Saturday, August 18, 2012

সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজী আৰু অসমীয়াৰ জাতীয় চৰিত্ৰ


~ পংকজ বৰা

আজিৰ এই দুৰ্দিনৰ সময়ত ভুক্তভোগী সকলোৰে প্ৰতি নিশ্চয় মোৰ সহমৰ্মিতা আছে৷ অসমীয়া সকলৰ আলৈ আথানি দেখি আত্মবিশ্লেষণৰ দৃষ্টিৰে মই মোৰ মতামত ব্যক্ত কৰিছো৷অসমীয়া জাতিৰ বেয়া গুণবোৰ যিমানেই বিচাৰি উলিয়াম, অসমীয়া হিচাপে মই নিজেও এইবোৰ অপ্ৰিয় সত্য কথাৰ অংশীদাৰ হ'ম৷ আত্মবিশ্লেষণ নকৰিলে, আত্মশুদ্ধিও কেতিয়াও নহ'ব৷ "আমি অসমীয়া নহঁও দুখীয়া" বুলি গপত গঙাটোপ হৈ বহি থাকি একো লাভ নাই৷ পৃথিৱীৰ চুক-কোণ নেদেখা একেবাৰে সৰ্বশ্ৰেষ্ঠ ঘৰগোণা জাতি হয়টো অসমীয়া জাতি৷ তথাপিও সৰ্বজান্তা অসমীয়া মানুহৰ এটা ওস্তাদি গুণ আছে৷ ঘৰে ঘৰে বহি চাহ -তামোল খায় মুখৰোচক আদ্দা মৰা৷ গাঁৱখনৰ বা জিলাখনৰ বাহিৰলৈ হয়টো জীৱনত কেতিয়াও গৈ পোৱা নাই তাত থকা মানুহক আকৌ সেই ঠাইৰ বিষয়ে উপদেশ দিয়ে৷ বেমাৰীৰ খবৰ ল'বলৈ গৈ ডাঙৰ ডাঙৰ চিকিৎসা উপদেশ দিয়ে, কি খালে ভাল, কি বেয়া, কোন ডাক্তৰ ভাল, কোন বেয়া, ভাৰতৰ কোন হস্পিটেল ভাল, কোনখন বেয়া, কোন বেমাৰীৰৰ কি হ'ল ইত্যাদি ইত্যাদি৷ (বেমাৰী খবৰ ল'বলৈ যাঁওতে চাহ-তামোল খন ভালকৈ নুখুৱালে আকৌ বেলেগৰ আগত বোৱাৰীজনীৰ বদনাম গাবলৈ নেপাহৰে দেই)৷ যি খাদ্য কেতিয়াও খাই পোৱা নাই সেই খাদ্যৰ গুণাগুণৰ বিষয়ে হয়টো কোনোবা ৰন্ধনবিদক উপদেশ দিয়ে৷ যি খেল কেতিয়াও খেলি পোৱা নাই তাৰ ওপৰত এক্সপাৰ্ট কমেন্ট, খেলুৱেক টিপছ্৷ উফ কি যে কাৰবাৰ৷ মই বহু শিক্ষিত মানুহো লগ পাইছো৷ মোক বিদেশৰ কথা শিকাই৷ তাত অমুকটো, তমুকটো, এনে কৰিবি, তেনে নকৰিবি৷ হে ভগৱান, অশিক্ষিত মানুহৰ কথা বাদ দিলো৷ শিক্ষিত সকলৰ এনে কাণ্ড কাৰখানাত হতভম্ব হঁও৷ তথ্য প্ৰমাণ সহকাৰে বুজালেও নুবুজা অদ্ভূত ওস্তাদি কাৰবাৰ৷


সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজীক লৈ মোৰ মনত কেইটামান চিন্তাৰ উদ্ৰেগ হৈছে-

১) অসমীয়া জাতি ঘৰগোনা আৰু ভয় পদুৰা, পলৰীয়া নেকি? অসমত দেখোন সকলোৰে ডাঙৰ ডাঙৰ কথা, আন্দোলনেই আন্দোলন, নেতাই নেতা! সেই বাবেই কোনো কথাৰ সঁচা মিছা বিচাৰ নকৰাকৈ ভুৱা ভাবুকিতে হাজাৰে হাজাৰে টালি-টোপোলা বান্ধি অসমলৈ দৌৰিছে নেকি? এইয়াই লুইতপৰীয়া, লাচিতৰ-মূলা গাভৰুৰ কথা কৈ সকলো সময়তে ফুটনি মাৰি থকা ফোঁপজহী জাতিৰ আচল চৰিত্ৰ?

২) তাৰ পৰিৱৰ্তে সকলো অসমীয়া একত্ৰিত হৈ সাহসেৰে পৰিস্থিতিৰ সন্মূখীন হ'বলৈ প্ৰস্তুত হ'ব নোঁৱাৰে কিয়? অসমীয়াৰ জাতিৰ মাজত একতা নাই৷

৩) অসমৰ সংবাদ মাধ্যমৰ ভূমিকা: যিসময়ত সংবাদ মাধ্যমে প্ৰকৃত খবৰ দি সাহসেৰে ৰাইজক আতংকিত নহ'বলৈ ক'ব লাগিছিল, সেই সময়ত কেৱল ভিত্তিহীন খবৰেৰে (কেতিয়াবা অশ্বথামা হতঃ ধৰণেৰে) অসমৰ ৰাইজক আতংকিত কৰি তুলিছে কিয়? বাংগালোৰত কি হৈছে তাত থকা ৰাইজতকৈ অসমৰ সংবাদ মাধ্যমৰ কৃপাত অসমৰ ৰাইজে বেছিকৈয়ে গম পায়৷ নগৈ গড়গাঁৱৰ বাতৰি দিয়া, বাতানুকুল কক্ষত বহি বৰ বৰ আলোচনা কৰি থকা এই ব্যক্তি সকলৰ সামান্যতমো দায়িত্ববোধ নাই নেকি ? পৰহি এটা চেটেলাইট চেনেলত এটা পেনেল আলোচনা চলিছে "হায়দৰাবাদৰ পৰা পলাইছে হাজাৰ হাজাৰ অসমীয়া, মৌলবাদীৰ ভাবুকি অসমীয়াক" ইত্যাদি, কেইবাজনো বিশেষজ্ঞ অসমীয়া ষ্টুদিঅ'ত৷ এগৰাকী বিশিষ্টা সাহিত্যিক , তথা এখন কাকতৰ সম্পাদিকা আছেগৈ হায়দৰাবাদত৷ তাৰপৰা সেই অনুস্থানতে ফোনযোগে জনাইছে যে তেনে একো হোৱা নাই, তেঁও নিজেও দেখা নাই, বহুতকে সুধিছেও কোনেও একো নেজানে৷ কাৰো এইবোৰ কথা ভাৱিবলৈ সময় নাই, কৰ্মব্যস্ত৷ তথাপিও কিন্তু আলোচনাটো ষ্টুদিঅ'ত থকা বিশেষজ্ঞ কেইজনে চলাই গ'ল, ডাঙৰ ডাঙৰ 'হাইপ'থেছিছ', ডাঙৰ ডাঙৰ 'ক্ৰিটিকেল' বিশ্লেষণ৷ উফ্ কি ভয়ানক কাৰবাৰ! প্ৰকৃত পৰিস্থিতিতকৈ সুবিধাবাদী ৰাজনৈতিক নেতা আৰু স্বাৰ্থলোভী সংবাদ মাধ্যমৰ নিকৃষ্ট কাৰ্য্যকলপাৰ বাবেই অসমৰ পৰা ওলাই যোৱা হাজাৰ হাজাৰ লোক আৰু তেঁওলোকৰ পৰিয়াল বৰ্গ আতংকগ্ৰস্ত হৈ পৰিছে৷

৪) অসমৰ ৰাজনৈতিক নেতাৰ চৰিত্ৰ: আজি এনে ঘটনা যদি ভাৰতৰ আন প্ৰদেশৰ যেনে গুজৰাট, মহাৰাষ্ট্ৰ, ইউপি, বিহাৰ, পশ্চিমবংগ আদিৰ লোক ক্ষতিগ্ৰস্ত হ'লহেতেন, তেতিয়া হ'লে কি হ'লহেতেন বাৰু, কল্পনা কৰি চাইছেনে? আমাৰ নেতাই গুৱাহাটীত সংবাদ মেল পাতে, দুজনে বা তিনিজনে সংসদ ভৱনৰ সন্মূখত ধৰ্ণা দিয়ে, অনশন কৰিয়েই নেতেগিৰি শেষ কৰে৷ জাতিৰ এই মহা সংকটৰ সময়ত দলৰ স্বাৰ্থৰ উৰ্দ্ধত জাতিৰ বাবে একেস্বৰে মাত মাতিব নোঁৱাৰে কিয় ? নে তাৰ বাবেও কেন্দ্ৰীয় হাই কমাণ্ডে নিৰ্দেশ দিব লাগিব? জাগা অসমীয়া নেতা জাগা৷ প্ৰথমে তোমাৰ তেজত অসমীয়াত্বৰ চাপ, তাৰ পিচতহে ভাষা, ধৰ্ম, ৰাজনৈতিক দলৰ চাপ৷

ইমানদিনে সমগ্ৰ বাংগালোৰক নিৰাপত্তা দি থকা সকলেই নিৰাপত্তাহীনতাত আজি ভূগি পলাই গৈছে আৰু তাৰ ৰাইজৰ (অন্ততঃ কৰ্মৰত সংস্থানসমূহৰ গুৰিয়াল সকলৰ) একো দায়িত্ববোধ নাই ? অসমৰ নেতা - অসমৰ হাঁহেৰে বাংগালোৰত গৈ মাঘবিহু খোৱা খবৰ ছবিৰে সৈতে বাতৰি কাতত প্ৰকাশ কৰাব পাৰে, হায়দৰাবাদ বাংগালোৰ বিহু নাচিবগৈ পাৰে, এই সংকটৰ সময়ত বৰ বৰ নেতা সকলৰ এজনেও কিন্তু ভয়াৰ্ত ৰাইজৰ কাষত গৈ থিয় হৈ নিৰ্ভয় দিব নোঁৱাৰে৷ এইয়াই অসমীয়া নেতাৰ সংজ্ঞা আৰু নাঙঠ চৰিত্ৰ৷


মই নিজৰ উদাহৰণ দিছো৷ ২০০৫ চনৰ কথা ৷ মুম্বাইত প্ৰলয়ংকাৰী বানপানী হৈছিল ৷ মই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অংশ হিচাপে মুম্বাইৰ 'ভাৱা আণৱিক গৱেষণাগাৰ' (BARC) ত আছিলোগৈ৷ বানপানীত পথ/ৰেইল/উৰাজাহাজ/ টেলিফোন যোগাযোগ, সব বিচ্ছিন্ন৷ ৰেদিঅ' নে টিভিত খবৰ ওলাল এই বানপানীৰ৷ দেউতাৰ তেনে এজন সৰ্বজান্তা ওস্তাদ বন্ধু এজনে আমাৰ ঘৰত চাহপানী খাবলৈ গৈ লেকচাৰ মাৰি আছে৷ মই মুম্বাইত থকা বুলি দেউতাই ক'বলেহে পালে, সেইজনা ওস্তাদে ক'লে নহয় দেউতাক যে মুম্বাইত চুনামি হৈছে, হাজাৰ হাজাৰ মানুহৰ দুৰাৱস্থা, মৃত্যু হৈছে৷ মা-দেউতাই মোৰ লগত যোগাযোগ কৰিব চেষ্টা কৰি বিফল হ'ল৷ মইও যোগাযোগৰ কোনো উপায় পোৱা নাই৷ এটিএম কাম নকৰাত মোৰ হাতত ফুটাকৰি এটাও নোহোৱা হ'ল৷ এনেহেন অৱস্থাত মানসিক ভাৱে ভাগি পৰি দেউতাৰ হৃদৰোগত আক্ৰান্ত হ'ল আৰু এমাহতকৈ ওপৰৰ কাল গুৱাহাটী আৰু দিল্লীৰ চিকিৎসালয়ত চিকিৎসাৰ অন্তঃত সুস্থ হৈ ঘৰলৈ ওভতিল৷ এটা সৰু কথাই কিমান ডাঙৰ অথন্তৰ ঘটাব পাৰে সেইয়া আমাৰ মানুহে বিৱেকেৰে ভাবি নেচায়৷

এটা কৌতুক আছে - এজন তেনেকুৱা অসমীয়া মানুহে বৰ বৰ লেকচাৰ দি থাকে, পৃথিৱীৰ অমুক জেগা জানো, তমুক জেগা জানো, অমুক ঠাইত ইমান দিন , তমুক থাইত ইমান ৰাতি থাকি আহিছো ইত্যাদি ইত্যাদি৷ তেনেতে এজনে ক'লে -"দদাই, আপোনাৰ দেখিছো জিঅ'গ্ৰাফীৰ বিষয়ে বহুত জ্ঞান"৷ দদায়ে তপৰায় উত্তৰ দিলে -"কেলেই নেজানিম আকৌ, যোৱাবছৰ তাত মই তিনি ৰাতি থাকি আহিছো নহয়"! :)

এই যে হায়দৰাবাদ, বাংগালুৰুৰ পৰা হাজাৰে হজাৰে অসমীয়া ডেকা ল'ৰাবোৰ গুছি আহিল, সিঁহতে অসমত কি কৰিবহি? যদি সংস্থাপনৰ অভাৱত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰে? নিজৰ পেটৰ ভোকে কষ্ট দিলে, ঘৰৰ মাক-দেউতাক, ভায়েক ভনীয়েক হঁতক এসাঁজ খুৱাবলৈ, এজোৰ কাপোৰ পিন্ধাবলৈ নোঁৱাৰি যদি আত্মদহনত ভূগি পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ যায়গৈ বা যদি আত্মহত্যা কৰে? তেতিয়া? ইয়াৰ নৈতিক দায়িত্ব ল'বনে সেই মুষ্টিমেয় কেইজনমান ৰাজনৈতিক নেতাই? নৈতিক দায়িত্ব ল'বনে অসমৰ অবিবেচকী সংবাদ মাধ্যমৰ সেইকেইজন বৰমূৰীয়াই ? অনাগত দিনত সৃষ্টি হ'ব পৰা এনে কৰুণ পৰিস্থিতিৰ বাবে এই সকলোকে এদিন পাপে চুব৷ এদিন নহয় এদিন এই পাপীসকল নিজে হাতেৰে গঢ়া ফ্ৰাংকেনষ্টেইনৰ হাতত নিজেই ধৰাশয়ী হ'ব৷
অসমৰ নেতাবোৰে বাৰু এই অৱস্থাক চেলেঞ্জ হিচাপে লৈ অসমত বাৰু প্ৰয়োজনীয় ঔদ্যোগিক পৰিকাঠাম গঢ়ি তুলিব নোঁৱাৰে কিয় ? উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ পৰা ওলাই যোৱা সকলো বিষয়ৰ লাখৰ ঘৰত থকা মানৱ সম্পদ৷ গুৱাহাটীখন হায়দৰাবাদ, বাংগালুৰু, পুনে, চেন্নাই, আহমেদাবাদ হ'b নোঁৱাৰাৰ কি কাৰণ আছে বাৰু ? আই টি পাৰ্ক, বিটি পাৰ্ক , ফলক কেইখন লগায় থ'লেই নহয়৷ ই-গভৰ্নেঞ্চ চিঞৰি থাকিলেই কিদাল হ'ব? আধুনিক পৃথিৱীৰ কোনো ধাৰণা নথকা, ৰাজ্যখনক আগুৱাই নিব পৰা কোনো কাৰ্য্যকৰী পৰিকল্পনা নথকা ,দিল্লীৰ পৰা অহা টকাকেইটাৰে ৰাইজৰ মাজত কিছু অলপ কৰা যেন দেখুৱাই বেছিভাগত টকা নিজৰ পকেটষ্ঠ কৰা নেতাই কি কৰিব ? অসমত যদি এজন মাত্ৰ চন্দ্ৰবাবু, এজন নিতিশ কুমাৰ, এজন নৰেন্দ্ৰ মোডী থাকিলহেতেন! ৰাজনীতি দুৰ্নীতি নকৰা নেতা কম৷ দুৰ্নীতি কৰিলেও শক্তিশালী দূৰদৃষ্টিৰে এখন ৰাজ্যৰ ৰেহৰূপ সলায় দিব পাৰে৷ এজন যদি নেতাৰ কিছু আধুনিক ধ্যান ধাৰণাক বুজাৰ, আধুনিক পৃথিৱীক বুজাৰ সামান্যতমো দৃষ্টিভংগী থাকিলহেতেন! অসম উত্তৰ পূৱ ভাৰতত সোণালী সূৰ্য্য হৈ জিলিকি উঠলহেতেন৷


Thursday, May 31, 2012


দেশ বনাম বিদেশ: প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে

-পংকজ বৰা 



জুলাই মাহত কনফাৰেন্স এখনত অংশগ্ৰহনৰ বাবে আমেৰিকালৈ যাব লাগে৷ আমেৰিকাৰ ভিছাৰ আকৌ ঝামেলা ধেৰ, ' কি কি যে তথ্য, নথি-পত্ৰ লাগে৷ চৌধ্য-পুৰুষৰ আঁতি-গুৰি মাৰি দিব লাগে, বিৰক্তিয়ে লাগিছে৷ তাতে মই ভাৰতৰ নাগৰিক হৈ নৰৱেৰ পৰা ভিছাৰ বাবে আৱেদন কৰাৰ বাবে আৰু বেছি সমৰ্থনমূলক নথি-পত্ৰ দিব লাগে৷ আমেৰিকাৰ দূতাৱাসৰ পৰা মেইল কৰিলে নৰৱেৰ কৰ-বিষয়া আৰু জনসংখ্যা পঞ্জীয়কৰ কাৰ্য্যালয়ৰ পৰা এখন নথি লাগে৷ ৰাতিপুৱাই অফিচলৈ যাঁওতে কৰ অফিচলৈ 'লো৷ গৈ দেখো অফিচৰ দুৱাৰ বন্ধ, আৰু সন্মূখত কেইজনমান কৰ্মচাৰী চকী পাৰি বহি আছে৷ গাত সাৱধানসূচক স্ফূৰদ্দীপ চোলা৷ মই বোলো এতিয়াহে খা, কিবা '! চুচুক চামাকৈ আগবাঢ়ি 'লো৷ গৈ সুধিলো যে অফিচ বন্ধ নেকি৷ বাহিৰত ৰৈ থকা কেইজনৰ ইংৰাজীৰ জ্ঞান সীমিত, মোৰো স্থানীয় ভাষাৰ জ্ঞান তথৈবচ৷ উপায় নাই! আকাৰে ইংগিতে কথাবোৰ বুজালো৷ ভাগ্য ভাল মই যিখন নথি লাগে তাৰ নামটো নৰৱেজিয়ান ভাষাতে কাগজ এখনত লিখি লৈ গৈছিলো৷ তেতিয়াহে তেঁওলোকে 'লে যে ধৰ্মঘট চলিছে, অনিৰ্দিষ্ট ধৰ্মঘট৷ দেশজুৰি চৰকাৰী কৰ্মচাৰী সকলে যোৱা এসপ্তাহ ধৰি অনশন কৰি আছে৷ মৰ বাপেকে এতিয়া, মই এই মূলুকত থাকিয়ো একো গমেই পোৱা নাই, অথচ অসমৰ বন্ধৰ বাতৰি ৰৌজাল-বৌজাল৷ ইয়াত স্কুল, 'লেজ, গাড়ী-মটৰ সকলো দেখোন প্ৰাত্যহিক সাধাৰণ ভাৱেই চলি আছে৷ অসমত প্ৰতিদিনাই কোনোবা নহয় কোনোবা জিলা, মহকুমা বন্ধ থাকেই৷ হিংসা, গাড়ী-মটৰ, দোকান পোহাৰ ভঙা, লাঠিচালনা, গুলীচালনা যেন কিবা সাধাৰণ ৰুটীন৷ এখন দেশত এসপ্তাহ ধৰি দেশজোৰা ধৰ্মঘট আৰু মই গমেই নেপাঁও৷ নিজকে কিবা বুৰ্বকৰ নিচিনা লাগিল৷ বাৰু যিকি নহওক, সেমনা সেমেন কৰি মোৰ নিজৰ অফিচৰ ফালে ৰাওনা 'লো৷ ৰাস্তাত দেখিলো বিভিন্ন ঠাইত বিভিন্ন অফিচৰ সন্মূখত একেদৰেই জুম পাতি পাতি কিছুমান লোক একেধৰণৰ সাৱধানমূলক জেকেট পিন্ধি ৰৈ আছে৷ ৰাস্তাত কোনো ধৰ্না নাই, সমদল নাই, পুলিছো নাই৷ নৰৱে পৃথিৱীৰ অন্যতম শান্তিপ্ৰিয় দেশ আৰু ইয়াত সৰ্বসাধাৰণতে ৰাস্তাত অস্ত্ৰধাৰী পুলিছ কেতিয়াও দেখা পোৱা নেযায়৷ আজি দেশজোৰা ধৰ্মঘটৰ দিনটোও তাৰ ব্যতিক্ৰম নহ'ল৷ 

মই তাৰ পৰা উভতি গৈ অফিচ পালোগে৷ মোৰ সহকৰ্মী ডঃ য়েনছ্ ৰহলফক সুধিলো তেখেতে ধৰ্মঘটৰ কথা কিবা জানে নেকি৷ তেখেতে তেতিয়াহে মোক অলপ বিতংভাৱে 'লে৷ আৰু 'লে যে দৰাচলতে আমিও অফিচ বৰ্জ্জন কৰিব পাঁৰো৷ কিন্তু আমাৰ গৱেষণাগোটৰ কোনেও বৰ্জ্জন কৰা দেখা নেপালো৷ বিভিন্ন বিভাগৰ কৰ্মচাৰী সংগঠনৰ হৈ এজন বা দুজন প্ৰতিনিধি হিচাপে গৈ ধৰ্মঘটত অংশ লৈছে৷ কিন্তু ইয়েই মোটামুটি ৰাজহুৱা প্ৰশাসন ব্যৱস্থা, পুলিচ, কৰ বিভাগ, শিশুকল্যাণ বিভাগ, চাফাই বিভাগ আদি মোটামুটি অচল কৰি তুলিছে৷ চৰকাৰে সঘনাই ধৰ্মঘটকাৰীৰ লগত আলোচনাত বহিছে৷ পেপাৰত নিউজবোৰ পঢ়িলো৷ ইতিমধ্যে এক বিশ্বজোৰা বাতৰি হৈ পৰিছে এই ধৰ্মঘটৰ কথা৷ নৰৱেৰ চৰকাৰী কৰ্মচাৰী সকলে ১৯৮৪ চনৰ পিচত প্ৰথমবাৰৰ বাবে এই দৰে ধৰ্মঘটত নামিছে৷ ধৰ্মঘটৰ কাৰণ বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ লগত ফেৰ মাৰিব পৰাকৈ দৰমহা বৃদ্ধি কৰিব লাগে৷ 











পৃথিৱীৰ ভিতৰতে অন্যতম ধনী নৰৱে এখন সমাজতান্ত্ৰিক দেশ৷ মানৱ সম্পদ বিকাশৰ সূচাংকৰ (Human Development Index) তালিকাত যোৱা কেইবাবছৰ ধৰি নৰৱেই পৃথিৱীৰ ভিৰতে প্ৰথম স্থানত আছে৷ ইয়াৰ মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ৷ ইয়াত ধনী-দুখীয়াৰ প্ৰাৰ্থক্য বেছি নহয়, আৰু দুৰ্নীতি প্ৰায় শুন্য৷ ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰত্যেকজন নাগৰিকৰ বা ইয়াত বসবাস কৰা , কাম কৰা প্ৰতিজন লোকৰে এটা চিনাক্তকৰণ সংখ্যা (National Identity Number) থাকে৷ আলু-পিয়াঁজ কিনাৰ পৰা , হাতী-ঘোঁৰা, ঘৰ-গাড়ী, মোবাইল চিম, বেংক একাউন্ট সকলোতে সেই নম্বৰটো লাগে৷ সেইটোৰ অবিহনে কোনো ইয়াত থাকিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে৷ গতিকে কোনেও অৰ্থনৈতিক দুৰ্নীতিত লিপ্ত 'বই নোৱাৰে৷ ইয়াত কাৰ কিমান সম্পত্তি ( মোৰ দৰে সাধাৰণ এজনৰ পৰা ৰজালৈকে), কোনে কিমান উপাৰ্জ্জন কৰিছে, কিমান কৰ দিছে সকলো তথ্য ৰাজহুৱা ভাৱে উপলব্ধ৷ দৰমহা যিমানে বাঢ়ি যায়, কৰৰ পৰিমাণ সিমানেই বাঢ়ি যায়৷ মই ৩২% কৰ দিঁও, মোৰ বছে ৪৭% কৰ দিয়ে৷ ১০ মিলিয়নৰ ক্ৰ'নাৰৰ ওপৰত যাৰ দৰমহা বা উপাৰ্জ্জিত সম্পত্তি আছে সকলোৰে ওপৰত বছৰি ৬০ % কৰ৷ গতিকে মোটামুটি ধনী-দুখীয়াৰ পাৰ্থক্য বেছি নহয়৷ কিন্তু বেচৰকাৰী খণ্ডত দৰমহা অলপ বেছি৷ সেয়ে চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলে দৰমহা সংশোধনৰ দাবীত ধৰ্মঘট কৰিছে৷ ইয়াৰ কৰ ব্যৱস্থাৰ, সামাজিক সমভাৱৰ ব্যৱস্থাৰ প্ৰতিও বহুলোক বীতশ্ৰদ্ধ৷ কাৰণ কোনোবাই অধিক কষ্ট কৰি, বা অতি কুশলতাৰে কাম কৰিলেও লাভাণ্বিত নহয়৷ দৰমহা বা উপাৰ্জ্জন যিমানে বাঢ়ে, কৰৰ পৰিমানো সিমানেই বাঢ়ে, গতিকে শেষত গৈ একেই৷ অৱশে্য স্বাস্থ্য তথা সামাজিক সুৰক্ষা ১০০% বিনামূলীয়া৷ তদুপৰি পঢ়া-শুনা কৰি ডিগ্ৰী পোৱাৰ পাচতো যদি কোনোৱে চাকৰি পোৱা নাই, তেন্তে চৰকাৰে মাহে ৯০০০ ক্ৰ'নাৰ (প্ৰায় ৮০ হাজাৰ ভাৰতীয় টকা) নিবনুৱা ভাত্তা দিয়ে৷ গতিকে চাকৰি নেথাকিলেও কোনোৱে নেখাই নমৰে৷

নৰৱেই অতি উদাৰ ভাৱে বহু আন্তঃৰাষ্ট্ৰীয় শৰনাৰ্থীক আশ্ৰয় দি আহিছে৷ বিশেষকৈ চোমালিয়াৰ বিদ্ৰোহ, ভিয়েটনাম যুদ্ধ, শ্ৰীলংকাৰ গৃহযুদ্ধ, ইৰাক-ইৰাণ-আফগানিস্থানৰ যুদ্ধৰ সময়ৰ বহু শৰনাৰ্থীক উদাৰ ভাৱে আশ্ৰয় দি আহিছে ইয়াৰ চৰকাৰে৷ কিন্তু নিজৰ নাগৰিক আৰু এনে মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাই৷ শিক্ষা-দীক্ষা, সামাজিক সুৰক্ষা, স্বাস্থ্য সকলোবোৰ ১০০% প্ৰদান কৰিছে৷ বিভিন্ন বিষয়ৰ কৰ্মমূখী প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে নিজে স্বাৱলম্বী হৈ কাম কৰিব পাৰে৷ বহুতেই তেনে ধৰনে কামত যৌগদান কৰিছে৷ কিন্তু কিছুমানে প্ৰশিক্ষণ লোৱাৰ অন্তত, চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত জানি-বুজি দুৰ্বল প্ৰদৰ্শন কৰে যাতে নিয়োগকৰ্ত্তাই চাকৰি নিদিবলৈ বাধ্য হয়৷ তেতিয়া চাকৰি নেপালো বুলি কৈ তেঁলোকে চৰকাৰৰ পৰা বিনামূলীয়া সা-সুবিধা আদায় কৰি থাকিব পাৰিব৷ বহু এনে শৰনাৰ্থীয়ে ধৰ্মীয় আচাৰৰ দোহাই দি বহুক্ষেত্ৰত ইয়াৰ সাংবিধানিক নীতিক উলংঘা কৰি সমান্তৰাল সংবিধান চলোৱাৰ কথাও কেতিয়াবা শুনা যায়৷ এনেবোৰ কথা-কাণ্ডই পৰিশ্ৰম কৰা বহু চৰকাৰী চাকৰিয়ালক অসন্তুষ্ট কৰি তুলিছে৷ কোনোৱে নিষ্ঠাসহকাৰে পৰিশ্ৰম কৰি কৰ দিব আৰু কোনোবাই সেই টকাৰে বিনাপৰিশ্ৰমেৰে উপভোগ কৰিব৷ যদিও শান্তিপ্ৰিয় নৰৱেজিয়ান সকলে কাকো ৰাজহুৱাকৈ বেয়াকৈ কোৱা, গালি দিয়া বা বৰ্ণবৈসম্যমূলক আচৰণ কৰাৰ নজিৰ বিৰল৷ অন্ততঃ মই আজিলৈকে দেখা নাই৷

ইয়াতো বিভিন্ন কৰ্মচাৰী সংগঠন আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইটামান সংগঠনে চৰকাৰৰ লগত বুজা -পৰালৈ আহি ইতিমধ্যে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰহসংখ্যকেই এতিয়াও ধৰ্মঘট অব্যাহত ৰাখিছে৷ প্ৰয়োজন 'লে প্ৰায় চৰকাৰী খণ্ডৰ ৩০০০০০ কৰ্মচাৰীয়ে একেলগে ধৰ্মঘটলৈ আহি প্ৰশাসন অচল কৰি দিয়াৰ ভাবুকি দিছে৷ মোৰ মনে হয় ৰাজনীতিকৰ চৰিত্ৰবোৰ বিশ্বব্যাপী একেই৷ দুৰ্নীতি নকৰিলেও বহুক্ষেত্ৰত তেঁওলোকৰ ক্ষমতা প্ৰয়োগ কৰে৷ কুটনীতিৰে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ নেতাসকলৰ মতামতক ভাগ ভাগ কৰোৱাত যে চৰকাৰৰ হাত নাই তাক নুই কৰিব নোৱাৰি, যদিও এইয়া মোৰহে সম্পূৰ্ণ ব্যক্তিগত ধাৰণা৷ 

বাৰু যিকি নহওক, অফিচ আহি পায় আমেৰিকাৰ দূতাৱাসলৈ মেইল কৰিলো যে এই এই অৱস্থা, কি কৰা যায়৷ ইতিমধ্যে মোৰ অধ্যাপক, আমেৰিকাৰ পৰা নিমন্ত্ৰণ জনোৱা কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক দুয়োজনে পৰিস্থিতি সন্দৰ্ভত অচল' থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ভিছাৰ কথা এতিয়া ভগৱানেহে জানে৷ কিন্তু অতি দুখজনক ভাৱে ঘৰ আহি পাই দেখিলো ভাৰত বন্ধৰ ডাঙৰ ডাঙৰ হেডলাইন খবৰ অসমৰ বাতৰি কাততত৷ ভাৰতৰ আন প্ৰদেশত বন্ধ হৈছেনে নাই নেজানো, অসমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷ অনেক ঠাইত হিংসাত্মক ঘটনাও হৈছে হেনো৷ আমাৰ অসমৰ ৰাইজৰ বাবে বন্ধ বুলি 'লেই যেন এক উৎসৱৰ নিচিনা হৈ পৰিছে৷ এইখিনিতে ২০০৪/২০০৫ চন মানৰ এটা খবৰ মনত পৰিছে৷ মই তেতিয়া চেন্নাইত অধ্যয়নৰত আৰু কাঞ্চীপুৰমত থাকো৷ সেইবাৰো বিজেপিয়ে ভাৰত বন্ধৰ আহ্বান দিছে, কাৰণ কাঞ্চীপুৰমৰ শংকৰাচাৰ্য্যক কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বাৰু সেইটো বেলেগ কথা, আচল কথাটো শুনিলে ৰাইজৰ চকু কপালত উঠিব৷ মই ঘৰলৈ ফোন কৰিলো, আৰু গম পালো যে সেইদিনা ভাৰত বন্ধ আৰু অসমত তাৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ মইটো আচৰিত, আমাৰ ইয়াত একোৱেই নাই, সব খোলা, সাধাৰণ ভাৱে জন-জীৱন চলি আছে৷ বুজক ৰাইজে এতিয়া, কাঞ্চীপুৰমৰ ঘটনাক লৈ ভাৰত বন্ধ অথছ কাঞ্চীপুৰমৰ মানুহেই নেজানে আৰু অসমত সৰ্বাত্মক বন্ধ পালন৷ এইয়াই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ৷ কামত ফাঁকি দিয়া অসমীয়া জাতিয়ে খোলা 'লেহে বেয়া পায়৷ আমাৰ মিডিয়াইও বন্ধ 'লে ভাল পায়, গৰম গৰম ব্ৰেকিং নিউজ থাকে৷ সেয়ে দিনে দিনে অধঃপতন আমাৰ জাতিৰ, এক ধূঁসৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ সমাজ, বিফল ৰাজনৈতিক নেতৃত্ব, বিফল বৌদ্ধিক নেতৃত্ব, বিফল সংবাদ মাধ্যম৷ 

প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে



(ৰাইজে বুজি পোৱাত সুবিধা ' বুলি নৰৱেৰ ধৰ্মঘট সম্পৰ্কে বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ লিংক এটা দিলো৷ সাৱধানমূলক জেকেট পিন্ধা লোকৰ ফটো ইয়াত দেখা পাব৷)

http://www.bbc.co.uk/news/world-europe-18188917

Sunday, April 8, 2012

শংকা


শংকা
----------
অৱশেষত সেই দিন আহিল,
গেজেপা মৰা চুপহিৰ মাজৰ
শ্বাসৰুদ্ধ সময়বোৰ যেতিয়াই তাৰবাবে
বাহিৰৰ শংকাতকৈও
অধিক যন্ত্ৰণাকাতৰ হৈ পৰিছিল
তেতিয়াই ভয় আৰু শংকাৰ প্ৰাচীৰ ওফোৰাই
সি ফুলি উঠাৰ
সাহস গোটাই পেলালে
*******************

মূল:
Risk
-Anaïs Nin (১৯০৩-১৯৭৭ )
---------------
And then the day came,
when the risk
to remain tight
in a bud
was more painful
than the risk
it took
to Blossom.
--------------

* কবিতা অনুবাদৰ ধৃষ্টতা মোৰ নাই৷ সংলগ্ন আলোক-ছবিখন মই তোলা(বৰফৰ স্ফতিকাকাৰ আৱৰণভেদী ওলাই অহা কঁুহিপাত)৷ ছবিখন দেখি মনলৈ বহুভাৱ আহিল, হিমশীতল ঠাণ্ডাৰে বৰফাবৃত চৌপাশৰ মাজতো গছে-বিৰিখে কঁুহিপাত মেলি বসন্তলৈ প্ৰস্তুতি কৰিব খুজিছে৷ অনেক দিন শীতনিদ্ৰাত থাকি থাকি পৰিশ্ৰান্ত হৈ পৰাৰ পাছত যেন বাহিৰ প্ৰচণ্ড ঠাণ্ডাৰ শংকাকো নেওচি মুকলি বতাহ খাই বসন্তক আদৰণি জনোৱাৰ প্ৰত্যাহ্বান লৈছে৷
*অনেক দিন শোষণ-নিষ্পেষণ সহি সহি বিৰক্তি লগা সমাজো কেতিয়াবা এইদৰে এদিন বাহিৰৰ শংকাক নেওচি জাগি উঠিব পাৰে৷

ভাষা বিলুপ্তিৰ কিছু ভয়াবহ তথ্য : অসমীয়া ভাষালৈও আহিব নেকি অশনি সংকেত ?


ভাষা বিলুপ্তিৰ কিছু ভয়াবহ তথ্য : অসমীয়া ভাষালৈও আহিব নেকি অশনি সংকেত ?
-পংকজ বৰা

Institute for Endangered Languages নামৰ সংস্থাটোৱে শেহতীয়া ভাৱে   প্ৰকাশ কৰা গৱেষণাভিত্তিক প্ৰতিবেদনে এক ভয়াবহ বাৰ্তা বহন কৰিছে ৷  ভাষাবিলুপ্তিৰ ফালৰ পৰা অতিশয় স্পৰ্শকাতৰ অঞ্চলসমূহৰ ভিতৰত পৃথিৱীৰ উত্তৰ-পূৱ ভাৰতো এটা বিপদজনক অঞ্চল হিচাপে চিহ্নিত কৰিছে  ৷  ইউনেস্ক'ৰ দ্বাৰা প্ৰকাশিত   Atlas of World's Languages in Danger ত ভাৰতবৰ্ষৰ ১৯৬ টা ভাষাৰ নাম উল্লেখ কৰিছে ৷ ইয়াৰে ৫ টা সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষা আৰু ৪২ টা অতিশয় বিলুপ্তপ্ৰায় ৷ সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষাকেইটা হৈছে আহোম, এন্ড্ৰ', চেংমেই, ৰাংকাছ্,  আৰু ট'লছা৷ ইয়াৰে প্ৰথম তিনিটাই উত্তৰ-পূৱ ভাৰতৰ ভাষা৷ অতিশয় বিলুপ্তপ্ৰায়  ভাষা কেইটাৰে উত্তৰ-পূৱ ভাৰতৰ ভাষা কেইটা হ'ল টাই ন'ৰা, টাই ৰং, ৰুগা, লাংগৰং, লামগং, ক'ইৰেং, টাৰাও,পুৰুম, আইমল, ট'ট',না, ম্ৰা আৰু টাংগাম৷ ভাৰতবৰ্ষৰ ছটা অতিশয় বিপদাপন্ন ভাষাৰ ৪ টাই উত্তৰ-পূৱ ভাৰতৰ - মেচ, অ'টং, আইটং আৰু টাই ফাকে৷  ৬৩ টা নিতান্তই  বিপদাপন্ন ভাষাৰ ৩১ টাই উত্তৰ-পূৱ ভাৰতৰ৷  এনে বৈজ্ঞানিক তথ্যই উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহ যে ভয়াবহ সংকতৰ পৰাহত পৰিছে তাক প্ৰতীয়মান কৰিছে. 




চিত্ৰ ১:  Atlas of World's Languages in Danger ত উল্লেখিত উত্তৰপূৱ ভাৰতৰ অতিশয় বিপদাপন্ন ভাষাসমূহ আৰু তাঁহাতৰ ভৌগোলিক বিস্তৃতি৷
             "National Geographic Society" শেহতীয়া ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷  এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায়  আৰু  ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ'ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷  আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷ শেহতীয়াভাৱে ভাৰতৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ  ব'ৱা (জ্যেষ্ঠ) Boa Sr. নামৰ এগৰাকী মহিলাৰৰ মৃত্যুৰ লগে লগে ব' (Bo) নামৰ এটা ভাষা পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল ৷  ২০১০ চনত এইগৰাকী মহিলাৰ মৃত্যুৰ লগে লগে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা নোহোৱা হৈ গ'ল , ব' (Bo) নাম ভাষাটো । কাৰণ সেই ভাষাটোত কথা ক'ব পৰা একমাত্ৰ ব্যক্তি আছিল এই গৰাকী মহিলা ৷ এইদৰেই বিলুপ্ত হৈ গ'ল এটা হাজাৰ বছৰীয়া পুৰণি ভাষা।  ইমানবোৰ নিৰাশাজনক তথ্যৰ বিপৰীতে সুখৰ কথা যে  আগেয়ে ইউনেস্ক'ৰ দ্বাৰা প্ৰকাশিত   Atlas of World's Languages in Danger ত   বিপদাপন্ন হিচাপে চিহ্নিত কৰি ৰখা আমাৰ ওচৰ চুবুৰীয়া খাছী ভাষাটো শেহতীয়া ভাৱে ৯,০০,০০০ লোকে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেখেতসকলে বিপদমুক্ত বুলি ঘোষণা কৰিছে৷  

চিত্ৰ ২:  Atlas of World's Languages in Danger ত উল্লেখিত  ভাৰতৰ নিতান্তই বিপদাপন্ন ৬২ টা ভাষাৰ ৩১ টা উত্তৰ-পূৱ ভাৰতৰ৷

  Michael E. Krauss নামৰ আলাস্কা বিশ্ববিদ্যালয় বিশ্বপ্ৰসিদ্ধ ভাষাবিদজনৰ  বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ এই তথ্য  আমেৰিকাৰ চৰকাৰ, ইউনেস্ক' আদিৰ দৰে সংস্থাইও মানি লৈছে ৷  তেখেতৰ সূত্ৰ অনুসৰি এটা ভাষাক নিৰাপদ বুলি ক'ব পাৰি যদিহে ১০০ বছৰৰ পাচতো এটা ভাষা সেই ভাষিক গোষ্ঠীৰ কোনো শিশুৱে ব্যৱহাৰ কৰাৰ সম্পূৰ্ন সম্ভাৱনা আছে ৷ দুৰ্ভাগ্যজনক ভাৱে বৰ্তমানে ব্যৱহৃত ভাষাসমূহৰ ২০% মানহে এই গোটৰ ভিতৰত আছে ৷   তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি এই গৱেষণাই প্ৰতি অতি ভয়াবহ  সংকেত বহন কৰিছে ৷ এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, থলুৱা-জ্ঞান (Ethnological knowledges) আদি বহুতো আনুসংগিক প্ৰসংগ জড়িত থাকে৷ 

ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ গৱেষক সকলে ঠিৰাং কৰিছে ৷ তাৰে ভিতৰত  থোৰতে প্ৰধান কেইটামান কাৰন হ'ল -
১)  বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ  নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷ বহুক্ষেত্ৰত উমৈহতীয়া কায্যৰ্ৰ সুচাৰু পৰিচালনাৰ বাবে কোনো উমৈহতীয়া ভাষাক প্ৰাধান্য দিয়া হয় ৷ এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটতোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটতোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভাৱ পৰে  ৷
২)  আগ্ৰাশী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুথ্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ উদাহৰণ স্বৰূপে ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে  উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লও ঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷
৩) কে'বা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিও ঁতে  দিও ঁতে  নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰন স্বৰূপে ইজিপ্তিয়ান স্বকীয়  ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷ আন কেতবোৰ উদাহৰন হৈছে Old Church Slavonic, Avestan, Coptic, Biblical Hebrew, Ge'ez আদি৷
৪) ভাষাৰ বিৱৰ্তন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱ্ৰতন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷  উদাহৰণ  ইংৰাজী ভাষাৰ পুৰণা ৰূপ ৷ অসমীয়া ভাষাৰ ক্ষেত্ৰটো আঙি নিশ্চয় লক্ষ্য কৰো যে শংকৰদেৱ মাধৱদেবৰ দিনৰ ব্যৱহৃত ভাষা আজিৰ দিনত নিশ্চয় ব্যৱহাৰ নহয় ৷ 
৫) প্ৰযুক্তিগত উন্নতিৰ লগে লগে বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনস্ত কৰি ক ঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে.

অসমীয়া ভাষালৈও  অশনি সংকেত আহিব নেকি ?

ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২ আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গকুল গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷
 লোকপিয়লৰ উপৰোক্ত তথ্য সমূহৰ বাবে অঞ্জল বৰাৰ ( ইন্দোৰ, মধ্যপ্ৰদেশ) ওচৰত লেখক কৃতজ্ঞ৷

"হিংলিছমীয়া" আৰু অসমীয়া ভাষাৰ খিচিৰি  কথনশৈলী:
পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷  ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে সেই কথা আমাৰ উচ্চশিক্ষিত সকলেই পাহৰিবলৈ আৰম্ভ কৰিছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু বেছি সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা
কো ঁহে কো ঁহে উপলব্ধি কৰে যেতিয়া তে ঁওলোকৰ কথন ভংগী দেখি সোধে "Are you from Bengal / Orissa? " ৷ এনে  উদাহৰন নিশ্চয় বহু কমহে হ'ব যেতিয়া কোনো অসমীয়া ব্যক্তিৰ অসমীয়া কোৱা শুনি বাহিৰৰ কোনোবাই সুধিব "Are you from Assam ? " অসমৰ বুলি গম পালেও কয় "OK, you are Assami" ( আচামী) ৷ কাৰণ দুৰ্ভাগ্যজনকভাৱে অসম আৰু অসমীয়া ভাষাৰ সম্পৰ্কে কোনো জ্ঞানেই গৰিষ্ঠসংখ্যকৰ নাই ৷ কিন্তু ইয়াৰ বাবে দায়ী বাহিৰৰ লোকসকল নিশ্চয় নহয়৷ তাৰ বাবে দায়ী মাতৃভাষা ক'বলৈ লাজপোৱা আধুনিক অসমীয়া সকল ৷  জনা বুজা লোকসকলে অসমীয়া লোকসকলে জানিশুনি মাতৃভাষা ব্যহাৰ নকৰি ভাষাটোক বাৰেভচহু "হিংলিছমীয়া" (হিন্দী + ইংলিছ+ অছমীয়া) ৰূপ হ'বলৈ কেনেকৈ এৰি দিব পাৰে ? আমাৰ নিজৰ শিক্ষিত মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰন জনতাই কি কৰিব ? ত্ৰাহি মধুসুদন ! এইক্ষেত্ৰত অতি সাংঘাটিক ভূমিকা হৈছে ইলেক্ট্ৰ'নিক গণমাধ্যম সমূহৰ কাৰন নতুন প্ৰজন্মৰ ওপৰত এইবোৰৰ প্ৰভাব বহু বেছি ৷ অসমত হঠাতেই উঠি অহা টিভি চেনেল সমূহ আৰু
এফ এম ৰেডিঅ' সমূহত অসমীয়া ভাষাটোৰ বাৰেভচহু "হিংলিছমীয়া" ৰূপটোৰ বহুল প্ৰচাৰ হৈ থকাটো অতি দুখঃজনক ভাৱে প্ৰত্যক্ষ কৰি থকা হৈছে ৷ তথাপিও সংশ্লিষ্ট মাধ্যমসমূহৰ লগত জড়িত গণ্য-মান্য ব্যক্তিসকলৰ উদাশীনতা অতিশয় হতাশাজনক ৷

ইউনিক'দৰ দ্বাৰা প্ৰবঞ্চিত অসমীয়া ভাষা আৰু উদাসীন সমাজ:

তথ্য-প্ৰযুক্তিৰ অনবদ্য অৱদানেৰে মুখৰিত প্ৰতিযোগিতামুখৰ আজিৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোৰ বহুল প্ৰচলন হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে৷ ইণ্টাৰনেটজগতত পৰ্য্যাপ্ত  আধিপত্য নাথাকিলে ভাষা এটাক জীয়াই ৰখাত বা এক বিশ্বজনীন চিনাকি দিয়াটো অচিৰেই কঠিন হৈ পৰিব ৷ এই ক্ষেত্ৰত সঠিক অৰ্থত এক গ্ৰহণযোগ্য ব্যৱস্থা হৈছে ইউনিক’ডত লেখা-মেলা কৰা৷ বিশ্বায়নৰ যুগত সহজলভ্য ইন্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ পাছতো আমাৰ অসমীয়া ভাষাটোৰ আশাপ্রদভাৱে প্রসাৰ ঘটা নাই।  নিকট ভবিষ্যতে ইয়েই আমাৰ স্থানীয় ভাষাৰ প্ৰচাৰৰ তথা ব্যৱহাৰ বাবে এইটোৱেই একমাত্ৰ পথ ৰূপে পৰিগনিত হ’ব | যিসময়ত আম ভাৰতীয় ভাষাই  ইউনিকোডৰ বিশ্বত দপদপাই আছে , সেই মূহুৰ্তটো  অসমীয়া লিপিৰ বাবে সুকীয়া স্থান  ইউনিকোডত আজিকোপতি হোৱা  নাই|   মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে ব্যক্তিগত ভাৱে অহৰহ  প্ৰচেষ্টা চলাইছে৷  ইতিমধ্যেই ইউনিক'ডৰ এই বিষয়টোৰ সম্পৰ্কত অসমৰ বিভিন্ন সংবাদ মাধ্যমত এই লেখকৰ লগতে আন কেইবাজনেও বিতং ভাৱে লিখা-মেলা কৰিছে ৷ ইউনিক'ড নামৰ সংস্থাটোৰ ভুল তথ্যৰ  ইমান গুৰুত্বপূৰ্ণ বিষয়তো নীৰৱ/নিৰাসক্ত  অসমৰ বুদ্ধিজীৱি সমাজ, জাতীয় সংগঠন, চৰকাৰ ! সেয়ে হয়টো আজি অসমীয়া জাতিৰ এই অৱস্থা ৷ এইদৰে হ'লে মান্য অসমীয়া ভাষাটো হয়টো কাগজে পত্ৰই হে বাচি থাকিবগৈ ৷ বিৱৰ্তনীয় ইতিহাসে আমাক তাকেই কয় ৷ যথা সময়ত সঠিক পদক্ষেপ নোলোৱাৰ বাবে বহুক্ষেত্ৰতেই অসমীয়া জাতিয়ে
হা-হুমুনীয়াহ কাঢ়ি আহিছে৷ সময় থাকোতেই ভাষাটোক ৰক্ষা কৰিবলৈ অসমীয়া জাতি সজাগ হ'বৰ হ'ল ৷   শেহতীয়া ভাৱে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ লগত অসমৰ কেইজনমান বিশেষজ্ঞই আলোচনাত মিলিত হোৱাৰ সুখবৰ আহিছে৷  আশকঁৰো এই পদক্ষেপ ফলদায়ক হওক৷


*(বহুকেইখন  গৱেষণাপত্ৰ আৰু ইন্টাৰনেট ৱেবছাইটৰ পৰা তথ্য বুটলি সহজ ভাষাৰে  বিষয়টোৰ ভয়াবহতাৰ থূলমূল আভাস দিয়াৰ চেষ্টা কৰিলো ৷  ব' ভাষাৰ তথ্য যোগাৰ কৰি দিয়াৰ বাবে এনাজৰী ডট্ কমৰ প্ৰতিস্থাপক সম্পাদক দিল্লী নিবাসী হিমজ্যোতি তালুকদাৰলৈ ধন্যবাদ ৷ )

নিৰ্বাচিত তথ্যসূত্ৰ:

১)  Linguistic Expert Warns of Language Extinction. Science Daily 4 Mar 2007: n. pag. Web. 23 Oct
     2009.
২)  Timmons Roberts, J. & Hite, Amy. From Modernization to Globalization: Perspectives on  
      Development and Social Change, Wiley-Blackwell (2000)
৩)  Harrison, K. David. (2007) When Languages Die: The Extinction of the World's Languages and
     the Erosion of Human Knowledge. New York and London: Oxford University Press.
৪)  http://travel.nationalgeographic.com/travel/enduring-voices/
৫)  Living Tongues Institute For Endangered Languages:  www.livingtongues.org/



Friday, March 9, 2012

সন্ধ্যাতৰা তোমাৰ অপেক্ষাত





-পংকজ বৰা

সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত
পাৰ হৈ অনেকটা বসন্ত
বৈ হাজাৰখন লুণীয়া সোৱণশিৰী
বৰ্ষাৰ ঈৰ্ষাত অনেকবাৰ উটি মোৰ যৌৱনৰ উত্তাপ
পৰি লোঁ অকলশৰে কঁৰাল-মৰা হৃদয়ৰ হীমশীতল উপত্যকাত
সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত
আজি পুৱাই দেখিছোঁ শৰতৰ এখন মুকলি আকাশ
গাখীৰতী পথাৰত এটা লহপহ দুপৰীয়া
ৰাতিলৈ হয়তো ফৰিংফুটা জোনাক
তুমি আহিবা লগত লৈ
হাচনাহানা আৰু শেৱালিৰ সুৱাস
ৰৈ আছোঁ মই-সন্ধ্যাতৰা,মাথো তোমাৰ অপেক্ষাত

ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম'ছ'ন


-পংকজ বৰা

কুৰৰৰৰৰৰৰৰৰৰৰৰ......গুৰৰৰৰৰৰৰৰৰ......কাঁউটটটটটটটটট.......কাঁউটটটটটটটটট......... পেটৰ পৰা কিবা অঁকোৱা-পকঁকোৱা অদ্ভূত শব্দ এটা ওলাইছে , হঠাৎ মই সঁচকিত 'লো কম্পিউটাৰ মনিটৰৰ পৰা চকু আঁতৰাই ঘড়ীটোলৈ চাই দেখিলো সন্ধিয়া বাজিলে েততিয়াহে মনত পৰিল, সেই দুপৰীয়া বজাতে দুটুকুৰা ব্ৰেদ- চীজ্ অলপ চালাদ , এবটল চুগাৰফ্ৰী ' আৰু মান বজাত একাপ 'লা চুগাৰলেছ্ কফি খাইছিলো লাঞ্চৰ আগেয়ে  কোপেনহেগেনৰ পৰা প্ৰফেছাৰ হেনৰিকে মেইল কৰিছে "হিউমেন গাট মাইক্ৰ'বায়ম" নামৰ ইউৰোপীয়ান ইউনিয়ন বৃহৎ মেটাজিন'মিকচ্ প্ৰকল্পটোৰ ১২০ গিগাবাইট ডাটা এফ টি পি কৰিছে আমাৰ ইন্টাৰ ইউনিভাৰ্ছিটি হাইস্পীড ক্লাউদ চাৰ্ভাৰলৈ ডাটাখিনি হাইপাৰফেঞ্চ কম্পিউটিং লেবৰ চুপাৰচিকউৰটী ষ্টৰেজ এৰিয়া নেটৱৰ্ক ড্ৰাইভলৈ ট্ৰাঞ্চফাৰ কৰি দুটামান ফাইল খুলি 'লো এই গোটেইসোপা এনালাইজ কৰিবলৈ আমাৰ ১০৬০ টা 'দবিশিষ্ট কম্পিউটাৰ ক্লাষ্টাৰটোৰ ৫০০ টামান প্ৰচেছৰ আৰু ২০০ জিবিমান ৰেম যে অহাকেইদিন মানত যে লাগিব খাটাং বুজি পালো 'ৰাল'ৰিকৈ চাৰ্ভাৰত নিজৰ শ্লটটো বুক কৰিবলৈ চালো ! চুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈও দেখোন আজিকালি ৰাইজৰ দীঘলীয়া কিউ লাইফত কিমান আৰু কিউত থাকিম সৰুতে  চৰকাৰী ৰেচনৰ দোকানত কেৰাচিন তেল আনিবলৈ কিউ, চিনেমাহ'লত টিকেট কাটিবলৈ গৈ কিউ, ডাক্তৰৰ তাত গৈ কিউ, ট্ৰেইনৰ টিকেট কাটিবলৈ ৰাতিপুৱা বজাতে উঠি কিউ, আৰু এতিয়া ইয়াতো... উফ্ অসহ্য !   বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে ৰৈ থকা  ডাটাখিনি পাই তাৰ মাজত এনেকৈ সোমাই পৰিলো যে চাৰিওফালৰ পৃথিৱীৰ কথা পাহৰিয়ে থাকিলো পেটৰ কেৰ্কেৰণী মৰা অদ্ভূত শব্দটোতহে  বুজিলো আনৰ পেটৰ জিন'মিকছ্ বুজি থাকোতে নিজৰেই পেটৰ পেলু কেটাই বিদ্ৰোহ কৰি  উঠিছে খাৰখোৱা অসমীয়া ভতুৱা পেট, পশ্চিমীয়া ব্ৰেদ বাটাৰ খাই ' টিকিব পাৰে !   ড্ৰয়াৰত কিবা খোৱাবস্তু  আছেনেকি চালো নাই একোৱেই নাই, কেইবাদিনো দোকানলৈ যোৱাই হোৱা নাই, পিপুসিশো স্বভাৱৰ ধোদ অসমীয়াৰ এলেহুৱা  গুণৰ চূড়ান্ত নিদৰ্শণ  আমাৰ কোনোবা অসমীয়াৰ জিন' চিকুৱেঞ্চ কৰিলে অন্ততঃ এটা 'লেও যে ইউনিক্ এলেহুৱা স্বভাৱৰ জিন  পোৱা যাব খাটাং ! মই যদি পাঁও তাৰ নাম 'ধোদ' জিন বুলিও ইতিমধ্যে মনে মনে ঠিক কৰি ৰাখিছো  

আজিলৈ অফিচৰ কাম কাজ সামৰি 'ৰা-লৰিকৈ ঘৰলৈ ওলালো গৈয়েই  চিধাই ৰান্ধনিঘৰলৈ গৈ কিবা এটা ঠিয়ৈ ঠিয়ৈ খাই লৈহে কাপোৰ-কানি সলাম৷ ডাটাবোৰ কথা ভাৱি-ভাৱি বাছত উঠিলো কাণৰ গান-শুনাযন্ত্ৰটোত কালি ৰাতি এনাজৰী ডট্ কমত হিমজ্যোতিয়ে আপল' কৰা কেইটামান পুৰণি অসমীয়া গান বাজিছে বাহিৰত মৃদু তুষাৰপাত ভোক আৰু ভাগৰৰ তন্দ্ৰাত চকু কেইটা কেতিয়া জাপ খায় ' 'মেই নেপালো  

*****************

"কাম ইন মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী, আহক আহক আপোনালোকৰ বাবে অপেক্ষা কৰি আছিলো "-  হস্পিতালৰ সুন্দৰী ৰিচিপশ্যনিষ্ট জনীয়ে দম্পত্তি হালক স্বাগতম জনালে   তেখেতসকল গৈ চোফাখনত বহাৰ পাচত সুন্দৰী গৰাকীয়ে ৰেষ্টুৰেন্টৰ মেনুৰ নিচিনা কাগজ কেইখখনমান আগবঢ়াই দিলে দুয়োজনে  বহি মেনুখন তন্ন-তন্নকৈ চাই নিজৰ মাজতে আলোচনা কৰিলে বৰুৱা ছফ্টোৱেৰ ইঞ্জিনীয়াৰ, আই আই টি কাণপুৰৰ পৰা পাছ কৰি এতিয়া ছান-ফ্ৰান্সিছকোত থাকে পত্নী বৰুৱাণী আই আই এম আহমেদাবাদৰ টপাৰ আৰু এতিয়া এটা এম এন চিৰ ভাৰতীয় কাৰ্য্যালয়ৰ ভাইচ্ চেয়াৰমেন, থাকে মুম্বাইত৷ নিজৰ নিজৰ কেৰিয়াৰৰ লৈ আত্মপ্ৰতিস্থাৰ বাবে সফলতাৰ পিছত নিগনিৰ দৰে দৌৰিছে দুয়োজন ব্যক্তিগত জীৱনৰ বাবে হাতত সময় নিচেই সময়   অলপ পাচত পুনৰ সুন্দৰী ৰিচিপশ্যনিষ্ট গৰাকী আহিল আৰু দুয়োজনকে প্ৰখ্যাত আই ভি এফ স্পেচিয়েলিষ্ট ডাক্তৰ চোলাংকীৰ েচম্বাৰলৈ লৈ '  

"আহক আহক মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী জীৱনৰ এই নতুন  সম্পদটো আহৰণ কৰিবলৈ আগবঢ়াৰ শুভক্ষণত আপোনালো দুয়োকে শুভেচ্ছা জনাইছো আশাকঁৰো শাৰিৰীক আৰু মানসিক ভাৱে দুয়োজন প্ৰস্তুত "   এনেকুৱা সৰু-সুৰা গতানুগতিক বাৰ্তলাপৰ পাচত এইবাৰ এইবাৰ ডাক্তৰে সুধি '

উচ্চতা  কিমান?
-পাঁচ ফুট ১১ ইঞ্চি
চুলিৰ ৰং ?
- গাঢ় 'লা
গাৰ বৰণ
- ফেয়াৰ, আপোনাৰ মেনুট থকা গ্ৰেদিয়েন্ট অপ্চন
চকুৰ ৰং?
- সোণালী,আপোনাৰ মেনুৰ অপ্চন
ইম'চনেল লেভেল ?
- 'দাৰেট, আপোনাৰ মেনুৰ গ্ৰেডিয়েন্ট অপচন ৪৷
দেহৰ গঠন ?
- এথলেটিক
লিংগ ?
- ছোৱালী
ব্ৰেষ্ট চাইজৰ কিবা প্ৰিফাৰেন্স আছেনেকি ?
চেক্সুৱেল প্ৰিফাৰেন্স কিবা, মানে ধৰক '', হেটেৰ', বাইচেক্সুৱেল ?

এনেধৰণৰ বহুবোৰ প্ৰশ্ন আৰু উত্তৰৰ পাচত ডাক্তৰে 'লে "ঠিক আছে এতিয়া আপোনালোক সেই কক্ষটোলৈ যাওক ৷প্ৰথমে নাৰ্ছে দুয়োজনকে দুটা 'ৰ্ম' ইনজেকচন দিব তাতে ভাৰ্চুৱেল ৰোমাঞ্চ চিমুলেটৰ মেচিনটো আছে   তাতে দুয়োজনে অলপ অন্তৰংগ মধুৰ মুহুৰ্ত্ব কটাব লগে লগে 'বটিকভাৱে আপোনালোক দুয়োজনৰ দেহৰ পৰা শুক্ৰাণু আৰু ডিম্বাণু সংগ্ৰহ কৰা ' আপোনালোকৰ শুক্ৰাণু আৰু ডিম্বাণু টেষ্ট-টিউবত ফাৰ্টিলাইজেচনৰ পাচত  আপোনালোকে দিয়া অপচন অনুসৰি জেনেটিকেলী প্ৰগেমিংৰ  কৰি আমি ভাৰাতীয়া মাতৃৰ 'ভেৰীত সংস্থাপন কৰিম আৰু মাহ দিনৰ পাছত আপোনালোকে আহি ডেলিভাৰী ' পাৰিব লগতে এই কাগজখনত আপোনালোকৰ লগিন-পাছৱৰ্দ দিলো আপোনালোকে অনলাইন প্ৰগেছ নিৰীক্ষণ কৰিব পাৰিব সৰ্বমুঠ খৰছ পৰিব লাখ টকা এনেই , লাখ হয়, কিন্তু অফচিজন বাবে  ফ্লেট্  ৩০ হাজাৰৰ অফাৰ দিছো  এপ্ৰিলৰ পৰা আমাৰ হট্চিজন  আপোনালোক ভাগ্যবান৷ আমাৰ বেংক একাউন্টৰ সৱিশেষ  ইয়াত দিয়া আছে, অনলাইন ট্ৰেন্সফাৰ বা ক্ৰেদিট কাৰ্ড যোগে পেয়মেন্ট কৰিব পাৰিব শুভেচ্ছা জনাইছো, সুন্দৰ সন্তানৰ গৰাকী হওক !  "

ডাক্তৰক ধন্যবাদ জনাই দম্পত্তিহাল বিশেষ কক্ষটোলৈ সোমাই '  

*****************************

"এক্সিউজ মি৷ " এটা মিঠা মাত আৰু  চেদাক্টিভ্ পাৰফিউমৰ গোন্ধত মোৰ তন্দ্ৰা ভাগিল মোৰ কাষতে বহি  অহা সুন্দৰী যুৱতীগৰাকী নামিবৰ হৈছে মইও চকু মোহাৰি বাহিৰলৈ চালো ধেট্ তেৰিকা মই নামিব লগীয়া বাছ আস্থানৰ পৰা দুটা ষ্ট' আগুৱাই আহিলো মইও খপজপকৈ ষোড়শী গৰাকীৰ লগতে নামি পৰিলো 'লীউদৰ প্ৰখাত পাৰ্ফিউম নামৰ ছবিখনৰ Jean-Baptiste Grenouille চৰিত্ৰটোলৈ মনত পৰিল এনে সুগন্ধিৰ নিচাত পৰিয়েই বেচেৰাই এজনীৰ পাচত আনজনীকৈ সুন্দৰীক হত্যা কৰিছিল, সিঁহতৰ শৰীৰৰ বিশেষ বিশেষ অংগৰ পৰা নিঃশৰিত গন্ধৰ সংমিশ্ৰণেৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চেদাক্টিভ পাৰ্ফিউম (ফেৰ'মন) তৈয়াৰ কৰিবলৈ ভোক, ভাগৰ, তুষাৰপাত, সুন্দৰীৰ দেহৰ চেদাক্টিভ্ পাৰফিউম আৰু পুৰণি অসমীয়া গানৰ নিচাৰ মায়াপুৰীত মই 'ষ্ট জিন' চায়'ফিক সপোন এটা দেখি নামিবলৈ পাহৰি থাকিলো কলেজৰ ছাত্ৰ হৈ থাকোতে মোৰ মুৰলৈ এটা আইদিয়া আহিছিল "যদি কেনেবাকৈ জেনেটিক ইঞ্জিনীয়াৰিং কৰি ফেৰ'মনৰ জিনটো আমাৰ কপৌফুল জোপাত সুমোৱাই দিব পাৰি, ৰাতাৰাতি অমুকা বিল গেট্ছকৈও ধনী আৰু আমাৰ কপৌফুল জোপাও মাইক্ৰ'ছোফ্ট পিচিৰ নিচিনা গ্লবেল ব্ৰেণ্ড হৈ 'লহেতেন আপুনি   কল্পনা কৰকছোন শোৱাকোঠাৰ টাবটোত বা প্ৰিয়জনক আগবঢ়াই দিয়া ফুলৰ কুকীটোত এজোপা ফেৰ'মোন নিঃসৰণ কৰা কপৌফুল৷ হাঃ হাঃ কৈশোৰৰ বলিয়ালি চিন্তাবোৰৰ কথা মনত পৰাত মই  মনে মনে হাঁহিলো সুন্দৰী যুৱতীজনীৰ চকুৱে চকুৱে পৰাত তাইয়ো হাঁহিলে কাঁউটটটটটটটটট ..... উফ্   পেটৰ ভোকটোৱে আকৌ কলমকটীয়াই ধৰিলে 'তে বাঘৰ ভয় 'তে ৰাতি হয়

এপাৰ্টমেন্টত সোমাবলৈ দুৱাৰমুখত ৰঁওতেই কাষৰ নিৱাসী মুকেশৰ লগত মুখা-মুখি 'লো দিল্লীৰ নিৱাসী মুকেশে আই আই টি ৰুৰকী আৰু আই আই টি দিল্লীৰ পৰা এম টেক্ আৰু পি এইচ্ ডি কৰি বৰ্তমান আমাৰ ইউনিভাৰ্ছিটিতে পোষ্ট ডক্তৰেট ছায়েন্টিষ্ট তাৰ পত্নী থাকে আমেৰিকাত , তাৰে এক প্ৰতিস্থানত স্থায়ীভাৱে কৰ্মৰত মুকেশো আছিল কিছুদিন আমেৰিকাত, কিন্তু জীৱিকাৰ বাবে নৰৱেলৈ অহা এবছৰমানো হোৱা নাই প্ৰায়ে মোৰ ওচৰলে আহি সুখ-দুখৰ কথা কয় , নিজৰ হাতৰ পেন্টাগ'নেল কিম্বা হেক্সাগ'নেল আধাসিঁজা বা জ্বলিজোৱা ৰুটী কেইখন হাতত লৈ  ঘৈণীয়েকে ৰান্ধি দিয়া ৰুটী কেইখনৰ কথা মনত পেলায়৷ বাৰু যি কি নহওক, আনদিনা 'লে সি মোৰ লগতে  মোৰ এপাৰ্টমেন্টলৈ আহিলহেতেন সি 'লে যে তাৰ অনলাইন মিটিং এখন আছে গতিকে ৰুমলৈ যাব মই সুধিলো-" কি মিটিং"?  সি বোলে পত্নীৰ লগত মিটিং মই জোৰেৰে হাঁহিলো বোলো- "হেৰৌ মৰজাত মৰা, ঘৈণীয়েৰৰ লগত -দেটিং বুলি , কিহৰ মিটিং আকৌ ?"  সি বোলে সঁচাকৈ মিটিং ঘৈণীয়েকৰ গা-ভাল নাই তাই থাকে 'হায়' ডাক্তৰ আছে নিউয়ৰ্কত ডাক্তৰে তাইৰ লগত অনলাইন মিটং কৰিব সিয়ো ইয়াৰ পৰা যোগ দিব মই নিজেও অফিচত অনলাইন ভিডিঅ' কনফাৰেঞ্চিং কৰিছো , সাহিত্য ডট্ অৰ্গ, -জোনাকী যুগ আদিৰ বাবে বহুত অনলাইন মিটিং কৰিছো , মা-দেউতাৰ লগতো দৈনিক ভিদিঅ' বাৰ্তালাপ কৰিছো, কিন্তু মুকেশৰ কথাকেইটাই মোক বহু কথা ভৱাই তুলিলে  মনত পৰিছিল  মই যোৱাবছৰ  কোপেনহেগেনত থাকোতে দেউতা গুৱাহাটীৰ আই চি থকাৰ সময়ৰ কথা; মনত পৰিছিল সিদিনা ফ্ৰান্সত থকা বন্ধু ভগতলাল দত্তৰ মুম্বাইত থকা অকনমাণি 'ৰাটোৰ জ্বৰহোৱাৰ দিনা সদায় ফুৰ্তিবাজ  ভগতৰ সামান্য 'লেও উদাস মুখখন কথা    মুকেশে হাঁহি হাঁহি ভিতৰলৈ সোমায় ' যদিও মই তাৰ হাঁহিৰ ফাঁকেৰে সৰকি অহা হুমুনিয়াহটো উপলব্ধি কৰিলো মানুহ যিমানেই যান্ত্ৰিক সুবিধাৰে সজ্জিত নহওক কিয় প্ৰেম, ভালপোৱা বা আপোনতাৰ এই শিকলিডাল হয়টো বিশ্বজনীন আজিকালি 'ৰবাত-'ৰবাত  এই শিকলিডালটো যে মামৰে ধৰিছে সত্য, 'লেও সেইবোৰ নিশ্চয় প্ৰাকৃতিকভাৱে নহয় পাৰিৱেশিকভাৱে হোৱা মিউটেছনৰ (আধুনিক বিজ্ঞানৰ ভাষাত এপিজেনেটিক ইফেক্ট বুলি কয়) ফল  

*******************
ৰান্ধনিঘৰলৈ সোমায় 'লো এইবাৰ ঘৰলৈ যাঁওতে মায়ে মই গম নপোৱাকৈয়ে  সান্দহৰ টোপোলা দুটা বাকছত দি পঠাইছিল ভাগ্যক্ৰমে  অলপমান বাকি আছিলগৈ বাটি এটাত উবুৰিয়াই  লৈ  কল এটা আৰু বাটাৰ অকনমাণৰ সৈতে গাখীৰ অলপ ঢালি হাতেৰে ফেনেকি 'লো হাতো ধোৱা নহ' ঘৰত মায়ে দেখা 'লে দিলেহেতেন এজাউৰি ভালকৈ বাহিৰৰ পৰা অহা কাপোৰ সলাই হাত-ভৰি নোধোৱাকৈ খোৱা বাদ , পাকঘৰত প্ৰৱেশ নিষিদ্ধ "প্ৰৱাসত নিয়মাং নাস্তি" গতিকে একো নহয় লাডু কৰি কৰি সান্দহ খাইছো আৰু এক অজান তৃপ্তিত দেহ-মন পৰিতৃপ্ত হৈ পৰিছে   বাৰু যিকি নহওক, খাই লৈ হাতখন ধুই  ৰুমলৈ আহিলো  

চেহ্ আজি মা-দেউতাৰ লগত কথা পতাও নহ', মনতো অলপ বেয়া লাগিল এই জিন'মৰ পোকডালে মাথাটো খাব মোৰ  লেপটপটো খুলি লৈ আজিৰ পেপাৰখনত চকু ফুৰালো বক্স নিউজ Ash's lookalike shoots erotic video;  Sunny Leone Twitpics  উফ্ যোৱা দুদিন ধৰি একে জেগাতে প্ৰথম পৃষ্ঠাত এই দুটা ভিদিঅ' হঠাৎ দেখিলো  হেদলাইন  IPS officer crushed to death by mining mafia in Madhya Pradesh বাতৰিটো পঢ়ি ক্ষোভ, খং, হতাশাৰে জৰ্জৰিত মনটোক কিবা এটা অজান শোকে খুন্দা মাৰি ধৰিলে  মাফিয়াৰ হাতত মৃত চম্বলত কৰ্মৰত মেধাৱী আই পি এছ বিষয়া নৰেন্দ্ৰ কুমাৰ আৰু প্ৰসৱকালীন ছুটীত থকা দুৰ্ভগীয়া পত্নী গোৱালিয়ৰত কৰ্মৰত আই এছ বিষয়া মধুৰাণীৰ কথা ভাৱিলো কেইদিননো চাগে তেঁওলোক দুয়োজনে একেলগে কটাবলৈ পালে ? দুয়োজনেইটো সুখৰ সংসাৰ কৰিব পাৰিলহেতেন, কিহৰ তাড়নাতনো  নৰেন্দ্ৰই অকলে মাফিয়াক প্ৰত্যাহ্বান জনাবলৈ গৈছিল , সমগ্ৰ ৰাজকীয় চিষ্টেমটোৱেই দেখোন ঘোৰ নিদ্ৰাত ! আন বহুতক উৎসাহ জনোৱাৰদৰেই  যোৱা নিশা দিল্লীত অধ্যয়নৰত এজন ভাতৃ-সমন্ধীয় অসমীয়া ছাত্ৰক  সৰ্বভাৰতীয় প্ৰতিযোগিতা দি আই এছ /আই পি এছ 'বলৈ জোৰ দিছিলো তেঁও কৈছিল "কোনে এই দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক মাফিয়াৰ ভৃত্য হৈ কাম কৰিব?"  মই বহু তেঁওক যুক্তিৰে বুজাইছিলো যে তেনেকৈ চিষ্টেমটোক দোষ দি গা-এৰা দিলে নহ' আমাক ভাল বিষয়া লাগিব , ভাল অসমীয়া বিষয়া লাগিব কাৰণ নামত গণতন্ত্ৰ 'লেও আমাৰ শাসন ব্যৱস্থা প্ৰকৃততে ব্যুৰোক্ৰেটেই চলায় অসমৰ দম আৰু দাম কেন্দ্ৰত বৃদ্ধি কৰিবলৈ  দিল্লীৰ অফিছে অফিছে অসমীয়া বিষয়া লাগিব, অসমৰ চুকে কোনে সৎ  অসমীয়া বিষয়া লাগিব   আজি  দিনত কামৰ মাজটো তেজৰ নহ'লেও মনৰ সম্পৰ্কত এজন ভাতৃ-স্থানীয় বন্ধুৰ লগত আই এছ, আই পি এছ আদিৰ ইন্টাৰভিউ সংক্ৰান্তীয় কথা পাতি আছিলো  হঠাতেই মনটো কলীয়া ডাৱৰে আগুৰি ধৰিলে লেপটপটো বন্ধ কৰি শুই পৰিলো মায়ে দি পঠোৱা সাদৰি হাতেৰে বনোৱা চেনেহৰ সান্দহখিনিয়ে পেটৰ ভোক নিমিসতে নাইকীয়া কৰিছিল সেইদিনা আৰু কিবা খোৱাৰ কোনো মানসিক প্ৰস্তুতি নাছিল  

ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম'' ডায়েৰীত অসম্পাদিত ৰূপত লিখি 'লো  

(ইচ্ছাকৃত ভাৱেই বহুঠাইত অসমীয়া পৰিশব্দ ব্যৱহাৰ কৰা হোৱা নাই !)