউ, ডাক্তৰৰ তাত গৈ কিউ, ট্ৰেইনৰ টিকেট কাটিবলৈ ৰাতিপুৱা ৪ বজাতে উঠি কিউ, আৰু এতিয়া ইয়াতো... উফ্ অসহ্য !   বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে ৰৈ থকা  ডাটাখিনি পাই তাৰ মাজত এনেকৈ সোমাই পৰিলো যে চাৰিওফালৰ পৃথিৱীৰ কথা পাহৰিয়ে থাকিলো ৷ পেটৰ কেৰ্কেৰণী মৰা অদ্ভূত শব্দটোতহে  বুজিলো আনৰ পেটৰ জিন'মিকছ্ বুজি থাকোতে নিজৰেই পেটৰ পেলু কেটাই বিদ্ৰোহ কৰি  উঠিছে ৷ খাৰখোৱা অসমীয়া ভতুৱা পেট, পশ্চিমীয়া ব্ৰেদ বাটাৰ খাই ক'ত টিকিব পাৰে !   ড্ৰয়াৰত কিবা খোৱাবস্তু  আছেনেকি চালো ৷ নাই একোৱেই নাই, কেইবাদিনো দোকানলৈ যোৱাই হোৱা নাই, পিপুসিশো স্বভাৱৰ ধোদ অসমীয়াৰ এলেহুৱা  গুণৰ চূড়ান্ত নিদৰ্শণ ৷  আমাৰ কোনোবা অসমীয়াৰ জিন'ম চিকুৱেঞ্চ কৰিলে অন্ততঃ এটা হ'লেও যে ইউনিক্ এলেহুৱা স্বভাৱৰ জিন  পোৱা যাব খাটাং ! মই যদি পাঁও তাৰ নাম 'ধোদ' জিন বুলিও ইতিমধ্যে মনে মনে ঠিক কৰি ৰাখিছো ৷ 

আজিলৈ অফিচৰ কাম কাজ সামৰি ল'ৰা-লৰিকৈ ঘৰলৈ ওলালো ৷ গৈয়েই  চিধাই ৰান্ধনিঘৰলৈ গৈ কিবা এটা ঠিয়ৈ ঠিয়ৈ খাই লৈহে কাপোৰ-কানি সলাম৷ ডাটাবোৰ কথা ভাৱি-ভাৱি বাছত উঠিলো ৷ কাণৰ গান-শুনাযন্ত্ৰটোত কালি ৰাতি এনাজৰী ডট্ কমত হিমজ্যোতিয়ে আপল'ড কৰা কেইটামান পুৰণি অসমীয়া গান বাজিছে ৷ বাহিৰত মৃদু তুষাৰপাত ৷ ভোক আৰু ভাগৰৰ তন্দ্ৰাত চকু কেইটা কেতিয়া জাপ খায় গ'ল গ'মেই নেপালো ৷ 

*****************

"কাম ইন মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী, আহক আহক আপোনালোকৰ বাবে অপেক্ষা কৰি আছিলো ৷"-  হস্পিতালৰ সুন্দৰী ৰিচিপশ্যনিষ্ট জনীয়ে দম্পত্তি হালক স্বাগতম জনালে ৷   তেখেতসকল গৈ চোফাখনত বহাৰ পাচত সুন্দৰী গৰাকীয়ে ৰেষ্টুৰেন্টৰ মেনুৰ নিচিনা কাগজ কেইখখনমান আগবঢ়াই দিলে ৷ দুয়োজনে  বহি মেনুখন তন্ন-তন্নকৈ চাই নিজৰ মাজতে আলোচনা কৰিলে ৷ বৰুৱা ছফ্টোৱেৰ ইঞ্জিনীয়াৰ, আই আই টি কাণপুৰৰ পৰা পাছ কৰি এতিয়া ছান-ফ্ৰান্সিছকোত থাকে ৷ পত্নী বৰুৱাণী আই আই এম আহমেদাবাদৰ টপাৰ আৰু এতিয়া এটা এম এন চিৰ ভাৰতীয় কাৰ্য্যালয়ৰ ভাইচ্ চেয়াৰমেন, থাকে মুম্বাইত৷ নিজৰ নিজৰ কেৰিয়াৰৰ লৈ আত্মপ্ৰতিস্থাৰ বাবে সফলতাৰ পিছত নিগনিৰ দৰে দৌৰিছে দুয়োজন ৷ ব্যক্তিগত জীৱনৰ বাবে হাতত সময় নিচেই সময় ৷   অলপ পাচত পুনৰ সুন্দৰী ৰিচিপশ্যনিষ্ট গৰাকী আহিল আৰু দুয়োজনকে প্ৰখ্যাত আই ভি এফ স্পেচিয়েলিষ্ট ডাক্তৰ চোলাংকীৰ েচম্বাৰলৈ লৈ গ'ল ৷ 

"আহক আহক মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী ৷ জীৱনৰ এই নতুন  সম্পদটো আহৰণ কৰিবলৈ আগবঢ়াৰ শুভক্ষণত আপোনালো দুয়োকে শুভেচ্ছা জনাইছো ৷ আশাকঁৰো শাৰিৰীক আৰু মানসিক ভাৱে দুয়োজন প্ৰস্তুত ৷"   এনেকুৱা সৰু-সুৰা গতানুগতিক বাৰ্তলাপৰ পাচত এইবাৰ এইবাৰ ডাক্তৰে সুধি গ'ল - 

উচ্চতা  কিমান?
-পাঁচ ফুট ১১ ইঞ্চি
চুলিৰ ৰং ?
- গাঢ় ক'লা
গাৰ বৰণ ? 
- ফেয়াৰ, আপোনাৰ মেনুট থকা গ্ৰেদিয়েন্ট অপ্চন ৩
চকুৰ ৰং?
- সোণালী,আপোনাৰ মেনুৰ অপ্চন ৬
ইম'চনেল লেভেল ?
- ম'দাৰেট, আপোনাৰ মেনুৰ গ্ৰেডিয়েন্ট অপচন ৪৷
দেহৰ গঠন ?
- এথলেটিক
লিংগ ?
- ছোৱালী
ব্ৰেষ্ট চাইজৰ কিবা প্ৰিফাৰেন্স আছেনেকি ?
চেক্সুৱেল প্ৰিফাৰেন্স কিবা, মানে ধৰক হ'ম', হেটেৰ', বাইচেক্সুৱেল ?

এনেধৰণৰ বহুবোৰ প্ৰশ্ন আৰু উত্তৰৰ পাচত ডাক্তৰে ক'লে "ঠিক আছে এতিয়া আপোনালোক সেই কক্ষটোলৈ যাওক ৷প্ৰথমে নাৰ্ছে দুয়োজনকে দুটা হ'ৰ্ম'ন ইনজেকচন দিব ৷ তাতে ভাৰ্চুৱেল ৰোমাঞ্চ চিমুলেটৰ মেচিনটো আছে ৷   তাতে দুয়োজনে অলপ অন্তৰংগ মধুৰ মুহুৰ্ত্ব কটাব ৷ লগে লগে ৰ'বটিকভাৱে আপোনালোক দুয়োজনৰ দেহৰ পৰা শুক্ৰাণু আৰু ডিম্বাণু সংগ্ৰহ কৰা হ'ব ৷ আপোনালোকৰ শুক্ৰাণু আৰু ডিম্বাণু টেষ্ট-টিউবত ফাৰ্টিলাইজেচনৰ পাচত  আপোনালোকে দিয়া অপচন অনুসৰি জেনেটিকেলী প্ৰগেমিংৰ  কৰি আমি ভাৰাতীয়া মাতৃৰ অ'ভেৰীত সংস্থাপন কৰিম আৰু ৯ মাহ ৯ দিনৰ পাছত আপোনালোকে আহি ডেলিভাৰী ল'ব পাৰিব ৷ লগতে এই কাগজখনত আপোনালোকৰ লগিন-পাছৱৰ্দ দিলো আপোনালোকে অনলাইন প্ৰগেছ নিৰীক্ষণ কৰিব পাৰিব ৷ সৰ্বমুঠ খৰছ পৰিব ২ লাখ টকা ৷ এনেই ২,৩ লাখ হয়, কিন্তু অফচিজন বাবে  ফ্লেট্  ৩০ হাজাৰৰ অফাৰ দিছো ৷  এপ্ৰিলৰ পৰা আমাৰ হট্চিজন ৷  আপোনালোক ভাগ্যবান৷ আমাৰ বেংক একাউন্টৰ সৱিশেষ  ইয়াত দিয়া আছে, অনলাইন ট্ৰেন্সফাৰ বা ক্ৰেদিট কাৰ্ড যোগে পেয়মেন্ট কৰিব পাৰিব ৷ শুভেচ্ছা জনাইছো, সুন্দৰ সন্তানৰ গৰাকী হওক !  "

ডাক্তৰক ধন্যবাদ জনাই দম্পত্তিহাল বিশেষ কক্ষটোলৈ সোমাই গ'ল ৷ 

*****************************

"এক্সিউজ মি৷ " এটা মিঠা মাত আৰু  চেদাক্টিভ্ পাৰফিউমৰ গোন্ধত মোৰ তন্দ্ৰা ভাগিল ৷ মোৰ কাষতে বহি  অহা সুন্দৰী যুৱতীগৰাকী নামিবৰ হৈছে ৷ মইও চকু মোহাৰি বাহিৰলৈ চালো ৷ ধেট্ তেৰিকা মই নামিব লগীয়া বাছ আস্থানৰ পৰা দুটা ষ্ট'প আগুৱাই আহিলো ৷ মইও খপজপকৈ ষোড়শী গৰাকীৰ লগতে নামি পৰিলো ৷ হ'লীউদৰ প্ৰখাত পাৰ্ফিউম নামৰ ছবিখনৰ Jean-Baptiste Grenouille চৰিত্ৰটোলৈ মনত পৰিল ৷ এনে সুগন্ধিৰ নিচাত পৰিয়েই বেচেৰাই এজনীৰ পাচত আনজনীকৈ সুন্দৰীক হত্যা কৰিছিল, সিঁহতৰ শৰীৰৰ বিশেষ বিশেষ অংগৰ পৰা নিঃশৰিত গন্ধৰ সংমিশ্ৰণেৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চেদাক্টিভ পাৰ্ফিউম (ফেৰ'মন) তৈয়াৰ কৰিবলৈ ৷ ভোক, ভাগৰ, তুষাৰপাত, সুন্দৰীৰ দেহৰ চেদাক্টিভ্ পাৰফিউম আৰু পুৰণি অসমীয়া গানৰ নিচাৰ মায়াপুৰীত মই প'ষ্ট জিন'ম চায়'ফিক সপোন এটা দেখি নামিবলৈ পাহৰি থাকিলো ৷ কলেজৰ ছাত্ৰ হৈ থাকোতে মোৰ মুৰলৈ এটা আইদিয়া আহিছিল "যদি কেনেবাকৈ জেনেটিক ইঞ্জিনীয়াৰিং কৰি ফেৰ'মনৰ জিনটো আমাৰ কপৌফুল জোপাত সুমোৱাই দিব পাৰি, ৰাতাৰাতি অমুকা বিল গেট্ছকৈও ধনী আৰু আমাৰ কপৌফুল জোপাও মাইক্ৰ'ছোফ্ট পিচিৰ নিচিনা গ্লবেল ব্ৰেণ্ড হৈ গ'লহেতেন ৷"  আপুনি   কল্পনা কৰকছোন শোৱাকোঠাৰ টাবটোত বা প্ৰিয়জনক আগবঢ়াই দিয়া ফুলৰ কুকীটোত এজোপা ফেৰ'মোন নিঃসৰণ কৰা কপৌফুল৷ হাঃ হাঃ কৈশোৰৰ বলিয়ালি চিন্তাবোৰৰ কথা মনত পৰাত মই  মনে মনে হাঁহিলো ৷ সুন্দৰী যুৱতীজনীৰ চকুৱে চকুৱে পৰাত তাইয়ো হাঁহিলে ৷ কাঁউটটটটটটটটট ..... উফ্   পেটৰ ভোকটোৱে আকৌ কলমকটীয়াই ধৰিলে ৷ য'তে বাঘৰ ভয় ত'তে ৰাতি হয় ! 

এপাৰ্টমেন্টত সোমাবলৈ দুৱাৰমুখত ৰঁওতেই কাষৰ নিৱাসী মুকেশৰ লগত মুখা-মুখি হ'লো ৷ দিল্লীৰ নিৱাসী মুকেশে আই আই টি ৰুৰকী আৰু আই আই টি দিল্লীৰ পৰা এম টেক্ আৰু পি এইচ্ ডি কৰি বৰ্তমান আমাৰ ইউনিভাৰ্ছিটিতে পোষ্ট ডক্তৰেট ছায়েন্টিষ্ট ৷ তাৰ পত্নী থাকে আমেৰিকাত , তাৰে এক প্ৰতিস্থানত স্থায়ীভাৱে কৰ্মৰত ৷ মুকেশো আছিল কিছুদিন আমেৰিকাত, কিন্তু জীৱিকাৰ বাবে নৰৱেলৈ অহা এবছৰমানো হোৱা নাই ৷ প্ৰায়ে মোৰ ওচৰলে আহি সুখ-দুখৰ কথা কয় , নিজৰ হাতৰ পেন্টাগ'নেল কিম্বা হেক্সাগ'নেল আধাসিঁজা বা জ্বলিজোৱা ৰুটী কেইখন হাতত লৈ  ঘৈণীয়েকে ৰান্ধি দিয়া ৰুটী কেইখনৰ কথা মনত পেলায়৷ বাৰু যি কি নহওক, আনদিনা হ'লে সি মোৰ লগতে  মোৰ এপাৰ্টমেন্টলৈ আহিলহেতেন ৷ সি ক'লে যে তাৰ অনলাইন মিটিং এখন আছে গতিকে ৰুমলৈ যাব ৷ মই সুধিলো-" কি মিটিং"?  সি বোলে পত্নীৰ লগত মিটিং ৷ মই জোৰেৰে হাঁহিলো ৷ বোলো- "হেৰৌ মৰজাত মৰা, ঘৈণীয়েৰৰ লগত ই-দেটিং বুলি ক , কিহৰ মিটিং আকৌ ?"  সি বোলে সঁচাকৈ মিটিং ৷ ঘৈণীয়েকৰ গা-ভাল নাই ৷ তাই থাকে অ'হায়'ত ৷ ডাক্তৰ আছে নিউয়ৰ্কত ৷ ডাক্তৰে তাইৰ লগত অনলাইন মিটং কৰিব ৷ সিয়ো ইয়াৰ পৰা যোগ দিব ৷ মই নিজেও অফিচত অনলাইন ভিডিঅ' কনফাৰেঞ্চিং কৰিছো , সাহিত্য ডট্ অৰ্গ, ই-জোনাকী যুগ আদিৰ বাবে বহুত অনলাইন মিটিং কৰিছো , মা-দেউতাৰ লগতো দৈনিক ভিদিঅ' বাৰ্তালাপ কৰিছো, কিন্তু মুকেশৰ কথাকেইটাই মোক বহু কথা ভৱাই তুলিলে ৷  মনত পৰিছিল  মই যোৱাবছৰ  কোপেনহেগেনত থাকোতে দেউতা গুৱাহাটীৰ আই চি উ ত থকাৰ সময়ৰ কথা; মনত পৰিছিল সিদিনা ফ্ৰান্সত থকা বন্ধু ভগতলাল দত্তৰ মুম্বাইত থকা অকনমাণি ল'ৰাটোৰ জ্বৰহোৱাৰ দিনা সদায় ফুৰ্তিবাজ  ভগতৰ সামান্য হ'লেও উদাস মুখখন কথা ৷    মুকেশে হাঁহি হাঁহি ভিতৰলৈ সোমায় গ'ল যদিও মই তাৰ হাঁহিৰ ফাঁকেৰে সৰকি অহা হুমুনিয়াহটো উপলব্ধি কৰিলো ৷ মানুহ যিমানেই যান্ত্ৰিক সুবিধাৰে সজ্জিত নহওক কিয় প্ৰেম, ভালপোৱা বা আপোনতাৰ এই শিকলিডাল হয়টো বিশ্বজনীন ৷ আজিকালি ক'ৰবাত-ক'ৰবাত  এই শিকলিডালটো যে মামৰে ধৰিছে সত্য, হ'লেও সেইবোৰ নিশ্চয় প্ৰাকৃতিকভাৱে নহয় পাৰিৱেশিকভাৱে হোৱা মিউটেছনৰ (আধুনিক বিজ্ঞানৰ ভাষাত এপিজেনেটিক ইফেক্ট বুলি কয়) ফল ৷ 

*******************
ৰান্ধনিঘৰলৈ সোমায় গ'লো ৷ এইবাৰ ঘৰলৈ যাঁওতে মায়ে মই গম নপোৱাকৈয়ে  সান্দহৰ টোপোলা দুটা বাকছত দি পঠাইছিল ৷ ভাগ্যক্ৰমে  অলপমান বাকি আছিলগৈ ৷ বাটি এটাত উবুৰিয়াই  লৈ  কল এটা আৰু বাটাৰ অকনমাণৰ সৈতে গাখীৰ অলপ ঢালি হাতেৰে ফেনেকি ল'লো ৷ হাতো ধোৱা নহ'ল ৷ ঘৰত মায়ে দেখা হ'লে দিলেহেতেন এজাউৰি ভালকৈ ৷ বাহিৰৰ পৰা অহা কাপোৰ সলাই হাত-ভৰি নোধোৱাকৈ খোৱা বাদ , পাকঘৰত প্ৰৱেশ নিষিদ্ধ ৷ "প্ৰৱাসত নিয়মাং নাস্তি" ৷ গতিকে একো নহয় ৷ লাডু কৰি কৰি সান্দহ খাইছো আৰু এক অজান তৃপ্তিত দেহ-মন পৰিতৃপ্ত হৈ পৰিছে ৷  বাৰু যিকি নহওক, খাই লৈ হাতখন ধুই  ৰুমলৈ আহিলো ৷ 

চেহ্ আজি মা-দেউতাৰ লগত কথা পতাও নহ'ল, মনতো অলপ বেয়া লাগিল ৷ এই জিন'মৰ পোকডালে মাথাটো খাব মোৰ ৷ লেপটপটো খুলি লৈ আজিৰ পেপাৰখনত চকু ফুৰালো ৷ বক্স নিউজ Ash's lookalike shoots erotic video;  Sunny Leone Twitpics  উফ্ যোৱা দুদিন ধৰি একে জেগাতে প্ৰথম পৃষ্ঠাত এই দুটা ভিদিঅ'৷ হঠাৎ দেখিলো  হেদলাইন  IPS officer crushed to death by mining mafia in Madhya Pradesh ৷ বাতৰিটো পঢ়ি ক্ষোভ, খং, হতাশাৰে জৰ্জৰিত মনটোক কিবা এটা অজান শোকে খুন্দা মাৰি ধৰিলে ৷  মাফিয়াৰ হাতত মৃত চম্বলত কৰ্মৰত মেধাৱী আই পি এছ বিষয়া নৰেন্দ্ৰ কুমাৰ আৰু প্ৰসৱকালীন ছুটীত থকা দুৰ্ভগীয়া পত্নী গোৱালিয়ৰত কৰ্মৰত আই এ এছ বিষয়া মধুৰাণীৰ কথা ভাৱিলো ৷ কেইদিননো চাগে তেঁওলোক দুয়োজনে একেলগে কটাবলৈ পালে ? দুয়োজনেইটো সুখৰ সংসাৰ কৰিব পাৰিলহেতেন, কিহৰ তাড়নাতনো  নৰেন্দ্ৰই অকলে মাফিয়াক প্ৰত্যাহ্বান জনাবলৈ গৈছিল , সমগ্ৰ ৰাজকীয় চিষ্টেমটোৱেই দেখোন ঘোৰ নিদ্ৰাত ! আন বহুতক উৎসাহ জনোৱাৰদৰেই  যোৱা নিশা দিল্লীত অধ্যয়নৰত এজন ভাতৃ-সমন্ধীয় অসমীয়া ছাত্ৰক  সৰ্বভাৰতীয় প্ৰতিযোগিতা দি আই এ এছ /আই পি এছ হ'বলৈ জোৰ দিছিলো ৷ তেঁও কৈছিল "কোনে এই দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক মাফিয়াৰ ভৃত্য হৈ কাম কৰিব?"  মই বহু তেঁওক যুক্তিৰে বুজাইছিলো যে তেনেকৈ চিষ্টেমটোক দোষ দি গা-এৰা দিলে নহ'ব ৷ আমাক ভাল বিষয়া লাগিব , ভাল অসমীয়া বিষয়া লাগিব ৷ কাৰণ নামত গণতন্ত্ৰ হ'লেও আমাৰ শাসন ব্যৱস্থা প্ৰকৃততে ব্যুৰোক্ৰেটেই চলায় ৷ অসমৰ দম আৰু দাম কেন্দ্ৰত বৃদ্ধি কৰিবলৈ  দিল্লীৰ অফিছে অফিছে অসমীয়া বিষয়া লাগিব, অসমৰ চুকে কোনে সৎ  অসমীয়া বিষয়া লাগিব ৷   আজি  দিনত কামৰ মাজটো তেজৰ নহ'লেও মনৰ সম্পৰ্কত এজন ভাতৃ-স্থানীয় বন্ধুৰ লগত আই এ এছ, আই পি এছ আদিৰ ইন্টাৰভিউ সংক্ৰান্তীয় কথা পাতি আছিলো ৷  হঠাতেই মনটো কলীয়া ডাৱৰে আগুৰি ধৰিলে ৷ লেপটপটো বন্ধ কৰি শুই পৰিলো ৷ মায়ে দি পঠোৱা সাদৰি হাতেৰে বনোৱা চেনেহৰ সান্দহখিনিয়ে পেটৰ ভোক নিমিসতে নাইকীয়া কৰিছিল ৷ সেইদিনা আৰু কিবা খোৱাৰ কোনো মানসিক প্ৰস্তুতি নাছিল ৷ 

ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম'ছ'ন ৷ ডায়েৰীত অসম্পাদিত ৰূপত লিখি থ'লো ৷  

(ইচ্ছাকৃত ভাৱেই বহুঠাইত অসমীয়া পৰিশব্দ ব্যৱহাৰ কৰা হোৱা নাই !)