Saturday, August 18, 2012

সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজী আৰু অসমীয়াৰ জাতীয় চৰিত্ৰ


~ পংকজ বৰা

আজিৰ এই দুৰ্দিনৰ সময়ত ভুক্তভোগী সকলোৰে প্ৰতি নিশ্চয় মোৰ সহমৰ্মিতা আছে৷ অসমীয়া সকলৰ আলৈ আথানি দেখি আত্মবিশ্লেষণৰ দৃষ্টিৰে মই মোৰ মতামত ব্যক্ত কৰিছো৷অসমীয়া জাতিৰ বেয়া গুণবোৰ যিমানেই বিচাৰি উলিয়াম, অসমীয়া হিচাপে মই নিজেও এইবোৰ অপ্ৰিয় সত্য কথাৰ অংশীদাৰ হ'ম৷ আত্মবিশ্লেষণ নকৰিলে, আত্মশুদ্ধিও কেতিয়াও নহ'ব৷ "আমি অসমীয়া নহঁও দুখীয়া" বুলি গপত গঙাটোপ হৈ বহি থাকি একো লাভ নাই৷ পৃথিৱীৰ চুক-কোণ নেদেখা একেবাৰে সৰ্বশ্ৰেষ্ঠ ঘৰগোণা জাতি হয়টো অসমীয়া জাতি৷ তথাপিও সৰ্বজান্তা অসমীয়া মানুহৰ এটা ওস্তাদি গুণ আছে৷ ঘৰে ঘৰে বহি চাহ -তামোল খায় মুখৰোচক আদ্দা মৰা৷ গাঁৱখনৰ বা জিলাখনৰ বাহিৰলৈ হয়টো জীৱনত কেতিয়াও গৈ পোৱা নাই তাত থকা মানুহক আকৌ সেই ঠাইৰ বিষয়ে উপদেশ দিয়ে৷ বেমাৰীৰ খবৰ ল'বলৈ গৈ ডাঙৰ ডাঙৰ চিকিৎসা উপদেশ দিয়ে, কি খালে ভাল, কি বেয়া, কোন ডাক্তৰ ভাল, কোন বেয়া, ভাৰতৰ কোন হস্পিটেল ভাল, কোনখন বেয়া, কোন বেমাৰীৰৰ কি হ'ল ইত্যাদি ইত্যাদি৷ (বেমাৰী খবৰ ল'বলৈ যাঁওতে চাহ-তামোল খন ভালকৈ নুখুৱালে আকৌ বেলেগৰ আগত বোৱাৰীজনীৰ বদনাম গাবলৈ নেপাহৰে দেই)৷ যি খাদ্য কেতিয়াও খাই পোৱা নাই সেই খাদ্যৰ গুণাগুণৰ বিষয়ে হয়টো কোনোবা ৰন্ধনবিদক উপদেশ দিয়ে৷ যি খেল কেতিয়াও খেলি পোৱা নাই তাৰ ওপৰত এক্সপাৰ্ট কমেন্ট, খেলুৱেক টিপছ্৷ উফ কি যে কাৰবাৰ৷ মই বহু শিক্ষিত মানুহো লগ পাইছো৷ মোক বিদেশৰ কথা শিকাই৷ তাত অমুকটো, তমুকটো, এনে কৰিবি, তেনে নকৰিবি৷ হে ভগৱান, অশিক্ষিত মানুহৰ কথা বাদ দিলো৷ শিক্ষিত সকলৰ এনে কাণ্ড কাৰখানাত হতভম্ব হঁও৷ তথ্য প্ৰমাণ সহকাৰে বুজালেও নুবুজা অদ্ভূত ওস্তাদি কাৰবাৰ৷


সাম্প্ৰতিক দুৰ্ভাগ্যজনক ঘটনাৰাজীক লৈ মোৰ মনত কেইটামান চিন্তাৰ উদ্ৰেগ হৈছে-

১) অসমীয়া জাতি ঘৰগোনা আৰু ভয় পদুৰা, পলৰীয়া নেকি? অসমত দেখোন সকলোৰে ডাঙৰ ডাঙৰ কথা, আন্দোলনেই আন্দোলন, নেতাই নেতা! সেই বাবেই কোনো কথাৰ সঁচা মিছা বিচাৰ নকৰাকৈ ভুৱা ভাবুকিতে হাজাৰে হাজাৰে টালি-টোপোলা বান্ধি অসমলৈ দৌৰিছে নেকি? এইয়াই লুইতপৰীয়া, লাচিতৰ-মূলা গাভৰুৰ কথা কৈ সকলো সময়তে ফুটনি মাৰি থকা ফোঁপজহী জাতিৰ আচল চৰিত্ৰ?

২) তাৰ পৰিৱৰ্তে সকলো অসমীয়া একত্ৰিত হৈ সাহসেৰে পৰিস্থিতিৰ সন্মূখীন হ'বলৈ প্ৰস্তুত হ'ব নোঁৱাৰে কিয়? অসমীয়াৰ জাতিৰ মাজত একতা নাই৷

৩) অসমৰ সংবাদ মাধ্যমৰ ভূমিকা: যিসময়ত সংবাদ মাধ্যমে প্ৰকৃত খবৰ দি সাহসেৰে ৰাইজক আতংকিত নহ'বলৈ ক'ব লাগিছিল, সেই সময়ত কেৱল ভিত্তিহীন খবৰেৰে (কেতিয়াবা অশ্বথামা হতঃ ধৰণেৰে) অসমৰ ৰাইজক আতংকিত কৰি তুলিছে কিয়? বাংগালোৰত কি হৈছে তাত থকা ৰাইজতকৈ অসমৰ সংবাদ মাধ্যমৰ কৃপাত অসমৰ ৰাইজে বেছিকৈয়ে গম পায়৷ নগৈ গড়গাঁৱৰ বাতৰি দিয়া, বাতানুকুল কক্ষত বহি বৰ বৰ আলোচনা কৰি থকা এই ব্যক্তি সকলৰ সামান্যতমো দায়িত্ববোধ নাই নেকি ? পৰহি এটা চেটেলাইট চেনেলত এটা পেনেল আলোচনা চলিছে "হায়দৰাবাদৰ পৰা পলাইছে হাজাৰ হাজাৰ অসমীয়া, মৌলবাদীৰ ভাবুকি অসমীয়াক" ইত্যাদি, কেইবাজনো বিশেষজ্ঞ অসমীয়া ষ্টুদিঅ'ত৷ এগৰাকী বিশিষ্টা সাহিত্যিক , তথা এখন কাকতৰ সম্পাদিকা আছেগৈ হায়দৰাবাদত৷ তাৰপৰা সেই অনুস্থানতে ফোনযোগে জনাইছে যে তেনে একো হোৱা নাই, তেঁও নিজেও দেখা নাই, বহুতকে সুধিছেও কোনেও একো নেজানে৷ কাৰো এইবোৰ কথা ভাৱিবলৈ সময় নাই, কৰ্মব্যস্ত৷ তথাপিও কিন্তু আলোচনাটো ষ্টুদিঅ'ত থকা বিশেষজ্ঞ কেইজনে চলাই গ'ল, ডাঙৰ ডাঙৰ 'হাইপ'থেছিছ', ডাঙৰ ডাঙৰ 'ক্ৰিটিকেল' বিশ্লেষণ৷ উফ্ কি ভয়ানক কাৰবাৰ! প্ৰকৃত পৰিস্থিতিতকৈ সুবিধাবাদী ৰাজনৈতিক নেতা আৰু স্বাৰ্থলোভী সংবাদ মাধ্যমৰ নিকৃষ্ট কাৰ্য্যকলপাৰ বাবেই অসমৰ পৰা ওলাই যোৱা হাজাৰ হাজাৰ লোক আৰু তেঁওলোকৰ পৰিয়াল বৰ্গ আতংকগ্ৰস্ত হৈ পৰিছে৷

৪) অসমৰ ৰাজনৈতিক নেতাৰ চৰিত্ৰ: আজি এনে ঘটনা যদি ভাৰতৰ আন প্ৰদেশৰ যেনে গুজৰাট, মহাৰাষ্ট্ৰ, ইউপি, বিহাৰ, পশ্চিমবংগ আদিৰ লোক ক্ষতিগ্ৰস্ত হ'লহেতেন, তেতিয়া হ'লে কি হ'লহেতেন বাৰু, কল্পনা কৰি চাইছেনে? আমাৰ নেতাই গুৱাহাটীত সংবাদ মেল পাতে, দুজনে বা তিনিজনে সংসদ ভৱনৰ সন্মূখত ধৰ্ণা দিয়ে, অনশন কৰিয়েই নেতেগিৰি শেষ কৰে৷ জাতিৰ এই মহা সংকটৰ সময়ত দলৰ স্বাৰ্থৰ উৰ্দ্ধত জাতিৰ বাবে একেস্বৰে মাত মাতিব নোঁৱাৰে কিয় ? নে তাৰ বাবেও কেন্দ্ৰীয় হাই কমাণ্ডে নিৰ্দেশ দিব লাগিব? জাগা অসমীয়া নেতা জাগা৷ প্ৰথমে তোমাৰ তেজত অসমীয়াত্বৰ চাপ, তাৰ পিচতহে ভাষা, ধৰ্ম, ৰাজনৈতিক দলৰ চাপ৷

ইমানদিনে সমগ্ৰ বাংগালোৰক নিৰাপত্তা দি থকা সকলেই নিৰাপত্তাহীনতাত আজি ভূগি পলাই গৈছে আৰু তাৰ ৰাইজৰ (অন্ততঃ কৰ্মৰত সংস্থানসমূহৰ গুৰিয়াল সকলৰ) একো দায়িত্ববোধ নাই ? অসমৰ নেতা - অসমৰ হাঁহেৰে বাংগালোৰত গৈ মাঘবিহু খোৱা খবৰ ছবিৰে সৈতে বাতৰি কাতত প্ৰকাশ কৰাব পাৰে, হায়দৰাবাদ বাংগালোৰ বিহু নাচিবগৈ পাৰে, এই সংকটৰ সময়ত বৰ বৰ নেতা সকলৰ এজনেও কিন্তু ভয়াৰ্ত ৰাইজৰ কাষত গৈ থিয় হৈ নিৰ্ভয় দিব নোঁৱাৰে৷ এইয়াই অসমীয়া নেতাৰ সংজ্ঞা আৰু নাঙঠ চৰিত্ৰ৷


মই নিজৰ উদাহৰণ দিছো৷ ২০০৫ চনৰ কথা ৷ মুম্বাইত প্ৰলয়ংকাৰী বানপানী হৈছিল ৷ মই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অংশ হিচাপে মুম্বাইৰ 'ভাৱা আণৱিক গৱেষণাগাৰ' (BARC) ত আছিলোগৈ৷ বানপানীত পথ/ৰেইল/উৰাজাহাজ/ টেলিফোন যোগাযোগ, সব বিচ্ছিন্ন৷ ৰেদিঅ' নে টিভিত খবৰ ওলাল এই বানপানীৰ৷ দেউতাৰ তেনে এজন সৰ্বজান্তা ওস্তাদ বন্ধু এজনে আমাৰ ঘৰত চাহপানী খাবলৈ গৈ লেকচাৰ মাৰি আছে৷ মই মুম্বাইত থকা বুলি দেউতাই ক'বলেহে পালে, সেইজনা ওস্তাদে ক'লে নহয় দেউতাক যে মুম্বাইত চুনামি হৈছে, হাজাৰ হাজাৰ মানুহৰ দুৰাৱস্থা, মৃত্যু হৈছে৷ মা-দেউতাই মোৰ লগত যোগাযোগ কৰিব চেষ্টা কৰি বিফল হ'ল৷ মইও যোগাযোগৰ কোনো উপায় পোৱা নাই৷ এটিএম কাম নকৰাত মোৰ হাতত ফুটাকৰি এটাও নোহোৱা হ'ল৷ এনেহেন অৱস্থাত মানসিক ভাৱে ভাগি পৰি দেউতাৰ হৃদৰোগত আক্ৰান্ত হ'ল আৰু এমাহতকৈ ওপৰৰ কাল গুৱাহাটী আৰু দিল্লীৰ চিকিৎসালয়ত চিকিৎসাৰ অন্তঃত সুস্থ হৈ ঘৰলৈ ওভতিল৷ এটা সৰু কথাই কিমান ডাঙৰ অথন্তৰ ঘটাব পাৰে সেইয়া আমাৰ মানুহে বিৱেকেৰে ভাবি নেচায়৷

এটা কৌতুক আছে - এজন তেনেকুৱা অসমীয়া মানুহে বৰ বৰ লেকচাৰ দি থাকে, পৃথিৱীৰ অমুক জেগা জানো, তমুক জেগা জানো, অমুক ঠাইত ইমান দিন , তমুক থাইত ইমান ৰাতি থাকি আহিছো ইত্যাদি ইত্যাদি৷ তেনেতে এজনে ক'লে -"দদাই, আপোনাৰ দেখিছো জিঅ'গ্ৰাফীৰ বিষয়ে বহুত জ্ঞান"৷ দদায়ে তপৰায় উত্তৰ দিলে -"কেলেই নেজানিম আকৌ, যোৱাবছৰ তাত মই তিনি ৰাতি থাকি আহিছো নহয়"! :)

এই যে হায়দৰাবাদ, বাংগালুৰুৰ পৰা হাজাৰে হজাৰে অসমীয়া ডেকা ল'ৰাবোৰ গুছি আহিল, সিঁহতে অসমত কি কৰিবহি? যদি সংস্থাপনৰ অভাৱত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰে? নিজৰ পেটৰ ভোকে কষ্ট দিলে, ঘৰৰ মাক-দেউতাক, ভায়েক ভনীয়েক হঁতক এসাঁজ খুৱাবলৈ, এজোৰ কাপোৰ পিন্ধাবলৈ নোঁৱাৰি যদি আত্মদহনত ভূগি পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ যায়গৈ বা যদি আত্মহত্যা কৰে? তেতিয়া? ইয়াৰ নৈতিক দায়িত্ব ল'বনে সেই মুষ্টিমেয় কেইজনমান ৰাজনৈতিক নেতাই? নৈতিক দায়িত্ব ল'বনে অসমৰ অবিবেচকী সংবাদ মাধ্যমৰ সেইকেইজন বৰমূৰীয়াই ? অনাগত দিনত সৃষ্টি হ'ব পৰা এনে কৰুণ পৰিস্থিতিৰ বাবে এই সকলোকে এদিন পাপে চুব৷ এদিন নহয় এদিন এই পাপীসকল নিজে হাতেৰে গঢ়া ফ্ৰাংকেনষ্টেইনৰ হাতত নিজেই ধৰাশয়ী হ'ব৷
অসমৰ নেতাবোৰে বাৰু এই অৱস্থাক চেলেঞ্জ হিচাপে লৈ অসমত বাৰু প্ৰয়োজনীয় ঔদ্যোগিক পৰিকাঠাম গঢ়ি তুলিব নোঁৱাৰে কিয় ? উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ পৰা ওলাই যোৱা সকলো বিষয়ৰ লাখৰ ঘৰত থকা মানৱ সম্পদ৷ গুৱাহাটীখন হায়দৰাবাদ, বাংগালুৰু, পুনে, চেন্নাই, আহমেদাবাদ হ'b নোঁৱাৰাৰ কি কাৰণ আছে বাৰু ? আই টি পাৰ্ক, বিটি পাৰ্ক , ফলক কেইখন লগায় থ'লেই নহয়৷ ই-গভৰ্নেঞ্চ চিঞৰি থাকিলেই কিদাল হ'ব? আধুনিক পৃথিৱীৰ কোনো ধাৰণা নথকা, ৰাজ্যখনক আগুৱাই নিব পৰা কোনো কাৰ্য্যকৰী পৰিকল্পনা নথকা ,দিল্লীৰ পৰা অহা টকাকেইটাৰে ৰাইজৰ মাজত কিছু অলপ কৰা যেন দেখুৱাই বেছিভাগত টকা নিজৰ পকেটষ্ঠ কৰা নেতাই কি কৰিব ? অসমত যদি এজন মাত্ৰ চন্দ্ৰবাবু, এজন নিতিশ কুমাৰ, এজন নৰেন্দ্ৰ মোডী থাকিলহেতেন! ৰাজনীতি দুৰ্নীতি নকৰা নেতা কম৷ দুৰ্নীতি কৰিলেও শক্তিশালী দূৰদৃষ্টিৰে এখন ৰাজ্যৰ ৰেহৰূপ সলায় দিব পাৰে৷ এজন যদি নেতাৰ কিছু আধুনিক ধ্যান ধাৰণাক বুজাৰ, আধুনিক পৃথিৱীক বুজাৰ সামান্যতমো দৃষ্টিভংগী থাকিলহেতেন! অসম উত্তৰ পূৱ ভাৰতত সোণালী সূৰ্য্য হৈ জিলিকি উঠলহেতেন৷