ৰঙালী বিহু আহি পালে | আৰু মই ঘৰৰ পৰা আতৰত | মন কিবা ইচাত্ বিচাত্ | বিহু বুলি আনন্দ; ঘৰলৈ ্যাব নোৱাৰাৰ বাবে দুখ, লোকক দেখুৱাই কান্দিবও নোৱাৰি, prestige অৰ কথা আছে, বিহু এপাক নাছিবও নোৱাৰোঁ impression বেয়া হ'ব বুলি | ----
এই যে মই ওপৰত লিখা কথাবোৰ মোৰ কথা নহয় | অসমৰ বাহিৰত ওলাই অহা অনেক জন কেৰিয়াৰ সচেতন ডেকা-গাভৰুৰ অনুভুতি | কৰোঁ বুলি মনৰ সুখ দুখ আনন্দ বিষাদক বৰ্হি:ৰ্প্রকাশ কৰিব নোৱাৰে | সকলোৰে কিবা নহয় কিবা বাধ্যবাধকতা আছে | সেই একেই বিৱেক আৰু মনৰ সঙ্ঘাত |
বহুতো আকৌ এনে অসমীয়া আধুনিক ডেকা-গাভৰু আছে যি বিহু কি বস্তু ভালদৰে চিনিয়ে নেপাই; অনাক্ষৰী , গঞা লোকৰ উ ৎসৱ বুলি চিনাকি দিয়ে (মই নিজে পোৱা বাস্তৱ অভিজ্ঞতা)| তেনে মোৰ প্রশ্ন এই তথাকথিত আধুনিক উৰ্বৰ্ৰ মস্তিষ্ক বিশিষ্ট ডেকা-গাভৰু হঁতৰ বিৱেক আছেনে ? Iron Maiden , Aerosmith, GNR, Britney Spears , Roger waters গান শুনি বিদেশী সুৰাৰ ৰঙীন ৰাগীত মতলীয়া হৈ উৎভত অশালীন চিঞৰ বাখৰ কৰাও দেখিছোঁ | তেনে কেইজন মান অসমীয়া ডেকাকে মই থকা মহানগৰকখনতে আন কেইজন মান অত্যুৎসাহী অসমীয় ডেকাই অনুস্থিত কৰিৱ খোজা বিহু অনুস্থানত অংশগ্রহন কৰিৰৱৰ বাবে আহ্বান জনাঁওতে মুখ কোচাঁইছিল , কাম নোহোৱা মানুহৰ বেকাৰ কাম বুলি |
আধুনিকতাৰ পৰশ আমাক লাগে নেলাগে বুলি কোৱা নাই | এইতো এটা বেলেগ বহল আলোচনাৰ বিষয় | আজ়ি মই উথ্থা পন কৰিব খোজা প্রসংগ এইটো নহয় | মই মাত্র মগজু আৰু বিৱেকৰ কি সমন্ধ কি প্রাথক্য তাকেহে ছবি এখন দাঙি ধৰিব খুজিলোঁ |
--
পঙ্কজ
মোৰ মনৰ অসংলগ্ন অনুভূতিবোৰক সম্পূৰ্ন অসম্পাদিত ৰূপত তুলি ধৰিবলৈকে মই এই ব্ল'গ আৰম্ভ কৰিছিলো ২০০৭ চনত । ই অসমীয়া ইউনিক'ডত লিখা প্ৰথম-প্ৰজন্মৰ ব্ল'গসমূহৰ এটা৷ মূল লিখনিৰ বাবে লিখক সদায় পাঠকৰ ওচৰত দায়বদ্ধ, কিন্তু ইয়াত প্ৰকাশিত মতামতৰ বাবে লিখক কোনো প্ৰকাৰে দায়ী নহয় ৷ কোনো ব্যক্তি বা বিষয়ৰ লগত মতানৈক্য সৃষ্টিৰ কোনো অভিপ্ৰায় নাই ৷ অজানিত ভুল-ত্ৰুটীৰ বাবে লিখক ক্ষমাপ্ৰাৰ্থী ৷ © পংকজ বৰাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ৷ লিখকৰ বিনা অনুমতিত আংশিক বা সম্পূৰ্ণ ৰূপৰ পুৰ্নঃপ্ৰকাশ নিষিদ্ধ ৷
Wednesday, April 30, 2008
বিহুবলীয়া অসমীয়া : মন আৰু বিৱেকৰ খণ্ড চিত্
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment