মোৰ মনৰ অসংলগ্ন অনুভূতিবোৰক সম্পূৰ্ন অসম্পাদিত ৰূপত তুলি ধৰিবলৈকে মই এই ব্ল'গ আৰম্ভ কৰিছিলো ২০০৭ চনত । ই অসমীয়া ইউনিক'ডত লিখা প্ৰথম-প্ৰজন্মৰ ব্ল'গসমূহৰ এটা৷ মূল লিখনিৰ বাবে লিখক সদায় পাঠকৰ ওচৰত দায়বদ্ধ, কিন্তু ইয়াত প্ৰকাশিত মতামতৰ বাবে লিখক কোনো প্ৰকাৰে দায়ী নহয় ৷ কোনো ব্যক্তি বা বিষয়ৰ লগত মতানৈক্য সৃষ্টিৰ কোনো অভিপ্ৰায় নাই ৷ অজানিত ভুল-ত্ৰুটীৰ বাবে লিখক ক্ষমাপ্ৰাৰ্থী ৷ © পংকজ বৰাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ৷ লিখকৰ বিনা অনুমতিত আংশিক বা সম্পূৰ্ণ ৰূপৰ পুৰ্নঃপ্ৰকাশ নিষিদ্ধ ৷
Monday, July 11, 2011
Monday, July 4, 2011
পহু খেদা আৰু পহুৱে খেদা
-পঙ্কজ বৰা
সকলোৱে জানে নিশ্চয় যে অসমীয়াত 'পহুখেদা দিয়া' বুলি বাক্যাংশ এটা আছে ৷ পহুক বাঘ, সিংহ বা আন মাংসভোজী প্ৰাণীয়ে যেতিয়া আক্ৰমন কৰে তেতিয়া পহুটোৱে প্ৰাণৰ মমতাত তৰা নৰা চিগি দৌৰে ৷ একেদৰেই কোনো মানুহক কিবা কাৰণত কোনোৱে আক্ৰমন কৰিলে মানুহেও প্ৰাণ বচাবলৈ দৌৰি পলায় ৷ ইয়াকে পহুখেদা দিয়া বোলে ৷ আজিকালি দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা, বিষয়া সকলক সততে ৰাইজে পহুখেদা দিয়া দেখা যায় ৷
সকলোৱে চাগে ভাবিছে মইনো এই জনা শুনা কথাবোৰ কিয় লিখিছো ৷ হা ঁহি উঠা কাৰণ এটা আছে ৷ যোৱা ৰবিবাৰৰ কথা ৷ বতৰটো আছিল ফৰকাল, উমাল ৰ'দ ৷ মই সপ্তাহান্তিকত শৰীৰৰ পৰা কিছু কেল'ৰি দহন ক ঁৰো বুলি দুপৰীয়া সময়ত নদীৰ পাৰত অলপ দৌৰিবলৈ ওলালো ৷ সব থিক্ থাক্ ৷ বহুত দিনৰ মূৰত ৰ'দ দেখা পায় আন বহু লোকো বাহিৰলৈ ওলায় আহিছিল৷ মই আকৌ হুলস্থুলীয়া পৰিৱেশৰ পৰা আ ঁতৰত অৰন্যৰ মাজৰ লুংলুঙীয়া পথবোৰত দৌৰি ভাল পা ঁও ৷ সেইদিনা বাছি ল'লো 'নিদেলভা' নামৰ গ্লেচিয়াৰৰ পৰা ওলোৱা খৰশ্ৰোতা নদী এখনৰ পাৰে পাৰে থকা লুংলুঙীয়া বাটটো ৷ সুন্দৰ নৈৎসৰ্গিক দৃশ্য ৷ দুই এজন আন মানুহকো লগ পালো ৷ খৰশ্ৰোতা নদীত অনেকেই দুঃসাহসিক নৌকা (কায়াক্যিং) চলাইছে ৷ মইও মোৰ ভ্ৰাম্যমান গানশুনা যন্ত্ৰটোত গান শুনি দৌৰি আছো ৷কিছুদুৰ যোৱাৰ পাছত হঠাতে অলপ দুৰত ঘো ঁৰাৰ নিচিনা জন্তু এটা দেখিলো ৷ বহুতেই জংঘলত ঘো ঁৰা লৈ ঘূৰে ৷ গতিকে বিশেষ ভৱাৰ একো কাৰণ নাছিল ৷ মইও আগবাঢ়িলো ৷ হঠাৎ দেখিলো সেইটো ঘো ঁৰা নহয় ৷ লগত আৰু এটা (নে এজনী গম নেপালো) আছে, মানে এটা কাপ'ল () ৷ দুটা প্ৰকাণ্ড 'মুজ' (moose, elk, Alces alces) বা আমাৰ শৰপহুৰ দৰে জন্তু৷ এটা নদীৰ পানীৰ ধাৰত আৰু এটা ক্ৰমান্বয়ে পাহৰৰ ওখ গৰাটোৰ পৰা তললৈ নামিছে ৷ মই দুয়োটাৰে মাজত ৷ ওপৰত থকাটোৱে হঠাৎ মোৰ ফালে চো ঁছা লৈ আহিল ৷ মনত পৰিলে মোৰ এতিয়াও ধাতু বাহিৰ হৈ যা ঁওহেন কৰে৷ ভাগ্যদেৱী সুপ্ৰশন্ন থহা বাবে হয়তো স্নায়ুকোষবোৰে মোক তৎক্ষণাত সম্বিৎ ঘূৰায় দিলে মই শৰীৰৰ সমস্ত শক্তি একেলগ কৰি তৰা নৰা চিঙি দৌৰিছো আৰু দৌৰিছো ৷ পাছলৈ চাবলৈ সাহস নাই ৷ মোক আধা কিলোমিটাৰ মান খেদিলে ৷ মই কিন্তু দেৰ কিলোমিটাৰ মান গৈহে বননী এদৰাত লেবেজান হৈ শুই পৰিলো ৷ মুখৰ মাত নাই ৷ উশাহ নুঘূৰাহেন অৱস্থা ৷ শৰীৰৰ সঞ্চিত সমস্ত মাইট'কন্দ্ৰিয়াবোৰে আৰু সাধাৰণতে আৰামপ্ৰিয় অলশ মাংশপেশী বোৰে সক্ৰিয় ভাৱে সহায় নকৰা হ'লে তাতেই আধ্যা পৰিল হেতেন ৷ এই সপ্তাহত মোৰ ঘৰৰ বাহিৰত কৰা দুঃসাহসিক শৰীৰ চৰ্চা সাময়িক ভাৱে বন্ধ ৷ সেই এদিনতে যিমান কেল'ৰি দহন হ'ল আৰু তাক ঘূৰাই পাবলৈ এমাহ সঞ্চয় কৰিব লাগিব ৷ (এলেহুৱা মানুহে এনেও এনে বাহানা বিচাৰিয়ে ফুৰে ৷ )
গতিকে 'পহু খেদা' শব্দটোৰ লগতে 'পহুৱে খেদা' শব্দটোও বাস্তবিকতে যে প্ৰযোজ্য তাৰ প্ৰমান ভালকৈয়ে পালো ৷ বাঘৰ আগতেল খোৱা অমুকাও কম নহয়, খামীডাঠ কৰি লৈ মোৰ ভ্ৰাম্যমান দূৰভাষ যন্ত্ৰতোৰেই আলোকচিত্ৰ এখন তোলো বুলি আকৌ হাতত সাৰে ভৰিত সাৰে গৈ শিল এটাৰ ওপৰৰ পৰা এখন তুলিহে এৰিলো ৷ তাৰে এখন ইয়াত উঠাই দিছো ৷
মতামত-
Dwijen Mahanta ভাল লাগিল।জীৱনত প্রথম গম পালো পহুৱেও মানুহ খেদে।আপোনাৰ বৰ্ণনা অতি সুন্দৰ।
Saitanya Kumar Bharadwaj কেনে দুঃসাহসিক বৰ্ণনা | ইয়াতেও তেনেকুৱা বনাঞ্চল আছে, পহুৱে খেদে বুলিয়ে মই কেলৰি দহন কৰিবলৈ নোলাওঁ| "পহুখেদা দিয়া" ৰ ভাল আৰু সঠিক উদাহৰণ পালোঁ আজি !!!
Pankaj Barah হেৰা চৈতন্য ডাঙৰীয়া, মই ক'লেও দেখোন এলেহুৱা মানুহে এনেও এনে বাহানা বিচাৰিয়ে ফুৰে ৷ মইও পৰাপক্ষত কেল'ৰি দহনৰ পৰা আ ঁতৰিয়ে থাকো , কিন্তু কিছুদিনৰ পৰা মোৰ উদৰ প্ৰদেশ চিক্স পেক্ নহয় হায়দৰাবাদী বিৰিয়ানীৰ ফেমিলী পেকৰ নিচিনা হ'বলৈ লৈছিল ৷ সেয়েহে এই অত্যুত্সাহী দুঃসাহসিক উদ্যম আছিল ৷ :)
Arindam Adhikari পঢ়ি ভাল লাগিল | আমি স্টকহম্ ত থাকোতে আমাৰ ঘৰৰ ওচৰত মুজ প্রায়েই দেখা গৈছিল | শীত্ কালত এই মুজ বোৰ চহৰৰ ওচৰে পাজৰে খাদ্য বিচাৰী ঘুৰা ফিৰা বেছিকৈ দেখা যায় । স্টকহম্ ত মই 5 বছৰত মোৰ উদৰ কেনেদৰে কম কৰিব পৰি তাৰ বহুতো চিন্তা চৰ্চা কৰিছিলো, কিন্তু বাস্তবাইত নহল | এতিয়া ভাৰতত অতিৰিক্ত কম-ঘনত্তৰ কলেষ্টেৰল লৈ ওভতি আহিছো |
Pankaj Barah এৰা অৰিন্দম দা, ভোজনপ্ৰিয় মন আৰু আৰামপ্ৰিয় শৰীৰৰটোক কষ্ট দিয়াৰ এলাহত কেল'ৰি দহনৰ সহজ উপায় সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চা , পঢ়া শুনা কৰিয়েই এই মহান পদক্ষেপ আছিল । পহুৱে খেদিব বুলি সপোনতো ভৱা নাচিলো । :)
Anjal Borah সেইটো বাঘৰ আগতেল খোৱা পহু আছিল... !!
অঞ্জল বাঘৰ আগতেল খোৱাটো মইহে, পহুটোৱে জৰুৰ লগত থকা গাৰ্লফ্ৰেণ্ডৰ পৰা গালি খাইছিল কিবা কাৰনত ৷ সেয়ে চাগৈ উৰহৰ খং ভগা ঢাৰীত কোবাবলৈ মোকে বাছি ল'লে ! :)
Barnali Deuri Bora ভাগ্য সুপ্ৰসন্ন আছিল যেন পাইছো.....
Sarada Shrestha পহুৱে ভাল পহুখেদা দিলে । উহ্ যিটোহে বিয়াগোম পহু এইটো ! ভাগ্যদেবী সঁচাকৈয়ে সুপ্ৰসন্ন আছিল দেই ।
Pankaj Barah ভোজনপ্ৰিয় মন আৰু আৰামপ্ৰিয় শৰীৰৰটোক কষ্ট দিয়াৰ এলাহত কেল'ৰি দহনৰ সহজ উপায় সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চা , পঢ়া শুনা কৰিয়েই এই মহান পদক্ষেপ আছিল । পহুৱে খেদিব বুলি সপোনতো ভৱা নাচিলো । :)
Pankaj Barah ভাগ্যদেবী সঁচাকৈয়ে সুপ্ৰসন্ন নথকা হ'লে এতিয়ামানে অমুকা হাত ভৰিয়ে বেণ্ডেজ লৈ বিচনাত পৰি থাকিলোহেতেন । আৰে বিয়াগোম মানে তামাম বিয়াগোম আছিল ।
Diganta Saikia দেহাটোৰ কোষবোৰৰ সমস্ত মাইট'কন্দ্ৰিয়াবোৰেও ছাগে বাপ বাপ দেখি গ'ল ... ঘামে ছাগে জুৰুলি জুপুৰি হ'ল দেহা ..!
Pankaj Barah ঠিকেই কৈছে শইকীয়া দেৱ, মাইট'কন্দ্ৰিয়াৰ সঞ্চিত ভাণ্ডাৰ শেষ হোৱাৰ উপক্ৰম হৈছিল । তেতিয়া নিজকে বেটাৰী ডাউন হোৱা ম'বাইল বা লেপটপটোৰ নিচিনা অনুভৱ হৈছিল । নদীৰ পৰা কেইচলু মান পানীৰে শুকাই যোৱা অণ্ঠ কণ্ঠ তিয়ায় লোৱাতহে যেনিবা আৰু কেটামান মাইট'কন্দ্ৰিয়াৰ সংশ্লেষণ হ'ল আৰু মই ৰিজাৰ্ভত চলা বাজাজ স্কুটাৰৰ নিচিনাকৈ যেনে তেনে ঘৰ পালোগৈ ।
Diganta Saikia হাঃ হাঃ হাঃ ....
Uddip Talukdar Pankaj Barah, আপোনাৰ লিখা পঢ়ি আপুনি মানুহ নে এটা 'জৈৱিক যন্ত্র' ভাবি চাবলগীয়া হৈ গৈছে! :-)
Diganta Saikia অসমৰ মানুহ যে ...চাব আকৌ ....'পাৱাৰ হাউছ (মাইট'কন্দ্ৰিয়া ?) ' ত অসমৰ ইলেক্ট্রিচিটিৰ নিচিনাকৈ অভাৰল'ডহৈ ল'ডছেদিং হলেহে জোখাৰ লাগিব ... সেয়ে দৌৰিবলৈ যাওতে পাৰিলে বৰ্ম পোছক পিন্ধি যাব ...
Pankaj Barah
হাঃ হাঃ, মানুহ মাৰি দিব দেই আপোনালোকে ৷ এতিয়া গৈ থৈ মোক যন্ত্ৰ মানৱহে বনালে নে ! শইকীয়া দেৱ, ইয়াত সাধাৰণতে ল'ডছেদিং হোৱাটো নাভূত নাশ্ৰুত ঘটনা ৷ নৰৱে'ৰ উৎপাদিত সমস্ত শক্তিৰ ৯৯% জলবিদ্যুৎ ৷ আৰু এটা কথা , এই যে পহুৱে খেদা ঘটনাটো ঘটিল, তাৰ পৰা ২ কিমি মান দুৰত্বতে নদীখনৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প এটা আছে ৷ পাৱাৰ হাইছতোলৈ মাত্ৰ কেইশমিটাৰ মান হে থাকিল গৈ ৷ লগত চাৰ্জাৰডাল লৈ যোৱা হ'লে চাৰ্জ কৰি ল'ব পাৰিলো হেতেন ৷ এইবাৰৰ পৰা বাৰু ইমাৰজেঞ্চী চাৰ্জাৰ ডাল লৈহে ঘূৰিম ৷ :)
Uddip Talukdar এডাল ছার্জাৰ আমাৰ ফালেও পঠাই দিব চোন, কেনেবাকৈ সময়ত বিজুলী থাকিলে চেষ্টা এটা দি চাম।
Uddip Talukdar ছিৰিয়াছ (সঠিক অসমীয়া কি হ'বনো?) কথা এটা কওঁ: অসমত যে নদী বান্ধ লৈ ইমান খন গণ্ডগোল চলি আছে, আচলতে নদী বান্ধ থকাটো ভাল নে বেয়া? লগতে নদী বান্ধ বিলাক মূল নদীটো বন্ধ কৰি নেবান্ধি সৰু সৰু সূঁতি বোৱাই নি বনাব নোৱাৰি নেকি?
Pankaj Barah
তালুকদাৰ ডাঙৰীয়া আপুনি মোৰ পৰৱৰ্তী লিখাৰ ঊমান পালে যেন পাঁও । নদী বান্ধ সম্পকীয় লেখাটো মোৰ পৰৱৰ্তী লিখা হ'ব । ইয়াত NHPC ৰ এজন বিষয়াক লগ পাইছিলোযাৰ লগত মোৰ কথাৰ কটা কটি হৈছিল । তেখেতে অসমৰ মানুহক বুৰ্বক বুলি কৈছিল , মই উভতি ধৰিলো । বাৰু অপেক্ষা কৰক, এলেহুৱা মানুহ কিছুদিন লাগিব দেই । মই মনতে বহনক্ষম, পৰিৱেশ অনুকূলী ক্ষুদ্ৰ নদী বান্ধ আৰু প্ৰয়োজন সাপেক্ষ প্ৰযুক্তিৰ বিকাশৰ সম্পৰ্কে নৰৱে'ক আৰ্হি হিচাপে লৈ এখন অপেশাদাৰী চুটি ছবিৰ পৰিকল্পনা কৰি আছো । এলাজ আৰু সময়ৰ নাটনিত হোৱাগৈ নাই ।
Debabrot Gogoi সকলোৰে মনত একেই কথা খেলাই আছেনেকি বাৰু ? এই সম্পৰ্কে মইও কিবা এটা কুৰুংকাৰাং চলাই আছো মনতে । নাজানো কি হয়গৈ ।
Uddip Talukdar এলাহ বাদ দি অকণমান ভালকৈ লাগকচোন, আমি কাষতে থাকিম। যিদৰে পাৰো সহায় আগবঢ়াবলৈ সাজু আছোঁ। আজি-কালি চব কথাতে ৰাজনীতি সোমাই চব গণ্ডগোল কৰি দিয়ে। কেনেকৈ নহয়, কিয় হোৱা অনুচিত সেইটো কোৱা মানুহ ওলাই থাকে, কিন্তু কেনেকৈ হোৱা উচিত সেইটো কোনেও নকয়!
Dwijen Mahanta আপোনালোকৰ আলোচনা সচাকৈ মোৰ বাবে ফলপ্ৰসু হৈছে।আৰু আশা কৰিলো।
Diganta Saikia সোনকালে প্রৱন্ধ এটাৰে পাতনি মেলক 'নদী বান্ধ আৰু বিজুলি শক্তি 'ৰ ওপৰত ..অপেক্ষা কৰি আছো ...
Pankaj Barah এইবাৰ সমূহীয়াকৈ লিখা হওক নেকি বাৰু ? ৰাইজে নৈ জোকাৰিলে নখো ক্ষয় যায় বোলে। 'নদী বান্ধ আৰু বিজুলি শক্তি 'ৰ বিষয় বস্তু সাহিত্য গোটত অলপ খাপ চৰা হ'ব ।
Diganta Saikia
শক্তি আমাক লাগিবৈ ... ক্রমবৰ্ধমান শক্তিৰ এই চাহিদা প্রাকৃতিক গেছ (gas turbine ), কয়লাৰে পূৰণ কৰিব নোৱাৰি কাৰন ইয়াৰ কেঁচা মাল ( raw materials) আৰু চোৱা - চিতা ( maintenance) খৰছ বৰ বেছি , আমি অসমৰ গ্রাহকে বলে লব নোৱাৰা অৱস্থা হৈছেগৈ ... একমাত্র জল বিদ্যুত প্রকল্প আছেগৈ ( পাৰমানৱিক প্রকল্পৰ কথা ভাৱিবৈ নোৱাৰি দুখন প্লেটৰ সংযোগস্থলিৰ ওপৰত আছো আমি ) , ইয়াৰ আৰম্ভনিয়েই যি খৰছ ... কিন্তু জল বিদ্যুত প্রকল্পৰ ঋণাত্মক দিশটো হ'ল নদী ভাটা দিয়াৰ লগে লগে ওফন্দি অহা পানীয়ে ক্ষতি কৰা অঞ্চলবোৰ ...
Diganta Saikia সৌৰ শক্তি (solar energy) আৰু বায়ু শক্তি (wind mill) অসমত কিমান ব্যৱহাৰযোগ্য !!
Debabrot Gogoi বৃহৎনদীবান্ধ বৃহত্তৰ অসমীয়া জাতিৰ শত্ৰু ।
Pankaj Barah সৌৰ শক্তি (solar energy) আৰু বায়ু শক্তি (wind mill) অসমত cost effective নহয় । তাপবিদ্যু প্ৰকল্প সমূহে সেউজ গৃহ প্ৰভাৱ বৃদ্ধি কৰে বাবে পৰিৱেশৰ অনুকুল নহয় । কোপেনহেগেনত অনুস্থিত হৈ যোৱা বিশ্ব পাৰিপাৰ্শ্বিক স্নমিলনত এই লৈ পূৱ-পশ্চিমৰ তীব্ৰ সংঘাত হৈছে । উন্নয়নশীল দেশসমূহৰ ওপৰত পশ্চিমীয়া হেঁচা বৃদ্ধি পাইছে । এক কথাত ক'ব গ'লে ক্ষুদ্ৰ নদীবান্ধেই অসমীয়া জাতিৰ মিত্র ।
Debabrot Gogoi এতিয়া জুৰ পুৰি হাত পালেহি , মোৰ সেই অসমীয়া ৰাজনীতিক কেইটাক ধৰি কিলাবলৈ মন যায় যি নিজ জাতিটোক এক অন্তহীন বিপদলৈ ঠেলি NHPCক NOC দিছিল ।
Pankaj Barah স্বাৰ্থাণ্বেষী নেতাৰ ভণ্ডামি ! ইতিহাসেও কয় - স্বাৰ্থ সিদ্ধিৰ বাবে , সিংহাসন আৰু সম্পত্তিৰ লালসাত এনে নেতাই দেশক বন্ধকত ৰাখিব পাৰে । তেনেই সামান্য কথা । তেঁওলোকৰ সতি সন্ততিৰ বাবে দেশে বিদেশে মাটি বাৰী । অসম ডুবিলে বাহিৰলৈ লৰ মাৰিব (সতি সন্ততিটো ইতিমধ্যেই বাহিৰত) । অসমৰ মাটি আৰু মানুহৰ প্ৰতি কোনো সহানুভুতি নাই এই ভণ্ড মখাৰ । ৰাইজে ইহঁতকপহুখেদা নিদিলে ৰাইজক পহুখেদা দিব ইহঁতে ।
Ritu Raj সৌৰ শক্তিৰ বাবে খরচ বহুত বেছি | তথাপি চরকারে চিনটা করিলে পারে করিব। উদাহরণ হিচাপে গুজরাট চরকারলে চাব পারি। এই link টু চাওক - (http://www.efytimes.com/e1 /fullnews.asp?edid=64208&n type=mor)
Uddip Talukdar ক্ষুদ্র নদী বান্ধ আৰু বৃহৎ নদী বান্ধ-ৰ সঠিক পার্থক্য কেনেকুৱা? মই আগতে কোৱাৰ দৰে সূঁতি বোৱাই নি বন্ধা বান্ধকে ক্ষুদ্র নদী বান্ধ বোলে নেকি?
Pankaj Barah তালুকডাৰ দেৱ, মই এই বিষয়ৰ বিশেষজ্ঞ নহয় ৷ তথাপি নিজৰ অনুসন্ধিৎসাৰ বাবে কিছু অধ্যয়ন কৰি আছো ৷ক্ষুদ্র নদী বান্ধ আৰু বৃহৎ নদী বান্ধ-ৰ পার্থক্য wikipedia ৰ প্ৰবন্ধটোৰ (http://en.wikipedia.org/wi ki/Hydroelectricity) পৰা কিছু জানিব৷ এটা micro নদী বান্ধৰ আৰ্হি এটা মোৰ ব্যক্তিগত এলবামত দেখা পাব ৷ http://www.facebook.com/ph oto.php?fbid=1441083456166 00&set=a.136788736348561.2 0438.100000523076280&type= 1&theater
Uddip Talukdar সোঁৱনশিৰি বান্ধৰ কথাও আছে দেখোন তাত!
Thursday, April 21, 2011
ভাষাৰ বিলুপ্তি, "হিংলিছমীয়া" : অসমীয়া ভাষালৈ অশনি সংকেত ?
পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷ কিন্তু সেই বুলি জনা বুজা লোকে অসমীয়া ভাষাটোক বাৰেভচহু "হিংলিছমীয়া" (হিন্দী + ইংলিছ+ অচমীয়া) ৰুপ হ'বলৈ কেনেকৈ এৰি দিব পাৰে ?... আমাৰ নিজৰ মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰন জনতাই কি কৰিব ? ত্ৰাহি মধুসুদন !
ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কো ঁহে কো ঁহে উপলব্ধি কৰে যেতিয়া তে ঁওলোকৰ কথন ভংগী দেখি সোধে "Are you from Benga / Orissa? ". এনে কমেই উদাহৰন থাকিব যেতিয়া কোনোবাই সুধিব "Are you from Assam ? "
গণমাধ্যম সমূহৰ নতুন প্ৰজন্মৰ ওপৰত প্ৰভাব বহু বেছি ৷ অসমীয়া ভাষাটোৰ বাৰেভচহু "হিংলিছমীয়া" ৰুপটোৰ বহুল প্ৰচাৰ হৈ থাকিলে মান্য অসমীয়া ভাষা কাগজে পত্ৰই হে থাকিব ৷ বিৱ্ৰতনীয় ইতিহাসে আমাক তাকেই কয় ৷ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি ই অতি ভয়াবহ অশনি সংকেত বহন কৰিছে ৷ জোৰ পুৰি হাত পোৱাৰ আগতে ৰাইজে ক ঁকালত টঙালি বান্ধি লোৱা ভাল ৷ এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত বহুতো আনুসংগিক প্ৰসংগ জডিত থাকে৷ "National Geographic Society" ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷ এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায় আৰু ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ'ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷ আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷
ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ আছে যদিও পৰ্ধান কেইটামান কাৰন হ'ল -
১) বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটতোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটতোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভা্ব পৰে ৷
২) আগ্ৰাশী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুথ্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লও ঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷
৩) কে'বা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিও ঁতে দিও ঁতে নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰন স্বৰূপে ইজিপ্তিয়ান স্বকীয় ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷
৪) ভাষাৰ বিৱ্ৰতন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱ্ৰতন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷ উদাহৰণ পুৰণা ইংৰাজী ৷
৫) বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনস্ত কৰি ক ঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে
বহু গৱেষণাসমৃদ্ধ তথ্য উপলব্ধ যদিও প্ৰাম্ভিক থূলমূল আভাসৰ বাবে সচেতন অনুসন্ধিৎসু পাঠকে তলৰ লিংক কেইটা খুচৰি চাব পাৰে-
http://en.wikipedia.org/wi
http://www.sciencedaily.co
http://en.wikipedia.org/wi
http://www.independent.co.
http://www.youthwavebd.com
(বিভিন্ন উৎসৰ সহায় লোৱা হৈছে)
-----------
-পঙ্কজ বৰা
Saturday, February 19, 2011
লিমাৰিক
খায় খায় সদায় কানপুৰীয়া আলু
ভাতপুৰীয়া কনক হৈ গ'ল বৰ চালু
কি চাবা ভেম
লৈ ফুৰে মেম
কিবা এষাৰ ক'লেই খঙে চোৱে তালু ৷
লেৰেলা সাদৰ দেখাই সোধে 'খাবানেকি লাৰু',
মই জানো কাইলৈ খুজিব এপাত খাৰু
এইয়ে ঘৰৰ লখিমী,
যেন এজনী যখিনী
নেলাগে বুলি ক'লেই লৈ আহিব হাতত ঝাৰু ।
(ভেলেন্টাইন ডে’ special)
এদিনৰ বাবে সকলোৱে এৰি দিলে ফে’চবুক
লৰাহঁতে জেপত ল’লে মোটা মোটা চেকবুক
ভেলেন্টাইন ডে’ৰ যাদু
শুনা এই সাধু
সকলোৱে হেঁপাহেৰে পলুওৱাইছে (বছৰযোৰা) প্রেমৰ ভোক।
খাদ্যৰসিক খগেনৰ পচন্দৰ মাছ চিতল
থালীৰ কাষত লাগে চর্চৰী্যা পটল
বাৰেকুৰি ধান্দা
মাৰিবলে ঠাণ্ডা
খুলিব লাগে সন্ধিয়া ৰঙীন পানীৰ বটল ।

Tuesday, January 11, 2011
নৱবর্ষ
জীৱন বাগৰে নদীৰ ভটিয়নী সোঁতত
সময় বালিত খোজ পেলাই গাই যায়
স্মৃতি বিস্মৃতিৰ ভাটিয়ালী ৰাগ
শীতৰ পাছত আকৌ আহিব বসন্ত
বৰদৈচিখলা হৈ নাচিব উতনুৱা মন
বাগৰুম্বাৰ চন্দত উতি যাব সহস্র যৌৱন
সময় বালিত খোজ পেলাই গাই যায়
স্মৃতি বিস্মৃতিৰ ভাটিয়ালী ৰাগ
শীতৰ পাছত আকৌ আহিব বসন্ত
বৰদৈচিখলা হৈ নাচিব উতনুৱা মন
বাগৰুম্বাৰ চন্দত উতি যাব সহস্র যৌৱন
Friday, December 24, 2010
~~^~~^~~^~~
~~^~~ই চি জি~~^~~
-পংকজ বৰা
(স্থানঃ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান সংস্থান (AIIMS, New Delhi), ঢলপুৱা, ২৪ ডিচেম্বৰ, ২০১০ )
~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~
শূন্যৰ পৰা শিখৰ আকৌ শূন্য
অধিবৃত্তীয়, অধিবক্রীয় অলেখ আন্দোলন,
ৰঙা, বগা, সেউজীয়া অনেক ৰেখা.
হৃদয়ৰ গতি স্পন্দন নে অসন্তুলিত কম্পন ?
হৃদয়ৰ ভাষা হাঁহি নে ক্রন্দন ?
আছেনেকি লুকাই মৃত্যুৰ বাতৰি?
সন্ত্রাসবাদীৰ কলিজাৰ ই চি জি ৰে
নোৱাৰিনে কৰিব নির্ধাৰণ সিহঁতৰ কূটিল স্বপ্নৰ ?
নোৱাৰিনে বচাব হাজাৰজন নিৰীহৰ প্রাণ?
~~^~~^~~^~~~~^~~^~~^~~~~^~~^~~^~~

Saturday, November 27, 2010
অসমীয়া Profile নাম উদ্ যাপন সপ্তাহ.
Clik here to go to - অসমীয়াত কথা বতৰা@Facebook
---
অসমীয়া বন্ধু সকল। আজিৰ যুগত কিন্তু কম্পিউটাৰত টাইপ কৰিব নজনাটো প্রকাৰন্তৰে নিৰক্ষৰৰ দৰেই। প্রায় সকলোৱে অসমীয়াত টাইপ কৰিবৰ বাবে অলপ আপচোচ কৰে। যাৰ বাবে অসমীয়া ভাষা ইন্টাৰনেটৰ বিশ্বত যেনে ভাবে প্রচাৰ প্রসাৰ হ'ব লাগিচিল তেনেকৈ হোৱ নাই। আহক অন্ততঃ পোন প্রথমে নিজৰ নামটো অসমীয়াত কম্পিউটাৰত টাইপ কৰি প্রথম খোজটো পেলাঁও। আপোনাৰ অকনমান পদক্ষেপে ভাষাটোক আগাবাঢ়ি যোৱাত সহায়ক হ'ব। "অসমীয়া Profile নাম উদ্দযাপন সপ্তাহ...উদেশ্য -- অসমীয়া ভাষা cyberworldত promote কৰা ... Try to write your name in Assamese unicode. Feel Proud to be Assamese. "
আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্রয়োজনীয়। বহুতেই না না সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গর্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।
--
মই অসমীয়া
চৈয়দ আব্দুল মালিক
---
জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে প্রাণে মই
জীয়াই থাকোতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ
অসমৰ হকে যুঁজি অসমৰ হকে মৰো
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া
----------
অসমীয়াত কেনেকৈ নিজৰ নামটো সহজে লিখিব পাৰি চমুকৈ ৰাইজক জনাওক
@Biraj Kumar Kakati:
অসমীয়াত লিখিবলৈ হ'লে কিছুমান চফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ভিতৰত অভ্ৰ, বৰাহ, আদিয়ে প্ৰধান । অন্যথাই শব্দ সংঘত গৈ পোনপটিয়াকৈ লিখি যাব পাৰে । সম্ভৱতঃ শেষৰ উপায়টো আটাইতকৈ শুবিধাজনক, কাৰণ ইয়াতে "বিৰাজ কুমাৰ কাকতি" লিখিবলৈ হ'লে "biraj kumar kakti" লিখিলেই হৈ যায় । যুক্তাক্ষৰ লিখিবলৈ হ'লে z টিপি ল'ব লাগে । যেনে: "বল্কল" লিখিবলৈ হ'লে blzkl লিখিব লাগে... z-য়ে হসন্ত চিন দিয়ে ।
তাৰ আগতে অভ্ৰ ডাউলোড কৰি ইনষ্টল কৰি লওঁক...
লিংক: http://jadewits.com/avro/s etup_avrokeyboard_4.5.3.ex e
----
@ Banajit Pathak:
অসমীয়া টাইপ কৰিবলৈ হলে বিশেষ কিছুমান সজুলি লাগে , ব্যক্তিগত ভাৱে মই বাৰাহা ভাল পাওঁ .. http://www.baraha.com/down load.htm ইয়াৰ পৰা ইয়াক download কৰিব পাৰি .. (it is a freeware কি্ন্তু শেহতিয়াভাবে খুব সম্ভব ইয়াক nagware কৰা হৈছে ). install কৰাৰ পাছত ... run baraha direct > you will see a system icon > rt click > lang setting> assamese > and done ..
তাৰ পাছত অসমীয়ত টাইপ কৰিব পাৰিব .. এই খিনি হ’ল থুল থুল মুলকৈ বাৰাহা ব্যৱহাৰ কৰাৰ উপায় .. আপোনা লোকৰ কিবা বিশেষ অসুবিধা পালে জনাব .. ...
---
অসমীয়া বন্ধু সকল। আজিৰ যুগত কিন্তু কম্পিউটাৰত টাইপ কৰিব নজনাটো প্রকাৰন্তৰে নিৰক্ষৰৰ দৰেই। প্রায় সকলোৱে অসমীয়াত টাইপ কৰিবৰ বাবে অলপ আপচোচ কৰে। যাৰ বাবে অসমীয়া ভাষা ইন্টাৰনেটৰ বিশ্বত যেনে ভাবে প্রচাৰ প্রসাৰ হ'ব লাগিচিল তেনেকৈ হোৱ নাই। আহক অন্ততঃ পোন প্রথমে নিজৰ নামটো অসমীয়াত কম্পিউটাৰত টাইপ কৰি প্রথম খোজটো পেলাঁও। আপোনাৰ অকনমান পদক্ষেপে ভাষাটোক আগাবাঢ়ি যোৱাত সহায়ক হ'ব। "অসমীয়া Profile নাম উদ্দযাপন সপ্তাহ...উদেশ্য -- অসমীয়া ভাষা cyberworldত promote কৰা ... Try to write your name in Assamese unicode. Feel Proud to be Assamese. "
আজিৰ ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ'লে UNICODE ত লিখা বিষয়বস্তু বৃদ্ধি হোৱা প্রয়োজনীয়। বহুতেই না না সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হ'ব। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাঁতো আৰু গর্বেৰে কঁও -- চিৰ চেনেহী মোৰ ভাষা জননী।
--
মই অসমীয়া
চৈয়দ আব্দুল মালিক
---
জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে প্রাণে মই
জীয়াই থাকোতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ
অসমৰ হকে যুঁজি অসমৰ হকে মৰো
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া
----------
অসমীয়াত কেনেকৈ নিজৰ নামটো সহজে লিখিব পাৰি চমুকৈ ৰাইজক জনাওক
@Biraj Kumar Kakati:
অসমীয়াত লিখিবলৈ হ'লে কিছুমান চফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ভিতৰত অভ্ৰ, বৰাহ, আদিয়ে প্ৰধান । অন্যথাই শব্দ সংঘত গৈ পোনপটিয়াকৈ লিখি যাব পাৰে । সম্ভৱতঃ শেষৰ উপায়টো আটাইতকৈ শুবিধাজনক, কাৰণ ইয়াতে "বিৰাজ কুমাৰ কাকতি" লিখিবলৈ হ'লে "biraj kumar kakti" লিখিলেই হৈ যায় । যুক্তাক্ষৰ লিখিবলৈ হ'লে z টিপি ল'ব লাগে । যেনে: "বল্কল" লিখিবলৈ হ'লে blzkl লিখিব লাগে... z-য়ে হসন্ত চিন দিয়ে ।
তাৰ আগতে অভ্ৰ ডাউলোড কৰি ইনষ্টল কৰি লওঁক...
লিংক: http://jadewits.com/avro/s
----
@ Banajit Pathak:
অসমীয়া টাইপ কৰিবলৈ হলে বিশেষ কিছুমান সজুলি লাগে , ব্যক্তিগত ভাৱে মই বাৰাহা ভাল পাওঁ .. http://www.baraha.com/down
তাৰ পাছত অসমীয়ত টাইপ কৰিব পাৰিব .. এই খিনি হ’ল থুল থুল মুলকৈ বাৰাহা ব্যৱহাৰ কৰাৰ উপায় .. আপোনা লোকৰ কিবা বিশেষ অসুবিধা পালে জনাব .. ...
Thursday, August 5, 2010
বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু সাংস্কৃতিক ঔপনিৱেশিকতাবাদ কিছু প্রসংগ ।
-পংকজ বৰা
নৰৱে'জিয়ান বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়, নৰৱে'
________________________________________
বিজ্ঞান হ'ল কোনো এটা বিষয়বস্তুৰ ওপৰত পদ্ধতিগত ভাৱে কৰা পুংখানুপুংখ অধ্যয়ন আৰু তাৰ পরা উপলব্ধ বিশেষ জ্ঞান. সমগ্র প্রক্রিয়াটোক কোৱা হয় বৈজ্ঞানিক গৱেষণা। যুক্তিগত ভাৱে কৰা বিজ্ঞানসন্মত চিন্তা আৰু গৱেষণা কৰা লোক সকলেই বিজ্ঞানী। বিজ্ঞানী হ'বৰ বাবে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্রীৰ প্রয়োজন নাই। ইয়ার বাবে প্রয়োজন যুক্তিগত ভাৱে চিন্তা কৰিব পৰা এটা সৃষ্টিশীল মন। সেই হিচাপে গাঁওৰ এজন অনাক্ষৰী ব্যক্তিও বিজ্ঞানী হ'ব পাৰে । বিজ্ঞানো হ'ল একপ্রকাৰৰ কলা। বহুতেই ভাৱে বিজ্ঞানৰ জগতত সৃষ্টিশীলতাৰ কোনো স্থান নাই। এইখিনিতে মই বিশ্বৰ প্রসিদ্ধ পদার্থ বিজ্ঞানী ৰিচার্ড ফে'নমেনৰ এটা উক্তি উল্লেখ কৰিব খুজিছো- 'The test of all knowledge is experiment. Experiment is the sole judge of scientific 'truth'. But what is the source of knowledge? Where do the laws that are to be tested come from? Experiment, itself, helps to produce these laws, in the sense that it gives us hints.But also needed is imagination to create from these hints the great generalizations —to guess at the wonderful, simple, but very strange patterns beneath them all." যুক্তি আৰু পদ্ধতিগত পৰীক্ষা নিৰীক্ষাৰ আধাৰত প্রতিস্থিত বিজ্ঞানত সৃষ্টিশীল মনৰ ভূমিকা কি নিচ্ছয়কৈ উপ্লব্ধি কৰিব পৰা যায়। যুক্তিপুর্ণ ভাৱে নতুন কিবা এটা চিন্তা কৰা্টো আচলতে একপ্রকাৰৰ কলা।
বিজ্ঞানসন্মত পুংখানুপুংখ অধ্যয়নৰ পরা উপলব্ধ বিশেষ জ্ঞানৰ প্রায়োগিক দিশটো হ'ল প্রযুক্তি। প্রযুক্তিৰ সহায়ত সমাজৰ কামত লগা বিভিন্ন আহিলা-পাতি, যন্ত্র বা সঁজুলি বা কিছুমান পদ্ধতি উদ্ভাৱন কৰা হয়, যি সমাজক প্রগতিৰ দিশত আগবঢ়াই লৈ যাব পাৰে। প্রযুক্তিৰ বিৱর্তনীয় ইতিহাস অধ্য্য়ন কৰিলে দেখা যায় যে স্থানীয় ভাৱে উপলব্ধ সম্পদৰ উপযুক্ত প্রয়োগেৰে স্থানীয়লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰা বা সামাজিক প্রয়োজন পুৰণ কৰা। প্রস্তৰ যুগত আদিম মানুহে শিলৰ আঁহিলা বনাবলৈ শিকাৰ পৰাই প্রযুক্তিৰ বিকাশ আৰম্ভ হয়। মানুহে সমাজ পাতি, খেতি বাতি কৰিবলৈ লোৱাৰ পৰা আৰু কিছু প্রযুক্তিগত উন্নয়ন হয়। কিন্তু তেতিয়ালৈকে কোনো আনুস্থানিক বিজ্ঞান নাছিল। তেতিয়া মানুহে প্রকৃতিৰ পৰা শিকিছিল আৰু নিজৰ সৃষ্টিশীলতাৰ ব্যৱহাৰ কৰি আদিম প্রযুক্তিৰ উদ্ভাৱন কৰিছিল। ৰেনেঁছাৰ পাছৰে পৰা বিশ্বৰ আগশাৰীৰ জাতি সমুহে বিজ্ঞান আৰু প্রযুক্তিৰ বিকাশক বিশেষ ভাৱে প্রাধান্য দিবলৈ ল'লে। দুখনকৈ বিশ্বযুদ্ধই এই প্রক্ৰিয়াটোক অধিক ত্বৰাণ্বিত কৰি তোলে।
এতিয়া আঁহো আজিৰ সময়লৈ। আমি আজি এখন বিজ্ঞান প্রযুক্তিৰ অনবদ্য অৱদানেৰে বিধৌত এখন স্বাস্যন্দকৰ পৃথিৱীত বসবাস কঁৰো। হাতে হাতে ম'বাইল ফ'ন, ইন্টাৰনেট, চেটেলাইট টেলিভিছন, বিলাসী গাড়ী ইত্যাদি। কিন্তু আটাইতকৈ ভয়াবহ কথাটো হৈছে প্রযুক্তিৰ অপব্যৱহাৰ। বিশেষকৈ অন্নুনত আৰু উন্নয়নশীল দেশসমূহত প্রযুক্তিৰ অপব্যৱহাৰ ব্যাপক ৰূপত দেখা পোৱা গৈছে। প্রযুক্তিৰ অপব্যৱহাৰৰ এই প্রসংগটো দুটা শব্দৰে প্রকাশ কৰিব পাৰি-সংস্কৃতি আৰু শিক্ষা। আমদানিকৃত প্রযুক্তি এটা ব্যৱহাৰ কৰিব জনাকৈ প্রয়োজন হোৱা উপযুক্ত শিক্ষা আৰু সংস্কৃতিক মুল্যবোধৰ অভাৱ এই সমাজ সমুহত উপ্লব্ধি কৰিব পাৰি। এইবিলাক সমাজত এনে প্রযুক্তিগত উন্নয়ন সমূহক ফে'ছন হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। আছলতে আজিও এই সমাজ সমূহ সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ নামান্তৰ মাথোন। পুজিবাদী দেশৰ বহুজাতিক গোষ্ঠী সমূহৰ কঁৰাল গ্রাসত পৰি তেঁওলোকে যি খাবলৈ কয় তাকে খোৱা, যি পিন্ধিবলৈ কয় তাকে পিন্ধা, কি কৰিবলৈ কয় তাকে কোৱা এটা স্বভাৱত পৰিণত হৈছে। আমি থলুৱা প্রযুক্তিৰ বিকাশত ব্যর্থ হৈছো অতি শোচনীয় ভাবে। আজই অসমৰে এখন ভিতৰুৱা গাঁওৰ স্কুলীয়া ছাত্রৰ হাতে হাতে হাজাৰটকীয়া ম'বাইল ফ'ন, ঘৰে ঘৰে চেটেলাইত টিভি, কম্পিউটাৰ আদি। কিন্তু আজিও আমি এলান্ধুকলীয়া নাঙ্গলটোৰে বছৰটোৰ এটা খেতি কৰি পেটে ভাতে খায় জীয়াই আছো। যি সময়ত আমি লাহ বিলাহৰ সকলো প্রযুক্তিগত উপাদান হকে বিহকে আঁকোৱালি লৈছো, আমার ইমানো সৃষ্টিশীলতাৰ অভাৱ হ'লনে যে আমি এটা উন্নত নাঙ্গল সাজি লব পৰা নাই? আমি ব্যৱহাৰ কৰিব পৰা নাই আমাৰ চৌপাশৰ সম্পদসমূহ, আমাৰ বুদ্ধিমত্তা,সৃষ্টিশীলতাক? আমাৰ সমাজৰেই শিক্ষানুস্থান সমূহৰ পৰা শিক্ষা গ্রহণ কৰি ওলাই যোৱা ব্যক্তিৰ শ্রম আৰু বুদ্ধিমত্তাক ব্যৱহাৰ কৰি আমাৰেই সম্পদৰ আধাৰত প্রযুক্তি বিকাশ ঘটায় আমাকেই বেছি লুণ্ঠনৰাজ চলাইছে। এয়াই সাংস্কৃতিক ঔপনিৱেশিকতাবাদ।খাটি অসমীয়াত ক'বলে গ'লে ' তোমাৰ ঘৰৰ বাহ-গাজ, তাৰে নি কৰো খৰিছা; তোমাকে সলাই ধান ডোন নিও কথাটো জানো মন কৰিছা?
ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?
ইউৰোপত এতিয়া ফুটবলৰ জ্বৰ, কোনে মাৰিব শেষ হাঁহি, ?
-পংকজ বৰা
__
-পংকজ বৰা
__
এখন মহাৰণ, ৩২ খন দেশৰ ৭৩৬ জন খেলুৱৈ। সমগ্র বিশ্বৰ কৌটি কৌটি অনুৰাগী। ১১ জুনত আৰম্ভ হোৱা এমহীয়া এই মহাযুদ্ধৰ অন্তিম দিনলৈ আৰু মাত্র কেইটামান মূহুর্ত। এই এমাহ ধৰি সমগ্র ইউৰোপত উত্তেজনা। ৰাস্তাই ঘাটে, হাতে- বজাৰে , অফিচ-কাছাৰীত সকলোৰে মুখে মুখে সৰৱ আলোচনা। ফুটবল জ্বৰৰ উত্তাপত ইউৰোপীয় অর্থনীতিৰ মন্দাৱস্থা সম্পর্কীয় গুৰুত্বপুর্ণ বিষয়ো তল পৰি ৰৈছে এতিয়া। এয়াই ইউৰোপ ফুটবল উন্মাদনা। ঐতিহাসিক ভাবেও ফুটবল আৰু ইউৰোপ সমন্ধ অনেক। প্রাচীন গ্রীচ আরু রোমত ফুটবল খেলৰ আৱিৰ্ভাব হৈছিল বুলি উমান পোৱা যায়। আধুনিক ফুটবলৰো বিকাশ হৈছিল ইংলেন্দত। শেষ মূহুর্তত দুখন ইউরোপীয় দেশ ফাইনেলত উপনীত হোৱা পাছৰে পৰা উত্তেজনা বৃদ্ধি পাইছে হাজাৰগুণে।
ফুটবল বিশ্বকাপ চলি থকা এই মাহতেই মই ইউরোপর কেইখন মান দেশলৈ ভ্রমন কৰিছিলো। ১৫ জুন পৰা ২৫ জুনলৈ মই এটা বিশেষ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ইংলেণ্ড কে'ম্ব্রিজ আৰু লণ্ডনত আছিলোগে। কে'ম্ব্রিজ পাঠ্যক্রমত অংশগ্রহণ কৰিব বাবে ১৮ খন দেশ ১৮ জন যুৱ- বিজ্ঞানী/গৱেষক আহিছিল। তাৰ উপৰিও বিশেষজ্ঞ প্রশিক্ষক হিছাপে আহিছিল বিশ্বৰ আন কেবাখনো দেশ কেবাজন প্রখ্যাত বিজ্ঞানী । আমি সকলোৱে আছিলো বিশ্ববিখ্যাত চেঙ্গাৰ জিন'ম চেন্টাৰৰ অতিথি গৃহত।।৩০ বজা পৰা মাজৰাতি ১২ টা পর্য্যন্ত কাম ব্যস্ততা। তাৰ মাজতেই সকলোৱে খবৰ ৰাখিছে ফুটবল বিশ্বকাপ।। নিজৰ নিজর দেশ দল খেলাক লৈ সকলোৰে ঊৎসাহ উদ্দীপনা। কেতিয়াবা দুখন প্রতিদ্বন্দী দেশৰ খেলাৰ সময়ত সেই দুখন দেশৰ পরা অহা আমাৰ বন্ধু দুজনৰ মাজত ধেমেলীয়া তর্ক-যুদ্ধ। মই আছিলো সকলোবোৰে দর্শক, কাৰণ মোৰ নিজ দেশ ভাৰত ১.২ বিলিয়ন জনসঙ্খ্যাৰ পৰা ১১ জনীয়া এটা ফুটবল দল আজিলইকে নোলাল। কিয় নাই ভাৰতীয় ফুটবল দল, এই লৈ বহুতবাৰ সহযোগী সকল অনুসন্ধিৎসাৰ সন্মূখীন হৈছিলো। তথাপিও কোনপধ্যে পাছপৰি থকা বিধৰ নাছিলো। আবেলি সময়ত গই ফুটবলটো হাত্ত লৈ সকলোকে খেলিবৰ বাবে মাতি আনিছিলো। অ'ষ্ট্রিয়াৰ ভিয়েনা চহৰৰ তৰুণী বিজ্ঞানী কাৰামেন আৰু চীনৰ বেইজিং চহত কর্মৰত ব্রিটিছ তৰুণী গৱেষিকা জেনিফাৰৰ বিধংসী ফুটবল শৈলীত বাৰে পতি লুটি খাই পৰিছি্লো মই, চিলিৰ যুৱ বিজ্ঞানী হাইমে' আদি। নিউজিলেণ্ড অধ্যাপক ডেভিদ মার্কি আছিল এখোপ চৰা। প্রতিদিন তেঁওৰ বকৃত্তা আগে পাছে নিজ দেশ নিউজিলেণ্ডৰ সমর্থনত দুখনকৈ পাৱাৰ পইন্ট স্লাইড্ অন্তঃর্ভুক্ত কৰিছিল। তেঁও নিজেও এজন দুর্দান্ত গ'লৰক্ষক। আমাৰ সন্ধ্যা প্রীতি খেলবোৰত তেঁও প্রতিভাৰ নিদর্শণ দাঙ্গি ধৰিছিল। এইবোৰে ব্যস্ত কর্মসূচীৰ মাজতো সকলোকে আমোদ যোগাইছিল।। কেতিয়াবা ইংলেণ্ড, ব্রাজিল বা আৰ্জেন্টিনা খেল থাকিলে লেব'ৰেটৰী কাম সাময়িক ভাৱে স্থগিত ৰাখি হাভার্ড মেডিকেল স্কুল, আমেৰিকাৰ বিজ্ঞানী ইয়ান চানবেৰী নেতৃ্ত্বত অথিতি গৃহৰ কমন ৰুমলৈ সকলো ঢাপলি মেলিছিলো। ব্যতিক্রম আছিল ব্রাজিলৰ প্রতিনিধি বয়স্ক মহিলা বিজ্ঞানী এলিজাবে'থ। তেঁও ফুটবলক লৈ অলপো উৎসুক নাছিল, তেঁও সকলো সময়তে বিজ্ঞান লৈয়ে ব্যস্ত আছিল। কেবাদিনো দেখিছিলো Sanger Institute বিশাল সভাগৃহত কাম মাজতো কিছুমান খেলৰ চলন্ত বিৱৰণী প্রচাৰৰ ব্যৱস্থা কৰিছিল। মুঠৰ ওপৰত সকলোৱে ফুটবলক লৈ অত্যুৎসাহী। কোনে মাৰিব শেষ হাঁহি, ? ৰাতিপুৱা ৮ আতাইতকৈ আমোদজনক কথাটো আছিল আমাৰ মাজত আছিল প্রাইকেইখন দেশৰেই প্রতিনিধি ব্যস্ত কাম মাজতো European Bioinformatics Institute (EBI) আইৰিছ যুৱ বিজ্ঞানী এন্ট'ন এনৰাইট্ বিশেষ উদ্যোগত লেব'ৰেটৰীৰ ভিতৰতে মাল্টিমেডিয়া প্রজেক্টৰৰ সহায়ত কিছুমান উল্লেখনীয় খেলৰ চলন্ত উপভোগৰ ব্যৱস্থা কৰিছিল
১০ দিন কে'ম্ব্রিজত কটোৱা পাছত মই লণ্ডন মহানগৰীত আছিলো ৩ দিনৰ বাবে। মহানগৰী খনৰ অলিয়ে গলিয়ে দেখিছিলো ইংলেণ্ডৰ পতাকা। যুৱক যুৱতী বোৰে ৰুণী, মে'ছি বা কাকাৰ স্পর্টিং পিন্ধি ঘূৰি ফুৰিছে। ৰাজপথত য'তে ত'তে প্রতিস্থা কৰিছে বৃহৎ LCD স্ক্রীণ। ডেকা-বুঢ়া সকলোৱে ৰাজপথত একেলগ হৈ খেল উপভোগ কৰিছে। ২৮ জুন,২০১০। পুৱাৰে পৰা লণ্ডন চুকে কোনে তুমূল উত্তেজনা। ইংলেণ্ড মুখামুখি হ'ব জার্মানীৰ। আবেলি ২ বজা মানৰ পৰা সদাব্যস্ত লণ্ডনৰ ৰাজপথ খালি হৈ গ'ল। ক'ৰবাত এখন দুখন গাড়ী, দুই এজন মানুহ।মইও লণ্ডনৰে নহয় বিশ্বৰে এটা ৰঙচঙীয়া ৰাজপথ পিকাডেলী চার্কাছত উপস্থিত হ'লো। স্তব্ধ হৈ গৈছিল সদাব্যস্ত পিকাডেলী চার্কাছ। সকলোৰে চকু ৰাস্তা বিভিন্ন স্থানত ওলমি থকা বৃহৎ LCD স্ক্রীণবোৰত। বিবিচি তথ্য অনুসৰি সর্বকালৰ সকলো অভিলেখ ভংগ কৰি ১৯.২ মিলিয়ন দর্শকে এই খন তেঁওলোকৰ চেনেলটো জৰিয়তে উপভোগ কৰিছিল। কিন্তু অঘতনটো ঘটিল! ৪-১ গ'লত ইংলেণ্ড পৰাস্ত হ'ল জার্মানীৰ হাতত। হায় ৰুণী ! কান্দোনত ভাগি পৰি্ল অনেকজন। মর্মাহত হৈ গাৰ কাপো খুলি ৰাজপথত স্নান কৰি্লে কিছু ফুটবল বলীয়া সমর্থকে। বহুতেই গুৱাল গালি পাৰিলে মিলিয়ন পাউণ্ড উপার্জন কৰা তাৰকা খেলুৱৈক। মোৰ মনত পৰিল এন্ট'ন এনৰাইটে কে'ম্ব্রিজত থাকোতেই ৰসিকতা কৰি কোৱা এষাৰ কথা "লণ্ডনৰ এখন সাধাৰণ হাইস্কুলৰ ফুটবল প্রশিক্ষক এজনে কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকতকৈ দহগূন বেছি দৰমহা পায়। " । এয়েই বিচিত্র ফুটবল , এয়েই ফুটবলৰ মহিমা।
লণ্ডনৰ পৰা ২৯ তাৰিখে মই মোৰ কর্মস্থলী নৰৱে'লৈ বুলি ৰাওনা হ'লো লণ্ডন হিথ্র' এয়াপ'র্টৰ পৰা । দুর্ভাগ্যবশতঃ নেডাৰলেণ্ডছৰ ৰাজধানী আমাষ্টাৰ্ডাম এয়াৰপ'র্টত মই মোৰ নৰৱে' সংযোগী উৰণখন ধৰিব নোৱাৰিলো। মোৰ পাছৰ উৰণখনলৈ মাজত ১০ ঘণ্টা। গতিকে মই আমাষ্টাৰ্ডাম মহানগৰী খন পাক এটা মাৰো বুলি ভাবিলো। এয়াৰপ'র্টৰ পৰা দ্রুতবেগী ট্রেইনত গৈ ২০ মিনিট পাছত আমাষ্টাৰ্ডাম মহানগৰীত উপস্থিত হ'লো। একেই পৰিৱেশ। ৰাস্তাই ঘাটে ভিন্নৰঙ্গী পতাকা, ফুটবল, আৰু ফিফা ট্র'ফীৰ আৰ্হি। ইউৰোপ ব্রাজিল বুলি পৰিছিত নেডালেণ্ড ফুটবলৰো বর্ণিল ইতিহাস আছে। এদিন পাছতেই কোৱার্টাৰফাইনেল খেলত নেডালেণ্ডছ মুখামুখি হ'ব বিশ্ববিজয়ী ব্রাজিলৰ। ইয়াৰ আগতেও নেডালেণ্ডছ দুবাৰকৈ ১৯৭৪ আৰু ১৯৭৮ চনত ফাইনেলত উপনীত হৈছিল যদিও, শেষ হাঁহি মাৰিব নোৱাৰিলে। সকলোৰে আশা, এইবা অন্ততঃ পূৰণ হ'ব সেই অপূর্ণ আশা।
ফুটবল জ্বৰত আক্রান্ত আমাষ্টাৰ্ডাম মহানগৰীত ৫ ঘন্টা কটায় মই এয়াৰপ'র্টলৈ উভতি আহিলো। আহি দেখো এয়াপ'র্ট বাহিৰত এটা বৃহৎ পেভেলিয়ন সদৃশ পেণ্ডেল। তাৰ বিপৰীত দিশে ব্যস্ত ৰাস্তা আনটো দিশে এখন বৃহৎ LCD স্ক্রীণ। একেলগে ৫০০ লোকে বহি ষ্টেডিয়ামত বহি চোৱা নিচিনা এক আয়োজন। মইও গই জাপান আৰু পাৰাগুৱে মাজ খেল খন চালো। লাহে লাহে মো উণ সময় হোৱাত মই এয়াৰপ'র্ট ভিতৰলৈ ৰাওনা হ'লো।
নৰৱে'ৰ নিজৰ জাতীয় দলে বিশ্বকাপ খেলা নাই যদিও ইয়াটো ফুটবল প্রীতি কম নহয়। এতিয়া সকলোৰে চকু ১১ জুলাই ফাইনেল খেলৰ ওপৰত। দুখন ইউৰোপীয়ান দেশ মুখামুখি হ'ব মহাৰণত। সকলোৰে উত্তেজনা -"কোনে মাৰিব শেষ হাঁহি ?"।

Sunday, June 13, 2010
নিঃসংগতাৰ টেঙ্গাপানী
নিঃসংগতাৰ টেঙ্গাপানী
-- পংকজ বৰা
___________________
মোৰ দুখৰ হিকটিত
নিঃসংগতাৰ টেঙ্গাপানী
বৈ যায় হাজাৰখন ডিক্রং
হাজাৰ সোৱণশিৰী ...
কোনে চাই উভতি
কোনে ধৰে সাৱতি
কোনো নাই
কোনো নাই
শুকান চাপৰিত হাল বাই
জীৱন চলি যায়
লুণীয়া ঘামৰ নদী
(আৰু )নিঃসংগতাৰ টেঙ্গাপানী
হৃদয়ত বেদনাৰ বানপানী
কোনে চাই উভতি
কোনে ধৰে সাৱতি
কোনো নাই
কোনো নাই...
লিখিলো হাজাৰখন নিঃসংগতাৰ দস্তাবেজ
ভৰালো অনেক ইতিহাসৰ হালধীয়া পাত
কটালো অনেক উজাগৰী নিশা
ৰৈ ৰৈ লিখিলো জোনাকী নিশাৰ সপোন
উটি যায়
ভাঁহি যায়
কোনে চাই
কোনে চাই
একো নাই
কোনো নাই
কোনে চাই উভতি
কোনে ধৰে সাৱতি...
দুখীয়া মন
দুখীয়া হৃদয়
হাঁয় হাঁয় !
ক'লৈ পলায় যায়
এয়েই (হেনো ) জীৱনৰ প্রয়োজন
আৰু (মোৰ ) সেউজীয়া যৌৱনৰ দুখ
-- পংকজ বৰা
___________________
মোৰ দুখৰ হিকটিত
নিঃসংগতাৰ টেঙ্গাপানী
বৈ যায় হাজাৰখন ডিক্রং
হাজাৰ সোৱণশিৰী ...
কোনে চাই উভতি
কোনে ধৰে সাৱতি
কোনো নাই
কোনো নাই
শুকান চাপৰিত হাল বাই
জীৱন চলি যায়
লুণীয়া ঘামৰ নদী
(আৰু )নিঃসংগতাৰ টেঙ্গাপানী
হৃদয়ত বেদনাৰ বানপানী
কোনে চাই উভতি
কোনে ধৰে সাৱতি
কোনো নাই
কোনো নাই...
লিখিলো হাজাৰখন নিঃসংগতাৰ দস্তাবেজ
ভৰালো অনেক ইতিহাসৰ হালধীয়া পাত
কটালো অনেক উজাগৰী নিশা
ৰৈ ৰৈ লিখিলো জোনাকী নিশাৰ সপোন
উটি যায়
ভাঁহি যায়
কোনে চাই
কোনে চাই
একো নাই
কোনো নাই
কোনে চাই উভতি
কোনে ধৰে সাৱতি...
দুখীয়া মন
দুখীয়া হৃদয়
হাঁয় হাঁয় !
ক'লৈ পলায় যায়
এয়েই (হেনো ) জীৱনৰ প্রয়োজন
আৰু (মোৰ ) সেউজীয়া যৌৱনৰ দুখ
Subscribe to:
Posts (Atom)